#গল্প
#অভেদ
ক্লাছিক কেলী গ্ৰীণৰ চিফনৰ শাৰীখনৰ লগত কষ্টলি ব্লেক মেটেলৰ গহণাৰ চেট৷ অৰ্টিফিচিয়েলি ষ্ট্ৰেইট কৰি লোৱা বাৰ্গেণ্ডী কালাৰৰ মেলা চুলি৷ সঁচাকৈয়ে মেটচিং কৰিছে তেওঁক৷ আয়নাত নিজকে চাই আপ্লুত হ’ল ময়ুৰী কাকতি৷ তেওঁ নিজেই ফেশ্বন ডিজাইনৰ৷ গতিকে ড্ৰেচিং চেন্স তেওঁৰ পূৰামাত্ৰাই আছে৷
"ৱাও! লুকিং গৰ্জিয়াছ চুইটহাৰ্ট৷ কালাৰটোয়ে সঁচাকৈয়ে ধুনীয়া লাগিছে তোমাক৷ এনি ৱে, আই এম ইন হাৰী৷ অহা অলপ দেৰি হ’ব পাৰে৷ দুটা অপাৰেচন আছে৷"
"অহ্! চলিহাহঁতৰ এনিভাৰছেৰী পাৰ্টিলৈ তোমাৰ যোৱা নহ’ব মানে!"
স্বামীৰ কথাৰ উত্তৰত ময়ুৰী কাকতিয়ে কিঞ্চিৎ হতাশাৰে ক’লে৷ চহৰৰ এ ক্লাছ কনট্ৰেক্টৰ অভিনন্দন চলিহা ময়ুৰ কাকতিৰ ক্লাছমেট হোৱাৰ লগতে পত্নী ৰিয়া তেওঁৰ এগৰাকী নিয়মীয়া ক্লাইন্ট৷ এনিভাৰছেৰীৰ পাৰ্টিত পিন্ধিবলগা ৰেডিয়েণ্ট ইয়েল’ শাৰীখন ময়ুৰী কাকতিৰ বুটিকৰ পৰাই লোৱা৷ উইথ একচেচৰীজ৷ পাৰ্টিটো সেয়ে কোনোপধ্যেই মিচ কৰিব নোৱাৰি৷
"ডন্ট মাইণ্ড হানী৷ তুমিয়েই এপাক মাৰি আহিবা৷ মই বাৰু চলিহালৈ কল এটাকে কৰি উইছ্ কৰিম৷"
ময়ুৰী কাকতিৰ চাৰ্জন স্বামীয়ে কথাকেইটা কৈ ধুমুহাৰ গতিৰে ওলায় গ’ল৷ বৰ ব্যস্ত থাকিব লাগে তেওঁ৷ নিজৰে নাৰ্ছিংহম এখন আছে৷ উপায় নাই৷ প্ৰফেছনটোয়েই তেনেকুৱা৷ তাৰমানে প্ৰায়েই কৰাৰ দৰে আজিৰ গধূলিৰ পাৰ্টিতো তেওঁ অকলেই এটেণ্ড কৰিব লাগিব!
"মীৰা, একাপ কফি দিবা৷"
ময়ুৰী কাকতিয়ে চোফাত হেলান দি মীৰাক চিঞৰিলে৷ আজি ৰাতিপুৱা বেলাটো চানচেট অৰেঞ্জৰ বেলেগ বেলেগ শ্বেদৰ ওপৰত ডিজাইনিং কৰিলে৷ দুপৰীয়ালৈ মাথাটো সামান্য টিঙটিঙোৱা যেন লগাত লান্স কৰি এঘন্টামান শুয়ো ল’লে৷ এতিয়া ফ্ৰেছ হৈ আহিহে ভাল লাগিছে৷ কফি একাপ খাই ললে পুনৰ কিছুসময় কামত লাগিব পাৰিব৷
" মে’ম কফি৷"
মীৰাৰ মাতত ময়ুৰী কাকতিয়ে মুদি থকা চকুহাল মেলি চালে৷ তেওঁলোকৰ একমাত্ৰ জী এপলীৰ কেয়াৰটেকাৰ মীৰা৷ ক্লাছ এইটত পঢ়া এপলীয়ে সৰুৰেপৰা মাক দেউতাকতকৈ বেছিকৈ মীৰাৰ সান্নিধ্যহে পাই আহিছে৷
"এপলী আহিবৰ হৈছেনে? তাইৰ টিউচনৰ সময় হ’বৰ হ’লেই চাগৈ! ফোন এটা কৰি চোৱাচোন৷ ছোৱালীজনীক যাবলৈ মানা কৰিলেও নুশুনে নহয়৷"
এপলী তাইৰ ফ্ৰেণ্ড ত্যানিশাৰ বাৰ্থডেলৈ গৈছে৷ ত্যানিশাৰ মাকেও ফেশ্বন ডিজাইনিং কৰে৷ শেহতীয়াকৈ তেওঁ নামো কৰিছে৷ একেই প্ৰফেছনৰ মানুহগৰাকীৰ প্ৰতি মনৰ একোনত পুহি ৰখা অব্যক্ত ঈৰ্ষাৰ বাবেই হয়তো ময়ুৰী কাকতিয়ে জীয়েকক বান্ধৱীৰ বাৰ্থডেলৈ পঠিয়াবলৈ মন নাছিল৷ এপলীৰ আব্দাৰত বাধ্য হৈ হে ড্ৰাইভাৰৰ সৈতে তাইক পঠিয়াই দিলে৷ এতিয়া ইমানপৰে নহা দেখি কফিৰ কাপত চুমুক দি ময়ুৰী কাকতিয়ে সামান্য বিষেদাগাৰ ব্যক্ত কৰিলে৷
"বাইদেউ৷ ভালে আছেনে?"
স্মিত হাঁহি এটা মাৰি ছোৱালীজনী সোমাই আহিল৷ জুনুকা৷ এপলীৰ প্ৰাইভেট টিউটৰ৷ মাছটাৰ্চ কমপ্লিট কৰি ঘৰতে থকা সিটো চুবুৰিৰ ছোৱালীজনীক কেইটামান টকা বেছিকৈয়ে দি এপলীক পঢ়ুৱাবলৈ লগাইছে তেওঁ৷ কম্পিটেটিভ পৰীক্ষা দিবৰ বাবে তৈয়াৰী কৰি থকা অমায়িক ছোৱালীজনী পঢ়াত যথেষ্ট ভালো৷
"আহা, আহা জুনুকা৷ বহা৷ আমাৰ এই লগৰ ছোৱালীৰ বাৰ্থডে খাবলৈ গৈ আহিয়েই পোৱা নাই নহয়৷ মীৰা...... মীৰা... ফোন কৰিলানে তাইলৈ?"
মীৰাক কথাকেইটা কৈ থাকোঁতেই ময়ুৰী কাকতিয়ে তেওঁৰ ঘনিষ্ঠ বান্ধৱী ভেলেন্টিনালৈ ফোনটো লগাই থাকিল৷ কথাকে দুআষাৰ পতা যাওক৷ পিছে দুবাৰ ৰিং হৈ হৈ বন্ধ হৈ যোৱাত তেওঁ আৰু পুনৰবাৰ নকৰি ফোনটো চোফাতে থৈ দিলে৷
"এইমাত্ৰ কৰিলোঁ বাইদেউ৷ তাই আহিবলৈ লৈছেই৷ গাড়ীখন গৈ পালেই আহিব৷ মই ড্ৰাইভাৰক কৈছোঁ যাবলৈ৷"
"বাৰু, বাৰু৷ এটা কাম কৰা৷ এওঁলৈয়ো কফি একাপ আনা৷"
ময়ুৰী কাকতিয়ে মীৰাক নিৰ্দেশ দিলে৷
"নাই, নাই৷ নালাগে বাইদেউ৷ মই ঘৰৰ পৰা ওলাওঁতে লাল চাহ একাপ খায়েই আহিছোঁ৷"
তেওঁৰ কথাত জুনুকা ব্যস্ত হৈ পৰিল৷
"এহ্! একো নহয় দিয়া৷ পাৰিবা৷"
মৃদু হাঁহিৰে ময়ুৰী কাকতিয়ে কৈ উঠিল৷ কামৰ ব্যস্ততাৰ বাবে সপ্তাহটোৰ সাতদিনেই এপলীক পঢ়ুৱাবলৈ অহা ছোৱালীজনীক তেওঁ দেখাই নাপায়৷ আজি ৰবিবাৰ বুলিহে ঘৰত আছে! তাকো গধূলি আকৌ ওলাই যাব লাগিবই৷
"আপোনাক সেউজীয়া শাৰীখনত বৰ ধুনীয়া লাগিছে বাইদেউ৷"
জুনুকাৰ সৰলভাৱে কৰা প্ৰশংসাত ময়ুৰী কাকতিয়ে হাঁহিলে৷ ডিজাইনৰ ৱেৰ৷ ভাল নলগাৰ কথা আছেনে!
