(১০)
#অন্য_এক_অথেল’
প্ৰচণ্ড বা-মাৰলীয়ে বিধস্ত কৰি যোৱা ঠাই এখনৰ অৱস্থা কেনে হ’ব পাৰে বাৰু! ঠাইডোখৰ দেখিলে সেই মুহূৰ্তত আকৌ ঠন ধৰি উঠিবগৈ পাৰিব বুলি ভাৱ আহেনে? দিবাকৰৰো আজি সেই অৱস্থা৷ এজাক বা-মাৰলীয়ে বিধস্ত কৰি গ’ল তাক৷
এইজাক বা-মাৰলীৰ নাম আকাংক্ষা৷
এসপ্তাহৰ ট্ৰেইনিং এটাৰ বাবে দিল্লীলৈ যোৱা দিবাকৰে ঘৰলৈ আহি আকাংক্ষাক নাপালেহি৷ সি আহি পোৱাৰ আগদিনা ৰাতিপুৱা মাকৰ ওচৰৰ পৰা আহোঁ বুলি ঘৰ এৰি গুচি গ’ল৷ বিপ্লৱৰ লগত সংসাৰ পাতিবলৈ গুচি যোৱা তাইক নিবিচাৰিবলৈ তাইৰ মাকৰ মোবাইলত মেচেজ এটা আবেলিলৈ আহিল৷ তাৰ পাছৰ পৰা তাইৰ মোবাইলটো চুইচড্ অফ্৷
সকলো গোট খালে৷ আকাংক্ষাৰ মাক-দেউতাকো আহিল৷ দিবাকৰো পালেহি৷ আকাংক্ষাৰ দেউতাকে বিয়ৈয়েক-বিয়নীয়েকৰ চকুত চকু থবলৈয়ো যেন সংকোচ কৰিছে! নিজকে দোষী সাব্যস্ত কৰি মানুহজনে তলমূৰকৈ কথাবোৰ শুনি আছে৷
"কি কৰা যায়? পুলিচত খবৰ দিয়া হওক নেকি?"
প্ৰভাকৰেই প্ৰস্তাব দিলে৷
"নাই, পুলিচত খবৰ দি কি হ’ব? নিজ ইচ্ছাৰে গৈছে তাই৷ নাবালিকা হৈ থকা নাই নহয়৷"
দিবাকৰৰ দেউতাকে কৈ উঠিল৷ অসুখীয়া মানুহজন যেন আজি দিনটোৰ ভিতৰতে বহুতখিনি হঁটিল৷
"ঠিকেই৷ পুলিচত খবৰ দি আকৌ অযথা হাৰাশাস্তি কিছু গোটাই লোৱাৰ প্ৰয়োজনো দেখা নাই৷"
দেউতাকৰ কথাত হয়ভৰ দিলে প্ৰভাকৰে৷
"এই হাতে হাতে মোবাইলবোৰ হৈয়েই কাল হৈছে৷ সেইকাৰণে এনেকুৱা ঘটনা আজিকালি বেচিকৈ ঘটিছে৷"
দিবাকৰৰ নবৌয়েকৰ সঁচাকৈয়ে খং উঠিছে৷
"নহয় বোৱাৰী৷ সকলো বস্তুৰে ভাল,বেয়া এই দুয়োটা দিশ থাকিবই৷ কোনটো গ্ৰহণ কৰা সেয়া নিজৰ মনৰ ওপৰত নিৰ্ভৰ কৰিব৷ নিজৰ মনটোক নিজেই সংযত কৰিব পাৰিব লাগিব৷"
হয়তো! নিজকে দোষমুক্ত কৰিবলৈ আনৰ ওপৰত দোষ জাপি দিয়াতো বহুতো লোকৰ অভ্যাস৷ দিবাকৰৰ মাক স্পষ্টবাদী৷ যিটো সঁচা বুলি অন্তৰৰ পৰা বিশ্বাস কৰে,সেইটো তেওঁ নোকোৱাকৈ নাথাকে৷
"আপুনি ঠিকেই কৈছে বিয়নী৷"
আকাংক্ষাৰ মাকে তেওঁক সমৰ্থন কৰিলে৷ মানুহগৰাকীৰ কণ্ঠ সেমেকা৷ হঠাতে হৈ যোৱা অনাহুত ঘটনাটোত তেওঁ মৰ্মাহত৷
পিংকিয়ে ফিকা চাহ কেইকাপমান বাকি আনিলে৷ দিনটো খোৱা বোৱা হোৱা নাই কাৰো৷ আকাংক্ষাৰ মাকে তাইক পানীহে বিচাৰিলে৷ চাহটোপাও খাবলৈ মন কৰা নাই মানুহগৰাকীয়ে৷ পিংকিয়ে দিবাকৰলৈয়ো এগিলাচ পানী আনিলে৷ কিমানযে পিয়াহত আছিল সি! পানীগিলাচ খোৱাৰ পাছতহে তাৰ খেয়াল আহিল৷
মূক হৈ আছে সি৷ কি ক’ব বা কৰিব একোয়েই নজনাৰ দৰে লাগিছে তাৰ৷ অনাকাংক্ষিত পৰিস্থিতিটোয়ে যেন তাক বোবা কৰি পেলালে৷ সপোন দেখিছে নে সাৰপাই আছে সেই ভ্ৰমটোও আহিছে মনলৈ৷ চেন্টাৰ টেবুলৰ ওপৰৰ গ্লাছৰ শ্ব পিচ টোকে একান্তমনে যেন পৰ্যবেক্ষণহে কৰি আছে সি! ইমান মনোযোগেৰে আজিলৈকে চাগৈ আন একো বস্তুকেই লক্ষ্য কৰা নাছিল৷
"ইমান দূৰৈৰ পৰা আহিছ৷ হাত মুখকেইটা ধুই কাপোৰ কাণি সলাই পেলাগৈ যা৷"
মাকে কোৱাতহে যেন সি হাত মুখ ধুব লাগে বুলি গম পালে৷ নিজৰ কোঠালৈ সি সোমাই গ’ল৷ ড্ৰেছিং আয়নাৰ সন্মুখৰ টুলখনত সেইখন আকাংক্ষাৰ টাৱেল৷ কোঠাৰ সৈতে সংলগ্ন বাথৰুমটোলৈ সোমাই যাওঁতে বুকুত এক অদ্ভুত ধৰফৰনি অনুভৱ কৰিলে সি!
আগলৈ
উস্ বৰ দুখ লাগিল দিবাকৰলৈ
ReplyDelete