(৭)
#অন্য_এক_অথেল’
ঠিক ছয় বাজিবলৈ কেই মিনিটমান থাকোঁতেই সাৰ পাই গ’ল বিপাক্ষী৷ অলসভাৱে উঠি আহি ড্ৰয়িংৰুমৰ পৰ্দাকেইখন আঁতৰাই মূল দৰ্জাখন খুলি অলপপৰ বাহিৰৰ বাৰাণ্ডাত ৰ’লহি৷ চেঁচা বতাহৰ স্পৰ্শত নিজকে সজীৱ যেন লাগিল তাইৰ৷ তাতেই ৰৈ যেন পুৱাৰ নিৰ্জন পৰিবেশটোৰ আমেজেই লৈ থাকিব! পিছে ইচ্ছা থাকিলেও উপায় নাই৷ ঘৰ সৰাৰ পৰা ভাত ৰন্ধা, টিফিন ঠিক কৰালৈকে সকলো কাম আছে৷ ন বজাৰ ভিতৰত কামবোৰ কৰি আজৰি হবলৈ পালে তাই ভাল পায়৷
দাঁত ব্ৰাছ কৰি ঘৰটো সাৰি লৈ গাটো ধুই আহি দেখিলে শশাংকই উঠি ৷
বাতৰিখন পঢ়ি আছে৷ তাই লৰালৰিকৈ লালচাহ দুকাপ বাকি তাইৰ কাপ পাকঘৰতে থৈ শশাংকক বহা ঠাইতে দি আহিলগৈ৷ তাই পাচলি কটা, চাউল ধুই থকাৰ মাজে মাজেই এঢোক দুঢোককৈ চাহখিনি শেষ কৰিব৷
"তোমাৰ চাহ? ইয়ালৈকে লৈ আনা যোৱা"
শশাংকই নিজৰ চাহৰ কাপটোত চুমুক দি কৈ উঠিল৷
"মই পাকঘৰতেই খাম৷ ভাত ৰন্ধা হোৱাই নাই নহয়৷"
"এটা কাম কৰা৷ এতিয়া মোক ৰুটি দুখন বনাই দিয়া৷ ভাত খাবলৈ মই দুপৰীয়া ঘৰলৈ আহিম৷"
বিপাক্ষী কিছু আচৰিত হ’ল তাৰ কথাত৷
"দুপৰীয়া সময় হ’ব জানো?"
সুধো নুসোধোকৈয়ে সুধিলে তাই৷
"টাইমৰ মেনেজ মইহে কৰিব লাগিব, তুমি নহয়৷ সেয়ে সেয়া চিন্তা তুমি নকৰিলেও হ’ব৷ নে মই দুপৰীয়া ভাত খাবলৈ আহিলে তোমাৰ কিবা অসুবিধা হ’ব?"
তাৰ কথাৰ সুৰত মিহলি হৈ থকা ব্যংগ উপলব্ধি কৰিও তাই তাক একো এষাৰ নকলে৷ কথাত কথা বঢ়াই লাভ নাই বুলি তাই জানে৷
"আৰু দুপৰীয়া আৰ তাৰ ঘৰত ফুৰি নুফুৰিবা৷ মই ভাল নাপাওঁ৷"
"আৰ তাৰ ঘৰ মানে? মইতো মুখাৰ্জী কাকীহঁতৰ বাহিৰে আন কাৰো ঘৰলৈ নাযাওঁ৷ কিয় ক’লা তেনেকৈ?"
তাই এইবাৰ মাত নমতাকৈ থাকিব নোৱাৰিলে৷
"তালৈ যোৱাৰো দৰকাৰ নাই৷ কিবা দিবলৈ মন গৈছে, ৱালৰ এইপাৰৰ পৰা কাকীক মাতি দি দিলেই হ’ল৷ ডেকা ল’ৰাৰ লগত গৈ কথাৰ মহলা মৰাৰ দৰকাৰ নাই৷'
তাই যেন আকাশৰ পৰাহে সৰি পৰিল৷
"তুমি কি ক’বলৈ বিচাৰিছা খোলাকৈ কোৱাচোন৷"
খঙত তাইৰ নাকৰ পাহিদুটা ফুলি উঠিল৷ তাই বুজি পালে, সেইদিনা গধূলি গেটখন মাৰিবলৈ যাওঁতে সুদীপ্তৰ সৈতে হোৱা সৌজন্যমূলক কথাবতৰা শশাংকই হজম কৰিব পৰা নাই৷ সি একো নকৈ উঠি গৈ প্ৰয়োজনতকৈ বেছি জোৰেৰে শব্দ কৰি বাথৰুমৰ দৰ্জাখন বন্ধ কৰি পানীৰ টেপ খুলি দিলেগৈ৷ অপমানিতবোধ কৰি স্থানুৰ দৰে তাই কিছুসময় তাতেই ৰৈ থাকিল৷
আগলৈ
হে ভগৱান, ইমান সন্দেহবাদী হ'লে কেনেকৈ হ'ব
ReplyDelete