(৪২)
#অন্য_এক_অথেল’
"মোৰ ফোন কিয় ৰিচিভ নকৰা হ’লা বিপাক্ষী৷ কিমান ফোন কৰিছোঁ৷ কোৱা মোক৷ কিয় গুচি গ’লাগৈ? আনিবলৈ গ’লেও নাহা৷ ওলোটাই মোক উকীলৰ ভয় দেখুৱালা৷ কিয় এনেকুৱা কৰিছা বিপাক্ষী?"
শশাংকৰ কথাৰ যেন লেঠাৰিহে নিছিঙিব!
"তুমি মোৰ সৈতে কি কৰিছিলা নিজেই ভাবি চোৱা শশাংক৷ অকাৰণতে মোক সন্দেহ কৰিলা৷ বেয়া ব্যৱহাৰ কৰিলা, আনকি গাত হাত তুলিবলৈয়ো কুণ্ঠাবোধ নকৰিলা৷ তোমাৰ ইমানবোৰ অত্যাচাৰ সহ্য কৰি থাকিম বুলি কিয় ভাবিলা শশাংক? মোৰ কি আত্মসন্মান নাই?"
তাইৰ প্ৰশ্নৰ উত্তৰ তাৰ ওচৰত নাছিল৷
"কেৱল তোমাৰ পত্নী হিচাপে পৰিচয় দিয়াৰ বাহিৰেও মই মোৰ নিজৰ পৰিচয়ৰে সমাজত পৰিচিত হ’বলৈ বিছাৰোঁ৷ কিন্তু চাকৰি কৰিবলৈ ওলোৱাটো তুমি বাধা আৰোপ কৰিলা৷ জানো তোমাৰ উপাৰ্জনেৰে আমাৰ সংসাৰখন ভালদৰেই চলাব পাৰিবা৷ কিন্তু টকা পইচাৰ বাদেও কিছুমান টকাৰে কিনিব নোৱাৰা বস্তু মানুহৰ বাবে গুৰুত্বপূৰ্ণ নহয়নে?"
"বুজিছোঁ বিপাক্ষী, তুমি চাকৰি কৰিবলৈ বিচাৰিছা৷ মই বাৰু তোমাক বাধা নিদিওঁ৷ তুমি ঘৰলৈ গুচি আহা৷ যি কৰা ঘৰৰ পৰাই কৰিবা৷ মই যাওঁনেকি তোমাক আনিবলৈ? তুমি আহিম বুলি কলে মই এতিয়াই তোমাক লৈ আহিমগৈ৷"
শশাংক অধীৰ৷
"এতিয়া নালাগে শশাংক৷ যাবলগীয়া হ’লে তুমি নিবলৈ নাহিলেও মই নিজেই যাম৷ বাৰু এতিয়া ফোন ৰাখোঁ৷ আৰু কথা দুটামান আছিল৷ কিন্তু এতিয়া নহয়, পাছত ক’ম৷"
"প্লিজ বিপাক্ষী, ফোনটো নথবা৷ কি কবলগীয়া আছে এতিয়াই কোৱা৷ মই শুনিম৷"
বিপাক্ষীয়ে অলপ চিন্তা কৰিলে৷ শশাংকক চিকিৎসকৰ ওচৰলৈ নিবলগীয়া কথাটো এতিয়াই ক’বনে নকয়! নাই, সেইটো পাছত ক’ব৷ প্ৰথমে তাৰ দোষবোৰ চকুত আঙুলি দি দেখুৱাই ল’ব লাগিব৷ তাৰপাছতহে৷
"কাইলৈ কৰিম৷ গধূলিকৈ৷ এতিয়া ভাত খাবৰ হ’ল৷"
কৈ বিপাক্ষীয়ে ফোনৰ লাইনটো কাটি দিলে৷ শশাংকই পুনৰ লগালে ফোনটো৷
"বিপাক্ষী, এনেকৈ চাচপেন্সত নাৰাখিবা৷ কি কথা আছে এতিয়াই কোৱা৷ নহ’লে মোৰ ৰাতি টোপনিও নহ’ব৷ প্লিজ বিপাক্ষী৷"
বিপাক্ষীয়ে মনতে কথাবোৰ জুকিয়াই লৈ গলহেকাৰি এটা মাৰি ডিঙিতো পৰিষ্কাৰ কৰি ল’লে৷
"শশাংক, এটা কথা ভাবি চোৱাচোন৷ আজি ইমানদিনে যে তুমি মোক সন্দেহ কৰি আহিলা, মোৰ ফোন চেক্ কৰিলা, সন্দেহজনক কিবা দেখা পালানে? সঁচা কথা ক’বা৷ তুমি অন্তৰেৰে সৈতে বিশ্বাস কৰানে মই কাৰোবাৰ সৈতে অবৈধ সম্পৰ্ক ৰাখিছোঁ বুলি৷ কোৱা শশাংক৷"
সি নিৰুত্তৰ৷ কি উত্তৰ দিব সি? কাৰণ তাইৰ কথাবোৰ যে আখৰে আখৰেই সঁচা৷
"এইবোৰ তোমাৰ ভিত্তিহীন মনৰ কল্পনাৰ ফচল৷ বুজিছানে? হেল্ল, শশাংক৷ শুনি আছানে?"
"শুনি আছোঁ বিপাক্ষী৷"
"একো নক’লাযে তুমি?"
পুনৰ নিৰুত্তৰ শশাংক৷
"শুনা, এইধৰণৰ অমূলক চিন্তা জানো সকলোৰে মনলৈ আহে? তোমাৰো আগতে এনে ভাৱ অহা নাছিল৷ হঠাতেই কিয়বা আহিল! এটা কাম কৰিবা শশাংক? তুমি মোৰ সৈতে এদিন ডাক্তৰৰ ওচৰলৈ ওলাবানে?"
"ডাক্তৰৰ ওচৰলৈ? কিয়? মোৰতো একো অসুখ হোৱা নাই৷"
আচৰিত হ’ল শশাংক৷
"কথাটো বুজা শশাংক৷ চাইকায়ট্ৰিচ্ এজনৰ ওচৰলৈ গৈ অলপ কথা পাতিম৷ তেখেতে কিজানি তোমাৰ সমস্যাটোৰ কিবা সমাধান দিব পাৰেইবা!"
"তুমি মোক পাগল সজাব বিচাৰিছা বিপাক্ষী৷ বুজিলোঁ৷ এইটো বুদ্ধি তোমাক কোনে দিলে? তোমাৰ উকীলে নে? মোক পাগল বুলি প্ৰতিপন্ন কৰিব পাৰিলে তোমাৰ ডিভোৰ্চ সহজে হ’ব নহয়? এয়া মই কেতিয়াও হ’বলৈ নিদিওঁ৷"
শশাংকৰ কণ্ঠত শ্লেষ৷
"তুমি ভুল বুজিছা শশাংক৷ মই তোমাৰ ভালৰ বাবেই কৈছোঁ৷ এবাৰ মোৰ কথাটো মানা৷"
বিপাক্ষীয়ে বুজাবলৈ চেষ্টা কৰিলে তাক৷ নাই, কোনোপধ্যেই বুজা নাই সি এই কথা৷ তাই বুজাবলৈ চেষ্টা কৰি থকাৰ মাজতে সি ফোনটো কাটি দিলে৷
আগলৈ
No comments:
Post a Comment