www.hunguti.in

Breaking

www.hunguti.in

Ads

Thursday, July 29, 2021

অন্য এক অথেল’ (৩০)

 (৩০)


#অন্য_এক_অথেল’


         ৰাতিপুৱা আঠমান বজাতে প্ৰাঞ্জল আহি ওলালহি৷ আগদিনা বেছি নিশা হোৱাৰ বাবে তাৰ আহিবলৈ নহ’ল৷


"শশাংকৰ এনেবোৰ ষ্টেপে আমাৰ কেচটো ষ্ট্ৰং কৰিব৷ আচ্ছা, যোৱানিশা সি মদৰ নিচাত আছিলনে?"


প্ৰাঞ্জলে জানিবলৈ বিচাৰিলে৷


"নাই৷ খুউব সম্ভৱতঃ সি মদ খোৱা নাছিল৷ সি কাচিৎহে মদ মুখত দিয়ে৷ তাকো লিমিটত৷ মদ খাই মাতাল হোৱা কোনোদিনে দেখা নাছিলোঁ৷"


বিপাক্ষীয়ে উত্তৰ দিলে৷ প্ৰাঞ্জলে কেচ সম্পৰ্কে কিছু দৰকাৰী কথা সিহঁতৰ লগত আলোচনা কৰিলে৷ আধাঘণ্টামানৰ মূৰত সি গলগৈ৷ যোৱাৰ আগতে বৌয়েকে জোৰ কৰি চেৱা দিয়া বৰা চাউলৰ জলপান দুটামানো খুৱাই পঠিয়ালে৷

        চাৰে ন মান বজাত বিপাক্ষীৰ ফোনটো বাজিল৷ শশাংকই হ’ব! আৰুনো কোনে কৰিব! তাই ফোনটো নধৰিলে৷ তিনিবাৰমান ৰিং হৈ হৈ ফোনটো অফ হৈ গ’ল৷ তাৰপাছতহে তাই অফ কৰি থওঁ বুলি ফোনটো হাতত ললেগৈ৷ আৰে, শশাংক নহয়, ৰশ্মিয়েহে ফোন কৰিছিল৷ তাই লগে লগেই তাইলৈ ফোন লগালে৷

"ইমান ফোন কৰি আছোঁ৷ ধৰা নাই যে? কি কৰি আছিলি?"


ৰশ্মিয়ে কৃত্ৰিম খঙেৰে কৈ উঠিল৷


"বাথৰূমত আছিলোঁ অ'৷ তোৰ ভালনে?"


বিপাক্ষীয়ে মিছাকৈয়ে ক’লে৷


"ভাল, ভাল৷ ঘৰলৈ আহিছোঁ জান৷ তোৰ ওচৰলৈ যাম আজি৷ ঘৰৰ একজেক্ট ল’কেশ্যনটো ক’চোন৷"


ৰশ্মি তাইক লগ পাবলৈ যে অধীৰ আগ্ৰহী সেয়া তাইৰ উৎফুল্লিত মাততে ধৰিব পাৰিলে৷ 


"মাহঁতৰ ঘৰত আছোঁ অ'৷ তই ইয়ালৈকে আহ৷ ঢেৰ কথা এইবোৰ৷ তোক লগপালেহে কব পাৰিম৷ ফোনত নহয়৷"


বিপাক্ষীয়ে সেমেকা কণ্ঠেৰে ক’লে৷


"কিয়? কি হ’ল৷ কিবা সমস্যা হৈছে নেকি?"


