www.hunguti.in

Breaking

www.hunguti.in

Ads

Saturday, July 17, 2021

অন্য এক অথেল’ (২১)

 (২১)



#অন্য_এক_অথেল’



বেংকত আজি যথেষ্ট ভিৰ৷ প্ৰায় প্ৰত্যেকটো কাউন্টাৰৰ সন্মুখে সন্মুখে মানুহৰ দীঘলীয়া শাৰী৷ মাহৰ প্ৰথম সপ্তাহত ভিৰ কিছু বেছি হয়েই৷ শশাংক বহা চাৰি নম্বৰ কাউণ্টাৰৰ সন্মুখতো একেই অৱস্থা৷ পিছে আনদিনাৰ দৰে আজি সি কামত মন বহুৱাব পৰা নাই৷ আগদিনাৰ কথাবোৰেই মনলৈ ঘুৰি ঘুৰি আহি আছে৷ তাৰ কাউণ্টাৰৰ সন্মুখত ৰোৱা মানুহবোৰৰ লানিটো আনবোৰতকৈ লেহেমীয়া গতিত আগবাঢ়িছে৷ তিনিজন বা চাৰিজন মানুহৰ কাম কৰি সি বাৰে বাৰে বাহিৰলৈ ওলাই গৈ চিগাৰেট এটা হুঁপি আহিছেগৈ৷ কেতিয়াবা চিগাৰেট খায় যদিও সি আসক্ত নহয়৷ আচলতে মানসিক অস্থিৰতা বাঢ়ি যোৱাৰ বাবেই হয়তো সি আজি ইটোৰ পাছত সিটো চিগাৰেট হুঁপিছে! 

          লান্সব্ৰেক দিবলৈ আৰু বেছি সময় নাই৷ পুনৰ সি আহি তাৰ কাউণ্টাৰত বহিলহি৷ এজন বয়সস্থ মানুহে বিশ হাজাৰ টকা উইদ্ৰ কৰিলে৷ তেখেতৰ পাছত দুজনে চেভিংচ একাউণ্টত পইচা জমা কৰিলে৷ পইচা জমা লৈ কম্পিউটাৰত ডাটাবোৰ ভৰাই পুনৰ শশাংক উঠি গ’ল৷ আৰু দহমিনিটমানৰ পাছত লান্সব্ৰেকৰ বেলেই বাজিব, অথচ সেই দহমিনিটো যেন তাৰ ৰোৱাৰ ধৈৰ্য্য নাই! 


"হেৰি, বাৰে বাৰে কলৈ উঠি উঠি গৈ আছে৷ দুই তিনিঘণ্টা ধৰি লাইনত খাৰা হৈ আছোঁ৷ অলপ আমাৰ কথাও ভাবিব৷"


মানুহৰ শাৰীৰ মাজৰপৰা কোনোবা এজনে কৈ উঠিল৷ ৰৈ ৰৈ মানুহবোৰৰ ধৈৰ্য্যৰ বান্ধ চিঙাৰ উপক্ৰম হৈছে৷ 


"হয়, হয়৷ অথনিৰেপৰা লক্ষ্য কৰি আছোঁ কথাটো৷ আমাক ৰখাই বাৰে বাৰে বাহিৰলৈ যায়গৈ৷"


এজনে মাত মতাৰ লগে লগে আন দুজনমানেও তাত হয়ভৰ দিলে৷ 


"আমাৰ কাম বন নাই বুলি ভাবেনেকি? ৰৈ ৰৈ ভৰিৰ বিষ উঠি গৈছে৷"


"কি ক’লে ? কাক কবলৈ আহিছে আপুনি৷ আপোনালোকৰ কামতে লাগি আছোঁ৷ এনেকৈ কথা নকব৷"


শশাংকয়ো আঙুলি টোয়াই কৈ উঠিল প্ৰতিবাদী মানুহকেইজনলৈ চাই৷ লাইনত থাকি অতীষ্ঠ হোৱা গ্ৰাহককেইজন একগোট হ’ল৷ কথা কটাকটি হোৱাত হুলস্থূল এটাৰ সৃষ্টি হ’ল৷ ইতিমধ্যে লান্সব্ৰেকৰ বেলো বাজি উঠিল৷ বেংকৰ কৰ্মচাৰী কেইজনো চাপি কুঁচি আহিল৷ নহ’লে কাঁজিয়া গৈ চাগৈ হতাহতিৰ পৰ্যায়ো পালেগৈহেঁতেন! সেই পৰ্যায়লৈ যোৱাৰ আগতে যেনিবা কোনোবা কোনোবাই ৰখালে৷


"বৰুৱা, ঘৰলৈ নাযায় নেকি আজি?"


