(৪৪)
#অন্য_এক_অথেল’
ৰাতিপুৱা গাখীৰেৰে সৈতে চুজী ভাজি ব্ৰেকফাষ্ট কৰাৰ পাছত মাইচেনাই ডাঙৰকেইটাক স্কুললৈ পঠাই ৰান্ধনী বাইদেউৰ সৈতে পাকঘৰৰ কামত লাগি দিছে৷ ৰাবিয়া কামলৈ অহা নাই আজি৷ তাইৰ ফোনো পোৱা নাই৷ সেয়ে ৰান্ধনী বাইদেউৰ অকলে অসুবিধা হয় বুলি মাইচেনা পাকঘৰত লাগি দিছেগৈ৷ আকাংক্ষাই সৰুকেইটাইৰ লগত লাগি আছে৷ সিহঁতক ব্যস্ত ৰাখিবলৈ তাই কুইলিং আৰ্টত কৰাৰ দৰে দীঘলীয়াকৈ ফিটাৰ দৰে কাগজ কাটি কাটি বিভিন্ন ধৰণে নুৰিয়াই, ভাজ কৰি ফুল, পখিলা এইবোৰ সাজি দেখুৱাইছে৷
"পখিলোটো কিন্তু মোৰ দেই৷" বাৰ্বীয়ে আগতিয়াকৈ কৈ থৈছে৷
"মোকো লাগিব৷"
"আমাকো লাগিব৷" - ইটোক দেখি সিটোৱেও কৈছে৷
"দিম, দিম৷ আটাইকেইটাকে দিম দেই৷ এটা এটাকৈ৷"
"কি সাজিছা আকাংক্ষা? চাওঁ, বৰ বেলেগ ষ্টাইলত সাজিলা দেখোন!"
মাইচেনাই মাজতে এবাৰ আহি চাই সুধি গ’লহি৷
"এইটোক কুইলিং আৰ্ট বুলি কয় মাইচেনা বাইদেউ৷ আচলতে এইবোৰ সাজিবলৈ বেলেগ ধৰণৰ কাগজ এটা কিনিবলৈ পায়৷ সেইটোৰে সাজিলে বৰ ধুনীয়া হয়৷ মই ইহঁতক ব্যস্ত ৰাখিবলৈ এনেয়ে এইবোৰ কৰি আছোঁ৷"
আকাংক্ষাই কাগজ কাটি কাটি উত্তৰ দিলে৷
"এনেকৈয়ো বৰ ধুনীয়া হৈছে কিন্তু৷ বাৰু ৰাবিয়াৰ ফোনটো আকৌ লগাই চাইছিলানে? কি বা হ’ল এইজনীৰ! আনকালে এনেকৈ খবৰ নিদিয়াকৈ এদিনো থকা নাই৷"
মাইচেনাই চিন্তিত সুৰত ক’লে৷
"কৰিছিলোঁ৷ ৰাবিয়াবাইৰ ফোনটো চুইচড্ অফ্ পাই আছোঁ৷"
"তাকেহে চিন্তা কৰিছোঁ৷ গা চা য়েই বেয়া নেকি! পাচবেলালৈ নহলে টেগবাহাদুৰকে খবৰ এটা লৈ আহিবলৈ পঠিয়াব লাগিব৷"
কৈ কৈ মাইচেনা পাকঘৰলৈ গ’ল৷ আশ্ৰমৰপৰা এক কিলোমিটাৰমান আঁতৰত ভাৰাঘৰ এটাত থাকে ৰাবিয়াহঁতৰ পৰিয়ালটো৷ ছোৱালীজনী এইবাৰ কলেজলৈ গৈছে, ল’ৰাটো ক্লাচ চিক্সত৷ মানুহটোৱে অত ত’ত পেইণ্টৰ কাম কৰে৷ নিশ্চয় তাইৰ কিবা বিপদ হৈছে! নহ’লে নহাকৈ নাথাকে তাই৷ পিছে সিহঁতে কথা পতাৰ অলপপৰ পাছতেই ৰাবিয়া আহি ওলাল৷ আনকালে পৰিপাটিকৈ শাড়ীখন পিন্ধি অহা ৰাবিয়াৰ আজি শাড়ী পিন্ধাৰ ঢং নাই৷ চুলিও অবিন্যস্ত৷ তাই আহি মাইচেনাক বিছাৰি চিধাই পাকঘৰ পালেগৈ৷ কিবা এটা অনুমান কৰি আকাংক্ষাও তাইৰ পাছে পাছে পাকঘৰ পালেগৈ৷
"কি হ’ল ৰাবিয়া৷ ইমান ফোন কৰি আছোঁ তোক৷ ফোনো নাই, খবৰো নাই৷ গা বেয়া নেকি কাৰোবাৰ?"
