(৫)
#অন্য_এক_অথেল’
'
কিট্ লিং'
আকাংক্ষাৰ ৰেড মি ন’ট নাইন ফোনটোয়ে এটা মেচেজ সোমোৱাৰ সংকেত দিলে৷ গুলপীয়াত সৰু সৰু নীলা ফুল লগা বিচনাচাদৰ এখন পাৰিবলৈ দিহা কৰা আকাংক্ষাই মেটচিং গাৰু কভাৰ দুটাও উলিয়াই ল’লে৷ বিচনাচাদৰখন ফিটফিটিয়াকৈ পাৰি গাৰুদুটাত বাৰ্লিচদুটা লগাই দি হাতেৰে ঢকিয়াই সমান কৰি মূৰৰ শিতানত থৈহে সন্তুষ্ট হ’ল তাই৷ তাৰপাছতহে তাই ফোনটো হাতত তুলি ল’লে৷ নাচাওঁ, নাচাওঁ বুলি ভাবিও মেচেজটো খুলি চালে তাই৷
'কি কৰিছা? এঘাৰ বজাত ফোন কৰিম৷'
বিপ্লৱৰ মেচেজ৷
বুকুখন ঢক্ কৈ মাৰিলে তাইৰ৷ মাহেকত এবাৰকৈ গল্ড ফেচিয়েল কৰা তাইৰ মসৃণ মুখমণ্ডলত বিন্দু বিন্দু ঘামৰ কণিকা জিলিকি উঠিল৷ নাই, তাই এতিয়া আৰু তাৰ ফোন ৰিচিভ নকৰে৷ তাৰ সৈতে কোনো সম্পৰ্কই ৰাখিব নিবিচাৰে তাই৷ বিপ্লৱ তাইৰ প্ৰেমিক আছিল যদিও এতিয়া তাই দিবাকৰৰ বিবাহিতা স্ত্ৰী৷ নিজৰ স্বামীক কোনোপধ্যেই বিশ্বাসঘাটকতা কৰিব নোৱাৰে৷ ফোনটো চুইছড্ অফ্ কৰি ড্ৰেচিং আইনাৰ আগৰ সৰু টুলখনত স্পা কৰা চুলিকোছাত ব্ৰাছটো বুলাই বুলাই বহি পৰিল তাই৷
"আকাংক্ষা, চাহ কৰিছোঁ আহা৷"
বৌয়েকৰ চিঞৰত লৰালৰিকৈ কোঠাৰপৰা ওলায় গ’ল তাই৷ যৌথ পৰিয়াল আকাংক্ষাৰ স্বামীৰ৷ শহুৰ-শাহু, ককায়েক-বৌয়েক, ভতিজাক, দেওৰেক, নন্দেকৰ সৈতে মুঠতে নটা প্ৰাণী৷ ঘৰুৱা সহায়িকাগৰাকীৰ সৈতে দহজন হয়গৈ৷ পাকঘৰৰ কামত তাই বৰকৈ লাগিবলগা নহয়েই৷ শহুৰেকৰ কিছু বয়স হৈছে যদিও শাহুয়েকৰ স্বাস্থ্য ভাল হৈয়েই আছে৷ ভাতৰ চৰুত বৌয়েক বা শাহুয়েক অদলবদলকৈ সোমায়৷ নন্দেকে চাহৰ লেঠা মাৰেই৷ কেতিয়াবা নহৰু-আদা গুচাই দিয়া নাইবা আলহীলৈ লুচি-ভাজি কৰোঁতে নন্দেকৰ লগত লাগি দিয়াৰ বাদে তাইৰ বিশেষ কাম নাই৷ স্বামী দিবাকৰৰ টিফিনত দিবলৈ কেতিয়াবা মাজে মাজে স্পেচিয়েল কিবা এটা ৰান্ধি সকলোকে খুৱাই৷ সিমানেই৷
দিবাকৰ বেংকলৈ যোৱাৰ পাছত নিজৰ কোঠাতো চিজিল কৰি পেলায় আকাংক্ষাই৷ তাৰপাছত কৰিবলৈ কামেই নাথাকে ৷ ন-ছোৱালী বুলি তাইক চাগৈ অকনমান ৰেহাই দিছে তেওঁলোকে৷ কাম নাথাকে বাবে মোবাইল টিপিয়েই সময় নকটায় কৰিবনো কি!
আকাংক্ষাৰ বিয়া হোৱা এই পাঁচমাহমানহে হৈ গৈছে৷ দেউতাকৰ পচন্দ দিবাকৰ৷ দেখাই শুনাই সুন্দৰ, অমায়িক, বেংকৰ চাকৰিয়াল দিবাকৰক অপচন্দ কৰাৰ যুক্তিও নাছিল৷ গ্ৰেজুয়েচন সম্পূৰ্ণ কৰি ঘৰতে থকা আকাংক্ষাৰ আকৌ সেই সময়ত বিপ্লৱৰ সৈতে দুৰ্বাৰ প্ৰেম চলি আছিল৷
"বৌ, এইখিনি মিক্সাৰত দি দিব পাৰিবানেকি? আজি স্পেচিয়েল দিছ্ এটা খুৱাই আছোঁ তোমালোকক৷"
হাঁহি হাঁহি নন্দেক পিংকিয়ে কোৱা কথাতহে আকাংক্ষা বাস্তৱলৈ ঘূৰি আহিল৷ নহ’লে যে মনটোৱে ক’ত টহল দি ফুৰিছিলগৈ! কায়িকভাৱে ইমানবোৰ মানুহৰ মাজৰপৰা কেনেকৈ জানো আঁতৰি আঁতৰি গুচি যায় মনটো! এই ৰাতিপুৱাৰ মেচেজটোৱেই যতকূটৰ ঘাই!
বেৰত লগাই থোৱা ঘড়ীটোলৈ চাই পঠিয়ালে তাই, দহ বাজি পোন্ধৰ মিনিট৷ এঘাৰ বজাত ফোন কৰাৰ কথা সি৷ বুকুখনত দুৰু দুৰু কঁপনি এটাৰ সৃষ্টি হ’ল তাইৰ৷ একো নাই! ফোনটোতো অফ্ কৰি থোৱাই আছে৷ কিয় ধৰিব তাই বিপ্লৱৰ ফোন!
ঘৰ ঘৰ শব্দ কৰি মিক্সাৰটো চলি থাকিল৷ পিংকিয়ে ভজা পিয়াজ-বিলাহী, আদা-নহৰুৰ পেষ্ট এটা কৰিবলৈ দিছে৷ লগতে তিয়াই থোৱা কাজু-মগজৰ পেষ্ট এটাও৷ সম্ভৱ চিকেন বা পনীৰৰ তৰকাৰীৰ যোগাৰ৷ মিক্সাৰ গ্ৰাইণ্ডাৰটো সামৰি তাই নিজৰ কোঠালৈ বুলি সোমাই গ’ল৷ ৰষ্ট কৰা কচুৰি মেথিৰ সুগন্ধত ঘৰটো মলমলাই আছে৷ এতিয়া আৰু ভাত খোৱাৰ সময়লৈকে তাইৰ কাম নাই৷ কোঠাৰ ঘড়ীটোত তেতিয়া সময় দহ-পঞ্চলিশ৷
পাঁচমিনিটমান বিচনাত বাগৰ দিলে তাই৷ ঘড়ীৰ কাঁটা আগলৈ গৈ থকাৰ লগতে মনটোও উগুলথুগুল লাগি গৈ আছে৷ এইবাৰ উঠি তাই বিচনাৰ হেডবক্সত থকা আলোচনী এখন মেলি ল’লে৷ পাক্ অধিকৃত কাশ্মীৰৰ গিলগিট-বাল্টিস্থানৰ হুনজা সম্প্ৰদায়ৰ বিষয়ে প্ৰকাশ হোৱা লেখাটো পঢ়িবলৈ বুলি উলিয়াই ল’লে তাই৷ অনন্য সুন্দৰ এই জাতিটোৰ সৌন্দৰ্য আৰু দীৰ্ঘায়ুৰ ৰহস্য জনাৰ আগ্ৰহ তাইৰ বহুদিনীয়া৷ অথচ পচন্দৰ বিষয়টোতো আজি তাই দেখোন মন বহুৱাব পৰা নাই! বাৰে বাৰে মনটো ফোনটোৰ ফাললৈহে গৈ আছে৷ পুনৰ ঘড়ীটোলৈ চকু দিলে তাই৷ এঘাৰ বাজিবলৈ তিনিমিনিট মান আছে৷ আলোচনীখন জপাই এইবাৰ আকাংক্ষাই ফোনটো হাতত তুলি ললে৷ সুমধুৰ ঝংকাৰ এটা সৃষ্টি কৰি তাইৰ ৰেড মি ফোনটো এইবাৰ জী উঠিল৷
আগলৈ
ইমান ধুনীয়াকৈ কেনেকৈ লিখে বাৰু
ReplyDelete