(৪৯)
#অন্য_এক_অথেল’
স্থানুৰ দৰে বহি ৰৈছে আকাংক্ষাৰ দেউতাক আৰু মাক৷ সন্মুখত অৱন্তিকা চৌধুৰী৷ এন জি অ’ৰ কামত এইখন চহৰলৈ অহা অৱন্তিকা চৌধুৰীয়ে মনতে আকাংক্ষাৰ মাক দেউতাকক লগ ধৰি তাইৰ কথাবোৰ জনোৱাৰ উদ্দেশ্য লৈয়ো আহিছিল৷ অৱশ্যে আকাংক্ষাই এই বিষয়ে তিলমানো ফুট পোৱা নাছিল৷ আনকি অৱন্তিকা বাইদেউ যে তাইৰ গৃহচহৰখনলৈ যাব সেইটোও তাইৰ অজানা আছিল৷ অৱন্তিকা চৌধুৰীয়ে এফালৰ পৰা আকাংক্ষাৰ মাক দেউতাকক তাইৰ কথাবোৰ কৈ গ’ল৷ খন্তেকীয়া আবেগৰ বশৱৰ্তী হৈ তাই কেনেদৰে বিপ্লৱৰ লগত গুচি গৈছিল, তাৰ সৈতে কেইদিনমান কটাই তাই কি কি পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল, গৰ্ভপাতৰ পাছত তাইৰ শাৰীৰিক অৱনতি, মানসিক কষ্ট আৰু শেষত ভাৰাঘৰৰ মালিকনী, তেওঁৰ বান্ধৱীৰ সহযোগত তাইৰ উদ্ধাৰ৷ লগতে হানি ট্ৰেপিংৰ লগত জড়িত বিপ্লৱ পুলিচৰ জিম্মাত থকাৰ কথালৈকে একোৱেই বাকী নাৰাখিল৷ কথাবোৰ শুনি আকাংক্ষাৰ দেউতাক মূক হৈ পৰাৰ বিপৰীতে আকাংক্ষাৰ মাকৰ হৰহৰাই চকুলো ওলাল৷ হাজাৰ দোষ কৰিলেও, হাজাৰ খং উঠিলেও নিজৰ সন্তানৰ এই দুৰৱস্থাৰ কথাবোৰ শুনি মাকজনীয়ে সহিব পৰা নাই৷ অৱন্তিকা চৌধুৰীয়ে তেওঁলোকৰ অৱস্থাতো অনুভৱ কৰিব পাৰিছে৷ পৰিৱেশটোয়ে তেওঁৰ মনটোও ভাৰাক্ৰান্ত কৰি পেলাইছে৷ কামকৰা মানুহগৰাকীয়ে দি যোৱা চাহকাপ খাবলৈয়ো তেওঁৰ মন নগ’ল৷ সাধাৰণতে ধীৰ স্থিৰ মানুহজনীক আকাংক্ষাৰ ঘৰৰ আজিৰ পৰিৱেশটোয়ে যেন ভিতৰি জোকাৰি পেলাইছে৷ পানীগিলাচকে কোট কোটকৈ পি পেলোৱাৰ পাছতহে তেওঁ অনুভৱ কৰিলে কিমান পিয়াহত আছিল৷
"আচলতে আকাংক্ষাৰ চকুত সঁচা অনুশোচনা দেখা পায়েই মই আপোনালোকক লগ কৰাৰ কথা ভাবিলোঁ৷ বৰ মানসিক কষ্ট পাইছে তাই৷ নিজৰ ভুলৰ উপলব্ধি কৰিব পাৰিছে৷ ভাগ্যৰ বলত তাই বিপ্লৱে পেলোৱা জালখনত নোসোমাল৷ নহলে হয়তো আজি তাই কি পৰিস্থিতিত থাকিবলগীয়া হলহেঁতেন সেয়া ভাবিবলৈয়ো ভয়লগা৷"
অৱন্তিকা চৌধুৰীৰ কথাত আকাংক্ষাৰ মাকে দুৰ্বল কণ্ঠেৰে লাহে লাহে ক’লে,
"বৰ আলসুৱাকৈ ডাঙৰ কৰিছিলোঁ তাইক৷ যি লাগে বুলিছিল তাকেই মুখৰ আগত দিছিলোঁ৷ তাৰপাছতো তাই কিয় বাৰু আমাৰ কথা এবাৰো নাভাবিলে?"
