(২৭)
#অন্য_এক_অথেল’
আকাংক্ষাই এফালৰ পৰা মানুহগৰাকীক তাইৰ কাহিনী কৈ গ’ল৷ একোৱেই লুকঢাক কৰা নাই তাই৷ ফেচ’বুকৰ যোগেদি চিনাকি হোৱা বিপ্লৱৰ সৈতে দুৰ্বাৰ প্ৰেম হোৱাৰ পৰা তাইৰ বাবে দেউতাকে দিবাকৰ হাজৰিকাক পচন্দ কৰালৈকে৷ দেউতাকে বিপ্লৱক তিলমানো পচন্দ নকৰি তাইক বুজাই বঢ়াই, আবেগিকভাৱেও বিচলিত কৰি বিয়াখনত সন্মত কৰোৱাৰ কথা, তাইৰ প্ৰেম কাহিনীৰ কথা ঘুনাৰক্ষেও গম নোপোৱা সহজ সৰল দিবাকৰ আৰু সিঁহতৰ ঘৰৰ মৰমিয়াল মানুহখিনিৰ কথা, কেনেকৈ তাৰপৰা আহি তাই এইটো ভাৰাঘৰত আহি সোমোলহি একোয়েই বাদ নিদিয়াকৈ কৈ গ’ল৷ বিপ্লৱৰ চেডিষ্টিক প্ৰকৃতিৰ কথা, আগদিনা তাই দিবাকৰৰ সন্তানটো নষ্ট কৰি অহাৰ কথা, এই সকলোবোৰ মানুহগৰাকীয়ে একান্তমনে শুনি গ’ল৷ আকাংক্ষাৰ কথাবোৰ শেষ হোৱাৰ পাছত কিছুসময় মৌন হৈ ৰৈ থাকিল তেওঁ৷ আচলতে কথাবোৰ জুকিয়াই লৈ হজম কৰিবলৈ কিছু অসুবিধা হৈছে মানুহগৰাকীৰ৷
"প্ৰথমেই কওঁ, আগতে এইবোৰ কথা জনাহ’লে মই তোমালোকক এই ঘৰ কেতিয়াও নিদিলোহেঁতেন৷"
মুখখন ৰঙা পৰিছে তেওঁৰ৷ খং উঠিছে বুলি তাই ধৰিব পাৰিছে৷
"ইমানেই যদি বিপ্লৱক ভাল পাইছিলা, তেন্তে বিয়াৰ আগতেই এইটো কাম নকৰিলা কিয়? তেতিয়া কাৰো ক’বলগীয়া নাথাকিলহেঁতেন৷ ভাবি চাইছা নে সেই মানুহঘৰে তোমালোকৰ বাবে কিমান চাগৈ মানসিক চাপত থাকিবলগীয়া হৈছে? তোমাৰ মা-দেউতাৰ কথা নকলোয়েইবা!"
আকাংক্ষাই মূৰ তল কৰি শুনি থাকিল মাত্ৰ৷ উত্তৰ দিবলৈ তাইৰ এতিয়া ভাষা নাই৷
"বিপ্লৱ আহি লওঁক৷ মই কথা পাতিম৷ বেলেগ ভাৰাঘৰ বিচাৰি লবা তোমালোকে৷ ইমান গণ্ডগোলীয়া মানুহ মই নাৰাখোঁ৷"
কৈ তেওঁ যাবলৈ উঠিল৷ খং জামৰাই নাই৷ উঠাৰ কথাই৷
"বাইদেউ৷ আপুনি মোক কিবা এটা ৰাস্তা দেখুৱাই দিয়ক৷ মোক উদ্ধাৰ কৰক৷ মই আৰু ইয়াৰ লগত থাকিব নোৱাৰোঁ৷ ঘৰলৈ ঘূৰি যোৱাৰ বাট মই নিজেই বন্ধ কৰি আহিছোঁ৷ আপুনি সহায় নকৰিলে মোৰ গত্যন্তৰ নাই৷ নহলে মই কৰবালৈ গুচি গৈ আওমৰণে মৰিব লাগিব৷"
আকাংক্ষাই হঠাতে মানুহগৰাকীৰ ভৰিত পৰি দিলে৷ যাবলৈ বুলি ওলোৱা মানুহগৰাকী কিবা এটা চিন্তা কৰি ৰৈ গ’ল৷ অবিন্যস্ত সাজ-পোছাক, আউলীবাউলী চুলিৰে তেওঁৰ ভৰিত ধৰি পৰি থকা আকাংক্ষাক দেখি বহুত বছৰৰ আগৰ দৃশ্য এটাই মানুহগৰাকীৰ মনত অগাদেৱা কৰিলেহি৷ হাইস্কুলত পঢ়ি থকা মানুহগৰাকীৰ ভনীয়েকে মাকৰ ভৰিত ধৰি কান্দি কান্দি ক্ষমা খুজিছে৷ অপৈণত বয়সতেই তাই সাংঘাতিক ভুল এটা কৰি পেলাইছিল৷ ক্ষমা কৰিবলৈ অপাৰগ মাকে তাইক গালিৰে থকাসৰকা কৰিছিল৷ কান্দি কান্দি এসময়ত অৱশ হৈ মজিয়াত শুই পৰা ভনীয়েকজনীৰ বাৰীৰ পাছফালৰ আমজোপাত ওলমি থকা মৃতদেহটো মানুহগৰাকীয়েই প্ৰথম দেখিছিল৷
গাটো হঠাতে জিকাৰ খাই উঠিল তেওঁৰ৷ এইজনী যেন তেওঁলোকৰ ভাৰাঘৰলৈ নতুনকৈ অহা অচিনাকি বোৱাৰীজনী নহয়, বহুতদিনৰ আগতে অকালতে হেৰাই যোৱা তেওঁৰ সৰু ভনীয়েক জনীহে!
