www.hunguti.in

Breaking

www.hunguti.in

Ads

Saturday, July 3, 2021

অন্য এক অথেল’ (৯)

 (৯)


#অন্য_এক_অথেল’







         বিপাক্ষী আজি মাকৰ ঘৰলৈ আহিছে৷ ৰাতিপুৱা বেংকলৈ বুলি ওলাই আহোঁতেই শশাংকই তাইক ড্ৰপ কৰি গৈছে৷ আকৌ ঘুৰি যাওঁতে তাইক লৈ যোৱাৰ কথা৷ দুপৰীয়া ভাতকেইটা তাতেই খাবলৈ আহিবলৈ মাকে কৈ পঠিয়াইছে৷ কি বা কৰে সি! কেন্টিনতে খাম নহলে আজি বুলিও কৈ গৈছিল৷ 

          বহুতদিনৰ মূৰত ঘৰখন পাই বিপাক্ষীৰ কিছু মুকলি লাগিল৷ ঘৰত কেৱল ওচৰৰ হাইস্কুলখনত শিক্ষকতা কৰা ককায়েক আৰু নবৌয়েকৰ সৈতে মাক থাকে৷ ককায়েক নবৌয়েকৰ ল’ৰা ছোৱালী নাই বৰ্তমানলৈকে৷ দেউতাক তাই কলেজত পঢ়ি থাকোঁতেই ঢুকাইছে৷  

         নবৌয়েকে যতনাই দিয়া চাহ আৰু টেকেলি পিঠা খাই তাই ওচৰৰে নিশাহঁতৰ ঘৰলৈ পাক এটা মাৰি আহিলগৈ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগত পঢ়ি থকা নিশা বৰ্তমান হোষ্টেলত৷ নিশাৰ ককায়েক পংকজ আকৌ বিপাক্ষীৰ সৈতে স্কুলত একেলগে পঢ়া৷ সেই সূত্ৰে দুয়োটাই তয়া হয়া কৈয়ে কথা পাতে৷ পিছে গেছৰ চিলিণ্ডাৰৰ বাবে লাইন পাতিবলৈ যোৱা পংকজকো লগ নাপালে তাই৷

           নাহো বুলিও শশাংক ঠিক সময়তেই ভাত খাবলৈ আহিল৷ মাকে অৱশ্যে মাজতে ফোন কৰি তাক মনত পেলায়ো দিছিল৷ সৰিয়হ দিয়া বৰিয়লা মাছৰ চৰ্চৰী, অমিতাৰ খাৰ, মাটিদালি, পাৰৰ মাংসৰ জালুকীয়া আৰু কণবিলাহীৰে কচু পাতত দিয়াৰে ভাতকেইটা দুয়োয়ে বৰ তৃপ্তিৰে খালে৷ হাজাৰ হলেও মাকৰ হাতৰ সোৱাদৰ তুলনা কৰিব পাৰি জানো!

        ভাতকেইটা খাই চফগুটি দুটামান মুখত লওঁতেই তাই দেখিলে, 'পাখী, অই পাখী' বুলি চিঞৰি চিঞৰি পংকজ সোমাই আহিছে৷ সৰুৰেপৰা সি তাইক পাখী বুলিয়েই মাতে৷ বিপাক্ষীৰ চুটি ৰূপ তাৰমানে৷ 


"তই আহিছ বুলি ক’লে মায়ে৷ মই বোলো লগ পাই যাওঁ তোক৷ আজি পিছে থাকাবিনে যাবি?এওঁ ক’ত?"


