www.hunguti.in

Breaking

www.hunguti.in

Ads

Monday, August 16, 2021

অন্য এক অথেল’ (৪৬)

 (৪৬)


#অন্য_এক_অথেল’


        অৱন্তিকা বাইদেউৰ সন্মুখত বহি আছে আকাংক্ষা৷ চকুৱেদি দুখবোৰ বৈ গৈ বুকুখন কিছু পাতল লাগিছে তাইৰ৷ 


"ধৈৰ্য্য ৰাখিবা আকাংক্ষা৷ সুখে দুখেহে জীৱন৷ জীৱনটো সদায় ভালভাৱেই পাৰ হৈ যাব বুলি আমি কোনেও ডাঠি ক’ব নোৱাৰোঁ৷ সংগ্ৰাম থাকিবই৷ আমি নিজকে ভিন ভিন পৰিস্থিতিৰ মুখামুখি হ’ব পৰাকৈ নিজকে প্ৰস্তুত কৰি ৰাখিব লাগিব৷ আৰু এই ভিন ভিন অভিজ্ঞতাবোৰে সমৃদ্ধ কৰিব জীৱনক৷"


"বাইদেউ চাহ৷"


আকাংক্ষাক বুজনি দি থাকোঁতেই মাইচেনাই মেৰীগল্ড বিস্কুটেৰে ৰঙা চাহ দুকাপ দুয়োজনীলৈকে লৈ আহিলে৷ 


"চাহ খোৱা আকাংক্ষা৷"


অৱন্তিকা বাইদেৱে চাহৰ কাপ এটা হাতত তুলি ল’লে৷ সদায় সতেজ লগা অৱন্তিকা বাইদেউৰ মুখত আজি কিছু ভাগৰৰ ছাপ৷ লাগিবই ভাগৰ৷ দিনটো থানা-পুলিচ কৰি ৰাবিয়াহঁতক ঘৰত নমাই বাহিৰে বাহিৰে আকৌ আশ্ৰমলৈ আহিছে৷ 


"বাইদেউ৷ আজি চাগৈ দিনটো ৰাবিয়াৰ লগতে ঘুৰি ফুৰিলে! দিনত কিবা খালে জানো?"


মানচেনাই নিজৰ চাহকাপো আকাংক্ষাহঁতৰ ওচৰলৈকে আনি অৱন্তিকা বাইদেউক সুধিলে৷


"নাই অ'৷ সময়েই নহ’ল৷ গধূলিকৈহে একেবাৰে খামগৈ৷"


"পুলিচে কি ক’লে?ল’ৰাটোক ধৰিব পাৰিবনে বাইদেউ?"


মাইচেনা মফিদাৰ কেচটোৰ কথা জানিবলৈ ইচ্ছুক হৈ আছে৷


"ধৰিলে৷ সৰুল’ৰা নহয় অ'৷ ডাঙৰেই৷ পঁয়ত্ৰিশ-ছয়ত্ৰিশ বছৰীয়া হ’ব৷ পুলিচৰ পিটনত সৈ কাঢ়িছে, সি আগতেও হেনো দুজনীমানক ব্লেকমেইলিং কৰি বেয়া কাম কৰিছে৷"


"ইস্! ইমান বদমাছ৷ মতা মানুহ বুলিলেই কিবা ভয় লগাহে হ’ল৷"


মাইচেনাই বিতৃষ্ণাৰ সুৰত ক’লে৷


"সকলো জানো একেই মাইচেনা৷ কোনোবা কেইজনমানে বেয়া কাম কৰিলে বুলিয়েই সমস্ত পুৰুষ জাতিটোকেই দোষাৰোপ কৰিমনে? নাৰীৰ ক্ষেত্ৰতো সেই একেই কথা৷ কোনোবাই বেয়া কাম এটা কৰিলে তাৰবাবে সকলো নাৰীকে বিচাৰৰ কাঠগড়াত ঠিয় কৰালে নহ’ব৷"


"সঁচা বাইদেউ৷"


মাইচেনাই স্বীকাৰ কৰিলে৷ আকাংক্ষাৰ মনলৈ আহিল, এৰাটো! অৱন্তিকা বাইদেৱে একেবাৰে সঠিক কথা কৈছে৷ বিপ্লৱো পুৰুষ আৰু দিবাকৰো৷ কিন্তু বিপ্লৱ দিবাকৰ নহয় আৰু দিবাকৰ বিপ্লৱ! আৰু তাইৰ দেউতাক? তেখেতো জানো পুৰুষ নহয়?