"হ’ব৷ উঠা এতিয়া৷ মই চিন্তা কৰি লওঁ৷ কিবা এটা কৰিব লাগিব৷ অলপ পাছত মই আহি আছো’৷"
মানুহগৰাকীৰ মাতটো কিছু নৰম এতিয়া৷ আস্থা ৰাখিব পৰাকৈ তেখেতে যেন তাইক কিবা এটা দি গ’ল৷ নিশ্চিদ্ৰ অন্ধকাৰৰ মাজত পোহৰৰ ৰেশ্ ! তাৰ নাম আশা৷
গাটো কিছু পাতল যেন লাগিল তাইৰ৷ মনটো ভাল থাকিলেই আচলতে গা আপোনা আপুনি ভাল হ’য় নেকি! গা ধুই আহি চাহ একাপ খাই লোৱাৰ পাছত কিছু ফ্ৰেচ অনুভৱ হ’ল আকাংক্ষাৰ৷
কিছুসময়ৰ পাছত পুনৰ কলিংবেলটো বাজি উঠিল৷ আকাংক্ষাই দৰ্জাখন খুলি দিলে৷ ঘৰৰ মালিকনী বাইদেউ সোমাই আহিল৷ তাই চকি এখন আগবঢ়াই দিলে৷
"চোৱা, তুমি ইয়াৰ পৰা যাবলৈ বিচাৰিছা৷ কিন্তু ঘৰলৈয়ো ঘূৰি যাব নোৱাৰা৷ কোনোবা মিতিৰ কুটুম্বৰ মানুহৰ ঘৰটো তুমি আশ্ৰয় লবলৈ বিচৰা নাই৷ নাইবা তুমি যি কৰ্ম কৰিলা তাৰবাবে তুমি বিচাৰিলেও তেওঁলোকেও তোমাক আশ্ৰয় দিবলৈ অনিচ্ছুক হ’ব পৰে৷ সেয়েহে মই এটা কথা ভাবিছোঁ, তুমি বৰ্তমান এটা কামেই কৰিব পাৰা, কোনোবা আশ্ৰমত আশ্ৰয় ল’ব পাৰা৷ এই মুহূৰ্তত আন উপায় মোৰ মনলৈ অহা নাই৷ তাৰপাছত তোমাৰ সামৰ্থ অনুসৰি ক’ৰবাত কিবা চাকৰি এটা যোগাৰ কৰি ল’লে লব পাৰিবা৷ তুমি কি ভাবা?"
মানুহগৰাকীয়ে চকিখনত বহি লৈয়েই কথাকেইটা ক’লে৷
"হ’ব বাইদেউ৷ আপোনাৰ কথাটোৱেই মোৰ বাবে ভাল হ’ব বুলি মোৰ মনে ধৰিছে৷ পিছে যাম কলৈ? মইতো ইয়াত কাকোয়েই চিনি নাপাওঁ৷"
আকাংক্ষাই পুনৰ আশাৰে তেখেতৰ মুখলৈ চালে৷
"মোৰ লগৰ এগৰাকীয়ে এটা এন জি অ’ত কাম কৰে৷ মই তাইৰ সৈতে ফোনত কথা হৈছিলোঁ৷ তাই এখন অনাথ আশ্ৰমৰ কথা কৈছে৷ তুমি নেটত চালেই সবিশেষ জানিবা৷ 'আশ্বাস' বুলি চাৰ্চ কৰিবা৷ তালৈ যাবলৈ বিচাৰিলে যাব পাৰিবা৷ কেয়াৰটেকাৰ হিচাপে ল’ৰাছোৱালীবোৰক চোৱাচিতা কৰিব লাগিব৷ তুমি ৰাজী হ’লে মই যোৱাৰ ব্যৱস্থা কৰি দিম৷"
"মই যাবলৈ ৰেডী আছোঁ বাইদেউ৷ এইমাত্ৰ যাবলগীয়া হ’লেও যাম৷"
আকাংক্ষাই খৰধৰকৈ ক’লে৷ পাৰিলে যেন তাই যেনেকৈ আছে তেনেকৈয়ে ওলাই যাব৷
"ৰবা৷ এনেকৈ নহয়৷ বিপ্লৱ আহি পাওক৷ তাৰপাছত যাবা৷"
"কিন্তু বিপ্লৱে যদি মোক বাধা দিয়ে?"
তাই ভয়ো খাইছে৷ যদি সি তাইক ৰখাই দিয়ে!
"কেনেকৈ বাধা দিব? কি অধিকাৰত? তোমালোকৰ সম্পৰ্কটো আইনগতভাৱে বা সামাজিকভাৱে স্বীকৃত নহয়৷ তুমি ভয় কৰাৰ কাৰণ নাই৷ তোমাৰ ইচ্ছাৰ বিৰুদ্ধে সি তোমাক জোৰ কৰি ৰাখিব নোৱাৰে৷ বিপ্লৱ আহি লওক, তাক কবলগীয়াখিনি কম প্ৰথমে৷ তাৰপাছত তোমাক লৈ যাম৷ ভয় নকৰিবা৷"
মালিকনী বাইদেউৰ কথাত তাই কিছু আশ্বস্ত হ’ল৷ লগত লৈ অহা বেগটো সাজু কৰি পুনৰ এটা নতুন তথা অনিশ্চিত ভৱিষ্যতলৈ বুলি তাই সাজু হ’ল৷
আগলৈ

খুব ভাল লাগিল
ReplyDelete