(৫০)
#অন্য এক অথেল’
ডাঃ মানসী বৰকাকতী৷ মানসিক ৰোগ বিশেষজ্ঞ৷ ভিজিটিং আৱাৰ্চ:- ৰাতিপুৱা ছয় বজাৰ পৰা এঘাৰ বজালৈ৷
পাছবেলা চাৰি বজাৰ পৰা আঠ বজালৈ৷
ৰবিবাৰে বন্ধ৷
ফলকখনৰ সন্মুখত ৰৈ একেকেইটা কথাকেই কেইবাবাৰো পঢ়িলে শশাংকই৷ আহো নাহোকৈ মনটোক বৰ কষ্টেৰে প্ৰস্তুত কৰি সি ডাক্তৰৰ চেম্বাৰলৈ আহিছে৷ তাৰ বাদেও আৰু কেইবাজোৰা মানুহ ৱেইটিং ৰুমত বহি আছে৷ তিনি নম্বৰ পেচেণ্ট সোমাইছেহে৷ তাৰ দহ নম্বৰত পৰিছে৷ হাতৰ মুঠিত টিকটতো লৈ সি ইফালে সিফালে চালে৷ তাৰ ফালে চাই থকা কৌতূহলী চকু দুযোৰামানে সি চোৱাৰ লগে লগে মুখ ঘুৰালে৷ নিজৰে কিবাখন লাগিল তাৰ৷ তাক নিশ্চয় সকলোয়ে মানসীক ৰোগী বুলি গম পাই গৈছে৷ সেইকাৰণে এনেদৰে আঁৰ চকুৰে লক্ষ্য কৰি আছে৷ কি কৰিব? ঘৰলৈকে গুচি যোৱা হওক নেকি? কিয় যে আহিছিল সি ইয়ালৈ৷ বিপাক্ষীয়ে ক’লে বুলিয়েই সি মানি ল’ব লাগেনে? ইয়ালৈ অহাৰ কথা সি কাকো গম দিয়া নাই৷ ডাক্তৰেনো কি কয় তাকেই শুনো বুলিয়েই আজি সি আহিছে৷
এইবাৰ সি গৈ লাহেকৈ একাষৰীয়াকৈ থকা চকী এখনত বহিলেগৈ৷ তাৰপৰা তিনিখনমান চকী আঁতৰি তললৈ মূৰ গুজি মধ্যবয়সীয়া মানুহ এজন বহি আছে৷ বাওঁহাতৰ তলুৱাখনত অত্যন্ত মনোযোগেৰে সোঁহাতৰ তৰ্জনী আঙুলিটোৰে কিবা কিবা এটা আঁকি আছে৷ ইমান একান্তমনে তেওঁ কামটো কৰি আছে যে কাষত বহি থকা, তেওঁৰ পত্নী যেন লগা মানুহগৰাকীলৈয়ো চাবলৈ ভ্ৰুক্ষেপ নাই৷ আনফালে কম বয়সীয়া ছোৱালী এজনীয়ে মাকৰ কাষত বহি আপোনমনে মিচমিচাই মিচমিচাই হাঁহি হাঁহি মাজে মাজে মূৰ দুপিয়াই আছে৷ কোনোবাই যেন তাইৰ আগত কিবা কথাহে কৈ আছে৷ তাৰ কাষতে তাৰ সমবয়সীয়া এজন চিন্তান্বিত ডেকা মানুহ৷ তেওঁ নিজৰ মোবাইলটো চাই ব্যস্ত হৈ আছে৷ আদহীয়া মহিলা এগৰাকীয়ে বহা চকীখনতে চকুদুটা মুদি টোপনিয়াই আছে৷ কাষত বহি থকাজন সম্ভৱতঃ তেওঁৰ পুতেক৷ চেম্বাৰৰ বাহিৰতো ভালেকেইজন মানুহ ঘূৰাঘূৰি কৰি আছে৷ আনকি বাহিৰত ৰৈ থকা গাড়ী দুখনমানতো মানুহ৷ ইমান মানসিক সমস্যানে সকলোৰে? ইয়ালৈ অহা সকলোৱেইটো কিবা নহয় কিবা সমস্যাত পৰিহে আহিছে! কোনোয়ে নিজৰ বাবে! কোনোৱে আপোন কোনোবাজনৰ বাবে! সকলো সমস্যাত ভাৰাক্ৰান্ত৷ সিও সিহঁতৰ মাজৰে এজন৷ গতিকে লাজ পোৱাৰ বা সংকোচ কৰাৰ যুক্তি ক’ত?
"কিমান নম্বৰ গ’ল গম পায়নে?"
