(২৬)
#অন্য_এক_অথেল’
অৱশ দেহাৰে বিচনাত পৰি আছে আকাংক্ষা৷ উঠি বহিবলৈয়ো যেন তাইৰ শক্তি নাই৷ বিপ্লৱ ইতিমধ্যে অফিচলৈ বুলি ওলায় গ’ল৷ নিজেই ব্ৰেড আনি গৰম কৰি খাই গৈছে৷ তাইৰ বাবেও প্লেট এখনত বইল কনী এটাৰ সৈতে ঢাকি থৈ খাবলৈ কৈ গৈছে৷
বিচনাৰ পৰা উঠিবলৈ চেষ্টা কৰিলে তাই৷ মূৰটো দাঙি বহি দিওঁতেই তাইৰ পৰি যাওঁ যেন লাগিল৷ পুনৰ বিচনাত শুই পৰিল আকাংক্ষা৷ দুদিনমান আগৰেপৰা তাইৰ গা বেয়া আছিল৷ জ্বৰ, বমি হোৱা দেখা পাই বিপ্লৱে অটো এখন আনি তাইক ডাক্তৰৰ ওচৰলৈয়ো লৈ গৈছিল৷ সেইখিনিলৈকে সকলো ঠিকেই আছিল৷ ডাক্তৰে তাইক পৰীক্ষা কৰাৰ পাছত সিহঁতক অভিনন্দন জনাইছিল৷ আকাংক্ষা মা হ’বলৈ ওলাইছিল৷ মা হ’বলৈ ওলাইছে বুলি আকাংক্ষাই সপোনতো ভবা নাছিল৷ আগৰেপৰাই তাইৰ পিৰিয়ডচৰ দিন বাঢ়ি বাঢ়ি কেতিয়াবা দুমাহৰ ওচৰাওচৰিও হয়গৈ৷ সেয়ে এইবাৰো এনে হোৱা বুলিয়েই ভাবি আছিল তাই৷
ক্ষুন্ন হৈছিল বিপ্লৱ৷ এই সন্তান তাৰ কেতিয়াও নহয়৷ সেয়া দুয়োটাই জানে৷ ভাৰাৰুমলৈ আহি তাইক থৈ সি আকৌ ওলাই গৈছিল৷ ঘূৰি আহি সন্তানটো নষ্ট কৰিবলৈ সি তাইক কথা পাতি ঠিক কৰি অহা ক্লিনিক এখনলৈ লৈ গৈছিল৷ মনৰ বিৰুদ্ধে গৈ আকাংক্ষাই এই কাম কৰিবলৈ বাধ্য হৈছিল৷ বিপ্লৱৰ হাতৰ পুতলা এতিয়া তাই৷ সাংঘাতিক ব্লিডিং হৈছিল আকাংক্ষাৰ৷ শৰীৰ, মনৰ কষ্ট সহ্য কৰিবলৈ টান হৈছিল৷ পুতিগন্ধময় নৰকত বিচৰণ কৰি ফুৰা অশৰীৰি যেন বোধ হৈছে তাইৰ নিজকে৷ সাংঘাতিক ধৰণে অপৰাধবোধত ভূগিছে তাই৷ কি কৰিব এতিয়া৷ কেনেকৈ জীৱন পাৰ কৰিব?
কথাবোৰ পাগুলি পাগুলি তাই যেনে তেনে এইবাৰ বিচনাত বহি পৰিল৷ মূৰটো ঘূৰায়েই আছে৷ হ’লেও অত ত’ত ধৰি তাই ইটো কোঠা পালেগৈ৷ তাত টেবুলত থকা বিপ্লৱৰ অফিচৰ কাগজ পত্ৰবোৰৰ লগতে তাই পেপাৰ কাটিবলৈ আনি থোৱা কাটাৰ এখন দেখিছিল৷ কাগজবোৰ তল ওপৰ কৰি তাই সেইখন বিচাৰিবলৈ ধৰিলে৷ পিছে নিৰাশ হ’ল তাই৷ কাগজ পত্ৰৰ সৈতে সেইখন সম্ভৱতঃ বিপ্লৱে লৈ গ’ল! নহ’লে কাটাৰ খনেৰে হাতৰ মণিবন্ধত ৰেপ্ এটা মাৰি দিবলৈ সেই মুহূৰ্তত তীব্ৰ ইচ্ছা এটা হৈছিল তাইৰ!
