(২৫)
#অন্য_এক_অথেল’
গধূলিৰ আগে আগে বেংকৰ পৰা আহি ঘৰ সোমালহি শশাংক৷ গৰম পৰিছে যথেষ্ট৷ প্ৰথমে গাটো ধুই ল’লেহে ভাল লাগিব৷
শ্বাৱাৰৰ তলত ৰৈ মূৰটো পাতি দিলে সি৷ জিৰ্ জিৰ্ কৈ পানীবোৰ মূৰৰ পৰা ভৰিলৈকে বৈ গ’ল৷ কিছুপৰ তেনেকৈ ৰোৱাৰ পাছতহে মুৰটো অলপ পাতল লাগিল৷ এইকেইদিন তাৰ মূৰটো উতলি থকাৰ দৰে লাগি আছে৷ বিপাক্ষী গুচি যোৱাৰ পাছৰে পৰা তাৰ শান্তি নোহোৱা হৈছে৷ সেইদিনা আনিবলৈ যোৱাৰ পাছতো তাই নাহিল৷ ফোন কৰি কৰি হায়ৰান হৈ পৰিছে শশাংক, অথচ তাই ফোনটো ৰিচিভ নকৰে৷ হুহ্! অৱজ্ঞা কৰিছে তাই তাক৷ ইয়াৰ ফল কিন্তু ভাল নহ’ব৷ জনা নাই তাই! তাৰ ওচৰলৈ ঘূৰি নাহিলে নিস্তাৰ নাই বিপাক্ষীৰ৷ কি দিয়া নাছিল সি তাইক? তাইৰ সমান কাকোৱেই আজিলৈকে ভালপোৱা নাই সি৷ আৰু আগলৈকো নাপায়৷ তাৰপৰা আঁতৰি তাই যদি আনৰ সৈতে হলিগলি কৰে তেন্তে কেতিয়াও সহ্য নকৰিব সি৷ দৰকাৰ হলে তাইক সি পৃথিৱীৰ পৰাই চিৰবিদায় দিব৷ তাৰ হৈ নাথাকিলে তাই আন কাৰো হ’ব নোৱাৰিব৷ বিপাক্ষী চলিহা কেৱল শশাংক বৰুৱাৰ৷ কেৱল তাৰ৷
আইনাখনত নিজকে চাই চাই তাৰ ওঁঠত বক্ৰ হাঁহি এটা খেলাই গ’ল৷ শ্বাৱাৰটো বন্ধ কৰি সি শুকান টাৱেলখনেৰে গাটো মোহাৰি মোহাৰি ওলায় আহিল৷
পায়জামা-পাঞ্জাৱী এযোৰ পিন্ধি সি এইবাৰ ফ্ৰিজৰ পৰা কল্ড ড্ৰিংকচৰ বটল এটা উলিয়ালে৷ ড্ৰয়িং ৰূমৰ ফেনখন লগাই লৈ চোফাত বহি চেন্টাৰ টেবুলত ভৰি তুলি সি বটলটোৰ পানীয়খিনি শেষ কৰিলে৷ ৰন্ধা বঢ়াৰ জঞ্জাল লোৱা নাই সি এতিয়া৷ আহোঁতে ৰেষ্টুৰেণ্ট এখনৰ পৰা বিৰিয়ানী পেকিং কৰি লৈ আহিছে৷
"টক্, টক্, টক্"- শব্দ হ’ল বাহিৰৰ দুৱাৰত৷ কোনোবা আহিছে৷ কলিং বেলটো চাগৈ বজা নাই৷ সি ৱায়াৰ এডাল চিঙি ওলমি থকা মন কৰিছিল৷ দৰ্জাখন খুলি দিলেগৈ শশাংকই৷ মুখাৰ্জী কাকু আৰু কাকী৷ কাকীৰ হাতত এটা ডাঙৰ টিফিন৷
"কাকুমণি, আহক, সোমাই আহক৷ আহক কাকী৷ বহকহি৷"
তেওঁলোকক দেখি শশাংক ব্যস্ত হৈ পৰিল৷ আচলতে হঠাতে কাকুমণিহঁত আহি ওলোৱাত সি আচৰিত৷
"এইটো থোৱাচোন৷ তোমাৰ বাবে গধূলি খাবলৈ আনিছিলোঁ৷"- কাকীয়ে টেবুলতে থলে টিফিনটো৷
"কাকী৷ মই ৰেষ্টুৰেণ্টৰ পৰা ডিনাৰ পেকিং কৰি আনিছিলোঁয়েই৷ কিয় কষ্ট কৰিব লাগে আপুনি?"
শশাংকই টিফিনটো দেখি কৈ উঠিল৷
"কষ্ট একো নাই শশাংক৷ তুমি জানো আমাৰ ল’ৰাৰ দৰেই নহয়?"
