(২২)
#অন্য_এক_অথেল’
ৰাতিপুৱা ঘৰটো সাৰি লৈ মাকৰ লগত লাগি ৰুটি ভাজিকণ কৰি ল’লে বিপাক্ষীয়ে৷ লগতে চুবুৰিৰে মইনাহঁতৰ ঘৰৰ পৰা অনা গৰুগাখীৰৰ চাহ৷ আজি যেন বৰ তৃপ্তিৰে ব্ৰেকফাষ্ট কৰিলে তাই! নিজৰ হাতেৰে ৰন্ধাৰ সোৱাদতকৈ আনে ৰন্ধাৰ সোৱাদটো সদায়েই বেছি৷ তাতে মাকে ৰান্ধি দিয়া খাদ্যৰ কথা নকলেও হ’ব!
"মা, কিবা কৰি দিব লাগিলে কবি৷"
মাকক ৰিংটো মাৰি তাই ভিতৰৰ কোঠাটোলৈ সোমাই গ’ল৷ কিতাপখনকে মেলিব কিছুসময়৷ ককায়েক এতিয়া স্কুললৈ যাব৷ দুপৰীয়া মাজতে আহি ভাতকেইটা খাই যাবহি৷ স্কুল ছুটীৰ পাছতহে তাই তাক ভাল কৰিবলৈ দিয়া মোবাইলটো আনিবলৈ কৈছে৷ সেইটো নাথাকিলে কিবা উৰুঙা উৰুঙা লাগে৷ তাতে পৰীক্ষাৰ কিবা খা খবৰ আহিবলগীয়া হ’লে তাতহে আহিব!
"খুৰী, অ খুৰী৷ ক’ত আছে?"
তেনেতে গেটৰ পৰা চিঞৰি চিঞৰি পংকজ সোমাই আহিল৷ তাৰ হাতত দুটা নাৰিকল৷
"অহ্! তই আকৌ কেতিয়া আহিলি? গমেই নাপাওঁচোন৷ মনে মনে আহি সোমাই আছহি৷"
তাই ওলায় যোৱা দেখি পংকজ আচৰিত হ’ল৷ জহা চাউল কেইটামান বাচি থকা মাকো ওলাই আহিল৷ তাইৰ উত্তৰলৈ বাট নাচাই সি এইবাৰ মাকক ক’লে,
"খুৰী, আজি নাৰিকলজোপা পাৰিছিলোঁ৷ মায়ে এইদুটা আপোনালোকৰ ঘৰত দিবলৈ দিলে৷ পাখী তই থাকিবিনে দুদিনমান?"
"আছোঁ কেইদিনমান৷ নিশা অহাৰ কথা আছেনেকি?"
"নাই৷ তাই একেবাৰে পৰীক্ষা দি হে আহিব হেনো৷ নহলে অহা যোৱা কৰি থাকোতে সময়বোৰ বহুত যায়৷ পঢ়া ক্ষতি হয়৷ বাৰু মই যাওঁ এতিয়া৷ তই যাবি আমাৰ ফালে৷"
এইবাৰ পংকজ যাবলৈ খৰধৰ কৰিলে৷
"এহ্! ৰহচোন৷ ক’ত যাৱ৷ বহ৷ চাহ অকন খাই যা৷"
যাবলৈ ওলোৱা পংকজক তাই সংকোচহীনভাৱে চাহ খাবলৈ ৰখালে৷ শশাংক লগত থকাহেঁতেন তাই এই কথাটো কবলৈয়ো ভাবিবলগা হলহেঁতেন৷ সমান্তৰালভাৱে এইটো কথাও মনলৈ আহিল তাইৰ৷
তাই দিয়া মালপোৱাৰে চাহ খাই আৰু আধাঘণ্টামান বহিল পংকজ৷ ঢেৰ কথা পাতিলে তাই পংকজৰ লগত৷ পাকঘৰৰ কাম কৰি থকাৰ মাজে মাজে মাকেও আহি ভাগ ললেহি৷ আপোনভোলা ল’ৰাটোয়ে লুকঢাক নকৰাকৈ কথাবোৰ কয় বাবেই সকলোৰে প্ৰিয় সি৷ সঁচা, পংকজৰ দৰে মানুহে মুখত মুখা এখন লগাই নাথাকে৷ আপোনভোলা প্ৰকৃতিটোৰ বাবেই ইমান সুখী নেকি সি! মনে মনে ভাবিলে বিপাক্ষীয়ে৷ বৰ সৰল সি৷ কথাবোৰ জটিল কৰিব