(১৯)
#অন্য_এক_অথেল’
"কথাবোৰ ভালকৈ চিন্তা কৰি চা৷ সংসাৰ পাতিছ যেতিয়া খকাখুন্দা থাকিবই৷ সেইখনহে এতিয়া তোৰ নিজৰ ঘৰ৷ সেইবুলি তই ঘৰ এৰি গুচি আহিবি নেকি? আহিছ আহিছ বাৰু৷ দুদিনমান থাক৷ শশাংকৰ লগত ককায়েৰে ময়ে কথা পাতিম৷"
আগবেলা এঘাৰমান বজাত অকলে অকলে ঘৰ আহি ওলোৱা বিপাক্ষীক দেখি মাকহঁত আচৰিত হৈছিল৷ তাইৰ হাতৰ বেগটোত মাত্ৰ তাইৰ চাৰ্টিফিকেটবোৰ আৰু দুযোৰমান কাপোৰ৷ ভঙা ফোনটো ভাল কৰিবলৈ বুলি দোকান এখনত সোমাই দি আহিছে৷ ভাঙিম বুলি ভাবি জানো কোনোবাই সংসাৰ পাতে! এখন সংসাৰ পতাৰ আগমুহূৰ্তত ছোৱালী এজনীৰ মনত কিমান সপোনে আগাদেৱা কৰে! অথচ কিমান যন্ত্ৰণা পালে সংসাৰখন ধৰি ৰাখিবলৈ একেগৰাকী ছোৱালী অপাৰগ হৈ পৰে সেই কথা যে মাকক বুজালেও নুবুজিব বুলি তাই জানে৷
"মা, তোক কৈছোয়েই চোন কথাবোৰ৷ অলপদিন সময় লাগে মোক৷ প্ৰথমে নিজৰ বাবে এটা চাকৰি গোটাই লওঁ৷ পাছত চিন্তা কৰিম বাকী কথা৷"
শশাংকৰ সৈতে প্ৰতিদিনেই যুঁজ কৰি থাকিলে পৰীক্ষালৈ নিজকে প্ৰস্তুত কৰাৰ মানসিকতা যে তাইৰ নাথাকিবগৈ সেয়া নিশ্চিত৷
"মা, তাইৰ কথাবোৰ তই বুজি পোৱা নাই নেকি? বৰ্তমান তাই ইয়াতে থাকক৷ শশাংকৰ বিষয়ে ইমানবোৰ কথা শুনাৰ পাছত মই তাইক পুনৰ তাৰ ওচৰলৈ যাবলৈ নকওঁ৷"
তাইৰ কথাবোৰ মৌন হৈ শুনি থকা ককায়েকে এইবাৰ মাত লগালে৷ দেউতাকৰ অসুখৰ বাবে বৌয়েক দুদিনমানৰ বাবে মাকৰ ঘৰলৈ গৈছে৷ বিপাক্ষীয়ে বুজিছে, বৌয়েকে ঘূৰি আহি কথাবোৰ শুনি কি ভাবিব মাকৰ চাগৈ সেইটোও এটা চিন্তা৷
"জানো তহঁতে কি ভাবিছ! জীৱনটো মই তহঁততকৈ বেছি ওচৰৰ পৰা দেখিছোঁ৷ মোৰ অভিজ্ঞতাৰ পৰাহে কৈছোঁ৷ মানুহটো যেনেকুৱাই নহওক লাগে মানুহজনীৰ বাবে ঢাল এখন হৈ নাথাকে জানো! লগত থকালৈকে কোনেও বেয়া চকুৰে চাবলৈ সাহস নকৰে৷ নাথাকিলে মানুহৰ চাৱনিবোৰ মানুহজনীৰ প্ৰতি বেলেগ হৈ পৰে৷"
"সেইবুলি মানুহটোৰ অত্যাচাৰ সহ্য কৰি হলেও থাকিব লাগিব নেকি? মা, তই এইবোৰ কথা কৈ নাথাকিবি৷ মানুহে যি কয় কৈ থাকক৷ কাইলৈকে তাইৰ যদি কিবা এটা হয় মানুহে আহি একো কৰিব নোৱাৰে৷ তই মাকজনী হৈয়েই যদি তাইৰ কথা নুবুজ কোনে বুজিব৷ বাকী মানুহৰ কথা মোক নালাগে৷ মানুহৰ কথাতকৈ মোৰ বাবে তাই বেছি গুৰুত্বপূৰ্ণ৷"