"তই আগতে আহি ল’চোন৷ সকলো গম পাবি৷"


বিপাক্ষীয়ে ফোনটো থৈ মাকক ৰশ্মি অহা খবৰটো দিবলৈ গ’ল৷ আগতে দাঁতত ভাত এটা লাগিলেও গম পোৱা বান্ধৱী৷ এতিয়াহে সম্পৰ্ক নাইকিয়া হোৱাৰ দৰে হৈছিলগৈ৷


      ফোন কৰাৰ ডেৰঘন্টামানৰ পাছতেই ৰশ্মি আহি সিহঁতৰ ঘৰ পালেহি৷ তাইৰ ভনীয়েকৰ বিয়াৰ কথা চলি আছে৷ সেইসূত্ৰেই তাই ঘপহকৈ গুচি আহিল৷ ঋত্বিক আহিব নোৱাৰিলে৷ পাছত বিয়াৰ তাৰিখ ললে তাৰ সৈতে মিলাইহে সি ছুটী ল’ব৷ 


"এতিয়া ক’চোন কথাবোৰ৷ কি হৈছে? মই চিন্তাতেই পৰি গলোঁ৷ দেৰিকৈহে অহাৰ কথা আছিল৷ পিছে ৰৈ থাকিবই নোৱাৰিলোঁ৷"


ঘৰৰ সকলোৰে সৈতে কুশল বাৰ্তা বিনিময় কৰি চাহকণ খায়েই দুয়োজনী ভিতৰৰ কোঠাত বহি ল’লে৷ মাক আৰু বৌয়েক ভাতৰ যোগাৰত লাগিল৷ বিপাক্ষীয়ে তাইৰ কথাবোৰ ৰশ্মিৰ আগত কৈ গ’ল৷ মন দি শুনি থকা ৰশ্মিয়ে মাজে মাজে দুই এটা কথাও সুধি থাকিল৷


"শশাংকৰ বাৰু কিবা অসুখ আছে নেকি?"


হঠাতে সুধিলে ৰশ্মিয়ে৷


"সি মাজে মাজে মাইগ্ৰেইনৰ সমস্যাত ভূগে৷ তাৰবাদে আন অসুখ হোৱা দেখা নাছিলোঁ৷"


"হুমমমমম"


ৰশ্মিয়ে যেন মনে মনে কিবা এটা চিন্তাহে কৰিছে৷

"শুন, মই তোক ছোৱালী এজনীৰ কথা কওঁ৷ শশাংকৰ নেচাৰটোৰ দৰেই ঠিক একেধৰণৰ এজনী ছোৱালী আছিল৷ নতুনকৈ বিয়া সোমোৱা ছোৱালী৷ স্বামীৰ প্ৰতি অপৰিসীম প্ৰেম তাইৰ৷ সকলো ঠিকেই চলি আছিল৷ কিন্তু বিয়াৰ কিছুদিন যোৱাৰ পাছৰেপৰা তাইৰ মনলৈ অদ্ভুত অদ্ভুত চিন্তা কিছুমান আহিবলৈ ধৰিলে৷ আচলতে তাই তাইৰ স্বামীক ইমানেই ভাল পাইছিল যে তেওঁক কেতিয়াবা কেনেবাকৈ হেৰুৱাই পেলোৱাৰ ভয় এটাই কুটি কুটি খাইছিল তাইক৷ অনৱৰতে তেওঁক চকুৰ সন্মুখতেই ৰাখিবলৈ বিচাৰিছিল৷ লাহে লাহে পৰিস্থিতি এনেকুৱা পৰ্যায় পাইছিলগৈ যে স্বামীয়ে কেৱল তাইকেই গুৰুত্ব দিব লাগিব, আনৰ সৈতে বিশেষকৈ বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে দৰকাৰী কথা বতৰা পতাটো তাইৰ আপত্তি আছিল৷ যেন কাৰোবাৰ সৈতে কথা পাতিলেই স্বামী আনৰ হৈ পৰিব৷ এই সন্দেহ ইমান দলৈকে শিপাইছিল যে তাই তাইৰ বান্ধৱী, ওচৰ চুবুৰীয়া আনকি পৰিয়ালৰ লোকৰ লগতো মিলামিছা সহ্য কৰিব নোৱাৰা হৈছিল৷ তেওঁৰ ফোনৰ কল লিষ্ট চোৱা, ৱাটচ্ আপ-মেচেঞ্জাৰ চেক্ কৰা এইবোৰটো সাধাৰণ কথা আছিল৷ "


ৰশ্মিয়ে বিপাক্ষীলৈ চালে৷ তাই উৎসুক হৈ শুনি আছে৷


"তাৰপাছত?"


