(৩২)
#অন্য_এক_অথেল’
'আশ্বাস'
চহৰৰ উপকণ্ঠত অৱস্থিত অনাথ আশ্ৰমখন৷ কিছু ডাঙৰ কম্পাউণ্ডটোৰ ভিতৰত একাষে দীঘলীয়াকৈ স্কুলঘৰৰ দৰে সজা পকীঘৰটো৷ তাৰ কাষত হাফৱালৰ ৰান্ধনীঘৰ আৰু খোৱাঘৰটো৷ দীঘলীয়া ঘৰটোৰ হলঘৰ দুটাত ল’ৰাছোৱালীবোৰৰ বাবে বিচনাৰ ব্যৱস্থা আছে৷ বাকী কোঠাবোৰৰ এটাত আগতে ৰন্ধাবঢ়াৰ কাম কৰা আৰু বৰ্তমান পুৰণা হোৱাৰ বাবে আশ্ৰমৰ সকলোবোৰ চোৱাচিতা কৰা মাইচেনা বাইদেউ থাকে৷ এটা অফিচকোঠাৰ দৰে ব্যৱহাৰ কৰে৷ আনটোত আকাংক্ষাক থাকিবলৈ দিছে৷ ৰান্ধনী বাইদেউ দুগৰাকী৷ কেও কিছু নোহোৱা মালতী বাই তাতেই ল’ৰাছোৱালীহঁতৰ লগতে থাকে৷ আনগৰাকী, ৰাবিয়া বাই, বাহিৰৰ পৰা আহে৷ দিনটো থাকি গধূলি গুচি যায়গৈ৷ গেটৰ ওচৰৰ সৰু ঘৰটোত থাকে টেগ বাহাদুৰ৷ চৌহদ পৰিস্কাৰ কৰাৰ পৰা ৰান্ধনীঘৰৰ বজাৰ কৰালৈকে সকলোখিনি টেগ বাহাদুৰেই চম্ভালে৷ আশ্ৰমত বৰ্তমান বাৰজন ল’ৰাছোৱালী৷ তাৰে পাঁচজন ওচৰৰ এল্ পি স্কুলখনলৈ যায়৷ বাকীকেইজন সৰু৷ সিহঁতক আশ্ৰমতে আখৰ পানীবোৰ শিকাবৰ বাবে এগৰাকী মানুহৰ দৰকাৰ হৈয়েই আছিল৷ মাইচেনা বাইদৱে অসমীয়া আখৰকেইটা শিকাব পাৰে যদিও ইংৰাজী নাজানে৷ আকাংক্ষাৰ খবৰ পোৱাত মাইচেনা বাইদেৱে সেয়ে বৰ ভাল পালে৷
আশ্ৰমখন খোলা বহুতবেছি বছৰ হোৱা নাই৷ আকাংক্ষাৰ মালিকনী বাইদেৱে যোগাযোগ কৰি দিয়া অৱন্তিকা বাইদেৱে চলোৱা এন জি অ’টোৱেই খৰচ পাতি দি আশ্ৰমখন চলাই আছে৷ মাজে মাজে কোনো সদাশয় ব্যক্তিয়ে সাহায্যও আগবঢ়াই৷ প্ৰথমে তিনিটামান ল’ৰাছোৱালী লৈ হে অৱন্তিকা বাইদেৱে আৰম্ভ কৰিছিল আশ্ৰমখন৷ সেই সময়ত মাইচেনা বাইদৱে অকলেই সিহঁতকেইটাক চোৱা চিতা কৰিছিল৷ লাহে লাহে সংখ্যা বাঢ়ি গৈ আছিল যদিও সেই অনুপাতে মাজে মাজে কোনোবা নিঃসন্তান দম্পতীয়ে নিজৰ পুত্ৰ-কন্যাৰ মৰ্যাদা দিবলৈ তাৰপৰা আইনী প্ৰক্ৰিয়াৰে লৰাছোৱালী দত্তক হিচাপে গ্ৰহনো কৰি আছিল৷ সেইভাগেই বৰ্তমান বাৰটি ল’ৰাছোৱালী আশ্ৰমত আছেগৈ৷
সংকোচভাৱ এটি লৈ আশ্ৰমত সোমোৱা আকাংক্ষাৰ সেউজীয়া পৰিৱেশটো দেখি মন ভৰি গৈছিল৷ আশ্ৰমৰ গেটখনৰ ওপৰত ধেনুভিৰীয়াকৈ বান্ধি দিয়া বাঁহৰ কামীত দুয়োফালৰ পৰা বগাই অহা ফ্লেইম প্লেন্ট দুজোপা কমলাৰঙী ফুলেৰে জকমকাই আছে৷ ঠায়ে ঠায়ে লতা গোলাপ আৰু অপৰাজিতা বগাবলৈয়ো বাঁহ বান্ধি সুবিধা কৰি দিছে৷ চৌহদটোত বিভিন্ন ধৰণৰ ফুলগছৰ লগতে শাক পাচলিও লগাইছে যদিও একাষে ল’ৰাছোৱালীবোৰে আবেলি পৰত খেলিবলৈ ঠায়ো ৰাখিছে৷ মুঠতে ভাললগা এটা পৰিৱেশ৷ তাতে সৰু সৰু লৰাছোৱালীকেইটাৰ মাজত থাকিবলৈ পাই তাইৰ মনটোয়ে কেইদিনমানৰ আগৰ তিক্ততাপূৰ্ণ দিনকেইটা যেন অলপ পাহৰি পেলাইছে৷ হলেও বাহিৰত প্ৰকাশ কৰি নেদেখুৱালেও অন্তৰখন তাইৰ দুখৰ ভৰত কোঙা৷ আমৃত্যু কঢ়িয়াই ফুৰিব লাগিব এই দুখ!