আকাংক্ষাৰ মাকে এইবাৰ মুখত চাদৰৰ আঁচলেৰে সোপা দি হুকহুকাই কান্দিবলৈ ধৰিলে৷ কান্দক৷ কান্দি কান্দিয়েই মনৰ দুখবোৰ কিছু লাঘৱ কৰক মানুহজনীয়ে৷ প্ৰকৃততে যি লাগে তাকেই সন্তানৰ মুখৰ আগত দিয়ামানেই সিহঁতক জানো ভালপোৱা বুজায়? সিহঁতক মানুহ হিচাপে গঢ় দিবলৈ যত্ন কৰাটো প্ৰথম কথা নহয়নে? মানুহক ভাল পাবলৈ শিকিলে দুখ দিবলৈ আগবাঢ়োঁতে অলপ হলেও চিন্তা নকৰিবনে? এই ক্ষেত্ৰত তেওঁ নিজেওটো ভুক্তভোগী! কথাটো ভাবি ভাবি অৱন্তিকা চৌধুৰী বহাৰ পৰা উঠিল৷
"মই এতিয়া গৈ থাকোঁ৷ আৰু এঠাইত সোমাব লগা আছে৷ এইখন মোৰ কাৰ্ড৷ ইয়াত আমাৰ আশ্ৰমৰ ঠিকনাৰ লগতে মোৰ ফোনৰ নম্বৰো আছে৷ কেতিয়াবা দৰকাৰ হ’লে ব্যৱহাৰ কৰিব৷"
"আপুনি দেখোন চাহকাপো নাখালে৷ ঠাণ্ডাই হ’ল চাগে৷ মীনা, মীনা৷"
আকাংক্ষাৰ দেউতাকে ব্যস্ততাৰে কৈ উঠিল৷
"নাই নাই৷ বেয়া নাপাব৷ চাহ নহলেও হ’ব৷ মোৰ আচলতে বিশেষ কাম এটাত আন এঠাইলৈয়ো যাবলৈ আছে৷ দেৰিয়েই হৈছে৷"
অৱন্তিকা চৌধুৰীয়ে বিনম্ৰতাৰে তেওঁলোকৰ পৰা বিদায় মাগিলে৷
"চাৰ, মাতিছিলে?"
মীনা আহি দুৱাৰমুখৰ পৰাই সুধিলেহি৷
"এখেতৰ চাহ চেঁচা হ’ল৷ নতুনকৈ একাপ কৰি দিব লাগিছিল৷"
"নাই, নাই৷ চাহ নালাগে৷ মোক আৰু এগিলাচ পানীহে দিয়া৷"
মীনাক চাহ কৰিবলৈ বাধা দি অৱন্তিকা চৌধুৰীয়ে কৈ উঠিল৷ মীনাই লৰালৰিকৈ ভিতৰৰ পৰা আনি দিয়া পানী গিলাচ খাই অৱন্তিকা চৌধুৰী গ’লগৈ৷ মুখেৰে নকলেও দুয়ো অন্তৰৰ পৰা অনুভৱ কৰিলে, তেওঁলোকক এক সাংঘাতিক মানসিক সকাহ এটা যেন দি থৈ গ’ল মানুহজনীয়ে! অৱন্তিকা চৌধুৰীৰ বগা গাড়ীখন নেদেখা হোৱালৈকে চাই দুয়ো গ্ৰীলত ধৰি ৰৈ থাকিল৷
"মই তাইক চাবলৈ যাম৷ যামেই৷ তুমি নিনিলেও যাম৷"
আকাংক্ষাৰ মাকে কিছুপৰৰ পাছত কৈ উঠিল৷
