(২০)
#অন্য_এক_অথেল’
"বলা ঘৰলৈ৷"
পাকঘৰলৈ সোমাই গৈ কোনো পাতনি নোহোৱাকৈ শশাংকই চাহৰ চচপেনটো গেছস্তভত পাতিবলৈ লোৱা বিপাক্ষীক নিৰ্দেশৰ সুৰত ক’লে৷ শশাংকক অহা দেখিয়েই বুকুখন চিৰিংকৈ মাৰিল বিপাক্ষীৰ৷ আচলতে তালৈ ভয় কৰি নহয়, মাক-ককায়েকৰ সন্মুখত সি বা আকৌ কি বিহু দেখুৱাই সেয়া ভাবিহে!
"মই এতিয়া তোমাৰ লগত নাযাওঁ৷"
বিপাক্ষীয়ে তাৰ মুখলৈ নোচোৱাকৈয়ে নিজৰ কামত ব্যস্ত হৈ উত্তৰ দিলে৷ চাহপাত, চেনীৰ টেমাদুটা চেল্ফৰ পৰা নমাই আনি কাপকেইটাও উলিয়াই ললে৷
"কিয় নাযাবা৷ যাবই লাগিব৷ ওলোৱা বুলি কৈছোঁ ওলোৱা৷ এতিয়াই৷"
শশাংকই তাইৰ হাতত চেপি ধৰিলে৷
"এৰি দিয়া শশাংক৷ জোৰ কৰি তুমি মোক নিব নোৱাৰা৷"
"জোঁৱাই আহিলা নেকি?"
মাকে শশাংক অহাৰ উমান পাই গোঁসাই ঘৰৰ পৰা কিছু খৰধৰকৈয়ে ওলাল৷ মাকৰ মাত শুনি শশাংকই বিপাক্ষীৰ হাতখন এৰি দিলে৷ হাতৰ ঠাৰিটো মোহাৰি মোহাৰি গেছস্তভৰ চুইচটো চিমত দি দিলে৷ খং উঠিছে তাইৰ৷ হলেও তাই মনে মনে ৰৈ থাকিল৷
"বিপাক্ষীক লৈ যাবলৈ আহিলোঁ মা৷"
মাকক দেখি তাৰ মাতটো কিছু নৰম হ’ল৷
"বোপা, মই কিনো কম৷ তোমালোকৰ সংসাৰ৷ কিছুমান কথাত দুয়োটাই সমিলমিলেৰে চলিলেই হ’ল৷ তুমি বহাচোন বাৰু৷ লাহে ধীৰে কথা পাতিম৷"
মাকে কি ক’ব কি নক’বকৈ তাকেই ক’লে৷
"মই বেছিদেৰি কৰিব নোৱাৰোঁ মা৷ কাম দুটামান আছে৷ এই ওলালে যামেই আৰু৷"
মাকক এইবুলি কৈ সি পুনৰ বিপাক্ষীৰ ফালে চাই কিছু অস্থিৰতাৰে কৈ উঠিল৷
"যোৱা আকৌ৷ ওলোৱাগৈ৷"
"কলোয়েই দেখোন! মই তোমাৰ সৈতে নাযাওঁ এতিয়া৷ তোমাৰ দেৰি হৈছে যদি যাব পাৰা৷"
"নাই, তুমি যাবই লাগিব৷ ব’লা৷ তোমাক নিবলৈকে মই বেংকৰ পৰা বাহিৰে বাহিৰে আহিছোঁ৷ সোনকাল কৰা৷"
উঠি অহা খং টো দমাবলৈ চেষ্টা কৰি যে সি কথাষাৰ কৈছে তাই গম পালে৷ হয়তো মাকৰ সন্মুখত তাৰ আচল স্বৰূপটো প্ৰকাশ কৰিবলৈ বিচৰা নাই৷
"তাই যাবলৈ বিচৰা নাই যদি জোৰ নকৰিবা শশাংক৷"
ক’ৰবালৈ ওলায় যোৱা ককায়েকো আহি ঘৰ সোমাইছিলহি৷ তাৰ মাত শুনি শশাংকই ঘুৰি চালে৷ শান্তভাৱেই কৈছে যদিও ককায়েকৰ মাতত থকা কঠোৰতা সি বুজিব পাৰিলে৷
"আমাৰ পতি পত্নীৰ কথাত আপোনালোক নোসোমালেই ভাল পাম৷ বিপাক্ষী বলা যাওঁ৷"
শশাংক আকোঁৰগোজ৷
"মোৰ মুখ খুলি নলবা শশাংক৷ মই নাযাওঁ৷"
