www.hunguti.in

Breaking

www.hunguti.in

Ads

Thursday, August 19, 2021

অন্য এক অথেল’ (৪৭)

 (৪৭)


#অন্য_এক_অথেল’


"দুটা চাহ দিব জগনবাবু৷"


বেংকত মানুহ সেৰেঙা হোৱাৰ সুযোগতে শশাংকই দিবাকৰৰ সৈতে জগনৰ হোটেলত বহিছেহি৷ সেইদিনা বিপাক্ষীয়ে কোৱা কথাটো তাৰ মনত লাগিয়েই আছে৷ দিবাকৰক সুধিম সুধিম বুলিও সুবিধা পায়ো কেনেকৈ আৰম্ভ কৰিব ভাবি নোপোৱা হৈছে৷


"বাৰু বৰুৱা, ঘৰৰফালে সকলো ঠিক হ’লনে? মিছেছ আহিলনেকি ঘৰলৈ?"


দিবাকৰে চাহৰ গিলাচটো কাষলৈ চপাই সুধিলে৷


"নাই, এতিয়ালৈকে নাইঅহা৷"


শশাংকই লাহেকৈ ক’লে৷


"কথা পাতিছিলনে তেখেতৰ লগত?"


"নপতা নহয়৷ পাতিছিলোঁ৷ আচ্ছা, এটা কথা কওকচোন, মোৰ মাজত বাৰু কিবা পৰিৱৰ্তন দেখা পাইছে নেকি আপুনি?"


"মানে?"


"আপুনিটো সদায়েই মোক লগ পাই আছে৷ মোৰ ব্যৱহাৰত কিবা পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে নেকি?"


শশাংকই প্ৰশ্নটো সুধি আগ্ৰহেৰে দিবাকৰৰ উত্তৰলৈ বাট চাই ৰ’ল৷


"নাইতো! একেই আছে আপুনি কিয়? কোনোবাই কিবা ক’লে নেকি?"


দিবাকৰে আশ্চৰ্য্যৰে সুধিলে৷


"নাই, মোৰ মিছেছেহে কৈছে৷ মোৰ আচৰণৰ পৰিৱৰ্তন হৈছে হেনো৷ সেয়ে চাইক’লজিষ্ট এজনৰ লগত পৰামৰ্শ কৰিবলৈ কৈছে৷"


শশাংকৰ কথাত দিবাকৰে কিছুসময় মনে মনে থাকিল৷ তাৰপাছত কিবা এটা কবলৈ বুলি কথাবোৰ জুকিয়াই ল’লে৷ 


"আচলতে কি জানে বৰুৱা৷ আচৰণৰ পৰিৱৰ্তন হ’লে কেতিয়াবা একেবাৰে কাষত থকা জনৰহে চকুত পৰিব পাৰে৷ আনে ধৰিব নোৱাৰিবও পাৰে৷"


"তাৰমানে? চাইক’লজিষ্টৰ ওচৰলৈ যাব লগীয়াকৈ পৰিৱৰ্তন হ’লে দেখোন সকলোৰে চকুত পৰিব৷ মানসিক ৰোগী দেখা পালে আমি জানো চিনি নাপাওঁ?"


শশাংকই কৈ উঠিল৷


"আচলতে কথাটো সেইটো নহয়৷ বহুতে খং ৰাগ বেছি হ’লে নাইবা হতাশাত ভূগিলেও চাইক’লজিষ্টৰ পৰামৰ্শ লব পাৰে৷"


"সেইটো হয় বাৰু৷"


শশাংকই লাহেকৈ কলে৷


 "শৰীৰৰ দৰে মনৰো অসুখ হ’ব পাৰে৷ শৰীৰৰ অসুখ হলে দেখোন আমি চিধাই ডাক্তৰৰ ওচৰলৈ যাওঁ৷ কিন্তু মনৰ অসুখ হলে আমি ডাক্তৰৰ ওচৰলৈ যাবলৈ সংকোচ কৰোঁ নহয়নে?"


"হয়৷ আপুনি ঠিকেই কৈছে৷"


দিবাকৰক সমৰ্থন জনালে শশাংকই৷


"আপোনাক এটা উদাহৰণ দিওঁ শুনক৷ মোৰ দেউতাৰ কথা এটা কওঁ৷ আজিৰ পৰা প্ৰায় চাৰিবছৰমানৰ আগতে মোৰ দেউতা এটা মানসিক সমস্যাত ভূগিছিল৷"


দিবাকৰৰ কথাত শশাংকই তাৰ দেউতাকৰ মুখখন মনত পেলালে৷ দুবাৰমান লগ পাইছে সি৷ 


"তেখেতকতো লগ পাইছো মই৷ কিবা সমস্যা আছিল বা আছে যেন নালাগে দেখোন!"


"তাকেই কবলৈ লৈছো৷ আনে সেই কথাটো ধৰিব পৰা নাছিল৷ দেউতা সেইসময়ত শৰীৰৰ যিকোনো সৰু সুৰা সমস্যাতে বিতত হৈ পৰিছিল৷ সাধাৰণ জ্বৰ, কাঁহ বা হাঁচি এটা মাৰিলেও এয়া তেওঁ কোনো জটিল ৰোগ এটাৰ আৰম্ভণি বুলিয়েই ভাবি লৈছিল৷ আমি তেওঁৰ মনৰ শংকা দূৰ কৰিবলৈ ঘনে ঘনে চিকিৎসকৰ ওচৰলৈ লৈ গৈছিলোঁ৷ চিকিৎসকে দিয়া  যাৱতীয় পৰীক্ষা নিৰীক্ষা কৰায়ো তেওঁৰ মনত শান্তি নাছিল৷ দিনটো প্ৰেচাৰ, হাৰ্টবিট চেক্ কৰি, সকলোৰে লগত কেৱল নিজৰ অসুখৰ কথাই আলোচনা কৰি থকা হৈছিলগৈ,পাছত তেওঁক চিকিৎসা কৰি থকা মেডিচিনৰ ডাক্তৰজনৰ পৰামৰ্শমতেই আমি চাইক’লজিষ্ট এজনক লগ কৰিছিলোঁগৈ৷ চিকিৎসকজনৰ পৰাহে গম পাইছিলোঁ, দেউতাৰ দৰে মানুহক হাইপ’কন্ড্ৰিয়াক বুলি কয় হেনো৷ এই হাইপ’কন্ড্ৰিয়া বা হাইপ’কন্ড্ৰিয়াচিচ্ হ’ল এজন লোকৰ এনে এক মানসিক অৱস্থা, যেতিয়া তেওঁ বিশ্বাস কৰি লয় যে তেওঁ খুউব কঠিন  অসুখ এটাৰ চিকাৰ হ’বলৈ গৈ আছে৷ মানে এয়া  ইলনেছ এঙ্গজাইটি ডিচঅৰ্ডাৰ৷ মনৰ অসুখৰো যে ইমানবোৰ ভাগ থাকে মোৰ আগতে কোনো ধাৰণাই নাছিল৷"


দিবাকৰৰ কথাবোৰ একান্ত মনে শুনি থকা শশাংকৰ মনলৈ সেইসময়ত আন এটা ভাৱো আহি থাকিল, সঁচাকৈয়ে তাৰো বিপাক্ষীয়ে কোৱাৰ দৰে কিবা মানসিক সমস্যাই হৈছে নেকি? চাইক’লজিষ্টএজনৰ ওচৰলৈ এপাক গ’লে ভাল হ’বনেকি? 


আগলৈ


No comments:

Post a Comment