কাকুমণিয়ে শশাংকলৈ চাই ক’লে৷
"কিয় নহয় কাকুমণি৷ হয়৷"
শশাংকই শলাগিলে৷
"বিপাক্ষীৰ খবৰ কি কোৱাচোন? কথাবোৰ কি হৈছেগৈ? খবৰবোৰ নোপোৱাৰ বাবে চিন্তাত আছোঁ৷ তোমাকো দেখা নাপাওঁ৷ তাইৰ ফোন চুইচড্ অফ্ পাই আছো৷ সেয়ে আজি তুমি বেংকৰ পৰা আহি পালেই আহিম বুলি দুয়ো ভাবি থৈছিলোঁ৷"
কাকী সঁচাকৈয়ে চিন্তিত বুলি শশাংকই ধৰিব পাৰিলে৷
"কাকী তাই মোৰ ফোনো ৰিচিভ কৰা নাই৷ আনিবলৈয়ো গৈছিলোঁ৷ কিন্তু তাই নাহিল৷"
শশাংকই সঁচা কথাটোকে ক’লে৷
"তাই আহিবলৈ নিবিচৰাটো স্বাভাৱিক শশাংক৷ কাৰণ কিবা এটা অসুবিধা পায়েইটো তাই গুচি গৈছে৷ তাই যদি পুনৰ অহাটো বিচাৰিছা, তেন্তে তুমিও নিজৰ ভুলবোৰ বিচাৰ কৰি চাব লাগিব৷ নিজৰ নিজৰ ঠাইত সকলোয়েই শুদ্ধ৷ কিন্তু নিজৰ ভিতৰখন জুমি চোৱা নাইবা আনগৰাকীৰ ঠাইত নিজকে ৰাখি তেওঁৰ দৃষ্টিৰেও পৰিস্থিতিতো বোধগম্য কৰাৰ চেষ্টা কৰাটো দৰকাৰ৷ আশা ৰাখিছোঁ মোৰ কথাবোৰ তুমি গুৰুত্ব সহকাৰে ল’বা শশাংক৷"
কৈ কাকীহঁত যাবলৈ উঠিল৷ শশাংকই তেওঁলোকক কল্ড ড্ৰিংকচ খাবলৈ জোৰ কৰিছিল৷ পিছে ভাতখোৱাৰ সময় হোৱাৰ বাবে তেওঁলোকে একো নাখালে৷
গধূলি কাকীয়ে দিয়া টিফিনটো খুলি চালে সি৷ বাচমতি চাউলৰ ভাত আৰু ছাগলীৰ মাংস৷ দেখিয়েই ভাল লাগিল তাৰ৷ এইকেইদিন হোটেল-ৰেষ্টুৰেন্টৰ খানা খাই খাই আমুয়াইছে তাক৷ কাঁহী এখনত উলিয়াই বৰ তৃপ্তিৰে ভাতকেইটা খালে সি৷ বিৰিয়ানীৰ পেকেট তেনেকৈয়ে পৰি থাকিল৷ ভাতকেইটা খাই উঠি সি কাকীহঁতৰ টিফিনটো ভালদৰে ধুই ধুই কাকীয়ে কৈ যোৱা কথাকেইটাও ভাবি থাকিল৷ তাৰ মৃত মাকৰ সৈতে এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰখা কাকীক দেখিলে তাৰ মাকক দেখা যেনেই লাগে৷ আজি মাক জীয়াই থকা হলেও তাক কিজানি এনেকৈয়ে কলেহেঁতেন! পিছে তাৰনো ভুল ক’ত? সি তো নিজকে অশুদ্ধ বুলি কেতিয়াও অনুভৱ কৰা নাই! টকা পইচাৰ ক্ষেত্ৰতো তাইক কেতিয়াও হাত ধৰা নাই৷ তাইৰ প্ৰেমত পৰাৰ পাছৰে পৰা তাইৰ বাহিৰে আন কোনো ছোৱালী বা মহিলালৈ সি চকু দিয়া নাই৷ তাইক প্ৰতিটো মুহূৰ্ততে আৱৰি ৰাখিবলৈয়ে বিচাৰে সি৷ তেন্তে? পিছে তাইৰ গাত হাত উঠাব নালাগিছিল সি! এইটো তাৰ ভুল৷ বাদবাকী অন্য ভুল তাৰ চকুত পৰা নাই৷ কাক সুধিবনো সি? ভাবি ভাবি সি টিফিনটো শুকান কাপোৰ এখনেৰে মচি ডাইনিং টেবুলৰ ওপৰত চকুত পৰাকৈ থৈ দিলেগৈ৷ নহলে পাহৰি থাকিব৷ কাইলৈ বেংকলৈ ওলাই যোৱাৰ আগতে দি যাব লাগিব!
শুবলৈ যোৱাৰ আগতে সি নাপাব বুলি জানিও পুনৰ বিপাক্ষীলৈ এবাৰ ফোনটো লগাই চালে৷ চুইচড্ অফ৷ আয়নাখনৰ আগত ৰৈ সি গাত অলপ টেলকম্ পাউডাৰ চটিয়াই ল’লে৷ গৰমত নহলে ঘামবোৰে বৰ দিগদাৰি দিয়ে৷ পিঠিৰ ফালেও আন্দাজত অলপমান চটিয়াই দিলে৷ জানো ভালকৈ লাগিল বা নাই! সন্মুখৰ ভাগটোৰ দৰেটো আৰু মানুহে পিঠিখন দেখা নাপায়!
ঠিক নিজৰ দোষবোৰৰ দৰেই!
আগলৈ
No comments:
Post a Comment