শশাংকৰ কাষতে আহি যে মানুহ এজন বহিলহি তাৰ খেয়ালেই নাছিল৷ তেওঁৰ প্ৰশ্নই তাৰ চিন্তাত ব্যাঘাত জন্মোৱাত থতমত খালে সি৷
"চাৰি নম্বৰ সোমাইছে অলপতে৷"
"অহ্! আমাৰ তেতিয়াহ’লে দেৰি আছে!"
মানুহজনে স্বগতোক্তি কৰিলে৷
"আপোনাৰ কেই নম্বৰ?"
শশাংকই সাধাৰণতে অচিনাকি লোকৰ লগত আগৰেপৰা বৰকৈ কথা নাপাতে৷ কিন্তু আজি যেন তেওঁ মানুহজনৰ সৈতে কিছু আত্মীয়তা অনুভৱ কৰিলে৷ একেধৰণৰ সমস্যাত ভূগি থকা মানুহবোৰ এজনে আনজনৰ সহজে ওচৰ চাপি যায় নেকি!
"মোৰ বাৰ নম্বৰ৷"
"মোৰ দহ নম্বৰ৷"
মানুহজনে নুশুধাকৈয়ে সি কৈ উঠিল৷ কঁপালত চিন্তাৰ ৰেশ লৈ থকা মানুহজনে মূৰ দুপিয়ালে৷
"আপোনাৰ পেচেণ্ট?"
পুনৰ সুধিলে শশাংকই৷
"গাড়ীতে বহি আছে৷ মাকৰ লগত৷ মোৰ ল’ৰাটোক লৈ আহিছোঁ৷ বৰ ভাল ল’ৰা আছিল সি৷ পঢ়াত বৰ চোকা৷ ভাল কলেজ এখনতেই এডমিচন দিছিলোঁ তাক৷ কিন্তু কি হ’ল নাজানো৷ এমাহমান থকাৰ পাছতেই হোষ্টেলৰপৰা ঘৰলৈ অহা ল’ৰাটো আৰু পুনৰ কলেজলৈ যাবলৈ মন নকৰা হ’ল৷ জোৰ কৰিও নোৱাৰিলোঁ তাক পঠিয়াব৷ তাৰপৰা আহি ভয়ত কুচিমুচি কেৱল ঘৰৰ ভিতৰতেই সোমাই থকা হ’ল৷ কোঠাৰপৰা নোলায়৷ ওলালেই যেন কিবা হ’ব! আমি মাক বাপেকহালে কি কৰোঁ কওক? পঢ়াত বেছি চোকা হলেও বেয়া নহয়নে? ভালদৰে পাছ নকৰা হ’লে তাক দূৰলৈ নপঠিয়াই লগতে ৰাখি ওচৰৰ কলেজত পঢ়ুৱালোহেঁতেন৷ তেতিয়া তাৰ এনেকুৱা নহলহেঁতেন চাগৈ৷"
আপোনমনে নিজৰ দুখবোৰ কৈ যোৱা সেই দুৰ্ভগীয়া ল’ৰাটোৰ দেউতাকজনলৈ চাই চাই শশাংকৰ দুখ লাগি গ’ল৷ উস্! ল’ৰাটোৰ বেজাৰত তেঁৱো কেতিয়াবা মানসিক ভাৰসাম্য হেৰুৱাই পেলাব নেকি? উঠি অহা ল’ৰাটোৰ এনে অৱস্থা দেউতাকতো হৈ কেনেকৈ সহ্য কৰে? সিয়োতো এজন পেচেণ্ট হিচাপেই তালৈ আহিছে৷ মানুহজনে তাক চিনি পোৱাতো বাদেই তাৰ নামটোও আনকি নাজানে৷ অথচ তেওঁ তাৰ আগত তেওঁৰ দুখবোৰ উদঙাই দি বুকুখন পাতল কৰিলে৷ আচলতে মনৰ কথাবোৰ কবলৈ কেতিয়াবা চিনাকিতকৈ অচিনাকিকহে ভৰষা কৰিব পাৰি নেকি? অন্ততঃ অচিনাকিবোৰ সাধাৰণতে জাজমেন্টেল নহয়৷
"আপুনি ইচ্ছা কৰিলে মোৰ নম্বৰটোৰ সৈতে আপোনাৰ নম্বৰটো সলনি কৰিব পাৰে৷ মোৰ লৰালৰি নাই৷"
শশাংকৰ কথাত মানুহজনে মুখেৰে একো নকলেও কৃতজ্ঞতাৰ চাৱনিৰে তাৰ ফালে চালে৷ শশাংকৰ মনটো কিবা এটা ভাল লাগি গ’ল৷ অতদিনে কেৱলমাত্ৰ নিজৰ কথাই ভৱা শশাংকই প্ৰথমবাৰৰ বাবে আনৰ বাবে কিবা এটা কৰাৰ আনন্দৰ অনুভৱ উপলব্ধি কৰিলে৷
আগলৈ
No comments:
Post a Comment