একে উশাহতে কথাবোৰ কৈ গ’ল পংকজে৷ সি এনেকুৱাই৷ বমভোলা টাইপৰ৷ শশাংকৰ লগতো লৰালৰিকৈ কথাকেইটা পাতি সি গ’লগৈ৷ তাৰ হেনো আকৌ কৰবালৈ যাব লগা আছে৷ যাওঁতে 'থাক যদি গধূলিৰ ভাতসাজ আমাৰ ঘৰতে খাবিগৈ' বুলি কৈ গ’ল৷


"শুনাছোন৷ তুমি এতিয়াই ওলোৱা মোৰ লগত৷ তোমাক ঘৰত থৈহে মই বেংকলৈ আহিম৷ আজি উভতোতে দেৰি হ’বও পাৰে৷ কাম কেইটামান আছে৷"


হঠাতে তাৰ সিদ্ধান্ত সলনি হোৱাত আচৰিত হ’ল তাই৷ মাকৰ লগত, বৌয়েকৰ লগত কথা পতাই নহ’ল দেখোন! ভাত খাই উঠিছিলহে মাত্ৰ৷ তথাপি প্ৰতিবাদ নকৰি যাবলৈ বুলি সাজু হ’ল তাই৷ মাকে 'আজিৰ ৰাতিটো তাই থাকি যাওক নহ’লে' বুলি তাক কৈয়ো চাইছিল৷ পিছে ৰাতিপুৱা সোনকালে ওলাব লাগে বাবে তাৰ ৰন্ধা বঢ়া কৰিবলৈ সময় নোলাৱাৰ অজুহাত দেখুৱাই সি মাকৰ প্ৰস্তাৱটো অগ্ৰাহ্য কৰিলে৷ এৰা, ছোৱালী মানুহযে! বিয়া দিয়াৰ পাছত জন্মদাত্ৰী মাকৰো অধিকাৰ নাথাকে!

         ঘৰলৈ ওভতাৰ বাটত শশাংক অস্বভাৱিকভাৱে গহীনতা এটা লৈ গৈ থাকিল৷ কিবা কথাত যেন সি বৰ বিৰক্ত৷ তাৰ এই গম্ভীৰ মুডৰ আঁৰৰ কাৰণটো পংকজ নহয়তো! ভাবি বুকুখন চিৰিংকৈ মাৰিলে বিপাক্ষীৰ৷ যিবোৰহে কথা কাণ্ড তাৰ আজিকালি! 


"কি হ’ল? মনটো বেয়া লাগি আহিছে নেকি?"


"নাইতো! কিয় সুধিলা৷ অৱশ্যে মাৰ লগত আৰু কিছুসময় কটাবলৈ মন আছিল৷"


এ চিটো বন্ধ কৰি গাড়ীৰ খিৰিকীৰ গ্লাচখন বাহিৰৰ বতাহ আহিবলৈ অলপ খুলি দি তাই লাহেকৈ ক’লে৷


"মই বোলো পুৰণা বন্ধু বান্ধৱ এৰি আহি মনটো মাৰি আছা কিজানি!"


তাৰমানে তাইৰ আশংকা সত্য প্ৰতিপন্ন হোৱাৰ পথত! ঠিকেই অনুমান কৰিছিল তাই৷ 


"পাখি! ৱাহ! একেবাৰে প্ৰেমিকাক চৰ্টকাট কৰি মতাৰ দৰেই মাতে কিন্তু!"


অপমানত কঁপি উঠিল তাই ভিতৰি৷ কি উত্তৰ দিব এইটো মানুহক! উত্তৰ দিলেও লাভ হ’ব জানো! কেৱল নিজৰ ধাৰণাটোৱেই শুদ্ধ বুলি ধৰি থকা শশাংকক হাজাৰ যুক্তি দৰ্শালেও তুলুঙা যুক্তি দুটামানেৰে তাইক ওফৰাই দিবলৈ চাব বুলি তাই নিশ্চিত৷ কিবা এষাৰ কবলৈ মন আছিল যদিও সি গাড়ী ড্ৰাইভ কৰি থকাৰ বাবে তাই কথা নবঢ়ালে৷ পিছে জোৰ পুৰি হাত পাবলৈ দিব পাৰি জানো!


আগলৈ

1 comment:

  1. সুন্দৰ। বহুত ভাল লাগিছে দেই।একেলগে পঢ়িছোঁ কেইবাটাও খণ্ড।

    ReplyDelete