"কি কম বাইটি৷ মফিদা ডাঙৰ বিপদ এটাত পৰিছে৷"
মূৰে কপালে হাত দি তাই মজিয়াতে লেপেটা কাঢ়ি বহি দিলে৷ মফিদা তাইৰ ছোৱালীজনীৰ নাম৷
" কি হ’ল মফিদাৰ? ভালকৈ কচোন কথাটো৷"
মাইচেনাই উদ্বিগ্ন হৈ সুধিলে৷
"কোনোবা ল’ৰা এটাই তাইক অকলে লগ কৰিবলৈ মাতি আছে৷ নহ’লে তাইৰ কানি কাপোৰ নথকা ফটো হেনো নেটত দি তাইৰ বদনাম কৰি দিব৷"
কৈ কৈ ৰাবিয়াই কান্দিবলৈ লাগিল৷
"ৰহচোন নাকান্দিবি৷ ক’ৰ ল’ৰা সেইটো৷ কিবা গম পাৱনে?"
"মোবাইল ফোনত চিনাকি হোৱা ল’ৰা হেনো৷ তাইৰ লগত ফোনত কথা পাতি পাতি ফটো খুজিলে৷"
"তাইনো তেনেকুৱা ফটো ল’ৰাটোলৈ কেলৈ দিছিল অ'৷"
মাইচেনাই কথাটো শুনি যেন নিজেই লাজ পালে৷
"তাই কৈছে তেনেকুৱা কানি কাপোৰ নথকা ফটো তাই ল’ৰাটোলৈ দিয়া নাছিল৷ তাই কচম খাই কৈছে মোক৷"
"আজিকালি তেনেকুৱা ফটো কম্পিউটাৰতো বনাব পাৰি৷ ল’ৰাটোৱে তাইক ব্লেকমেইলিং কৰিছে ৰাবিয়া বাই৷"
এইবাৰ আকাংক্ষাই ক’লে৷
"এনেকুৱা ল’ৰাক পুলিচত দিব লাগে৷ শিক্ষা এটা পাব তেতিয়া৷ অৱন্তিকা বাইদেউক ফোন কৰিব লাগিব ৰহ৷ বাইদেৱে উপায় এটা দিব৷"
মাইচেনাই আকাংক্ষাক অৱন্তিকা বাইদেউলৈ ফোনটো লগাবলৈ ক’লে৷ তেখেত আধাঘণ্টামানৰ পাছতে আহি পালেহি৷ ৰাবিয়া বাইদেউৰ বাবে ৰৈয়েই আছিল৷
"বাইদেউ৷ কিবা এটা কৰক৷ ছোৱালীজনীক উদ্ধাৰ কৰক৷"
"সোনকালেই কথাবোৰ পুলিচক জনাব লাগিব৷ তেতিয়াহে ইহঁতক ধৰিব পাৰিব৷"
অৱন্তিকা বাইদেৱে কথাবোৰ শুনি ৰায় দিলে৷
"বাইদেউ, পুলিচৰ ওচৰলৈ গলে ছোৱালীজনী বদনামী হৈ নাযাব জানো!"
