www.hunguti.in

Breaking

www.hunguti.in

Ads

Wednesday, September 2, 2020

#টাইম_মেচিন

 #গল্প


#টাইম_মেচিন




      বাগৰটো সলাবলৈ লৈহে আৱিষ্কাৰ কৰিলোঁ , মই আচলতে বিছনাত নাই , ড্ৰয়িংৰুমৰ চোফাখনতে শুই আছোঁ ৷ তেতিয়াহে মনত পৰিল , যোৱাৰাতি মোৰ ঘৰলৈ আহোতে অলপ দেৰি হ’ল ৷ বহুতদিনৰ মুৰত অলপ নিচা কৰাৰ বাবেইনে কি জানো, কথাবোৰ মনত পৰোতে কিছু দেৰি লাগিল ৷ উম, মনত পৰিল ৷ ৰাতি কলিং বেল বজোৱাত দুৱাৰখন মায়ে খুলি দিছিল ৷ নিজৰ কোঠালৈ নগৈ ড্ৰয়িংৰুমৰ চোফাখনতে অলপপৰ বহোতে তাতেই টোপনি গ’ল ৷



            বহুতদিনৰ মুৰত যোৱাকালি মোৰ কলেজীয়া বন্ধু অমৰক লগ পালোঁ ৷ লগত বিনোদ ৷ বিনোদক বাৰু  একেখন চহৰত হোৱাৰ বাবে লগ পায়েই থাকো ৷ অমৰ কৰ্মসূত্ৰে মোম্বাইত থকাৰ বাবে তাকহে বৰকৈ লগ পোৱা নহয় ৷ সেয়ে বহুতদিনৰ মুৰত লগ পাই তিনিওটা গৈ বাৰত বহিলোগৈ ৷ সন্মুখত হুইষ্কিৰ পেগ লৈ তিনিওটাই বহুত কথা পাতিলোঁ ৷ কথা মানে আৰু কি !  স্মৃতি ৰোমন্থন ৷ আমাৰ লগৰ দ্ৰাগচ্ আসক্ত সুমিতৰ পৰা অমৰৰ প্ৰাক্তন প্ৰেমিকালৈকে, কলেজ কেন্টিনৰ বেণুকাইৰ পৰা বিনোদহঁতৰ মেচৰ ৰান্ধনিটোলৈকে সকলোৰে কথা ওলাল ৷ খাই বৈ তিনিওটাই হাতত ধৰাধৰিকৈ 'য়ে দোস্তি হাম নেহি তৰেঙ্গে' সুৰ লগাই গাই গাইহে ঘৰলৈ উভতিলো ৷ কথাৰ পকনীয়াত হুইস্কিও কেইপেগযে গঃলাধকৰণ নহল! বিনোদৰ নতুনকৈ কিনা ভাৰ্ণা গাড়ীখনেৰে মোক ঘৰত থৈ গল’হি ৷ নিচা কিছু বেছিয়েই হ’ব পায় ৷ সেয়ে চাগৈ নিচাৰ কোবত নিজৰ কোঠালৈ নগৈ গম নোপোৱাকৈ চোফাতে শুই থাকিলোঁ ৷


           মূৰটো টিংটিঙাই আছে । বুজিলোঁ , বহুতদিনৰ মুৰত গ্ৰহণ কৰা হুইস্কিৰ পাৰ্শ্বক্ৰিয়া ৷ মোবাইলটো জ্বলাই চালোঁ , তিনিটা পঞ্চলিশ ৷ কোঠালৈ গৈ শুবলৈও মন নগ’ল ৷ টেবুলৰ ওপৰত থকা পানী বটলটোৰ পৰা পানী এঢোক খাই পুনৰ চোফাখনতে দীঘল দিলোঁ ৷ আগদিনা অমৰহঁতৰ লগত পতা কথাবোৰ মনলৈ আহি থাকিল ৷ সঁচাকৈয়ে, গুচি যোৱা দিনবোৰেই ভাল আছিল ৷ বিনোদে কোৱাৰ দৰে টাইম মেচিনত পুনৰ সেই দিনবোৰলৈ উভতি যাব পৰা ব্যৱস্থা থকা হ’লে ! অতীতৰ ভুলবোৰৰ শুধৰণি কৰি জীৱনটোক নিজৰ মতে আগবঢ়াই নিব পৰা হ’লে !!


           উভতি গৈ কি কি কৰিলোহয় বাৰু ৷ মনতে পাগুলি থাকিলোঁ ৷ মই মানুহটো বৰ খিংখিঙীয়া ৷ খংটো টিঙিচকৈ উঠে ৷ সঁচাকৈয়ে , এই খংটোৰ বাবেই মোৰ পত্নীৰ যতচব অশান্তি৷ এই যে কথাই প্ৰতি তাইৰ প্ৰতিটো কামৰ খুট উলিয়াই থাকি তাইক অশান্তি দি থাকো, ৰন্ধা বেয়া হৈছে বুলি ভাতত পানী ঢালি উঠি যাওঁ, তাইৰোটো তাৰপাছত আৰু খোৱা নহয়গৈ ! 