লান্সব্ৰেকত মানুহবোৰ ইফালে সিফালে যোৱাৰ পাছত বাহিৰত ৰৈ কিবা এটা চিন্তা কৰি চিগাৰেট হুঁপি থকা শশাংক দিবাকৰ হাজৰিকাৰ মাততহে বাস্তৱলৈ ঘুৰি আহিল৷


"নাই হাজৰিকা৷ আজি ইয়াতেই লান্স কৰিম৷"


"তেন্তে জগনৰ হোটেললৈকে যাওঁ বলক৷ আজি যে কেন্টিনত বহিবলৈ পাম আশা ক্ষীণ৷"


দিবাকৰ হাজৰিকাই আজি টিফিন অনা নাই৷

বেংকৰ পৰা অলপ আঁতৰত জগনৰ হোটেলখন৷ নিৰহ নিপানীকৈ বহি ভাতকেইটা খাবলৈ বেয়া নহয়৷ হোটলখন বেংকৰপৰা কিছু দূৰৈত বাবে মানুহ সেৰেঙা৷ কেবিন এটা অধিকাৰ কৰি দুয়োটা বহি পৰিল৷ নিৰামিষ ভাত দুইপ্লেটৰ লগত ডব’ল অমলেট দুটাও দিবলৈ দিলে দিবাকৰে৷ জ্বলাৰ মাত্ৰা বেছি বাবেই সাধাৰণতে সিহঁতে জগনৰ হোটেলত ভাত খালে মাছ বা মাংস নলয়৷


"কিবা টেনশ্যনত আছে নেকি বৰুৱা?"


দিবাকৰ হাজৰিকাই শশাংকৰ অন্যমনস্কতা উপলব্ধি কৰিব পাৰিয়েই সুধিলে৷


"নাই, নাই হাজৰিকা৷ বিশেষ একো নহয়৷ এওঁ মাকৰ ঘৰলৈ গ’ল৷ ৰাতিপুৱা ঘৰৰ কাম কৰি নিজেই কিবা এটা ৰান্ধি খাই আহিছোঁ৷ আকৌ অলপ বাহিৰলৈ আহোঁতেই গ্ৰাহকৰ চিঞৰ বাখৰ হলেই৷ খং উঠি গ’ল হঠাতে৷"


"হয়৷ এইকেইদিন মানুহৰ ভিৰো বেছি হৈছে৷"


"তাকেই৷ বেংকৰ চাকৰিত সোমাই শান্তি নোহোৱা হ’ল৷ দিনটো ব্যস্ত থাকিব লাগে৷ কেতিয়াবা ঘৰলৈ গৈয়ো হিচাপ মিলাওতেই যায়৷ নিজৰ বাবে সময় বোলা বস্তুটো নাইকিয়া হ’ল৷"


শশাংকৰ কথাবোৰ দিবাকৰে শলাগি থাকিল৷ সি কৈ থাকোঁতেই ল’ৰা এটাই ভাতৰ থাল দুখন দি গ’লহি৷ দালি, ডাংবদিৰ শুকান ভাজি, পৰাঠাৰ সৈতে দিয়া আলু মটৰৰ তৰকাৰীৰ বাতি এটাৰ লগতে নেমু, পিয়াজ আৰু কেঁচাজলকীয়া৷ গৰম গৰম অমলেট দুটাৰ লগতে দুখন সেকা পাপৰো  অকনমাণ পাছত আহিল৷ দুয়োটাই ভাত খাবলৈ আৰম্ভ কৰিলে৷ শশাংকই খাই থাকোঁতে মাজে মাজে দিবাকৰক লক্ষ্য কৰি থাকিল৷ অলপতে নৱ পৰিণীতা স্ত্ৰীয়ে এৰি যোৱা দিবাকৰৰ দুচকুত কেনেবাকৈ অকনমাণ বিষাদৰ ছাঁ লুকাই থকা দেখা পায়েইবা! কিন্তু শশাংকক হতাশ কৰি দিবাকৰ হাজৰিকাই স্বাভাৱিকভাৱেই জগনক মাতি দালি আৰু পাপৰ এখন ল’লে৷ আগদিনা ৰাজ্য চৰকাৰে ধাৰ্য্য কৰা বাজেটৰ ওপৰত নিজৰ বিষেদাগাৰ জাহিৰ কৰিলে৷ আনকি নতুনকৈ ৰিলিজ হোৱা সি চোৱা শেহতীয়া ৱেব চিৰিজখনৰ কথালৈকে কলে৷ শশাংকৰ আচলতে জানিবৰ মন আছিল ইমান এটা ডাঙৰ ঘটনা হৈ যোৱাৰ পাছতো দিবাকৰ হাজৰিকা কেনেকৈ ইমান স্বাভাৱিক হৈ আছে৷ পিছে এইবোৰ জানো সোধা কথা! ভাত খাই উঠি হে শশাংকই মন কৰিলে, ৰাতিপুৱা কুকাৰৰ তলিত লাগি ধৰা খিচিৰি অকনমাণ খাই অহা সি আজি প্ৰথমবাৰৰ বাবে হোটেলত কাঁহী চাফা কৰি ভাত খালে৷


আগলৈ


2 comments:

  1. শশাঙ্কৰ অলপ পৰিৱৰ্তন হোৱা হ'লে!

    ReplyDelete