নাজানেই৷ জটিলতা নাথাকিলেই মানুহবোৰ সুখী চাগৈ! পংকজ যোৱাৰ পাছত এইবোৰ কথাই বিপাক্ষীৰ মনলৈ আহিল৷ তাৰ সৈতে আগৰ দৰেই মুকলিকৈ কথা পাতিবলৈ পাই তাইৰো সজীৱ লাগিল৷ জীৱনত বন্ধু বান্ধৱীৰ প্ৰয়োজনীয়তা কোনেও নুই কৰিব নোৱাৰে! সেয়া শশাংকৰ দৰে মানুহে কেতিয়াও বুজি পাবনে? নাভাবো নাভাবো বুলিও তাইৰ মনলৈ পুনৰ শশাংকৰ কথা আহে৷ ভিতৰি তাই মনত এটা শংকাও লৈ ফুৰিছে৷ আকৌ যদি সি ওলায় দিয়েহি! ককায়েক এনেই শান্তই৷ কিন্তু খং উঠিলে সি ৰৈ নাথাকিব৷ কথাবোৰ বেয়ালৈ যোৱাটো নিবিচাৰে তাই৷
দুপৰীয়া ভাত খাই তাই কিছুপৰ ভাতঘুমটিও মাৰিলে৷ তাই আছেহি বুলি গম পায় আবেলিলৈ পংকজৰ মাকো এপাক আহিল৷ মাকে বাৰণ কৰি থোৱাৰ বাবে তাই তেখেতক কথাবোৰ নকলে৷ হলেও কিমানদিন লুকুৱাই ৰাখিব? সত্য এদিন নহয় এদিনটো প্ৰকাশ পাবই৷
গধূলি সময়ত ফোনটো তাইৰ হাতত পৰিলহি৷ ডিচপ্লে সলাব লগীয়া হ’ল৷ যি হলেও তাইৰ মনটো কিছু ভাল লাগিল৷ হেঁপাহৰ বস্তু এটা ঘুৰাই পোৱাৰ আনন্দ কেৱল পোৱাজনেহে অনুভৱ কৰিব পাৰে৷
"মাজনী, এইফালে আহিবিচোন৷"
মাকে মতাত তাই গৈ পাকঘৰ পালেগৈ৷
"ককায়েৰে মাংস আনিছে৷ মই যা যোগাৰ কৰি দিওঁ, তয়ে ৰান্ধিবি নি?"
নহৰু গুচাই গুচাই মাকে তাইক সুধিলে৷
"মা, আজি তোৰ হাতেৰে খাওঁ অ'৷ নিজে ৰন্ধাবোৰ সোৱাদ নোপোৱা হলোঁ৷"
মাকে বুজিলে কথাটো৷ আগতে মাংস আনিলে তাই কেতিয়াবা নিজেই আগবাঢ়ি আহি বেলেগ বেলেগ জুতিৰে ৰান্ধিবলৈ বিচাৰে৷ সেয়েহে তেওঁ কথাটো তাইক সুধি ললে৷
"আৰু শুনচোন, তোৰ ফোনটো ভাল হলনি? হ’ল যদি জোয়াইৰ খবৰ এটা লবিনেকি? কি বা খাইছে বইছে!"
মাকে লাহেকৈ কথাটো তাইৰ আগত উলিয়ালে৷ ককায়েকৰ আগত ক’ব নোৱাৰে বুলি তেওঁ জানে৷ সি ডাং খাই আহিব৷
"মা৷" - তাই আৰু একো নকলে মাকক৷ জানে, তেওঁ এনেকুৱাই৷ জীয়েক জোয়ায়েকৰ বিচ্ছেদ ইমান সহজভাৱে ল’ব পৰা নাই তেওঁ৷ আৰু সহজে লওক বুলি আশা কৰাটোও দুৰাশা৷ কেৱল মাকৰ ক্ষেত্ৰতেই নহয়, সকলোতেই৷ অতীতৰ সমাজ আৰু বৰ্তমানৰ সমাজখন জানো একেই৷ কিমান সংস্কাৰ সাধন হ’ল! পিছে এই সংস্কাৰ জানো এনেদিনাই হৈছে! সময় দিবই লাগিব৷ মাকক সেয়ে তাই একো নকয়৷ কথাবোৰ বুজি উঠিবলৈ তেওঁ নিজৰ সময় লওক৷
আগলৈ
খুব ভাল লাগিল
ReplyDelete