ককায়েকৰ কথাত মাকে এইবাৰ আৰু কথা নবঢ়ালে৷ তেওঁ জানে, সাধাৰণতে খং বৰকৈ নুঠা, কম কথা কোৱা ল’ৰাটোক আৰু কিবা এটা এইমুহূৰ্তত আৰু একো নোকোৱাই ভাল৷
চুলিবোৰ তিয়াই গাটো ধুই পেলোৱাত যথেষ্ট মুকলি লাগিল তাইৰ৷ মাকে ৰুটি ভাজিৰ সৈতে চাহ একাপ দি ভাতৰ যোগাৰ কৰিবলৈ গ’ল৷ পাকঘৰত সহায় কৰি দিবলৈ যোৱা তাইক আজি মাকে একো কৰিবলৈ নিদিলে৷
"অকনমাণ দীঘল দেগৈ যা৷ চকুৰ গুৰিবোৰ তেনেই ক’লা পৰি গৈছে৷ ভাত হলে মই জগাই দিম যা৷"
মাকৰ মনতো অলেখ ভাৱৰ জোঁৱাৰ৷ নিজৰ ছোৱালীজনী সদায়েই সুখত থকাটোকেই কামনা কৰিব তেওঁ৷ শশাংকৰ কথাবোৰ শুনি তেওঁৰো ভাল লগা নাই৷ হলেও তেওঁ কথাবোৰ মোকামিলা কৰি সকলো আগৰ দৰেই হোৱাটোৱেই বিচাৰিছে৷ পাছত ছোৱালীজনীৰ আলাই আথানি হয় বুলিহে তেওঁৰ চিন্তা! দাইলত দিবলৈ কচুথোৰ কেইদাল বাচি বাচি মাকে মনত এইবোৰ কথাকে পাগুলি থাকিল৷ এতিয়া বাৰু একো নকয় তেওঁ৷ পাচত সুবিধা বুজি পুনৰ তাইক কথাবোৰ বুজাব৷ শশাংকৰ লগতো কথা পাতিব৷ দুদিনমান যোৱাৰ পাছত সকলোবোৰ নিশ্চয় ঠিক হৈ যাব৷ নিজকে নিজে বুজনি দি দি তেওঁ এইবাৰ কটাৰীখনেৰে থুকুচি থুকুচি ৰাতিপুৱাতে আনি থোৱা ভীমকলৰ ডিলটো কাটিবলৈ লাগিল৷
বিপাক্ষী আহি মাকৰ কোঠাৰ সৰু বিচনাখনতে বাগৰ দিলেহি৷ মাকলৈয়ো বেয়া লাগিল তাইৰ৷ বাহিৰৰ পৃথিৱীখনৰ সৈতে সংযোগহীন মাকে নিজৰ এইখন পৃথিৱীকেই সৰ্বস্ব বুলি ভাৱে৷ তাইৰ মনলৈ পুনৰ কথাবোৰ ঘুৰি আহিল৷ ৰাতিপুৱা কিছু দেৰিকৈ সাৰপোৱা বিপাক্ষীয়ে শুই উঠি শশাংকক দেখা পোৱা নাছিল৷ তাই উঠাৰ আগতেই সি ওলায় গৈছিল৷ আগনিশাই ঘৰলৈ অহাৰ সিদ্ধান্ত লৈ পেলোৱা বিপাক্ষীয়ে লাগতিয়াল বস্তু দুটামান লৈ ঘৰলৈ বুলি ওলাই আহিছিল৷ আহোঁতে কাকীক মাত এষাৰ লগাই ঘৰৰ চাবিটো কাকীৰ হাতত দি আহিছিল৷
নামঘৰত গধূলি ডবা বজোৱাৰ সময়তেই শশাংকৰ গাড়ীখন আহি সিহঁতৰ পদূলিত ৰৈছিলহি৷ গপগপকৈ সোমাই অহা শশাংকই একেবাৰে পাকঘৰত চাহৰ যোগাৰ কৰিবলৈ লোৱা বিপাক্ষীৰ ওচৰ পাইছিলহি৷ মাক সেইসময়ত গোঁসাইঘৰত৷
আগলৈ
বিপা ক্ষী জনীৰ কাৰণে বৰ বেয়া লাগিছে।
ReplyDelete