#গল্প
#নিৰুদিষ্ট সপোন
এইকেইদিন অপূৰ্বৰ মনটো ভাল ৷ মাকে যদি কৈছে, "যাচোন অপু, ধানকেইটা মিললৈ লৈ যা" সি একেবাৰতে গৈ বস্তাহে বিছাৰিছেগৈ ৷ দেউতাকে যদি কৈছে বোলে, "নাৰিকল দুটা পাৰি দিবি নেকি আবেলিলৈ? গধূলি ভাগৱত পাঠলৈ এটা দিব লাগিছিল৷" অপূৰ্ব আবেলিলৈ নৰয়েই ৷ ৰাতিপুৱাতে নাৰিকল পাৰি আজৰি হয় ৷ আজিকালি সি থাকিবলৈও ধৰিছে আগতকৈ টিপটপকৈ ৷ আগতে গেলা গৰমতো গাটো ধুবলৈ চিঞৰিবলগীয়াটোৱে আজিকালি দিনটোত দুবাৰকৈ ডেটল চাবোনেৰে গা ধোৱে ৷ এটকীয়া ক্লিনিক প্লাচ শ্বেম্পুৰ পেকেটো এগালমান লৈছে ৷ অকল সেয়াইনে কিবা! চুলিত লগাবলৈ জেলৰ লগতে ফেয়াৰ এণ্ড হেন্দচাম এটাও আনিছে বগা হ’বলৈ ৷ মুঠতে অপু যেনিয়েই যায়, ধুনীয়া ফুৰফুৰীয়া গোন্ধ এটা লৈয়েই গৈছে ৷ কাপোৰ কানিও পৰিপাটি হ’ল ৷ মুঠতে আগৰ অপু নহয় এইটো ৷
মাকজনীয়ে বেয়া পোৱা নাই ৷ বিশৃংখল, বেহিচাপী ল’ৰাটো চিজিল লাগিলে কোনজনী মাকেনো বাৰু বেয়া পাব! অপুৰ মাকেও বেয়া পোৱা নাই ৷ হওক তেওঁ ৷ ঈশ্বৰে সুমতি দিছে হ’বপায় ! নহ’লে তাৰ লগত ক’মখন মুখ বাবলগীয়া হৈছিলনে তেওঁৰ? স্কুলত ক্লাচ নাইনত থাকোঁতে এদিন মাষ্টৰে মাৰিলে ৷ প্ৰচণ্ড জেদী ল’ৰাটোক আৰু মাকে স্কুললৈ পঠিয়াব নোৱাৰিলে ৷ তাতকৈ তিনিবছৰৰ সৰু ভায়েকটোৱে গৈ বেংকৰ চাকৰি কৰিলেগৈ ৷ তাৰহে একোডাল নহ’ল ৷
তাৰ বয়সৰ গাঁৱৰ ল’ৰা প্ৰায়বোৰেই বিয়া বাৰু কৰাই আজৰি হৈছেগৈ আৰু ৷ দুই এটা ল’ৰা পোৱালিৰ বাপেকীও হ’লগৈ ৷ মাকজনীৰো মন যায় পুতেকহঁতৰ বিয়া পাতি দিবলৈ ৷ বোৱাৰীৰ সুখ ল’বলৈ ৷ কিন্তু ইচ্ছা থাকিলেও হৈ উঠাগৈ নাই কথাটো ৷ সৰুটোলৈ দিবলৈ ছোৱালী ওলায় , অপুলৈহে নোলায় ৷ পঢ়াশুনা নকৰিলেও কামিলা হ’লেও চলি কৰি খাব পাৰে মানুহে ৷ কামো নকৰে আৰু থাকেও জধলাটো হৈ ৷ কোনেনো বাৰু তালৈ ছোৱালী দিবলৈ মন কৰিব ! মাকে তথাপি গাঁৱৰে মালতীৰ লগতে কথাটো পাতিছিল ৷ বাঁৰী মালতীৰ ছোৱালীজনীকে দিয়ে যদি তালৈ আনি থব ৷ কামে বনে তাইক পেলাব নোৱাৰে ৷ মনটোও মুকলি ছোৱালীজনীৰ। সমজুৱাকৈ খোজা বঢ়া কৰাৰ আগতে ঘৰত কথাটো ভালকৈ পাতিবলৈহে আছে ৷ যিমানহ’লেও অপুৰ মতামতটো লব লাগিব ৷ পাৰিলে একেখন ৰভাতে দুয়োটাকে লেঠাই মাৰি দিব বুলি মনে মনে পৰিকল্পনা কৰি আছে তেওঁ ৷