         আমাৰ পাঁচবছৰীয়া ছোৱালীজনী মোৰ খংটোৰ বাবেই দূৰতে বিদূৰ ৷ দিনে ৰাতিয়ে তাইৰ লগ আইতাকজনীয়েই ৷ দেউতাক হলেও মোৰ লগ তাই বৰকৈ নলয় ৷ ওচৰত থাকিলেও ভয় ভয়কৈ থাকে ৷ আজিকালি তাইৰ ভয়টো ভাঙিবলৈ মই চেষ্টা নকৰা নহয় ৷ মৰমেৰে মাতিলেও তাই যেন নোৱাৰাতহে আহে মোৰ কাষলৈ ৷ বিনোদে কোৱাৰ দৰেই টাইম মেচিনত উঠি অতীতলৈ যাব পৰা হ’লে ! পোনপ্ৰথমে মোৰ খংটোকে দমাবলৈ চালোহেঁতেন ৷ প্ৰতিটো কথাতে পত্নীৰ গাত দোষ জাপি দিয়াৰ পৰা বিৰত থাকি প্ৰথমৰপৰাই পত্নীক মৰম দিলোহেঁতেন! পত্নীৰ সৰু সৰু ভুলবোৰ নজৰআন্দাজ কৰিলোহেঁতেন ! মোৰ কণমানি ছোৱালীজনীয়ে তেতিয়াহলে হয়তো মোলৈ ইমান ভয় নকৰি আন ল’ৰাছোৱালীয়ে দেউতাকৰ প্ৰতি দেখুওৱা স্বাভাৱিক মৰমেৰে আঁকোৱালি লোৱাৰ দৰেই মোকো তাই সাৱটি ললেহেঁতেন ! আচলতে মোৰ পত্নীক মই অলপো বেয়া নাপাওঁ ৷ অতখন কষ্টনো মই কাৰ বাবে কৰোঁ ! তাইৰ বাবেইটো ! তথাপি প্ৰতিটো কথাতে কিয় জানো ব্যতিব্যস্ত কৰিহে শান্তি পাওঁ তাইক ৷ চেডিষ্ট বুলি মোৰদৰে মানুহকে কয় চাগৈ ৷ আনৰ কষ্টত আনন্দ পোৱা মানুহকনো আৰু কি বেলেগ নাম দিব ? হয়, মোৰ পত্নী আৰু ছোৱালীজনীক তেতিয়া মই প্ৰথমৰপৰাই বহুত মৰম দিলোহেঁতেন ! আমাৰ সুখী সংসাৰখন চাই মোৰ মায়েও পৰম সুখ পালেহেঁতেন ! 


          আপোনালোকে চাগে ভাবিছে, এইটোৱেনো কি টাইম মেচিনত উঠি অতীতলৈ যোৱাৰ কথা কৈ আছে , নহয়জানো? আগতে যি হ’ল হ’ল আৰু, এতিয়াৰপৰা ভাল মানুহ হলেই হ’ল ৷ এতিয়াৰ পৰা পত্নী-কন্যাক মৰম দিলেই হ’ল ! সকলোৱে এনেদৰেই ভাবিব ৷ ভবাৰ কথাই ৷ কিন্তু কেতিয়াবা কি হয়, কিবা এটা বস্তু হেৰাই নোযোৱালৈকে তাৰ গুৰুত্ব উপলব্ধি কৰিব নোৱাৰি ৷ কিছুমান বস্তু ওচৰত থাকোতেই মূল্য নিদিলে হেৰুৱাই পেলোৱাৰ পাছত জানো হাজাৰ চেষ্টা কৰিলেও ঘুৰাই পাব পাৰি ? কেতিয়াও নোৱাৰি ৷ বেৰত মুৰটো মাৰিলেও নোৱাৰি ৷ ময়ো নাপালোঁ ৷ সৰু কথা এটাতে এদিন বৰ ডাঙৰ হুলস্থূল কৰিলোঁ ৷ পত্নীক খুউব বকিলোঁ ৷। পত্নীয়ে ওলোটাই মোক এদিনো একো নকয় ৷ সেইদিনাও নকলে ৷ মাত্ৰ ৰাতিলৈ সকলো শুৱাৰ পাছত চৰম সিদ্ধান্তটো লৈ ল’লে ৷ ইমান শান্ত হৈ আছিল তাই ৷ শান্ত হৈ থকা সাগৰৰ বুকুতেইটো চুনামী আহে ৷ দেৰিকৈহে মনলৈ আহিল এই কথা ৷


           বাহিৰত পোহৰ হ’ল ৷ মা উঠিছে হ’বপায় ৷ সত্তৰ বছৰ বয়সীয়া মোৰ মায়ে এতিয়া উঠি ঘৰ চোতাল সাৰিব ৷ আমাৰ বাবে ৰাতিপুৱাৰ আহাৰ যোগাৰ কৰিব ৷ আমাৰ পাঁচবছৰীয়া ছোৱালীজনীৰো লেঠা মাৰিব ৷ বিনোদৰ টাইম মেচিন ! এস্ !! থকাহ’লে !! অন্ততঃ মোৰ পত্নীক সেইদিনা গাত জুই লগাৰ পৰা বচাব পাৰিলোহ’য় !!


✍ স্বপ্না দত্ত ভৰালী


2 comments: