(৬)
#অন্য_এক_অথেল’
নীলা ডিম লাইটৰ পোহৰত কোঠাটো মায়াময় হৈ পৰিছে৷ আজি বতৰটো ঠাণ্ডা৷ হলেও আকাংক্ষাই কম স্পীডত ফেনখন চলাই থৈছে৷ বতৰ ঠাণ্ডা যদিও তাইৰ কপালত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিছে৷ দিবাকৰলৈ চালে তাই৷ পাতলীয়া ব্লেংকেট এখন কঁকাললৈকে লৈ সি গভীৰ টোপনিত৷ বেংকৰ কামত যথেষ্ট খাটনি৷ কেতিয়াবা ঘৰলৈকো কাম কিছুমান লৈ আহি ৰাতি দুপৰলৈকে লেপটপটোৰ সন্মুখত বহি থাকে সি৷ সেই সময়ত কামৰ বাদে আন একোয়েই তাৰ মনত ৰেখাপাত কৰিব নোৱাৰে৷ আনকি আকাংক্ষায়ো৷ নতুন মানুহ এজনীক কিছুদিনৰ আগেয়ে নিজৰ জীৱনলৈ আদৰি অনা কথাটো পাহৰি যায় নেকি কেতিয়াবা!
"মই এতিয়াও তোমাৰ অপেক্ষাত আকাংক্ষা৷"
বিপ্লৱৰ আৱেগ বিগলিত কণ্ঠস্বৰ তাইৰ মনগহনত পাকঘুৰনি খাই আছে এতিয়াও৷ তাৰ ফোন নধৰোঁ নধৰোঁ বুলিও এঘাৰ বাজো বাজো হওঁতেই ফোনটো অন কৰিছিল তাই৷ আৰু ঠিক এঘাৰ বজাত অহা বিপ্লৱৰ ফোনটো দুবাৰ ৰিং হোৱাৰ লগে লগেই কঁপা কঁপা হাতেৰে ৰিচিভ কৰিছিল তাই৷
"হেল্ল"
মাতটো ফাটিছিল নেকি তাইৰ!
"আকাংক্ষা"
হৃদয়ৰ গহন বনৰ পৰা ওলোৱা শব্দ৷ অন্তৰ স্পৰ্শ নকৰিবনে!
"কোৱা"
সিটো পাৰে কিছু নিৰৱতা৷
"কেনে আছা?"
আকুলভাৱে সুধিছিল বিপ্লৱে৷
"ভালেই আছোঁ বিপ্লৱ৷ তুমি কেনে আছা?"
"নুসুধিবা৷ তোমাৰ অবিহনে কেনেকৈ থাকিব পাৰোঁ!"
"শুনা বিপ্লৱ৷ আমি এতিয়া আৰু কথা পতা ঠিক নহয়৷ অনুগ্ৰহ কৰি মোলৈ আজিৰপৰা ফোন নকৰিবা৷"
ইচ্ছা নগলেও ফোনটো কাটি দিছিল আকাংক্ষাই৷ তাৰপাছত ধাৰাসাৰে ফোনটো বাজিছিল৷ তাইৰ মন আৰু বিবেকৰ যুদ্ধ হৈছিল৷ অৱশেষত জয়ী হৈছিল বলিয়া মনৰ৷
বিপ্লৱৰ কিছুদিনৰ আগৰে পৰা লাগি থকা চাকৰিটো হৈছিলগৈ৷ আকাংক্ষাক খুৱাব পিন্ধাব পৰাকৈ সি এতিয়া সমৰ্থ৷ গতিকে তাই তাৰ ওচৰলৈ গুচি আহিব লাগে৷
উচপ খাই উঠিছিল আকাংক্ষা৷ কি কথা কয় সি? এনে কথা ভবাও এতিয়া পাপ৷ দিবাকৰৰ লগত বিয়াৰ কথা চলোতেই তাই মাক-দেউতাকক বিপ্লৱৰ কথা কৈছিল৷ দেউতাক কোনোপধ্যেই ৰাজী নাছিল৷ কেও কিছু নোহোৱা নিচলা ল’ৰাটোলৈ আলাসত ডাঙৰ কৰা জীয়েকক দিয়েই বা কোন সতে! কেৱল মাত্ৰ প্ৰেমেতো সকলো প্ৰয়োজন পূৰ কৰিব নোৱাৰে!
দিবাকৰৰ লগত বিয়া হোৱাৰ পাছত সুখী হ’বলৈয়ে যত্ন কৰিছিল তাই৷ ঘৰখনৰ সকলো মানুহ মৰমিয়াল৷ ৱোৱাৰী নহৈ তাই যেন সেইখন ঘৰৰ জীয়ৰীহে! মৰমিয়াল মাকজনীয়ে সুসংস্কাৰ দি ডাঙৰ কৰা দিবাকৰ সকলো কথাতে সংযত৷ দেউতাকে তাইৰ বাবে উপযুক্ত ঘৰ এখনকে বাচনি কৰিছে৷ বিয়া মানেই জানো দুজন পুৰুষ-নাৰীৰ মিলন মাত্ৰ! দুখন ঘৰৰ কথাও তাত জড়িত হৈ নাথাকে জানো! লাহে লাহে পুৰণি কথাবোৰ পাহৰি তাই দিবাকৰক আপোন কৰি লবলৈ আৰম্ভ কৰিছিলহে! ফোনটোৰ বাবেই এতিয়া কেণা লাগিবলৈ লৈছে৷ এই মোবাইল ফোনবোৰ নোলাওতেই ভাল নাছিলনে! মোবাইলটো তাই গাৰুৰ কাষৰ পৰা অলপ দূৰলৈ ঠেলি দিলে৷
'কি ঠিক কৰিলা?'
ফোনটোত ভাইব্ৰেচন হ’ল৷
পুনৰ এটা মেচেজ৷
বিপ্লৱৰ৷
আগলৈ
ভাল লাগিল
ReplyDelete