(৪৩)
#অন্য_এক_অথেল’
বিপাক্ষীৰ প্ৰতি প্ৰচণ্ড খঙত ফাঁটি পৰিছে শশাংক৷ কি কথা কয় তাই? তাক ডাক্তৰৰ ওচৰলৈ লগ ধৰিছে৷ তাৰ মূৰৰ বিকৃতি হোৱা বুলি সন্দেহ কৰিছে৷
নে এইবোৰ তাইৰ চাল! তাক মানসিক ৰোগী বুলি প্ৰতিপন্ন কৰিব পাৰিলে তাইৰ তাৰ সৈতে ডিভোৰ্চ পাবলৈ সহজ হ’ব৷ কিজানি তাইৰ উকীলৰ কথাত তাই তাক ডাক্তৰৰ ওচৰলৈ নিবলৈ বিচৰা নাইতো? খঙৰ ভমকত সি ভৰিৰ ওচৰত পোৱা বেতৰ মূঢ়াটোকে গোৰ মাৰি দিলে৷ তাৰ প্ৰচণ্ড গোৰত মূঢ়াটো বেৰখনত লাগি আকৌ তাৰফালে বাগৰি আহিল৷ খং উঠিলে সি হিতাহিত জ্ঞান হেৰুৱাই পেলায়৷ আগতে তাৰ বেছিকৈ খং উঠিলে বিজ্ঞান শিক্ষয়িত্ৰী মাকে তাক বুজাইছিল, মানুহৰ মগজুৰ দুয়োটা হেমিস্ফেয়াৰতে হেনো বাদামৰ দৰে সৰু দুটা বস্তু আছে৷ নামটো এমিগডালা৷ ভয়, খং, উৎকণ্ঠা আদিৰ দৰে আবেগ অনুভূতিৰ উৎপত্তিস্থল এই এমিগডালা৷ বেছিকৈ ভয় লাগিলে বা খং উঠিলে এই এমিগডালাই মগজুৰ ফ্ৰন্টেল লৱ অসাৰ কৰি পেলায় আৰু ফলত মানুহজনে পৰিস্থিতিটোত ভালদৰে চিন্তা কৰিব নোৱাৰা বা যুক্তিপূৰ্ণ সিদ্ধান্ত লব নোৱাৰা পৰিস্থিতি এটাৰ সৃষ্টি কৰে আৰু ফলত তেওঁ হয় পৰিস্থিতিৰ পৰা পলায়ন কৰে অথবা প্ৰত্যাক্ৰমণ কৰে, যাৰ বাবে পাছত স্বাভাবিক অৱস্থালৈ আহিলে নিজৰ কৰ্মৰ বাবে তেওঁ লজ্জিত হ’ব পাৰে৷ এই যে আবেগক নিয়ন্ত্ৰণ কৰিব পৰা যিটো কেপাচিটি, সেইটোক হেনো সেইসময়ত এমিগডালাই হাইজেক কৰে৷ 'এমিগডালা হাইজেক' টাৰ্মতো মাকৰ মুখত প্ৰায়েই শুনি থাকি খংটো কমোৱাৰ চেষ্টাও কৰিছিল৷ অথচ এই কামটোত সি সফল নহ’ল৷
মাকৰ কথা মনত পেলাই শশাংক কিছু শান্ত হ’ল৷ এইবাৰ সি চিগাৰেট এটা জ্বলাই বাৰাণ্ডালৈ ওলায় গ’ল৷ বেতৰ চকী এখনত বহি ওচৰতে থকা মুঢ়া এটাত ভৰিহাল উঠাই সি চিগাৰেটতোত এটা দীঘলীয়া হুঁপা মাৰিলে৷
