www.hunguti.in

Breaking

www.hunguti.in

Ads

Sunday, August 15, 2021

অন্য এক অথেল’ (৪৫)

 (৪৫)


#অন্য_এক_অথেল’


        ভীষণ আশংকাত আছে আকাংক্ষা৷ টিভিত বিপ্লৱক দেখাৰ পাছৰে পৰা গাত কঁপনি এটা উঠি আছে তাইৰ৷  কিবা ভাগ্যৰ বলত তাই যেনে তেনে তাৰ ওচৰৰ পৰা সাৰি আহিল৷ নহ’লে তাইৰ বা কি দশা হলহেঁতেন! বিপ্লৱৰ মোবাইলত তাইৰ ফটো আৰু ফোনৰ নম্বৰো আছে৷ পুলিচে যদি তাইকো বিচাৰি আহে? সন্দেহৰ তালিকাত তায়ো সোমাব নেকি? দেউতাকে ঠিক চিনি পাইছিলে বিপ্লৱক৷ শৰীৰৰ ভাষায়ো কথা কয়৷  তাৰ শৰীৰৰ ভাষা একেবাৰেই অপচন্দ কৰিছিল দেউতাকে৷ আৰু দিবাকৰ! আকাশ পাতালৰ পাৰ্থক্য দুয়োটাৰে মাজত৷ অথচ তাই বুজি নাপালে৷

         একোতেই মন বহা নাই আকাংক্ষাৰ৷ সৰ্বগ্ৰাহী ভয় এটাই তাইক যেন চেঁপি খুন্দি আনিছে৷ ভোক পিয়াহ নাইকিয়া হৈ গৈছে৷ ভিতৰি সাংঘাতিক অস্থিৰতাত ভূগি থকা তাই কথাটো কাৰো আগত প্ৰকাশো কৰিব পৰা নাই৷


"কিবা চিন্তা কৰি আছা নেকি আকাংক্ষা? ভাতো ভালদৰে নাখালা৷ মুখত কথা বতৰাও নাই৷ কিবা হ’ল নেকি?"


তাই চিন্তাত বিভোৰ হৈ থকা দেখি মাইচেনাই সুধিলে৷ 


"নাই বাইদেউ৷ মূৰটো বিষাই আছে আজি৷ সেয়েহে৷"


তাই মিছা মাতিলে৷ মাইচেনা বাইদেৱে নিজৰ কোঠাৰপৰা ভিক্স এটা আনি দিলেহি৷


"হোৱা, এইটো কপালত লগাই অলপ পৰি দিয়াগৈ৷"


আকাংক্ষাই ভালেই পালে৷ তাইক এতিয়া অলপ একান্ত সময়ৰ প্ৰয়োজন৷ নিজৰ সৈতে কথা পাতিবলৈয়ো সময় নালাগে জানো! 

       সঁচাকৈয়ে কি যে ভয়ংকৰ ভৱিষ্যত এটালৈ গতি কৰিবলৈ লৈছিল তাই৷ বিপ্লৱে যদি তাইক কোনোবা ৰেডলাইট এৰিয়াত বিক্ৰী কৰি দিলেগৈহেঁতেন কি হলহেঁতেন! আজি যদি তাই তাৰ লগতে থাকিলেহেঁতেন তেন্তে হানি ট্ৰেপিংত জড়িত বুলি তায়োটো সন্দেহৰ আৱৰ্তত আহিলহেঁতেন! মাক- দেউতাকৰ কাণত এইবোৰ কথা পৰাহেঁতেন! উস্!  জীৱন্তে মৰাৰ দৰে নহলহেঁতেন নে? এনেয়েটো তাই তেওঁলোকক জীৱন্তে মাৰি থৈ আহিছে৷ নাইনে? একমাত্ৰ সন্তান হিচাপে সৰুৰেপৰা তাই যি বিচাৰে তাকেই দিবলৈ হেমাহি কৰা নাছিল৷ অথচ তাই তেওঁলোকক কি দিলে? মানুহৰ আগত মূৰ তুলি কথা ক’ব নোৱাৰা এটা পৰিস্থিতি দিলে মাথোঁ! দুচকুৰে পানী বৈ আহিল তাইৰ৷ অৱন্তিকা বাইদেউক জনাব লাগিব কথাটো৷ আশ্ৰমলৈ কেনেবাকৈ পুলিচ আহিব লাগিলে বাইদেৱে তাইকে দুষিব৷


