(৫১)
#অন্য_এক_অথেল’
সেইদিনা ডাক্তৰক লগ কৰাৰ পাছৰে পৰা শশাংকৰ যেন মনটো কিছু পাতল হ’ল৷ সি নিজেই অনুভৱ কৰিছে সেই কথা৷ প্ৰথমে প্ৰথমে সি সংকোচবোধ কৰি আছিল৷ কেনেকৈ তাৰ কথাবোৰ আৰম্ভ কৰিব তাকেই ভাবি পাৰ পোৱা নাছিল৷ কিন্তু চিকিৎসকগৰাকীৰ সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰে তাৰ সংকোচবোধ ক্ৰমে নাইকিয়া কৰি পেলালে৷ তেখেতে জানিবলৈ বিচৰা কথাবোৰ এফালৰপৰা সকলো কৈ গ’ল সি৷ তেখেতৰ কথাবোৰো মন দি শুনিলে৷ এইকেইদিন তেখেতৰ পৰামৰ্শমতেই দৰৱকেইটা নিয়মিত গ্ৰহণ কৰি আছে৷ মনলৈ অহা বেবেৰিবাং চিন্তাবোৰ দূৰতে বিদূৰ কৰিবলৈ ভাল ভাল গান শুনিছে৷ কিতাপ পঢ়িছে৷ ৰাতিপুৱা সময় পালে বিপাক্ষীয়ে কৰি যোৱা ফুলনিখনৰ যত্ন লোৱাৰ লগতে কাকীৰ লগতে ৱালৰ এইপাৰৰ পৰা কথাও পাতিছে৷ এতিয়া মাত্ৰ তাৰ এটা কামেই বাকী৷ বিপাক্ষীক ঘূৰাই অনাটো৷ আহিবনে তাই? নিশ্চয় আহিব৷ কিয় নাহিব! তাই কোৱাৰ বাবেইতো সি ডাক্তৰৰ ওচৰলৈ গৈছে৷ নিজকে সলনি কৰিবলৈ চেষ্টা কৰিছে!সি সলনি হ’লে তাইৰ নহাৰ কাৰণ আছে জানো!
আজি ৰবিবাৰ৷ বেংকলৈ যাব নালাগে৷ ৰবিবাৰ হলেও আজি কিছু সোনকালেই উঠি সি মৰ্ণিংৱাক কৰিও আহিলগৈ৷ তাৰপাছত কিছুসময় ফুলৰ টাববোৰ খুচৰি বাচি বাচি শুকান পাতবোৰ কেঁচী এখনেৰে কাটি দিলে৷ বিপাক্ষীয়ে ইমান যতনেৰে ৰখা ফুলৰ পুলিকেইটা মৰহি যাবলৈ দিব নোৱাৰি৷ সেইখিনি কৰিহে সি গা ধুবলৈ গ’ল৷
গা ধুই সি গৰম পানী একাপত গ্ৰীণ টিৰ বেগ এটা ডুবাই বাহিৰৰ বাৰাণ্ডালৈকে আহিল৷ বাতৰিখনত অলপ চকু ফুৰাব৷ চাহ খাই খাই বাতৰি পঢ়াটো তাৰ পুৰণি নিচা৷ প্ৰথমে হেডলাইনবোৰ চাই গ’ল সি৷ ৰাজনৈতিক নেতাৰ বাতৰিৰ পৰা তালিবানীলৈকে, নদীবান্ধৰ পৰা জনপ্ৰিয় মডেল তথা অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুলৈকে অনেক বাতৰি৷ আগদিনালৈকে সুস্থ সৱল অৱস্থাত থকা অভিনেতাজনে ৰাতিপুৱা আৰু সাৰ নাপালে৷ কি আচৰিত! সঁচাকৈয়ে আজিৰ বাদে কাইলৈ কি হ’ব কোনে জানে? কাইলৈতো বাদেই, এটা মুহূৰ্তৰ পাছতো আমাৰ সৈতে কি ঘটিবলগা আছে সেয়াওটো কোনেও নাজানে! অথচ ভৱিষ্যতৰ বাৰেবৰণীয়া পৰিকল্পনা কৰি প্ৰায়বোৰ মানুহেই আমেজত ডুবি থাকে নাইবা 'এনেকুৱাও হ’ব পাৰে' জাতীয় আশংকাত জীৱনৰ এটা এটা ক্ষণৰ মধুৰতাখিনি নষ্ট কৰি পেলায়৷ বাতৰিটোয়ে শশাংকক আনকালে নভবা কথা কিছুমান ভাবিবলৈ বাধ্য কৰালে৷
"শশাংক৷ খবৰ ভালনে?"
চিন্তাত বিভোৰ হৈ থাকোঁতে কাকীয়ে কেতিয়া গেটখন খুলি আহি বাৰাণ্ডাৰ কাষ পালেহি সি ক’বই নোৱাৰিলে৷
"কাকী, আহক আহক৷ বহিব৷"
ব্যস্ততাৰে বহাৰ পৰা উঠি সি বেতৰ চকীএখন আগবঢ়াই দিলে কাকীলৈ৷
"আমাৰ সুদীপ্তৰ বিয়া ঠিক হৈছে৷ সেয়ে তোমাক খবৰটো দিবলৈ আহিলোঁ৷ আনদিনা ঘৰত নাথাকা যে৷ আজি ৰবিবাৰে তোমাক লগ পাম বুলি আহিলো৷"
কাকীয়ে হাতত থকা মিঠাইৰ টোপোলিতো তালৈ আগবঢ়াই দিলে৷
"বিপাক্ষী কেনে আছে? ঠিকেই আছেনে? তুমি তাইৰ লগত কথা পাতিছিলানে?"
"কাকী মই দুই এদিনতেই যাম তাইৰ ওচৰলৈ৷ এইবাৰ তাই মোৰ লগত আহিব বুলি মোৰ দৃঢ় বিশ্বাস৷"
শশাংকৰ মনটোত স্ফূৰ্তি দেখি কাকীৰ ভাল লাগিল৷ সুদীপ্তৰ বাবে তাৰ বন্ধুৰ ভনীয়েককেই ঠিক কৰিছে৷ কম বয়সতেই জীৱনসংগীক হেৰুৱাইছিল ছোৱালীজনীয়ে৷ সুদীপ্ত লগতে কাকীহঁতৰো তাই বৰ পচন্দৰ৷ দহমিনিটমান তাৰ সৈতে কথা পাতি কাকী গ’লগৈ৷ যোৱাৰ আগতে বিপাক্ষীৰ সৈতে সোনকালেই মিতমাত কৰিবলৈ উপদেশ দি গ’ল৷ শশাংকৰ মনত পৰিল, এদিন সুদীপ্তৰ পচন্দৰ ছোৱালীজনীৰ কথা লৈ বিপাক্ষীৰ সৈতে তাৰ মতভেদ হৈছিল৷ এতিয়া সেইটো কথা মনত পৰি তাৰ নিজৰে লাজ লাগিল৷ কথাবোৰ সি ভবাৰ দৰে নহয়৷
আগলৈ
Top 10 best casino resorts near Las Vegas, Nevada - KTNV
ReplyDeleteThe best casinos are the Red River Resort and Casino, both 영주 출장마사지 of which have their own casino. 여수 출장마사지 Red River Resort Casino 익산 출장샵 features 김포 출장안마 slot machines, video 파주 출장마사지 poker