#গল্প
টি ভিত মচগুল হৈ থকা বাপেক পুতেকৰ মাজত গৰম গৰম মচুৰ দালিৰ পকৌৰিৰ প্লেটখন দি আহিলগৈ প্ৰিয়াই ৷ লগত প্ৰীতমৰ বাবে আদা দিয়া ৰঙা চাহ আৰু মিকুৰ বাবে হৰলিক্স ৷ গৰম পকৌৰি এটা ফুৱাই ফুৱাই মুখত ভৰাই প্ৰীতমে সদায় কোৱাৰ দৰে আজিও ক’লে ,“ বুইছা মিকু ৷ আমাৰ দিনত এই পকৌৰি চকৌৰিবোৰ নাছিল নহয় ৷ চাহৰ লগত কেতিয়াবা তেলপিঠা , কেতিয়াবা ঘিলাপিঠা , পকামিঠৈ , পিঠাগুৰিৰ মিঠৈ , সান্দহৰ লাড়ু এইবোৰহে দিছিল ৷ আৰু জলপানৰ কথাযে কি ক’বা ! বেলেগ মজা আছিল ৷ বিহুত এহাতমান দীঘল দীঘল তিলপিঠা বনাইছিল ৷" দেউতা তুমি সেইবোৰ বহুত মিচ্ কৰা ন’ ?” বাপেকৰ দুখত পুতেক পমি যায় ৷ “ মা, তুমিনো নবনোৱা কিয় সেইবোৰ ? বনাবাচোন ৷ অকল বিহুতহে বনোৱা পিঠা ৷ এনেয়েও কেতিয়াবা বনাবাচোন ৷” মিকুৱে মাকলৈ চাই কৈ উঠিল ৷ “মাৰে ক’ত সেইবোৰ কৰিব পাৰিব? বিহুত পিঠাকেইটা খুন্দিবলৈকে বীণাবাইক নামাতিলে নহয় ৷ মাম্মী কি বচ্ কি বাত নেহী হে য়ে ৷”
আৰে ! কি বুলি ভাবিছে তাইক ? মনে মনে খঙেই উঠিল প্ৰিয়াৰ ৷ আগৰ দিন আৰু আজিকালিৰ দিনৰ মাজত বহুত পাৰ্থক্য হ'ল ৷ হয় , আগৰ খাদ্যভাষ বহুতেই ভাল আছিল ৷ কিন্তু আজিকালি যি তৰহ তৰহৰ খাদ্য ওলালে , ল’ৰাছোৱালীক লাগে সেইবোৰহে ৷ বাৰু , দেখা যাব ৷ গৰমৰ বন্ধ আহিবলৈ দিয়া ৷ সেই যে চেন্নাই এক্সপ্ৰেছত কোৱাৰ দৰে ,“Don't underestimate the power of a housewife .”
স্কুল খোলা থাকিলে বাপেক পুতেকে ভাতেই খায় ৷ কিন্তু স্কুল নাথাকিলে প্ৰীতমক শুকান ৰুটী আৰু কাবুলীবুটৰ ঘুগুনিত কেঁচা পিয়াজ, কেঁচা জলকীয়া, ধনীয়াপাত মিহিকৈ কাটি দিব লাগিব ৷ মিকুক মচমচিয়াকৈ ভজা আলু আৰু পৰঠা ৷ লগত এটা অমলেট ৷ আকৌ আবেলি গৰম গৰম কিবা এটা বনাই নিদিলে মিকুৱে অসন্তোষ কৰে ৷ প্ৰীতমেও খাওঁতে টপালি টপালিয়েই খায় ৷ পিচে আগৰ জা-জলপান , পিঠা-পণাৰ কথা নকলেই নহয় তেওঁৰ ৷ আৰু কওকেই বাৰু , প্ৰিয়াক নাজানে, নোৱাৰে বুলি শুনাই থাকিলে খং নুঠিবনেকি কিবা ? দস্তুৰমত উঠিব ৷ প্ৰিয়া নালাগে নিমাতী কইনাজনীৰো মাত ওলাব এনেকুৱাত ৷
