www.hunguti.in

Breaking

www.hunguti.in

Ads

Sunday, August 1, 2021

অন্য এক অথেল’ (৩৩)

 (৩৩)


#অন্য_এক_অথেল’



"মাইচেনা, সোনকাল কৰ৷"


মাজু বায়েকে চিঞৰ ধৰিলেই৷  মাটিৰ কলহটোৰ পৰা শুকান পিঠাগুৰি কেইখামোচামান উলিয়াই ডাঙৰ কাঁহৰ বাতিটোত উলিয়াই লৈ বাঁহৰ চাংখনৰ ওপৰৰ গুৰৰ টেকেলিটোৰপৰা গুৰৰ লেপা লৈ পানীৰে সানি লৈছেহে৷ কেৰাহিখন জুহালত পাতি থোৱাই আছে৷ বায়েকৰ চিঞৰত লৰালৰিকৈ কেৰাহিত মিঠাতেল অকনমান দি তেলপিঠা দুখনমান ভাজি লোৱাৰ দিহা কৰিলে তাই৷ সিহঁতৰ ওচৰতে আহি নতুনকৈ ঘৰ বন্ধা অনিমা খুৰীহঁতৰ পথাৰত ন ভূঁই ৰুবলৈ মাতিছে সিহঁতক৷ মাইচেনাহঁতৰ চাৰিওজনী বাই ভনীয়েই যাব৷ চাহ ভাত অনিমাখুৰীহঁতৰ ঘৰৰ পৰাই দিব৷ হ’লেও মাইচেনাই তেলপিঠা কেইখনমান নিজৰ ফালৰপৰা ভাজি নিব৷ তাতে অনিমা খুৰীৰ সৰু ভায়েক ৰবীনো আহি আছেহি৷ সি থাকিলে মাইচেনাৰ উলাহটো অকনমান বেছিয়েই হয়৷ খেতিৰ দিনত বায়েকক সহায় কৰিবলৈ অহা ৰবীনে আলি দি থাকিলে টিকাফটা ৰদকো নেওচি তাই যেন ভূঁইকে ৰুই থাকিব! সিও মাইচেনাক আনতকৈ অলপ বেলেগ দৃষ্টিৰে চোৱা যেনো লাগে! এনেয়েয়ো ঘৰখনত থাকিবলৈ তাইৰ মন নোযোৱা হৈ আহিছে মাইচেনাই৷ চাৰিজনীকৈ দঙদঙকৈ গাভৰু ছোৱালী আৰু গোঁফ ঠুঁটিয়াবলৈ ধৰা দুটা ডেকাল’ৰা ঘৰত থকাৰ পাছতো সপ্তমবাৰৰ বাবে মাকে ছোৱালী এজনী জন্ম দিছে৷ গাঁৱৰ কোনোবাই "মাৰে বুঢ়াকালত ল’ৰা পালেনি?" বুলি সুধিলে তাইৰ লাজতে মৰি যোৱাৰ দৰে লাগে৷ মাক-দেউতাকৰ ওপৰত উমি উমি খং এটা উঠিয়েই থাকে তাইৰ৷

         কথাবোৰ পাগুলি পাগুলিয়েই তাই তিলপিঠাকেইখন ভাজি পেলাই টিফিনৰ বাতি এটাত ভৰাই লৈ টিফিনটো ডাঙৰ ৰুমাল এখনেৰে বান্ধি ল’লে৷ তামোল দুখনমান চূন-চাদাৰে সৈতে বান্ধি থোৱা আছেই৷ সেইদিনা সৰলাৰ বিয়াত জোৰনাম গাওঁতে পোৱা চফগুটিৰ ভাগটোৰ পৰা চফ দুটামানো লগত লৈছে৷ লোকলৈ আশা কৰি যোৱা ভকতনী নহয় তাই৷ পাৰিলে সুযোগ বুজি ৰবীনকো দিব এখন৷ 


"মাইচেনা, অ মাইচেনা৷ হ’লনে তোৰ? বেলিয়েই হ’ল দেই৷"


মাজুবায়েকে আকৌ চিঞৰ ধৰিলে৷ 


"এ হ’লেই৷ গৈছোঁ ৰহ৷"


এইবাৰ খৰধৰকৈ টোপোলাটো লৈ মাইচেনা চোতাল পালেগৈ৷ বায়েককেইজনীয়ে গোট খাই পদূলিতে কথাৰ মহলা মাৰি আছে৷ গোটেইকেইজনী এইবাৰ খৰধৰকৈ পথাৰলৈ পোনালে৷ পলমেই হৈছে৷ অনিমা খুৰীয়ে বকিব নহ’লে! 


"ঐহঁত৷ ইমান দেৰি কৰিলে যে!"

 

পথাৰৰ ওচৰ পাওঁ কি নাপাওঁ হওঁতেই অনিমা খুৰীয়ে চিঞৰিলে৷ আনিমা খুৰীয়েকে মুখেৰে কিবাকিবি কৈ থাকিলেও সিহঁত কেইজনীলৈ বৰ মৰম৷ মাইচেনাহঁতে বুজি পায়৷

        

"এ খুৰী, চিন্তাই নকৰিব৷" বুলি আটাইকেইজনী খুৰীয়েকৰ ওচৰ পালেগৈ৷ চাৰিডৰা মাটি বোকা দিছে৷ মাইচেনাই দেউতাকৰ হাতদীঘল পুৰণা চোলা এটা পিন্ধি মূৰটো গামোচা এখন মেৰিয়াই ল’লে৷ তাৰপাছত মুখত তামোল এখন ভৰাই ল’লে৷ তামোল পকতীয়াই পকতীয়াই কাম কৰিবলৈ ভাল পায় তাই৷ কঠিয়া আনিবলৈ যাওঁতেই হাতৰ টিপতে লৈ যোৱা তামোলখন ৰবীনৰ হাতত গুজি দিলে তাই৷ তামোলখন দিওঁতে হাতে হাতে হোৱা ঈষৎ স্পৰ্শত গাটো জিকাৰ খাই গ’ল মাইচেনাৰ৷ ৰবীনৰ চকুলৈ নোচোৱাকৈয়ে তাই বুজিলে, আকুলতা ভৰা দুচকুৰে সি তাইলৈকে চাই আছে৷ ৰঙা পৰি লোৱা দুগালেৰে তাই এইবাৰ বায়েকহঁতৰ লগত কামত যোগ দিলেগৈ৷ আটাইকেইজনীয়ে হাঁহি তামচাৰে দুডৰা ৰোৱাৰ পাছতেই অনিমাখুৰীয়ে খাবলৈ মাতিলে৷ পিঠাগুৰি মিঠৈ আৰু মাইচেনাই অনা তেলপিঠাৰে সৈতে চাহ খোৱাৰ পাছত আলুভজাৰে সৈতে আমপাখী চাউলৰ জলপান৷ 


আগলৈ


No comments:

Post a Comment