(৫২)
#অন্য_এক_অথেল’
"গছৰ পাতবোৰ চোৱা৷ সেউজীয়া৷ ইংৰাজীত কি বুলি কয়? কোৱাচোন৷ মই শিকাইছিলো নহয়৷"
"গ্ৰীণ, গ্ৰীণ৷ মোৰ মনত আছে বা৷"
বাৰ্বীয়ে উৎফুল্লিত হৈ চিঞৰি কলে৷
"আৰু এই সৰু সৰু ফুলবোৰ?"
"হালধীয়া৷ ইয়েল’৷"
বাৰ্বীয়ে কোৱাৰ আগতেই আন কোনোবা এটাই কোৱা শুনি তাই মুখখন ফুলাই দিলে৷
"ইয়ে মই কবলৈয়ে নাপালোঁ৷ ময়ো জানিছিলোঁ ইয়েল্ল' বুলি৷"
"হ’ব৷ আৰু সুধিম নহয় বাৰ্বী৷"
আকাংক্ষাই হাঁহি হাঁহি ক’লে৷
স্কুললৈ নোযোৱা অকনমাণি কেইটাক আকাংক্ষাই আশ্ৰমৰ কম্পাউণ্ডৰ ভিতৰতে ঘূৰাই ফুৰাই ৰঙবোৰৰ এক সম্যক জ্ঞান দিবলৈ চেষ্টা কৰিছে৷ সিহঁতে নজনাও নহয়৷ জানেই৷ তাই মাত্ৰ সিহঁতক ব্যস্ত ৰাখিছে৷ কেৱল অংকুৰহে নিমাতে তাইৰ কাষে কাষে ঘূৰি আছে৷ আচলতে সি বৰ্ণান্ধ৷ কালাৰ ব্লাইণ্ড৷ ৰঙ বুজি নাপায় সি৷ কলেজত আকাংক্ষাৰ লগৰ এজনীও বৰ্ণান্ধ আছিল৷ ৰঙা সেউজীয়া ৰঙ চিনাক্ত কৰিব পৰা নাছিল৷ কিন্তু আনবোৰ ৰঙ চিনাক্তকৰণত অসুবিধা নাছিল৷ কিছুমান নীলা হালধীয়া বৰ্ণান্ধও হয় বুলি শুনিছিল তাই৷ কিন্তু অংকুৰ সম্পূৰ্ণ বৰ্ণান্ধ৷ তাৰ পৃথিৱীখন কেৱল কলা বগা৷ তাইৰ মনটো অংকুৰৰ কথা ভাবি বেয়াও লাগিল৷ কিন্তু পাচমুহূৰ্ততে তাইৰ মনলৈ আহিল, জুকাৰবাৰ্গক আজি কোনে চিনি নাপায়? তেৱোঁ দেখোন বৰ্ণান্ধ৷ ৰঙা সেউজীয়াৰ প্ৰভেদ কৰিব নোৱাৰে, অথচ জীৱনলৈ সফলতা নহাকৈ থকা নাই৷
"অংকুৰ"
তাই মৰেমেৰে মাতিলে৷ শুকান বন এডাল দুয়োহাতেৰে টানি টানি নিজৰ মাজতে ব্যস্ত হৈ থকা ল’ৰাটোৱে তাইলৈ মূৰ তুলি চালে৷
"কিবা এটা খেলিম দেই এতিয়া৷ কি খেলিবা?"