গৰমৰ বন্ধ আৰম্ভ হ’ল ৷ বহুতদিনৰ পৰা মনতে ভাবি থকা কাম এটা প্ৰিয়াই বন্ধতে কৰি পেলালে ৷ ৰীণাবাইৰ লগ লাগি উৰালতে ভাত খোৱা চাউল আৰু বৰা চাউলৰ পিঠাগুৰি অলপ খুন্দি পেলালে ৷ ৰীণাবায়ে গাওঁৰ পৰা ঢেকীত খুন্দা চিৰা আৰু কোমল চাউলো যোগাৰ কৰি দিলে ৷ তিলপিঠা, তেলপিঠা,পকমিঠৈ সকলো ভাগে ভাগে টেমাত ভৰাই কোমল চাউলৰ আধাখিনি শুকান কেৰাহিত ভাজি পাচত ঠাণ্ডা কৰি মিক্সিত গুৰি কৰি সান্দহৰো যোগাৰ কৰিলে ৷ পকামিঠৈ মুঠিয়াওতে হাতৰ তলুৱাত ঢৌ ফুটি গ’ল ৷ ফুটক ঢৌ ৷ বস্তুখিনিটো যোগাৰ হ’ল ৷ এতিয়া অন্ততঃ প্ৰীতমে ট্ৰেজেডী ফালি থাকিব নালাগে ৷
কামবোৰ কৰি অঁতাই পাচদিনাৰ পৰাই তাইৰ মিচন ষ্টাৰ্ট কৰিব বুলি ঠিৰাং কৰিলে ৷ হওঁক তেওঁ৷ ৰাতিপুৱা ৰুটি ঘুগুনি নবনালেও হ’ব ৷ জলপানৰ যোগাৰ আছেই ৷ আৰু আবেলিৰ বাবেও চিন্তা নাই ৷ গৰম গৰম কিবাকিবি বনাই নাথাকিলেও হ’ব ৷ নিজকে বৰ বুদ্ধিমতী যেন লাগিল প্ৰিয়াৰ ৷
ৰাতিপুৱাৰ ব্ৰেকফাষ্টত সান্দহ গুৰিৰ জলপান দেখি প্ৰীতম বৰ সুখী হ’ল ৷ মিকুয়েও ধুনীয়াকৈ খালে ৷ গৰম বন্ধৰ ৰাতিপুৱাবোৰ সান্দহ, চিৰা, কোমল চাউলেৰে আৰম্ভ হৈ আবেলিবোৰ তেলপিঠা, মালপোৱা, পকামিঠৈ, লাৰুৰে শেষ হ’বলৈ ধৰিলে ৷ প্ৰীতমে খায় থাকিলেও মিকুয়ে লাহে লাহে খাবলৈ মন নকৰা হৈ আহিল ৷ মাকে বেয়া পাব বুলিয়েই লেকেটিয়াই পেকেতিয়াই খায় ৷ নাখাওঁ বুলি কৈ সি কঁদোৰ বাহঁত জুই দিবনে ? কেতিয়াও নিদিয়ে ৷ প্ৰিয়াও নাচোৰবান্দা ৷ প্ৰীতমৰ মুখ বন্ধ ৰাখিবলৈকে মিকুয়ে বেয়াপালেও তাই জলপান পিঠাকে পৰিবেশন কৰি থাকিল ৷ টি ভিত ফুলা ফুলা লুচি দেখিলে মিকুয়ে 'ৱাও’ বুলি ওঁঠটো চেলেকি দেখুৱালে মনে মনে বেয়াও লাগে তাইৰ ৷ শেষত যেনিবা প্ৰীতমে এদিন ক’লেগৈ , “কাইলৈ ৰাতিপুৱা নহলে ৰুটিকে বনাবা ৷” “কিয়? জলপান খায় খায় আমনি লাগিল নেকি?” প্ৰিয়াৰ কথাৰ সুৰত মিহলি হৈ থকা মিহি খঙটো ধৰিব পাৰিলে যদিও কথা নবঢ়ালে প্ৰীতমে ৷ পাছদিনা টেবুলত প্ৰীতমৰ প্ৰিয় শুকান ৰুটী আৰু ঘুগুনি পালে ৷ মিকুয়ে ৰুটি, আলুভাজি আৰু অমলেট ৷ আবেলিলৈ চিকেন কাটলেট ৷ তাৰ পাছদিনা ম’ম আৰু তাৰ পাছদিনা আলুচপ খাবলৈ পালে ৷ মাজে মাজে মিলাই মিলাই জলপান, পিঠাও পৰিবেশন কৰি থাকিল ৷ তাৰ মাজত এটাই ভাল কথা হ’ল ৷ প্ৰীতমে প্ৰিয়াক underestimate নকৰা হ’ল ৷
✍ স্বপ্না দত্ত ভৰালী
২৪/৪/২০২০
Loved it.. Awesome
ReplyDeleteThank you😊😊
Delete