(৩৪)
#অন্য_এক_অথেল’
বেলি আহি মূৰৰ ওপৰ পাইছিলহি৷ ৰ’দৰো বৰ খাওঁ খাওঁ মূৰ্তি৷ মাজতে মাইচেনাই আহি জগটোৰপৰা পানী দুঢোকমান খাই ললেহি৷ ৰবীন একান্তমনে আলি দিয়াত ব্যস্ত৷ ৰদে ক’লা পেলোৱা মুখখনেৰে সৈতেও তাই তাক পৃথিৱীৰ সকলোতকৈ সুন্দৰ যেন দেখিলে৷ আপোনমনে কাম কৰি থকা ল’ৰাটোলৈ তাৰ কৰ্মপটুতা দেখিয়েই মায়া জাগিছিল তাইৰ৷
"কি হ’ল? পানী খাবলৈ গৈ দৰক লাগিলি যে!"
ডাঙৰ বায়েকৰ মাতত মাইচেনাৰ বুকুখন ঢিপলিংকৈ মাৰিলে৷ ৰবীনৰ ফালে আপোনপাহৰা হৈ চাই থকা কোনোবাই ধৰিব পাৰিলে নেকি বাৰু? ভয়ে ভয়ে বায়েকহঁতলৈ চকু ফুৰালে তাই৷ নাই! বায়েকহঁত নিজৰ ভিতৰতে কথা পাতি পাতি কামত ব্যস্ত৷ পিছে অনিমা খুৰীয়েহে তাইৰ ফালে চাই কৌতুকৰ হাঁহি এটা মাৰিলে! কাণ-মূৰ গৰম হৈ গ’ল মাইচেনাৰ৷
দুপৰীয়া বাৰ বাজি গ’ল কি নাই, ৰুৱা শেষ কৰি সিহঁত ঘৰলৈ আহিবলৈ ওলাল৷
"মাইচেনা, ঘৰৰ পৰা সাউতকৈ গাটো ধুই আকৌ আহিবিগৈচোন৷ মোক অলপ সহায় কৰি দিবিহি৷"
খুৰীয়েকৰ কথাত মাইচেনা মনে মনে পুলকিত হ’ল৷ হওক তেওঁ, আৰু কিছুসময় ৰবীনৰ ওচৰে পাজৰে থাকিব পাৰিব৷ খুৰীয়েকক শলাগটো লৈ তাই ঘৰলৈ আহি পোনচাটেই কুঁৱাৰ পাৰ পালেগৈ৷ পিচ বাৰাণ্ডাৰ বেৰখনৰ কামীডালত গুজি থোৱা এটকীয়া ক্লিনিক প্লাছ শ্বেম্পুৰ পেকেটটো আৰু বাঁহগছৰ কেঁচাপাত দুটাৰে মেৰিয়াই থোৱা, ঘঁহি ঘঁহি সৰু হৈ যোৱা লাক্স চাবোন টুকুৰাৰে থিতাদাহে গাটো ধুয়েই তাই অনিমা খুৰীয়েকৰ ঘৰলৈ ল’ৰ ধৰিলে৷ তাৰ আগতে অৱশ্যে বায়েকৰ ভাগৰ হিমানী অকনমাণ ঘঁহি মূৰটোও পৰিপাটিকৈ আঁচুৰি ল’লে৷ ঘৰলৈ আলহী দুলহী আহিলে অনিমাই তাইক সদায়েই মাতি নিয়েহি৷ সৰহীয়া আলহী হ’লেও মাইচেনাই পলকতে সকলো জেঙা মাৰিব পৰা গুণটোৰ বাবেই খুৰীয়েকে বৰ ভাল পায় তাইক৷
খুৰীয়েকৰ পদূলিমুখ পাইহে খোজৰ গতি ধীৰ হ’ল তাইৰ৷ চোতালত অটোৰিক্সা এখন ৰখাই থোৱা আছে৷ দূৰৈৰ আলহী আহিছে হ’বপায়! আগদুৱাৰেদি যাবলৈ বেয়া পাই মাইচেনা পাছদুৱাৰেদি যাবলৈ পাছফাল পালেগৈ৷ চকামকাকৈ দেখিলে, ৰবীনে পাছফালে পুখুৰীৰ পাৰত আছে৷ নেদেখাৰ ভাও ধৰি তাই লৰালৰিকৈ ভিতৰলৈ সোমাই গ’ল৷ ভিতৰলৈ গৈহে দেখিলে৷ আলহী আন কোনো নহয়, অনিমা খুৰীৰ বায়েকহে৷ সৰু সৰুকৈ কিবা গুপুত কথা পতাদি দুয়ো বায়েক ভনীয়েকে কিবা এটা পাতি আছিল৷ তাই যোৱাৰ লগে লগে সিহঁতে কথা বন্ধ কৰিলে৷
"বাইদেউ, কেতিয়া পালেহি? বহুত দিনৰ মূৰত আহিল দেই৷"
মাইচেনাই মাত দিলে বায়েকক৷
"এই দহমিনিট মান হৈছে আহি পোৱা৷ আহোঁ বুলিলেও ঘৰৰ জঞ্জালবোৰ পৰা আহিব নোৱাৰোঁ নহয়৷ তহঁতৰ ভাল হ’বপায়? মাৰে হেনো ছোৱালী এজনী পালে?"
পুনৰ তপত তেজ এসোঁতা আহি মাইচেনাৰ কাণদুখন গৰম কৰি দিলেহি৷
"হ’ল এমাহমান৷"
কোনোমতে উত্তৰ দিলে মাইচেনান৷
"ভিনদেউ নাই অহা নি?"
