www.hunguti.in

Breaking

www.hunguti.in

Ads

Wednesday, September 8, 2021

অন্য এক অথেল’ (৫৩)

 (৫৩)


#অন্য_এক_অথেল’ 


গাড়ীৰপৰা মাক দেউতাকক নামি অহা দেখি কথমপিহে মূৰ ঘূৰাই পৰি নগ’ল আকাংক্ষা৷ সঁচাকৈয়ে আহিছে নে তেওঁলোক? নে তাইৰ মনৰ ভ্ৰম? সোঁহাতখনেৰে বাওঁহাতৰ কিলাকুটিৰ ওচৰতে চিকুট এটা মাৰি চালে তাই৷ নাই, তাই সপোন দেখা নাই৷ সঁচাকৈয়ে আহিছে তেওঁলোক৷ সেয়া অৱন্তিকা বাইদেৱে আগবঢ়াই অফিচ কোঠাটোৰ ফালে লৈ গৈছে৷ চৌখিন মাকজনীয়ে ইস্ত্ৰি নিদিয়া মেখেলা চাদৰ এযোৰ অপৰিপাটিকৈ পিন্ধি আহিছে৷ মাকৰ লগতে দেউতাকৰো বয়স যেন কেইবাবছৰো বাঢ়ি গ’ল৷ ৰোধিব নোৱাৰা বানপানীৰ দৰে চকুলোৰ ঢল নামি আহিল৷


 দৌৰ মাৰি গৈ যেন তাই তেওঁলোকৰ বুকুৰ মাজত সোমাই পৰিব৷ সন্তানৰ বাবে পৃথিৱীৰ সকলোতকৈ নিৰাপদ ঠাইকনত! কিন্তু তাই যে তেওঁলোকৰ চকুত চকু থোৱাৰ সাহস হেৰুৱাই পেলাইছে! কেনেকৈ সন্মুখীন হ’ব তাই মাক দেউতাকহালৰ?


"আকাংক্ষা, অৱন্তিকা বাইদেৱে তোমাক অফিচৰুমলৈ মাতিছে৷ তোমাৰ মা দেউতা আহিছে৷"


মাইচেনাই আকাংক্ষাক কলেহি৷ আকাংক্ষাৰ মনৰ অৱস্থা বুজি তাই নিজেই তাইক বাহুত ধৰি অফিচ কোঠাৰ দুৱাৰমুখত থৈ আহিলগৈ৷ 


"মা"


চকুপানীৰে বাট নেদেখা হৈ তাই মুখেৰে অস্ফুটভাৱে উচ্চাৰণ কৰিলে৷ মাক দেউতাক দুয়ো একেলগে তাইলৈ ঘূৰি চালে৷ বহি থকা চকীখনৰপৰা উঠি আহি মাক তাইৰ সন্মুখ পালেহি৷ 


"মা, দেউতা৷"


উচুপি উচুপি তাই বিৰবিৰালে৷


মাকে আকাংক্ষাৰ সন্মুখত ৰৈ প্ৰথমে প্ৰচণ্ড জোৰেৰে তাইৰ গালত এটা চৰ শোধালে৷ উচপ খাই উঠিল আকাংক্ষা৷ জন্মৰেপৰা কিজানি এয়া প্ৰথমবাৰৰ বাবে মাকে তাইৰ গাত হাত তুলিছে৷ মাৰক৷ তাই তেওঁলোকক যি দোষ দিলে তাৰ বাবে এয়া একোয়েই নহয়৷ তাইক চৰ শোধোৱাৰ  পাছত তাইক বুকুত সোমোৱাই বুকুভৰা কান্দোনত ভাঙি পৰিল মাকজনী৷ আকাংক্ষাৰ দেউতাকৰ চকুটো চকুলো৷ আবেগিক পৰিবেশটোত তেওঁলোকক অকলশৰীয়া কৰি অৱন্তিকা চৌধুৰী কোঠাটোৰ পৰা ওলাই গ’ল৷ আবেগেৰে চপচপীয়া হৈ পৰিল অফিচ কোঠাটো৷ চকুৰ বানপানীৰ কোবাল সোঁতত উটি গ’ল সকলো খং, দুখ, ক্ষোভ এই সকলোটি৷ 

          অৱন্তিকা চৌধুৰীয়ে ল’ৰাছোৱালীহঁতৰ খবৰ ললেগৈ৷ ৰাবিয়া, ৰান্ধনী বাইদেৱে কি ৰান্ধিছে, কিবা বস্তুৰ প্ৰয়োজন হৈছে নেকি তাকো সুধিলেগৈ৷ তেৱোঁ আবেগিক হৈ পৰিছে৷ ছোৱালীজনীক মাক দেউতাকৰ সৈতে লগ কৰাই দি হে যেন তেওঁ মানসিক শান্তি পালে৷ আবেগ লুকুৱাবৰ বাবেই মাইচেনাৰ লগতো অদৰকাৰী কথা দুটামানকে পাতি থাকিল৷ মাইচেনাই কিছুসময়ৰ পাছত তেওঁলোকলৈ চাহ লৈ গ’ল৷ কাৰো মুখলৈ চাব নোৱাৰা এটা অৱস্থা৷


"আকাংক্ষা, মাহঁতলৈ চাহ আনিছিলোঁ৷"


আকাংক্ষাই মূৰ তুলি চালে৷ তাইৰ দুয়োটা চকু উখহি ৰঙা পৰিছে৷ কান্দি কান্দি ভাগৰুৱা ছোৱালীজনীয়ে এতিয়া উচুপি আছে৷ 


"আকাংক্ষা, যোৱা মুখখন ধুই পেলোৱাগৈ৷ মাহঁতে চাহ অকনমাণ খাই লওক৷"


মাইচেনাই মৰমেৰে ক’লে তাইক৷ তাই মাইচেনাৰ কথাত লাহেকৈ চুৰ্ণীখনেৰে মুখত সোপা দি লাহেকৈ উঠি গ’ল৷ আকাংক্ষাৰ মাকেও খাবলৈ দিয়া পানীগিলাচকে বাহিৰলৈ গৈ মুখত মাৰি আহিল৷ মাইচেনাই ভিতৰৰ পৰা পানীৰ জাৰ এটা আনি দিলেহি৷ 


"তুমি?"


আকাংক্ষাৰ মাক কিছু প্ৰকৃতিস্থ হৈ সুধিলে৷


"মই মাইচেনা৷ ইয়াত থকা কেইবাবছৰো হ’ল৷ চাহ খাওকচোন৷"


"তাইক কাপোৰ কানি কি আছে সামৰিবলৈ কৈছোঁ৷ সোনকালেই যাবগৈ লাগিব৷ দূৰ বাট নহয়জানো৷ কোৱাগৈচোন তাইক অলপ খৰ কৰিবলৈ৷"


আকাংক্ষাৰ মাকৰ কথাত মাইচেনাৰ দুখ লাগিল৷ ছোৱালীজনীলৈ মৰম এটা সোমাই গৈছিল তাইৰ৷ চেহ্, পতককৈ যাবৰে হ’ল৷ নভৱা নিচিন্তাকৈ৷ হ’লেও দুখৰ মাজতে এটা সুখ৷ আকাংক্ষাই আপোনজনক ঘুৰাই পাইছে৷ সেয়া কম সুখৰ কথানে! মাইচেনা আকাংক্ষাৰ ওচৰলৈ বুলি গ’ল৷ মনত তাইৰ সুখ দুখৰ এক মিশ্ৰিত অনুভূতি৷


আগলৈ


No comments:

Post a Comment