বিয়াৰ কথা এটা যে তলে তলে চলি আছে উমান নোপোৱা নহয় অপুৱে ৷ কাষৰে কেশৱদাইটিহঁতৰ ঘৰলৈ আলহী ছোৱালী এজনী আহিছে ৷ বৰ মৰমলগা ছোৱালী ৷ খুইটীৰ ভনীয়েকৰ ফালৰ মিতিৰৰ ছোৱালী ৷ এইকেইদিন মাক বাপেকৰ লগত বৰ ফুচফুচীয়া মেল দেখিছে দাইটি খুইটীৰ ৷ ছোৱালীজনীয়েও তাক দেখিলে লাজত তলমুৰ কৰে ৷ কিবা এটা বুজি উঠিছে অপুয়ে ৷ মনটো সেয়ে মুকলি তাৰ এইকেইদিন ৷ ঢংবোৰ তাৰ আগতকৈ ভাল হৈছে ৷ অনবৰতে মনটো ভালেই লাগি থকা হৈছে ৷ গোমোৰা লাগি থকা অপুৰ খং ৰাগবোৰ ক’ৰবালৈ গৈছে ৷
কেশৱ দাইটিহঁতৰ ঘৰৰ ফাললৈকে যেন চাই থাকিব ! তাৰ কথা ইমান চিন্তা কৰা মাক দেউতাকৰ সকলো কথা যেন লগে লগেই শুনিব! আলহী ছোৱালীজনীয়ে বেয়া নেদেখিবলৈ অনবৰত যেন টিপটপকৈয়ে থাকিব ! ছোৱালীজনীক দিনটোত এবাৰমান চকামকাকৈ দেখিলেও যেন তাৰ জীৱনটো সাৰ্থক হ’ব! প্ৰেম পিৰিটি কি সি নিচিনাকৈয়ে গ’ল ৷ তথাপি সি বিহুসুৰীয়া নাম এষাৰ সৰু সৰুকৈ গুণগুণাই থকা হ’ল ৷ গানৰ কলিবোৰ যেন তাক লৈয়েই ৰচনা কৰা , তেনে যেনেই লগা হ’ল ৷
এনেকুৱা মিঠা মিঠা লাগি থকা দিনবোৰৰ মাজতেই এদিন মাকে আহি তাক মালতীৰ জীয়েকৰ কথা ক’লেহি ৷ ভায়েক আৰু তাৰ বিয়া একেখন ৰভাৰ তলত পতাৰ ইচ্ছাৰ কথাটোও ক’লেহি ৷ ভায়েকলৈ কেশৱ দাইটিহঁতৰ আলহী ছোৱালীজনী পচন্দ কৰি থোৱাৰ কথাটোও নোকোৱাকৈ নাথাকিল ৷ অপুৱে মাকৰ কথাবোৰ শুনিলে মাত্ৰ ৷ একো নকলে ৷
সেইদিনাৰ পৰা অপুৰ 'ফেয়াৰ এণ্ড হেন্দচাম' ক্ৰিমটো সানিবলৈ মন নোযোৱা হ’ল ৷ চুলিত লগোৱা জেলটো ওচৰৰ ধনটিক দি দিলে ৷ শ্বেম্পুৰ পেকেটবোৰ পৰি থাকিল তেনেকৈয়ে ৷ মাকে দহবাৰ মাতিও তাক কাম এখন কৰোৱাব নোৱাৰা হ’ল ৷ বাপেকে গালিত কুকুৰপিঠা কৰিলেও লৰচৰ নকৰা হ’ল ৷ কেশৱ দাইটিহঁতৰ ঘৰৰ ফালে আজিকালি সি নাচায় ৷ হেৰাই যোৱা গোমোৰা স্বভাৱটো আকৈ ঘুৰি আহিল তাৰ ৷
মাক বাপেকে বুজিলে, মালতীৰ জীয়েকক আনিবলৈ মন নাই তাৰ ৷ আকৌ বেলেগত খবৰ কৰিব লাগিব ৷ মাক দেউতাকে অপুৰ বাবে ছোৱালী বিচাৰি থাকিল ৷ আৰু অপুৱে বেলি দুপৰলৈকে শুই শুই তাৰ পুৰণি ৰুটিনখন পুনৰাবৃত্তি কৰি থাকিল ৷ অপুৱে মাজে মাজে ভাবি থাকিল, শুই থাকোতে মানুহক পতককৈ জগাই দিব নালাগে বুলি মাকে নাজানিলে ৷ সপোনবোৰ হেৰাই গ’লে পুনৰ বিচাৰি পাবলৈ দিগদাৰ যে!
✍স্বপ্না দত্ত ভৰালী
বৰ ভাল লাগিল
ReplyDeleteআন্তৰিক ধন্যবাদ দেই
Delete