#গল্প (১)
#অন্য_এক_অথেল’
মাৰুতি জেনখন লৈ এইমাত্ৰ ওলায় গ’ল শশাংক৷ আজি সি নীলা জিন্সৰ সৈতে বগা চাৰ্ট এটা পিন্ধি গৈছে৷ চকুৰ চানগ্লাছজোৰেৰে সৈতে খুবেই সপ্ৰতিভ লাগিছে তাক৷ বেংকৰ চাকৰি তাৰ৷ দহবজাৰ আগে আগেই ঘৰৰ পৰা ওলায়৷ ঠিক চাৰে ন বজাতেই বিপাক্ষীয়ে তাৰ ভাতকেইটা টেবুলত সজাই দিয়ে৷ ৰাতিপুৱা ভাতৰ যোগাৰৰ সমান্তৰালভাৱে ৰুটি ভাজিৰ টিফিন এটাও সাজু কৰে তাই৷ দুপৰীয়া শশাংক ভাত খাবলৈ আহিব নোৱাৰে৷ আচলতে এঘন্টাৰ টিফিন ব্ৰেকত ঘৰলৈ অহাযোৱাতেই আধাঘণ্টা যায়গৈ৷ বাকী আধাঘণ্টাত ভাতকেইটা নাকে কাণে গুজি যাবই লাগে৷ ভাতকেইটা খোৱাৰ পাছত অকনমান জিৰণি লবলৈ পাব লাগে৷ সেয়ে ৰুটিনখন অকনমান সালসলনি কৰিলে সি৷ ৰাতিপুৱা ভাত খাই গৈ দুপৰীয়া ৰুটি ভাজিৰ টিফিন এটা নিয়া কৰিলে৷ কেন্টিনত বহি চাহ একাপেৰে সৈতে খাই দিয়ে৷ ৰুটি খালে গাটোও পাতল পাতল লাগি থাকে৷
শশাংক ওলাই যোৱাৰ পাছতহে কিছু মুকলি মুকলি লাগিল বিপাক্ষীৰ৷ ভালদৰে উশাহটো যেন এতিয়াহে ললে তাই৷ খোৱা টেবুলখন পৰিষ্কাৰ কৰি থাল বাচনকেইটা বেচিনত থলেগৈ তাই৷ থাকক৷ তাই চাহ ৰুটি খাই লৈ সেইবোৰ একেলগে ধুব৷
পৰাঠাৰ দৰে কমকৈ ঘিউ দি বনোৱা ডাঠ ৰুটি এখনৰ লগত শশাংকৰ টিফিনত দিবলৈ বনোৱা জিৰা দিয়া আলুভজা অলপ লৈ ডাঠকৈ গাখীৰ চাহ একাপৰ সৈতে তাই খাবলৈ বহিল৷ খাই লৈ কামকেইটা কৰি তাই আজি অলপসময় কাষৰে মুখাৰ্জী কাকীৰ ওচৰলৈ যাব৷ ৰাতিপুৱা মধুসোলেং দিয়া বাহু মাছৰ জোল আৰু তেতেলী দি পিছা পদিনাৰ চাটনি অকনমান কাকীহঁতলৈ বুলি বেলেগকৈ ভৰাই থৈছে৷ কাকীয়েও প্ৰায়েই কিবা নহয় কিবা এটা সিহঁতলৈ বুলি দিয়েই থাকে৷ শশাংকয়ো কাকীৰ হাতৰ ৰন্ধা বৰ ভাল পায়৷
শশাংকৰ কথা মনলৈ অহাত পুনৰ মনটো সেমেকি গ’ল বিপাক্ষীৰ৷ সি হেনো তাইৰ মিহি মিঠাবৰণীয়া ৰংটোৰ সৈতে খাপ খাই পৰা টনা টনা চকুহালিৰ প্ৰেমত পৰিছিল৷ প্ৰেমিক শশাংকক স্বামী হিচাপে পাই কিমান যে সুখী নাছিল তাই! তিনিবছৰীয়া প্ৰেমৰ সম্পৰ্কক স্থায়ী ৰূপ দিবলৈ দুয়োৰে উৎসাহৰ অন্ত নাছিল৷ শশাংক অকলশৰীয়া৷ সৰুতেই দেউতাকক হেৰুওৱা শশাংকই সিহঁতৰ বিয়াৰ কিছুদিনৰ আগতে মাককো হেৰুৱাইছিল৷ সেয়ে বিপাক্ষীক নিজৰ জীৱনলৈ বৰ হেঁপাহেৰেই আদৰি আনিছিল৷
হুমুনিয়াহ এটা বুকুৱেদি উজাই আহিল তাইৰ৷ পাগল প্ৰেমিক শশাংক৷ সাংঘাতিক ভাল পায় সি বিপাক্ষীক৷ প্ৰেমিকা হৈ থাকোঁতে তাই তাৰ এই ভালপোৱাৰ তীব্ৰতা উপভোগ কৰিছিল৷ লগৰ বান্ধৱীবোৰে আশ্বৰ্য প্ৰকাশ কৰোঁতে আনন্দিত হৈছিল৷ তাইৰ বাবে শশাংকই প্ৰাণো দিব পাৰে বুলি সিহঁতে কোৱাকুই কৰোঁতে গৰ্বত উফন্দি উঠিছিল তাইৰ বুকু৷ তাৰ পজেচিভ্ প্ৰকৃতিটো যে এটা সময়ত আতংকৰ কাৰণো হৈ পৰিবও পাৰে সেই ধাৰণা কিন্তু বিপাক্ষীৰ সমূলি নাছিল৷
কিন্তু এতিয়া?
এতিয়া তাই তাৰ ভালপোৱাৰ তীব্ৰতালৈ ভয় কৰে৷ বিপাক্ষীক কেতিয়াবা হেৰুৱাই পেলাব পাৰে বুলি তাৰ মনত ভয় এটাই অহৰ্নিশে খেদি ফুৰে নেকি বাৰু? অকাৰণতে সন্দেহবাদী হৈ পৰা শশাংকৰ প্ৰতি এতিয়া তাইৰ ভালপোৱাতকৈ ভয়হে বেছি৷ অহৰ্নিশে তাইক এটা বেহুৰ ভিতৰতেই যেন আৱদ্ধ কৰি ৰাখিব যাৰ চাৰিওপিনে সৈনিককৰ ৰূপত থাকিব কেৱল শশাংক, শশাংক আৰু শশাংক! প্ৰেমত জানো ভয় থাকিব লাগে! প্ৰেমেটো কোনো বান্ধোনো নামানে৷ যাবলগীয়া হলে হাজাৰ বান্ধোনো হেলাৰঙে নেওচিব৷ আকৌ যাবলৈ বাট মুকলি কৰি দিলেও কাষৰ পৰা নাযাবও পাৰে৷ সেইটো কথা সি কেতিয়া বুজি উঠিব! আৰু তাইতো এতিয়া শশাংকৰ বিবাহিতা স্ত্ৰী৷ স্বামী স্ত্ৰীৰ সম্পৰ্কৰ মাজত প্ৰেম, বন্ধুত্ব আৰু বুজাপৰাৰ ওপৰিও বিশ্বাসৰ ভেঁটি এটাও থাকিব নালাগে জানো! শৰীৰটো চুই চাব পৰাৰ দৰেই মনক স্পৰ্শ কৰাৰো কিবা সুবিধা থকাহেঁতেন!
আগলৈ
স্বপ্না দত্ত ভৰালী
খুব সুন্দৰ আৰম্ভণি। ভাল লাগিল বহুত।
ReplyDeleteভাল লাগিছে
ReplyDelete