পুনৰ যেনেতেনে আহি বিচনা পালেহি তাই৷ মাকৰ মুখখন মনলৈ অহাত তাই চকুৰ পানী বাধা দি ৰাখিব নোৱাৰিলে৷ আগতে সাধাৰণ জ্বৰ-পানীল’গা এটা হলেই মাকজনী ধৰফৰাই থাকে৷ দেউতাকৰ অনুৰোধত চিনাকি ডাক্তৰজন ঘৰলৈকে আহে৷ সেইকেইটা দিন মাকক লুঠুৰি, মুৰ্গীৰ জালুকীয়া ৰান্ধিবলৈ দেউতাকে তৰণি নাইকিয়া কৰে৷ সেইবোৰ দিন এতিয়া তাইৰ বাবে সপোন৷ আৰু দিবাকৰ! বিয়াৰ দুমাহমানৰ পাছতে এবাৰ মাত্ৰ তাইৰ নিশা জ্বৰ উঠিছিল৷ সেই গোটেই নিশাটো সি সাৰে থকা তাই গম পাইছিল৷ আনকি ঘৰখনত ইমানবোৰ মানুহ থকা স্বত্বেও সি পাছদিনা ছুটি লৈছিল৷ এই কথাটো লৈ পিংকিয়ে খুউব জোকাইছিলো তাক৷
কথাবোৰ মনলৈ অহাত মুখেদি স্বতঃস্ফূৰ্ত হাঁহি এটা নিগৰি আহিল আকাংক্ষাৰ৷ পিছে সেয়া খন্তেকৰ বাবেহে৷ পাছ মুহূৰ্ততে পুনৰ হতাশাই ছানি ধৰিলে মনটো৷ পুনৰ নিজকে নিঃশেষ কৰি পেলোৱাৰ বাসনাই ভিৰ কৰিলেহি মনত৷
নিজকে শেষ কৰিলেই জানো সমস্যাবোৰৰ সমাধান হ’য়? তেতিয়াহ’লে দেখোন সমস্যাৰ সন্মুখীন হ’লেই মানুহে আত্মহত্যা কৰিলেহেঁতেন! নিজক হত্যা কৰিবলৈ বহুখিনি সাহসৰ প্ৰয়োজন৷ সেই সাহস যদি সমস্যাৰ মুখামুখি হৈ তাৰ সমাধানত প্ৰয়োগ কৰে তেন্তে? জীৱনৰ পৰা পলায়নৰ বাট বিচাৰি ফুৰা আকাংক্ষাৰ মনৰ সাগৰখনত অনেক কথাৰ চাকনৈয়া!
"কিৰিৰিৰিৰিং"- হঠাতে কলিং বেলটো বাজি উঠিল৷ এই সময়ত বা কোন আহিল? বিপ্লৱ নেকি? তাইৰ গা বেয়া বুলি কিজানি সি অফিচৰ পৰি চুটি লৈ আহিল! পুনৰ থৰকবৰককৈ তাই দৰ্জাখন খুলিবলৈ বুলি উঠি গ’ল৷ ইতিমধ্যে বেলটো আৰু দুবাৰমান বাজি উঠিল৷
"অ’ আপুনি৷"
দৰ্জাখন খুলি তাই ঘৰৰ মালিকনী বাইদেউক দেখি কৈ উঠিল৷
"কি হ’ল? গা ভাল নহয় নেকি তোমাৰ?"