সঁচাকৈয়ে বাৰু তাৰ কিবা হৈছে নেকি? সি দেখোন ঠিকেই আছে! নিজৰ কামবোৰো ঠিকমতেই কৰি গৈছে৷ তাৰ ব্যৱহাৰত কিবা অস্বাভাৱিকতা আহিছে নেকি? কোনে ক’ব তাক? কথাবোৰ আলোচনা কৰিব পৰাকৈ তাৰ তেনে অভিন্ন বন্ধুও নাই৷ স্কুল-কলেজৰ দিনত তাৰ সকলোৰে লগত সুসম্পৰ্ক আছিল, অথচ মনৰ কথা খুলি ক’ব পৰাকৈ কিয় জানো ইমান সহৃদয়তা কাৰো সৈতেই নহ’ল! প্ৰকৃত বন্ধু এজনৰ প্ৰয়োজন সি যেন এতিয়াহে উপলব্ধি কৰিলে৷ দুঃসময়ত কাষত থকা, আওবাটে গ’লে পোনবাটলৈ চোঁচৰাই আনিবলৈ বিচৰা বিশ্বস্ত বন্ধু! ভুলবোৰ আঙুলিয়াই দি বন্ধুৰ উৎকৰ্ষ সাধন কৰিবলৈ নিস্বাৰ্থভাৱে নিৰন্তৰ প্ৰচেষ্টাত ব্ৰতী বন্ধু পোৱাৰ সৌভাগ্য সকলোৰে থাকে জানো! সঁচাকৈয়ে প্ৰকৃত বন্ধুত্বৰ সোৱাদ পোৱাজন সৌভাগ্যবান৷
ফোনটো উলিয়াই কন্টেক্ট লিষ্টখন তলওপৰ কৰি থাকিল শশাংকই৷ কাক কৰিব ফোন? সুধিব কাক? দিবাকৰৰ নম্বৰটোৰ ওচৰত তাৰ আঙুলি ৰৈ গ’ল৷ তাকেই সুধিব নেকি? আজিকালি দিবাকৰৰ সৈতে তাৰ এক আত্মীয়তা গঢ়ি উঠিছে৷ দুয়োটাই সংগীবিহীন জীৱন কটাব লগা হৈছে৷ একেধৰণৰ একাকীত্বৰ মাজেৰে যাব লগা হৈছে৷ দুয়োটাই ইটোৱে সিটোৰ সৈতে মনৰ কথাবোৰৰো ভাগবতৰা কৰিছে৷ তাৰ লগতেই আলোচনা কৰি চাব নেকি শশাংকই? নিজকে নিজেই সুধিলে সি৷ দিবাকৰক দেখিলে এনে লাগে যেন কঠিন বিপদতো সি সহজে ভাঙি নপৰে, প্ৰেক্টিকেলি সমস্যাৰ সন্মুখীন হোৱাৰ যোগ্যতা ৰাখে! ঠিকেই, তাকেই সোধা যাওক৷ দিবাকৰৰ ফোনৰ নম্বৰটো ডায়েল কৰিবলৈ লৈয়ো থমকি ৰ’ল শশাংক৷ এই সময়ত তাক ফোন কৰা উচিত নহ’ব৷ ভাত পানী খোৱাৰ সময়৷ আন এদিন আলোচনা কৰিব৷
আগফালৰ দৰ্জাখন বন্ধ কৰি শশাংক পুনৰ পাকঘৰ পালেগৈ৷ দালি চাউল ভৰাই থোৱা কুকাৰটো গেছ ষ্টভতো জ্বলাই বহাই দিলে৷ পিয়াজ আৰু কেঁচাজলকীয়া কাটি ভাঙি থোৱা কনীদুটাত দি অমলেট বনাবলৈ যোগাৰ কৰি সি ভাবি থাকিল, এই যে পেটৰ ভোকটো! মন নগলেও ৰান্ধিবলৈ বাধ্য কৰে! প্ৰায়েই সি ৰেষ্টুৰেণ্টৰপৰাই ৰাতিৰ সাজৰ বাবে কিবা এটা পেকিং কৰি লৈ আহে৷ কিন্তু সদায় সদায় বাহিৰৰ খাদ্য খাই তাৰ আমুৱাইছেগৈ৷ জিৰা-ধনীয়া, ৰঙা জলকীয়া গুৰি দি ৰন্ধা, সদায় একেটা