"তাইৰ এনেবোৰ কথাই এদিন স্বামীক অতীষ্ট কৰি তুলিলে৷ কথা গৈ এনেকুৱা পৰ্যায় পাইছিলগৈ যে স্বামীয়ে ডিভোৰ্চৰ চিন্তা চৰ্চা কৰিবলৈ ধৰিলে৷ এই কথাই তাইৰ পাগলামিবোৰ আৰু বঢ়াই তুলিলে৷ সেইসময়তে স্বামীৰ বিদেশত থকা ভ্ৰাতৃৰ আগমনেহে সিহঁতৰ সম্পৰ্কটো ৰক্ষা কৰিলে৷"


"কেনেকৈ?"


উদ্বিগ্ন বিপাক্ষী৷


"তাইৰ চিকিৎসা কৰি৷ এনেধৰণৰ লক্ষণবোৰ এক মানসিক ৰোগৰ কাৰণে হয়৷ সেইবুলি সকলো সন্দেহবাদী মানুহেই ৰোগী নহয়৷ কিন্তু অতিৰিক্তভাৱে সন্দেহবাদী হৈ  যেতিয়া সংগীক শাৰীৰিক বা মানসিকভাৱে নিগ্ৰহ কৰিবলৈয়ো আৰম্ভ কৰে তেন্তে তেওঁৰ এইটো মানসিক সমস্যালৈ পৰিৱৰ্তিত হৈ পৰে৷ এই মানসিক অসুখটোক মেডিকেল টাৰ্মত 'অথেল’ চিনদ্ৰম' বা 'পাইথ’লজিকেল জেলাচী' বুলি কোৱা হয়৷ সাধাৰণতে পাৰকিনচন্স ডিজিজত ভোগা ৰোগী, মগজুৰ টিউমাৰত আক্ৰান্ত নাইবা স্কিজফ্ৰেনিয়া ৰোগীৰ লগতে ড্ৰাগছ আসক্ত লোকো এই ৰোগৰ চিকাৰ হোৱা দেখা যায়৷ মই যে তোক সুধিছিলোঁ, শশাংকৰ কিবা অসুখ আছেনেকি বুলি, এইটো কাৰণতে৷ তাৰ মাইগ্ৰেইনৰ সমস্যাও কিজানি ইয়াৰ এটা কাৰক হ’ব পাৰে৷"


"তই ইমানবোৰ কথা কেনেকৈ জান?"


বিপাক্ষীৰ চকুত আশ্চৰ্য৷


"কাৰণ তোক যিজনী ছোৱালীৰ কথা কৈছোঁ, সেইজনী ছোৱালী ময়েই অ'৷"


ৰশ্মিয়ে কাহিনীটোৰ শেষতহে সত্য কথাটো প্ৰকাশ কৰিলে৷ 


"তোক মই আগতে ফোন কৰোঁতেই কৈছিলোঁ নহয় মোৰ গা ভাল নহয় বুলি৷ দেওৰটো সময়ত আহি নোপোৱা হ’লে ইমানদিনে ঋত্বিক আৰু মোৰ চাগৈ ডিভোৰ্চেই হৈ গলহেঁতেন! পিছে এতিয়া সকলো ঠিক৷ মই এতিয়া ৰোগমুক্ত৷"


বিপাক্ষীয়ে কথাবোৰ শুনি ৰশ্মিলৈ চাই থৰ লাগিল৷ কিবা এটা কবলৈ বা সুধিবলৈ কোনোবাটো সময়ত শব্দৰ অভাৱ হয়৷ 

  

আগলৈ





1 comment: