#গল্প
#ৰাগী লগা সময়
ধুম্ৰায়িত একাপ পানীয়, সজীৱ এখনি মুখ আৰু ওঁঠত ওলমি ওলমি নাভাগৰা এটি নিস্পাপ হাঁহি৷ তুমুৰু পাতৰ এইকাপ পানীয়ই হেনো ইমিউনিটি বঢ়ায়!
মনটোক সজীৱ কৰিবলৈ আৰু কি লাগিছে তাক!
কাৰাকোৰম পৰ্বতমালাৰে পৰিবেষ্টিত পাক অধিকৃত কাশ্মীৰৰ গিলগিট-বাল্টিস্থানৰ অনন্য সুন্দৰ হুনজা উপত্যকাটোৰ অতুলনীয় সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছে সি৷ তাৰোপৰি এগৰাকী ফ্ৰি লান্সাৰ সাংবাদিক হিচাপে হুনজাবাসীৰ অকথিত কিবা ৰহস্যৰ সম্ভেদ পায়েইবা! লগত তাৰ পাকিস্তানী বন্ধু হাইদৰ৷ ইছলামাবাদৰ পৰা খোলা জীপগাড়ী এখন ভাৰাত আনিছে সিঁহতে৷ চৌবিশ ঘন্টা দুয়ো 'কাৰাকোৰম হাইৱে' ৰে সলনাসলনিকৈ ড্ৰাইভ কৰিছে৷ আৰু কৰিমাবাদৰ 'চিৰিন বিউটি ইন'ত উঠাৰ পাছত ৰাস্তাৰ ভাগৰ দুয়োৰে সমুলঞ্চে নাইকিয়া হৈ পৰিছে৷
'ফুড ভিলা'৷
সিহঁতৰ থকা হোটেলখনৰ কাষতে থকা হুনজাৰ পৰম্পৰাগত খাদ্য পৰিবেশন কৰা ৰেষ্টুৰেণ্টখন৷ ব্যস্ত দুয়ো৷ খাদ্য প্ৰস্তুত কৰি থকা মাক আৰু সহায়কাৰী জীয়েক৷
ভিনৰঙী সুতাৰে চিলাইৰ কাম কৰা চিলচিলাযুক্ত ইৰাঘী টুপী এটাৰে নেভী ব্লু উলেন ফিৰেন পৰিহিতা তাই৷ ডিঙিত এখন ফুলাম স্কাৰ্ফ৷ গ্ৰীক ভাস্কৰ্যৰ দৰেই মোহনীয় চকু, নাক, ওঁঠ, কপাল৷ মাখনৰঙী চাল৷
আৰু ওঁঠৰ কোনত অনবৰতে লাগি থকা হাঁহিটো!
আস্!
দুদিনমান ঘূৰি সি অনন্য সুন্দৰ উপত্যকাটোৰ প্ৰেমত পৰিছিল৷
কেৱল উপত্যকাটোৰেইনে কিবা!
এপ্ৰিকট ফলৰ চৰবতৰ প্ৰেমতো পৰিল সি৷
আৰু?
আৰু তাইৰ!
ৰাগী লাগিবৰ বাবে সদায়েই মদিৰাৰ প্ৰয়োজন নাই৷
তাইক দেখাৰ পৰাই মনটোয়ে উকুলি মুকুলি খেলিবলৈ ল’লে-
"উকুলি মুকুলি দুকুলি কাঁহী,
আদৈ দৈ দোমৰ দাঁহী,
আম পাতে চাম চেলায়,
কঁঠাল পাতে সুৰসুৰায়৷
মাজু আইটি অ'
এইখন এৰি এইখনকে কাট৷"
কোনখন কাটিব সি?
এইখন সে সেইখন?
এইক নে তাইক?
ইয়ালৈ অহাৰ আগতেই মাক-দেউতাক, বৰদেউতাৰ-বৰমাক, মোমায়েক-মামীয়েক আৰু বছা বছা চুবুৰীয়া তথা শুভাকাংক্ষী দুজনমানক লৈ গৈ আকাশীক বাইশ কেৰেটৰ সোনৰ আঙঠি এটা বাওঁহাতৰ অনামিকা আঙুলিটোত পিন্ধাই সাতোটা জনমলৈ বুলি বুক্ কৰি থৈ আহিছে৷ মাক-দেউতাকৰ পচন্দৰ আকাশীৰ সৈতে ফোনত কথা পাতি পাতি একপ্ৰকাৰ প্ৰেমৰো অংকুৰণ ঘটিছে৷
তেতিয়াহ'লে?