সোৱাদৰ মাছ নাইবা মাংসৰ তৰকাৰীয়ে তাক আমনি লগাইছে৷ বিপাক্ষীয়ে ৰন্ধা মাছৰ টেঙাখনলৈ মনত পৰিল তাৰ৷ ৰন্ধা বঢ়াত বৰ চখ বিপাক্ষীৰ৷ সি কেতিয়াবা সেইখন টেঙা ৰান্ধিবলৈ চেষ্টা কৰিলেও তাই ৰন্ধাৰ দৰে সোৱাদযুক্ত নহয়গৈ৷ কেতিয়াবা তাই ৰন্ধাৰ দৰে কেৱল বিলাহী-পিয়াজ, আদা-নহৰুৰ পেষ্ট দি, কেঁচা জলকীয়া দুটামান ফালি দিয়া মা-মছলাবিহীন দেশী কুকুৰাৰ জোলকণ ৰান্ধিবলৈয়ো চেষ্টা কৰি নোচোৱা নহয়৷ কিয়বা তাই ৰন্ধাৰ দৰে নহয়!
বিপাক্ষীৰ কথা মনলৈ অহাৰ সমান্তৰালভাৱে তাৰ মনলৈ তাই কোৱা কথাবোৰো আহি থাকিল৷
তাইৰ কথাবোৰ দেখোন মিছাও নহয়! সিটো আজিলৈকে তাইক সন্দেহ কৰিবলগীয়া একো দেখা পোৱা নাই! অৱশ্যে সিহঁত দুয়োটাৰে স্বভাৱগত পাৰ্থক্য আছে৷ বিপাক্ষী ধীৰ-স্থিৰ, বিপৰীতে সি শূন্য সহনশীল৷ তাই ভাৱি চিন্তিহে যিকোনো কথা কয়৷ আৰু সি কিবা কবলৈ হলে আগ পাছ চিন্তা নকৰে, লাগিলে সেইটো কথাৰ বাবে সি পাছত পস্তায়েই থাকক৷ তথাপিওটো সিহঁতৰ মাজত প্ৰেম হৈছিল৷ বিপৰীতমুখী হ’লে পৰস্পৰৰ প্ৰতি পৰস্পৰৰ আকৰ্ষণ বেছি হয়নেকি? বিপৰীত শক্তিসমূহ আচলতে এটা আনটোৰ পৰিপূৰক হ’ব পাৰে বা পাৰস্পৰিক নিৰ্ভৰশীল হ’ব পাৰে৷ ঠিক সেই চীনা দৰ্শনৰ য়িন আৰু ইয়াংৰ দৰেই৷ আৰু তাইৰ বন্ধু বান্ধৱীৰ সংখ্যাও বেছি নহয়৷ তথাপি সি বেয়া পায় বাবেই তাই সিহঁতৰ সৈতে বৰকৈ সম্পৰ্ক নাৰাখে৷ তেন্তে? সিয়েই ভুল নেকি? হুমুনিয়াহ এটা পেলালে সি৷ পেটতোয়ে শব্দ কৰিছে৷ ভোক লাগিছে তাৰ৷
কুকাৰটো খুলি দুহেতা খিচিৰিৰ সৈতে অমলেট আৰু আচাৰ অকনমাণ লৈ সি খাবলৈ বহিল৷
আগলৈ
Casino Games, Bonuses, & How to Play at Online Casinos
ReplyDeleteIf you 토토 꽁머니 want to 메리트 카지노 도메인 experience the online casino games that make it a real money online dafabet gambling site, then 우리 카지노 계열 you have to make a comprehensive 카지노 커뮤니티 decision on which casino