"মই গৈ থাকোঁ৷ গাটো ধুই দিলেগৈহে ভাল লাগিব৷ আকাংক্ষা, চিন্তা কৰি নাথাকিবা৷ কিবা অসুবিধা হলে ফোন কৰিবা৷ মই আছোঁ৷"


আকাংক্ষাক সকাহ দি বগা ৰঙৰ চুইফট ডিজায়াৰখন ড্ৰাইভ কৰি অৱন্তিকা বাইদেউ গ’লগৈ৷ বাইদেউ যোৱাৰ পাছত টেগবাহাদুৰক গেটত তলাতো লগাবলৈ মাইচেনাই নিৰ্দেশ দিলে৷


"বাইদেউ মানুহজনী বৰ টান৷ বৰ কষ্ট কৰিব পাৰে অ'৷"


"হয়৷ বাইদেউক দেখিলেই চিৰিয়াছ যেন লাগে৷"


মাইচেনাই আকাংক্ষাক কৈছিল, বাইদেউৰ মানুহজন হেনো পুলিচৰ কিবা ডাঙৰ অফিচাৰ৷ বেলেগ এখন চহৰত থাকে৷ ইয়াত অৱন্তিকা বাইদেউ মানুহজনৰ মাক দেউতাকৰ সৈতেহে থাকে৷ তেখেত মাজে মাজে আহে৷ আকৌ এন জি অ’ৰ কামত বাইদেৱো ইফালে সিফালে ঘুৰি ফুৰিব লাগে৷


"বাৰু মাইচেনা বাইদেউ, অৱন্তিকা বাইদেউহঁতৰ এন জি অ' টো কিহৰ নো? মই যে আজিলৈকে সোধা নাই৷"


"বাইদেউহঁতে মদ-ভাং, ড্ৰাগছ এইবোৰ খোৱা ল’ৰাবোৰক বিচাৰি বিচাৰি আনি চেন্টাৰ এটাত ৰাখেহি৷ তাত ডাক্তৰ লগাই ল’ৰাবোৰক চিকিৎসা দিয়ে৷"


মাইচেনাই নিজৰ ভাষাত কথাটো আকাংক্ষাক বুজাবলৈ চালে৷ আকাংক্ষাই বুজি পালে, তাই ৰিহেব চেন্টাৰৰ কথা কৈছে৷


"অৱন্তিকা বাইদেউৰ ল’ৰাটো হোষ্টেলত থাকোঁতেই ড্ৰাগছ খোৱা আৰম্ভ কৰিছিল হেনো৷ প্ৰথমতে কোনোবা লগৰ ল’ৰাই চিগাৰেটৰ লগত ড্ৰাগছ মিলাই গম নোপোৱাকৈ খুৱাইছিল৷ পাছত গম পায়ো এৰিব নোৱাৰা হ’ল৷"


"তাৰপাছত?"


আকাংক্ষাই এইটো কথা আগতে শুনা নাছিল৷ 


"পাছত বাইদেউহঁতে গম পাই ঘৰলৈ আনি ড্ৰাগছ এৰুৱাবলৈ বহুত চেষ্টা কৰিছিল৷ কিন্তু নোৱাৰিলেগৈ৷ ড্ৰাগছ নাপালে সি বলিয়াৰ দৰে হৈ পৰিছিল৷ এদিন ঘৰত উৎপাত কৰি পইচা লৈ ড্ৰাগছ বিচাৰি যাওঁতেই এক্সিডেণ্ট হৈ ঢুকাল৷ ল’ৰাটো ঢুকুৱাৰ পাছত বাইদেউৰো অৱস্থা বেয়া হৈ গৈছিল৷ তাৰপাছতহে লাহে লাহে ভাললৈ আহিল৷ চাৰে সেয়ে আশ্ৰমখন খুলি দিলে, নিচা কৰা ল’ৰাছোৱালী ভাল কৰা চেন্টাৰটোও খুলিলে৷"


"অহ্!" 


কিবা এটা কবলৈয়ো আকাংক্ষাৰ মুখেৰে আৰু শব্দ নোলাল৷ বুকুত দুখৰ পাহাৰ লৈয়ো ইমান স্থিতপ্ৰজ্ঞ হৈ কেনেকৈ থাকিব পাৰে মানুহ! সঁচাকৈয়ে আচৰিত৷ আচলতে আনৰ বাবে কিবা এটা কৰি পোৱা মানসিক প্ৰশান্তিয়ে অৱন্তিকা বাইদেউক পোণ হৈ থাকিবলৈ শক্তি দিছে৷ সহায় কৰিছে জীৱনৰ অৰ্থ বিচাৰি পাবলৈয়ো৷


আগলৈ


No comments:

Post a Comment