কথোটো সলাব পাৰিলেই যেন মাইচেনা ৰক্ষা পৰে৷
"নাই অ'৷ মই অকলেহে আহিলোঁ এইবাৰ৷"
অনিমা খুৰীয়ে লাও এটা কাটিবলৈ বুলি উলিয়াই আনিলে৷
"মই মাছকেইটা বাছি আনোগৈ৷ তই লাও-বিলাহীখিনি কাটি ৰাখছোন৷ আঞ্জাখন জুহালতে পাতি দিবি৷ মই চৰুত ভাত বঢ়াম বাৰু৷"
অনিমা খুৰীৰ দিহামতেই সকলো কৰি গ’ল মাইচেনাই৷ ৰবীনেও ইতিমধ্যে গা ধুই আহিল৷ বায়েক আহিছে বুলি অনিমাই দালি এখনো কৰিছে৷ কণবিলাহীৰে কচুথোৰ দুটামান কলপাতত মেৰিয়াই জুইত ভৰোৱা আছিলেই৷ জাতিলাও-বিলাহীৰে মাছৰ জোল আৰু পদুনা পিহাৰে সকলোয়ে ভাত খাই উঠে মানে দুই বাজি গ’ল৷ খাই বৈ চুৱা চপাবলৈ লওঁতেই মাইচেনাক দুয়োজনী বাই ভনীয়ে কিবা দৰকাৰী কথা এটা পাতিবলৈ আছে বুলি শোৱনি কোঠালৈ মাতি লৈ গ’লহি৷ দুৰু দুৰু বুকুৰে মাইচেনা সিহঁত দুজনীৰ পাচে পাচে কোঠাতোলৈ সোমাই গ’ল৷
"মাইচেনা, তোলৈ আমাৰ কিমান মৰম তই জানই৷ তোক সদায়েই আমি নিজৰ ভনীৰ দৰেই জ্ঞান কৰি আহিছোঁ৷"
অনিমা খুৰীৰ পাতনিত গা চেবালে মাইচেনাৰ৷ কিবা এটা নক’বলগীয়া কথাহে যেন ক’বলৈ গৈ আছে!
"আমি আচলতে কথা এটা ভাবিছোঁ৷"
বায়েকে এইবাৰ মাত লগালে৷
"আমাৰ ৰবীনে তোক বৰ পচন্দ কৰে৷ আমাৰ অনুমান তয়ো তাক অকনমাণ বেলেগ চকুৰে চাৱ৷ সেইগতিকে তাৰ লগতে তোৰ জোৰাটো পাতি দিওঁ বুলি ভাবিছোঁ৷ তাই বা কি কৱ!"
বায়েকৰ কথাত হতভম্ব হৈ পৰা মাইচেনাৰ মুখেৰে মাত নোলোৱা হ’ল৷ ক’বনো কি? সপোনেই দেখিছে নে দিঠকতে আছে তাইৰ নিজৰ গাত চিকুট এটা মাৰি চাবলৈ মন গ’ল৷ তাই মনে মনে থকা দেখি অনিমাই পুনৰ কলে,
"বাই আজি সেইকাৰণেই আহিছে৷ ঘপহকৈ বিয়াখন পাতিব পৰা সামৰ্থ্য তাৰ এতিয়া নাই৷ কিন্তু তই দেখিছই তাক, খোৱা জীয়াৰ লক্ষণ আছে৷ দুখত নেপেলায় তোক৷"
এইবুলি কৈ দুয়োজনীয়ে মনে মনে পৰিকল্পনা কৰি থকা কথাটোও কৈ দিলে তাইক৷
"তই নহ’লে তাৰ লগত আজিয়েই গুচি যাগৈ৷ বাইয়ে অটোখন সেইকাৰণেই ৰখাই থৈছেহি৷ মাৰ বাপেৰক আমি চম্ভালি ল’ম৷ দুদিনমান খং কৰি উঠি পাছত আকৌ তহঁতক আঁকোৱালি ল’ব৷ নহ’লে ডাঙৰ কেইজনীক নিদিয়াকে তোক ক’ত বিয়া দিব?"
"এয়া কেতিয়াও নহ’ব খুৰীদেউ৷ মা-দেউতাই মই এনে কাম কৰিলে বৰ দুখ পাব৷ বেয়া নাপাব৷ এনেকৈ যাব নোৱাৰিম মই৷"
মাইচেনাৰ মাতটো ফঁটা বাঁহযেন হৈ ওলাল৷ দুয়োজনীয়ে মাইচেনাক পতিয়ন নিয়াবলৈ চেষ্টা কৰিলে৷ অৱশেষত সিহঁত দুজনীৰ অনুনয়-বিনয় আৰু ৰবীনৰ আকুল চাৱনিৰ ওচৰত তাই সেও মানিলে৷ মাক-দেউতাকৰ ওপৰত থকা আক্ষেপ, ক্ষোভেও তাত অৰিহণা যোগালে৷ অনিমাই বাকচৰ পৰা উলিয়াই দিয়া গুলপীয়া ৰঙৰ মেখেলা চাদৰযোৰ পিন্ধি ৰবীনৰ লগত অটোত উঠি সিহঁতৰ ঘৰৰ পৰা ওলাই আহে মানে সাজ লাগি ভাগিবৰ হৈছিল৷
আগলৈ
No comments:
Post a Comment