অসমৰ এখন অখ্যাত গাঁৱৰপৰা শ শ মাইল আঁতৰৰ এই ঠাইখনলৈ আহি তাৰ মনটো ইমান উতনুৱা হৈ পৰিছে কিয়? সম্পূৰ্ণ এটা বেলেগ ভাষা, সংস্কৃতি তথা দেশ৷ অথচ ইমান আপোন যেন!হৃদয়ৰ পৰা হৃদয়লৈ যাবলৈ বাট বাৰু কেনি? ভাষা নুবুজিলেও ভাৱবোৰ কেনেকৈনো বুজিব পাৰি?
সকলো বাদ দি সি যেন এই উপত্যকাটোতেই থাকি যাব৷
কেৱল তাইৰ বাবেই!
কাশ্মীৰৰ যুৱতীয়ে বাহিৰৰ লোকৰ লগত বৈবাহিক সম্পৰ্ক কৰিব নোৱাৰাৰ নিয়মৰ দৰেটো হুনজাত এনে কোনো নিয়ম নাই৷ যুৱতীৰ পৰিয়াল ৰাজী হলেইটো কথা শেষ!
মৌজোলৰ সৈতে সুগন্ধি এপ্ৰিকট তেলেৰে তৈয়াৰ কৰা গ্যালৰ সৈতে ধোঁৱা বলি থকা মাখনৰ সোৱাদযুক্ত একাপ গাখীৰ চাহ খাই খাই তাইলৈ চাই চাই কিবোৰ যে ভাবি আছে সি! মালপোৱাৰ দৰেই ঘেঁহুৰ আটাৰ এই পিঠাটোৰ স্মকি ফ্লেভাৰটো বৰ পচন্দৰ তাৰ৷ সম্ভৱতঃ কয়লাৰ চুলাত প্ৰস্তুত কৰাৰ বাবেই! ব্ৰেকফাষ্ট কৰি সিহঁত এতিয়া ৰাকাপচি শৃংগলৈ যাব৷ তাৰপাছতহে বাল্টিত ফৰ্টৰ পৰা কৰিমাবাদ আৰু হুনজা ভেলীৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব৷
খাদ্যৰ বিল দিবলৈ গৈ পুনৰ তাইৰ কাষ পালেগৈ সি৷ হাইদৰে ভোক লাগিলে খাবলৈ বুলি চ্চাপশ্বুৰ' দুটা পেকিং কৰি দিবলৈ দিলে৷ মচলাদাৰ মাংস ভৰোৱা, পিজ্জ্বাৰ (পিট্ জা) দৰেই সেইবিধ খাদ্য পেকিং কৰি আনে মানে তাতেই ৰৈ থাকিল সিহঁত দুটা৷ এইবাৰ তাইৰ কাষত আৰু এজনী সুন্দৰী৷ হাইদৰে বুৰুশ্বাকি ভাষাত কথাও পাতিলে তাইৰ সৈতে৷ সি মাথো মুগ্ধ দৃষ্টিৰে পলক নেপেলোৱাকৈ চাইহে থাকিল৷
"ইউ ন', দ্য গাৰ্ল উইথ হাৰ ইজ হাৰ ড’টাৰ৷ কেন ইউ বিলিভ্ শ্বি হেজ আ গ্ৰেণ্ডড’টাৰ টু৷"
আকাশৰ পৰাহে যেন সৰি পৰিল সি৷ কি কয় ই? দুটা ল’ৰাছোৱালীৰ মাক তাই তাৰমানে আইতাকো হ’ল!
"ইউ কান্ট গেছ দ্য এজ অৱ হুনজা পিপ’ল৷ ডে লুক ভেৰী ইয়াং৷"
তাৰ বিস্মিত দৃষ্টি দেখা পাই হাইদৰে পুনৰ কৈ উঠিল৷ ৰাকাপচি শৃংগ দেখিবলৈ কেনেকুৱা খিয়াল নাথাকিল আৰু তাৰ৷ আনকি পাছদিনা বাল্টিত ফৰ্টো৷
সিহঁত আজি যাবগৈ৷ কাপোৰ কাণি কেইটা জাপি ল’লে সি৷ স্বভাৱসুলভ হাঁহিটোৰে তাই বিদায় দিলে সিহঁতক৷ হয়,দুখ সিহঁতে চিনি নাপায়৷ হাঁহিৰেই জগত জিনাৰ যাৰ প্ৰয়াস, সি আৰু দুখক প্ৰাধান্য দিবনে! সিয়ো নিদিয়ে৷ এইকেইদিনৰ ৰাগী লগা সময়খিনিক আলফুলে স্মৃতিত ভৰাই ল’লে সি৷ থাককচোন বয়সৰ অংকটো কিছু দূৰৈতেই!
"গৈ আছোঁ আকাশী৷" মেচেজ এটা টাইপ কৰিলে সি৷
✍ স্বপ্না দত্ত ভৰালী
No comments:
Post a Comment