"টি ভি চাম৷"
তাই বুজিলে, তাৰ টি ভিত কাৰ্টুন চাবৰ মন৷ মনটো ভাল লাগক বুলিয়েই তাই সিহঁতকেইতাক লৈ গৈ টিভিৰ আগত বহুৱাই কাৰ্টুনৰ চেনেল এটা লগাই দিলে৷ টম এণ্ড জেৰীৰ শ্ব৷ আটাইকেইটা হাঁহি হাঁহি কব নোৱাৰা হৈ গৈছে৷ চাই চাই তাইৰো হাঁহি উঠিল৷
"আকাংক্ষা, চাহ এটোপা বাকিছিলো৷ আহা৷"
মাইচেনা বাইদেৱে আকাংক্ষাক মাতি নিলেহি৷ দুপৰীয়া ভাত হ’বলৈ কিছু সময় আছে৷ এই সময়ত চাৰিওজনীয়ে একেলগে চাহ একোকাপ খায়৷
"ৰাবিয়া বাই৷ মফিদাৰ খবৰ কেনে? ঠিকেই আছেনে এতিয়া?"
আকাংক্ষাই ৰাবিয়াৰ পৰা জীয়েকৰ খবৰ ল’লে৷
"আছে, ঠিকেই আছে৷ সেই ঘটনাটোৰ পাছৰেপৰা তাই মোবাইল নুচুৱাই হ’ল৷ বৰ ভয় এটা সোমালে৷ মই বেয়া পোৱা নাই৷ এতিয়া পঢ়া শুনাত মন দিয়া দেখিছোঁ৷"
ৰাবিয়াই পকাতে লেপেটি কাঢ়ি বহি চাহত সোহা এটা মাৰি ক’লে৷
"বাৰু যি হ’ল ভালেই হ’ল৷ তাই যে এতিয়া পঢ়াৰ গুৰুত্বটো বুজি পালে৷"
মাইচেনাই শলাগিলে৷ মাকজনীয়ে আগতে হাজাৰ বাৰ কলেও তাই মোবাইল নেৰিছিল৷ পঢ়িবলৈ কলে নুশুনা ভাও ধৰিছিল৷ আগতেই মাকৰ কথা মনা হ’লে মাজতে তাইৰ এনে লটিঘটিখন নহয়৷ আচলতে নিজৰ সৈতে কিবা এটা নঘটালৈকে কিছুমান মানুহে কিছু কথা অৱজ্ঞা কৰি থাকে৷ দেখি নিশিকি ঠেকি শিকিবলৈহে ৰৈ থাকে কিজানি!
"আমিৰ বাইদেউ এসপ্তাহমান অহা নাই যে? আনকালে ইমান দীঘলীয়াকৈ নহাকৈ নাথাকে৷ কৰবালৈ গ’ল নেকি?"
"বাইদেউ চহৰৰ বাহিৰলৈ গৈছিল৷ কিবা কামত৷ যোৱাকালি ঘুৰি আহি পাব পায়৷ আজি চাগৈ এপাক মাৰিব৷"
ৰান্ধনী বাইদেউৰ কথাৰ উত্তৰ মাইচেনাই দিলে৷ মাইচেনাৰ সৈতে অৱন্তিকা বাইদেউৰ সদায়েই বাৰ্তালাপ হয়৷
চাৰিওজনীয়ে কথা পাতি পাতি চাহ খাই পুনৰ নিজৰ কামে কামে গ’ল৷ ৰান্ধনী বাইদেউ আৰু ৰাবিয়া পাকঘৰত লাগিল৷ মাইচেনা বাইদেৱে অফিচ কোঠাটো চিজিল কৰিবলৈ লাগিল৷ আকাংক্ষা পুনৰ ল’ৰাছোৱালীহঁতৰ কাষলৈ গ’ল৷ তেনেতে টেগবাহাদুৰে গেটখন খোলা গম পায় আকাংক্ষাই বাহিৰলৈ ভূমুকিয়ালে৷ খোলা গেটখনেদি দুখন গাড়ী সোমাই আহি চোতালত ৰ’লহি৷ এখনৰপৰা অৱন্তিকা বাইদেউ নামি আহিল৷ আৰু আনখনৰ পৰা! আশ্চৰ্য্যান্বিত আকাংক্ষাৰ চকুৰ আগতেই আনখনৰ পৰা নামি আহিল তাইৰ মাক আৰু দেউতাক৷
আগলৈ
No comments:
Post a Comment