তাইক দেখিয়েই তেখেতে অনুমান কৰিব পাৰিলে৷
"হয়৷ বিচনাত পৰিহে আছিলোঁ৷ সেয়ে দৰ্জাখন খুলিবলৈ অহা দেৰি হৈছে৷ আপুনি বহকচোন৷"
প্লাষ্টিকৰ চকি এখনত তেখেতক বহিবলৈ দি আনখনত তায়েই আগতে বহি পৰিল৷ বেছি দেৰি থিয় হৈ থাকিবলৈ তাইৰ কষ্ট হৈছে৷
"নাই এতিয়া নবহোঁ৷ কাইলৈ পানীৰ টেংকি চাফা কৰাম৷ পানীৰ সমস্যা হ’ব পাৰে৷ সেয়ে দিনটো দৰকাৰ হ’ব পৰা পানীখিনি জমা কৰি ৰাখিবা৷ সেইটো কবলৈহে আহিছিলোঁ৷"
"হয়৷ হ’ব৷ আপুনি আজি অফিচলৈ নগ’ল?"
তাই তেখেতৰ কথাষাৰ শলাগি সুধিলে৷
"আজি চি এল ললোঁ৷ ঘৰতে কামকেইটামান আছিল৷ বাৰু তোমাৰ কি হৈছে নো?"
তেখেতৰ প্ৰশ্নটোত জয় পৰি গ’ল আকাংক্ষা৷ কিছুসময় নীৰৱে ৰ’ল৷ মানুহগৰাকীয়ে যেন কিবা এটা বুজি উঠিলে৷
"বিয়া হোৱা কিমান দিন হ’ল তোমালোকৰ?"
"এই ঘৰটোলৈ অহা যিমান দিন হৈছে সিমানমান দিনেই৷"
তাই কওঁ নকওঁকৈ ক’লে৷
"তাৰমানে এমাহেই হোৱা নাই৷ তেন্তে?"
তেখেতৰ চকুত প্ৰশ্নবোধক চাৱনি৷
"বাইদেউ৷ অলপ সময় আছে যদি বহিব নেকি? আপোনাক কথাকেইটামান ক’বলগীয়া আছে৷"
হঠাতে তাই মানুহগৰাকীক কৈ উঠিল৷ তাইৰ কণ্ঠত কাতৰতা৷ পানীত পৰা মানুহে খেৰকুটা এডালকে সাৰথি কৰিবলৈ চেষ্টা কৰে৷ এই মুহূৰ্তত ঘৰৰ মালিকনী নহৈ আন কোনোবা হোৱাহলেও তাই চাগৈ এনেকৈয়ে কলেহেঁতেন! এসময়ৰ প্ৰচণ্ড আত্মগৌৰৱী ছোৱালীজনী আজি ভগ্নপ্ৰায়৷ মাক-দেউতাকৰ অত্যাধিক মৰমত অহংকাৰী হৈ পৰা আকাংক্ষাই এসময়ত আনৰ একো কথাকেই শুনিবলৈ নিবিচাৰিছিল৷ তাইৰ কথাবোৰেই শুদ্ধ, তায়েই সকলো জানে, তাইৰ দৰে আন কোনোয়েই নাই ধৰণৰ অহংকাৰৰ সজা এটাৰ ভিতৰত বন্দী হৈ আছিল তাই৷ জীৱনে যে ক’ৰপৰা ক’ত আনি থিয় কৰাই দিয়ে মানুহক! এতিয়া সেইজনী আকাংক্ষাই বিচাৰিছে কোনোবাই তাইক এই সময়ত কিবা এটা কওক! কি কৰিব, কি নকৰিব কিবা এটা উপদেশ দিয়ক! আন নহলেও তাইক গালিকে পাৰক!
আগলৈ
বৰ দুখ লাগিল আকাংক্ষালৈ
ReplyDelete