ৰাবিয়াই ভয়ে ভয়ে ক’লে৷
"বদনামলৈ ভয় কৰি অপৰাধীক প্ৰশ্চয় দিলে নহ’ব৷ আৰু তোৰ ছোৱালীজনীও ধোৱা তুলসীৰ পাত নহয়৷ অচিন কাঠৰ থোঁৰা লগাবলৈ কিহে পাইছিল তাইক? আৰু আজি সিহঁতকেইটা ধৰা নপৰিলে কাইলৈ আৰু কাৰোবাৰ সৈতে এনে কৰিব৷ এনেকুৱা অপৰাধ নিতৌ হৈয়েই আছে৷ কথাবোৰ লুকুৱাই নথৈ যদি মানুহবোৰে সাহস দেখুৱাই তেতিয়াহে এনেবোৰ অপৰাধী নিৰ্মূল হ’বগৈ৷"
"কি নাম ল’ৰাটোৰ?"
মাইচেনাৰ প্ৰশ্নটোৰ অৰ্থ ধৰিব পাৰিলে অৱন্তিকা বাইদেৱে৷ তাই আওপকীয়াকৈ ল’ৰাটোৰ ধৰ্মৰ কথা জানিব খুজিছে৷
"নাম যিয়েই নহওক, আমাৰ বাবে সি মাথোঁঁ অপৰাধী৷"
অৱন্তিকা বাইদেউৰ কথাত সিহঁত মনে মনে ৰ’ল৷ সঁচাকৈয়ে জাতি, ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে অপৰাধী অপৰাধীয়েই৷ মাইছেনা বাইদেউ আৰু টেগবাহাদুৰক দুই এটা নিৰ্দেশ দি অৱন্তিকা বাইদেউ ৰাবিয়াক লৈ ওলায় গ’ল৷
"কালি টাউনতো পুলিচে ল’ৰাকেইটামান ধৰিছে নহয়৷ কিবা ব্লেকমেইলিংৰ কেচ হেনো৷ নিউ জুয়েলাৰীৰ মালিকক ছোৱালী এজনীয়ে ফঁচাই পইচা ডিমাণ্ড কৰিছিলে৷ পিছে মালিকে পুলিচত খবৰ দি সিহঁতকধৰাই দিলে৷"
টেগবাহাদুৰে মাইচেনাহঁতক উদ্দেশ্যি ক’লে৷
"হয় অ'৷ আজিকালি কিছুমানক অকল পইচাহে লাগে৷ যি কোনো প্ৰকাৰেই নহওক কিয়৷"
মাইচেনাই লাহেকৈ কৈ উঠিল৷
"টি ভিটো লগাবচোন বাইদেউ৷ তাত দি থাকিব পায়৷ মই অথনি জুয়েলাৰীৰ আগত কেমেৰামেন দেখি আহিছোঁ৷"
টেগবাহাদুৰৰ কথাত মাইচেনাই খোৱা ঘৰৰ এচুকত থকা টিভিটো খুলি দিলেগৈ৷ আকাংক্ষা আৰু টেগবাহাদুৰৰ লগতে ৰান্ধনী বাইদেৱো চাবলৈ আহিল৷ মিছা নহয়৷ হানি ট্ৰেপিংৰ ঘটনা৷ টিভিত সাংবাদিকে জুয়েলাৰীখন দেখুৱাই ঘটনাটো বৰ্ণনা কৰি আছে৷ ইজিমানীৰ লোভত পৰি ৰঙাঘৰৰ আলহী হ’বলগীয়া হোৱা ল’ৰাকেইজনৰ নামকেইটাও চিঞৰি চিঞৰি কৈ আছে৷ চাৰিটা ল’ৰাৰ লগতে ছোৱালী দুজনীও আটক কৰিছে৷ ৰবীন সিং, আশুতোষ ঘোষ, মইনুল মণ্ডল, বিপ্লৱ ফুকন, সুৰেখা বিবি আৰু পামেলা ওৰফে মিলি৷
বিপ্লৱ ফুকন! আকাংক্ষাৰ গাটো জিকাৰ খাই উঠিল৷ এই বিপ্লৱ সেইটো বিপ্লৱনে? চকুকেইটা টিভিৰ স্ক্ৰীণখনত আঠা লগাই বহি থাকিল তাই৷ আৰু তাইৰ অনুমান সত্য প্ৰতিপন্ন কৰি টি ভিত আনকেইটা ল’ৰাৰ লগতে বিপ্লৱৰ মুখখন ভাঁহি উঠিল৷
আগলৈ
No comments:
Post a Comment