এইবুলি কৈ বিপাক্ষী গৈ মাকৰ কোঠাত সোমাই দৰ্জাৰ হুক লগাই দিলেগৈ৷
"দৰ্জা খোলা বিপাক্ষী৷ শুনিছানে? খোলা বুলি কৈছোঁ খোলা৷"
সি এইবাৰ দৰ্জাখনত ঢকিয়াবলৈ ধৰিলে৷
"শশাংক, তুমি এতিয়া যোৱা৷ তাইক জোৰ নকৰিবা৷ তোমাক ভালেৰেই কৈ আছোঁ কথাবোৰ৷ বেয়াকৈ ক’বলৈ বাধ্য নকৰিবা৷"
বিপাক্ষীৰ ককায়েকৰ সঁচাকৈয়ে খং উঠি আহিছে৷
"সোণ, তই ৰচোন৷ জোৱাই, তাইক মই বুজাম৷ তুমি চিন্তা নকৰিবা৷ তাই যদি আজি যাবলৈ বিচৰা নাই, তেন্তে থাকিবলৈ দিয়া৷ কাবৌ কৰিছোঁ মই৷ তোমালোকে হুলস্থূলখন নকৰিবা৷"
বিপাক্ষীৰ মাকে দুয়োটালৈ চাই হাতযোৰ কৰি কথাটো ক’লে৷ এইবাৰ আৰু শশাংকই একো নকলে৷ দুচকুত জলন্ত দৃষ্টি এটা লৈ সি অহাৰ দৰেই গপগপাই ওলায় গ’ল৷ তাৰ গাড়ীখন যোৱাৰ শব্দ শুনিহে বিপাক্ষী কোঠাৰপৰা ওলায় আহিল৷ চিন্তান্বিত মাক চোফাত বহি পৰিছে৷ ককায়েকে শশাংকই খুলি থৈ যোৱা গেটখন বন্ধ কৰিবলৈ বাহিৰলৈ গৈছে৷
"কি হ’বগৈ এইবোৰ৷ সোণে তাক তেনেকৈ ক’ব নালাগিছিল৷ বেয়াই পালে চাগৈ৷ ভালকৈ বুজাই বঢ়াই পঠিয়াই দিয়া হলেই হয়! হাজাৰ হলেও সি এইখন ঘৰৰ জোৱাই নহয় জানো!"
মাকৰ কথাত তাই ওলোটাই কিবা এটা কম বুলিও নকলে৷ ৰক্ষণশীল মাকক তাইৰ প্ৰতুত্তৰে সন্তুষ্ট কৰিব নোৱাৰিব বুলি জানে তাই৷
"তই ঠিকেই কৈছিলি ভণ্টি৷ এইটো আগৰ শশাংক নহয়৷ বহুত সলনি হ’ল৷ তাৰ চকুত আজি আনদিনে কেতিয়াও নেদেখা এক জিঘাংসা দেখিলোঁ৷ খং উঠিলে সি যিকোনো কামেই যেন কৰিব পাৰিব৷ তোৰ বাবে মোৰ এতিয়া বেছিহে চিন্তা হৈছে৷"
গেটখন মাৰি আহি ককায়েকে মাকৰ কাষতে বহি লাহে লাহে কথাকেইটা কলে৷ সি জানিছে, সঁচাকৈয়ে চিন্তাৰ বিষয় হৈ পৰিছে কথাবোৰ৷ বিপাক্ষীৰ কথাবোৰ এতিয়া মাকে উলাই কৰিলেও সি কৰিব নোৱাৰে৷
"তই ঠিকেই কৈছ দাদা৷ তাক আজিকালি মোৰ একেবাৰে অচিনাকি যেন লাগে৷ বহুত চেষ্টা কৰিছিলোঁ এডজাষ্ট কৰিবলৈ৷ সেয়ে তহঁতক কথাবোৰ কোৱা নাছিলোঁ৷ এতিয়া আৰু নোৱাৰিলোগৈ৷"
বৰ ভাগৰুৱাৰ দৰে বিপাক্ষীয়ে কথাকেইটা কৈ কৈ চোফাখনত বহি পৰিল৷
"কাইলৈ মই প্ৰাঞ্জলৰ লগত এই বিষয়ে কথা পাতিম ৰহ্৷ তই চিন্তা নকৰিবি৷"
ভনীয়েকক প্ৰবোধ দি সি কৈ উঠিল৷ ককায়েকৰ বন্ধু প্ৰাঞ্জল বৰ্তমান সিহঁতৰ জিলাৰ নামজ্বলা এডভোকেট৷
আগলৈ
বহুত ভাল লাগিছে দেই বাট চালো বাইদেউ 👍🙏❤️
ReplyDelete