"তুমি যে যাবলৈ বিচাৰিবা জানিছো৷ আৰু মইনো তোমাক নিনিম বুলি কিয় ভাবিলা? এজনী মাতৃৰ বাবে সন্তান কি সেইটো মই তোমাতকৈ ভালদৰে অনুভৱ কৰিব পাৰোঁ৷ মোৰ বিচ্ছেদত কাতৰ হোৱা মোৰ মাৰ যন্ত্ৰণাকাতৰ চকুহালি আজিও মোৰ মনৰপৰা আঁতৰ কৰিব পৰা নাই৷ তোমাৰ সৈতে মতান্তৰ নহওক বুলিয়েই মৃত্যুৰ সময়লৈকে সেইহালি চকুক কেৱল উপেক্ষাই কৰি আহিলোঁ৷"
প্ৰথমবাৰৰ বাবে তেওঁৰ কথাত আকাংক্ষাৰ মাকে ওলোটাই একো নকলে৷ তাৰ পৰিৱৰ্তে তেওঁৰ চকুত চকুলো৷ হয়তো তেওঁ আজিহে তেওঁৰ স্বামীৰ মাতৃৰ যন্ত্ৰণাবোৰ উপলব্ধি কৰিব পাৰিছে৷ পিছে ইমান দেৰিকৈ কৰা উপলব্ধিৰ জানো কিবা মূল্য আছে? তেওঁৰ নিজৰো জানো তাত দোষ নাই! সন্তান হৈয়ো তেওঁ নিজৰ মাকৰ দুখ নুবুজিলে৷ পত্নীক বুজাবলৈ অসমৰ্থ হ’লেও তেওঁ জানো মাকৰ সৈতে সম্পৰ্কটো ৰক্ষা কৰি থাকিব নোৱাৰিলেহেঁতেন! আকাংক্ষাক আইতাকৰ সান্নিধ্য দিবলৈ চেষ্টা কৰিবও পাৰিলেহেঁতেন! তেওঁ চেষ্টা নকৰাও নহয়৷ সাইলাখ মাকৰ ফুটতে উঠা আকাংক্ষাই তাইৰ বৰদেউতাক, দদায়েকহঁতৰ প্ৰতি সৰুৰেপৰা এক বিৰূপভাৱেই পোষণ কৰি থাকিল৷ অৱশ্যে তাইৰনো কি দোষ! মাকে যি শিকাই সেয়াই শিকিলে তাই৷ কোনোদিনে দেউতাকৰ পৰিয়ালৰ মানুহবোৰক আপোন বুলি ভাবিব নোৱাৰিলে৷ পত্নীক নকলেও মৃত্যুৰ দিনালৈকে তেওঁ চাগৈ এইবোৰ কথা পাহৰিব নোৱাৰিব৷ হ’লেও তেওঁৰ মনটো অলপ কুমলিল৷ কৃত্ৰিমতাৰে ভৰপূৰ পত্নীৰ এয়া সঁচা চকুলো৷
"বলা ভিতৰলৈ৷ দুখ কৰি নাথাকিবা৷ অতি সোনকালেই আমি তাইৰ ওচৰলৈ যাম৷"
বহুত যুগৰ মূৰত তেওঁৰ প্ৰতি স্বামীৰ কণ্ঠৰ কোমলতাই আকাংক্ষাৰ মাকক গলাই পেলালে৷ স্বামীৰ বাহুত মূৰ গুজি হুকহুকাই কান্দি পেলালে তেওঁ৷ বিধস্ত পত্নীক তেওঁ ধৰি ধৰি ভিতৰলৈ লৈ গ’ল৷ আগৰ দাম্ভিক, অহংকাৰী মানুহজনীৰ ঠাইত এইজনী সন্তানৰ শোকত কাতৰ, অসহায় মাতৃ৷ এইজনী মানুহক এতিয়া আৰু খং কৰা নাযায়! সময়ে তেওঁঁক ইতিমধ্যেই বিধস্ত কৰি পেলালে৷
আগলৈ
No comments:
Post a Comment