বাইদেউ৷ চাহ৷"
মালতীৰ মাতত বিপাক্ষীৰ চিন্তাত যতি পৰিল৷ তাই আকাংক্ষা আৰু মাইচেনা বাইদেউৰ বাবে দুকাপ ফিকা চাহ আৰু মেৰিগল্ড বিস্কুট ট্ৰে এখনত লৈ আহিছে৷ সিহঁতৰ চাহ থৈ তাই চোতালত খেলি থকা লৰাছোৱালীকেইটাক গোটাই পিতাই খোৱাঘৰলৈ লৈ গ’ল৷ সিহঁতক এইসময়ত পাতলীয়া কিবা এটা খাবলৈ দিয়ে৷
"আকাংক্ষা, অলপ এইফালে আহিবাচোন৷"
চাহ খাই হোৱাৰ পাছত আকাংক্ষাক মাইচেনা বাইদেৱে অফিচ কোঠাৰ দৰে সজাই ৰখা কোঠাটোলৈ লৈ গ’ল৷
"তোমাৰ নাম ধামবোৰ এইখনতেই লিখি দিবাচোন৷ অৱন্তিকা বাইদেৱে কৈ গৈছিল তোমাক কবলৈ৷"
ৰেজিষ্টাৰ বহীৰ দৰে দীঘলীয়া বহী এখন তাইলৈ আগবঢ়াই দি মাইচেনা বাইদেৱে ক’লে৷ বহীখন হাতপাতি ধৰি তাই কলম এটাও বিচাৰিলে মাইচেনা বাইদেউক৷ নামটো লিখি ঠিকনা লিখিবলৈ লৈ তাই থমকি ৰ’ল৷ কোনটো ঠিকনা দিব তাই?
"ৰৈ আছা যে? কি চিন্তা কৰিছা?"
"ঠিকনা কি লিখিম তাকেই ভাবিছোঁ বাইদেউ৷"
"তোমাৰ ঘৰৰ ঠিকনাটোকেই লিখা৷"
মাইচেনা বাইদেৱে তাইৰ মনৰ অৱস্থাটো যেন ধৰিব পাৰিলে৷ ঘৰৰ ঠিকনাটো লিখোতে দুচকু চলচলীয়া হৈ অহা আকাংক্ষাই চকুপানী লুকুৱাবলৈ চেষ্টা নকৰিলে৷
"নাকান্দিবা আকাংক্ষা৷ কি কৰিবা! মানুহৰ জীৱনটোৱেই এনেকুৱা৷ ক’ৰপৰা আনি কলৈ লৈ যায়গৈ আমি নৰমনিচে বুজিয়েই নাপাওঁ অ'!"
আকাংক্ষাক বুজনি দি থাকোঁতে মাইচেনাৰ নিজৰ কথাও মনত পৰিল৷ তায়ো জানো ভাবিছিল এদিন আহি আশ্ৰমত থাকিবহি লাগিব বুলি! অৱশ্যে এইটো কামত যে মনৰ শান্তি আছে সেইটো ঠিক৷ তথাপিও জীয়ৰী বা বোৱাৰী অৱস্থাত কস্মিনকালেও ভাবি নোপোৱা কথা! সোনজনীৰ মুখখন মনত পৰিলে উৰি গৈ তাইৰ কাষ পাবলৈ মন যায় তাইৰ৷ আৰু ৰবীন! ৰবীনৰ কথা মনত পৰিলে মাইচেনাৰ আজিও বুকু দহি যায়৷ আজি ইমান বছৰ হ’ল যদিও কথাবোৰ সৌ সিদিনাৰ যেনহে লাগে দেখোন! দিনটো ব্যস্ততাৰে পাৰ হোৱাৰ পাছত জিৰাবলৈ লোৱা সময়খিনিত তাই আজিও বিচৰণ কৰি ফুৰে তাইৰ অতীতত৷ সপোনত তাই প্ৰায়েই চাৰেঙীয়া গাঁৱৰ পথাৰত বোকা খচি ভূঁই ৰুই থাকেগৈ৷ ভনীয়েকে দিয়া ঢেঁকীৰ চাবত পিঠাগুৰি খুন্দে৷ থুপুকথাপাক খোজ চলাবলৈ শিকা সোনজনী পৰিব বুলি পাচে পাচে দৌৰি থাকে৷ পথাৰলৈ হাল বাবলৈ বুলি গৰুহাল লৈ ওলায় যোৱা ৰবিনলৈ হাতীখুজীয়া বাতিটোত জলপান সজায়৷
আগলৈ
( মাইচেনাৰ (সত্য কাহিনী) কাহিনীটো জানিবলৈ আগ্ৰহীনে বাৰু আপোনালোক? আগ্ৰহী যদি জনাব দেই৷🙏 দুটামান খণ্ডত জনাম৷)
No comments:
Post a Comment