"অৱন্তিকা বাইদেউ৷"


আকাংক্ষাই ফোন লগালে৷


"কোৱাচোন৷"


তাই টি ভিত দেখা বাতৰিটোৰ কথা কৈ নিজৰ শংকা ব্যক্ত কৰিলে৷ 


"বাৰু৷ তুমি ভয় কৰিব নালাগে৷ কেনেবাকৈ তোমাৰ তাৰ সৈতে সম্পৰ্ক আছিল বুলি জানিব পাৰিলে সোধাপোচা কৰিবলৈ তোমাক পুলিচে মাতিবও পাৰে৷ হলেও ভয় নকৰিবা৷ তুমিটো সিহঁতৰ সহযোগী নহয়৷ কি হয় দেখা যাব পাছত৷"


অৱন্তিকা বাইদেউৰ কথাই তাইক নিৰ্ভয় দিলে৷ যি পৰিস্থিতিয়েই নাহক সন্মুখীন হ’বই লাগিব৷ নহলে আন উপায়তো নাই!

         মানসিক অস্থিৰতা কমাবলৈ তাই ভাল লগা গান এটা কম ভলিউমত লগাই গাৰুৰ কাষতে থলে৷ গানটো শুনি থাকোঁতে তাইৰ কেতিয়ানো টোপনি আহিল তাই গমেই নাপালে৷ টোপনিত তাই এটা সপোন দেখিলে৷  এক সুন্দৰ আলিবাট, তাৰ দুয়োকাষে নানাৰঙী সুগন্ধি ফুল৷ আলিবাটেৰে মাক দেউতাকৰ হাতত ধৰি আনন্দত আত্মহাৰা হৈ আগলৈ গৈ আছে৷ হঠাতে হুৰুস্ কৈ খহি পৰিল তাই৷ মাটি ফুটি গৈ নিজান ঠাই এখনত নিজকে অকলশৰীয়া ৰূপত আৱিষ্কাৰ কৰিলে৷ মাক-দেউতাকক চিঞৰি চিঞৰি বিচাৰি ফুৰোঁতেই সাৰ পাই গ’ল তাই৷ উস্! কি সপোন দেখিলে তাই এইটো! তাইৰ নিজৰ জীৱনটোকেই দেখিলে দেখোন সপোনত! মাক দেউতাকৰ পৰা আঁতৰি নিসংগ জীৱনেইটো যাপন কৰিছে এতিয়া৷


"আকাংক্ষা৷ উঠাচোন৷ সন্ধিয়া লাগিবৰ হ’ল৷ অৱন্তিকা বাইদেউ আহিছিল৷ যাবগৈয়ে অলপ পাছত৷"


  মাইচেনাৰ মাতত খপজপকৈ ঘড়ীটোলৈ চাই দেখে তাই, চাৰে পাঁচটাই বাজিল৷ সন্ধিয়া লাগিবৰে হ’ল দেখোন! উঠিবলৈ লৈ তাই মন কৰিলে, ভীষণভাৱে উৰুঙা লাগিছে দেখোন তাইৰ বুকুখন! বুকুৰ দুখৰ ভৰ সহিবলৈ অক্ষম আকাংক্ষাই তাইক জগাবলৈ বুলি অহা মাইচেনাক সাৱটি ধৰি হিঁকটি পাৰি কান্দি উঠিল৷


আগলৈ


1 comment:

  1. How to make money in the casino - WorkMaker Money
    Online casinos in febcasino the US allow people to earn cash 제왕카지노 총판문의 rewards for their หารายได้เสริม services. Learn how to make money playing slots online. 더킹카지노 With our best guide to 라이트닝 바카라 사이트

    ReplyDelete