"এইখন অনামিকাৰ শ্ব ৰুমৰ পৰা অনা৷ যোৱামাহত যে বাহিৰলৈ ফুৰিবলৈ গৈছিলোঁ, তেতিয়া৷"
ময়ুৰী কাকতিয়ে কেজুয়েলি কথাটো কৈ থলে৷ মিডল ক্লাছ ছোৱালী জুনুকা৷ অনামিকাৰে হওক বা মাচাবা গুপ্তাৰ কালেকচনেই হওক, তাই জানো তাৰ মূল্যটো জানিব!
"বাইদেউ৷ এইখন শাৰীৰ লগত কলা ৰঙৰ মোটা মোটা মণিৰ মালা পিন্ধিবচোন৷ আৰু ধুনীয়া লাগিব৷"
জুনুকাৰ কথাত মনে মনে টিঙিচকৈ খং এটা উঠি আহিল ময়ুৰী কাকতিৰ৷ কি পিন্ধিব লাগে ময়ুৰী কাকতিক শিকাবলৈ আহে! ফেশ্বন ডিজাইনাৰ ময়ুৰী কাকতিক! হুহ্! জুনুকাৰ কথাত একো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলে তেওঁ৷ তেওঁৰপৰা একো সঁহাৰি নাপায় জুনুকাই মীৰাই দি যোৱ কফিকাপত মনোযোগ দিলে৷
"হেল্ল, ৰিয়া৷ শুনিছানে?"
ময়ুৰী কাকতিয়ে এইবাৰ তেওঁৰ এচিচটেণ্ট ৰিয়ালৈ ফোন লগালে৷ ইচাটি বিচাটি হিয়া মন তেওঁৰ৷ জুনুকাৰ দৰে কোনোবাই তেওঁক জ্ঞান দিবলৈ অহাৰ ধৃষ্টতা কৰাটো কোনোপধ্যেই সহ্য কৰিব নোৱাৰি৷
"আচ্ছা ৰিয়া৷ তোমাৰ কামখিনি হ’লনে? কালাৰকেইটা মই কোৱাৰ দৰেই ৰাখিবা৷ ট্ৰেণ্ডিংত আছেটো! আৰু মই কোৱা শ্বটো চাবা৷ বৈশালী এচ.ৰ৷ কিছু শিকিব পাৰিবা৷ আফটাৰ অল শ্বি ইজ দ্যা ফাৰ্ষ্ট হট্ কুটুৰিয়ান টু ৰিপ্ৰেজেণ্ট ইণ্ডিয়া অন ইন্টাৰনেচনেল বেচিচ্৷
এহ্.... চানিয়াৰ কথা বাদ দিয়া৷ হোৱাট শ্বি নউজ্ এবাউট ফেশ্বন ডিজাইনিং! ইজ নট ইট? আচ্ছা, ৰাখিছোঁ এতিয়া৷ চি ইউ টুমৰু৷"
ফোনটো থৈ তেওঁ এইবাৰ কেৰাহিকৈ জুনুকালৈ চালে৷ তাই তলমুৱাকৈ ফোনটোত কাৰোবালৈ কিবা টাইপ কৰি আছে৷ কিমানৰ মানুহ তাই! নিজৰ জেগাত থাকিব লাগে৷ তেওঁ ক’ত আৰু জুনুকা ক’ত! ফেশ্বনৰ জগতখনৰ সকলো খবৰ যে তেওঁৰ নখদৰ্পণত, আৰু তেওঁ কিমান আপডেটেড সেইটো কথা প্ৰকাৰন্তৰে তাইক বুজাব পাৰি ময়ুৰী কাকতিৰ মনটোত শান্তি লাগিল৷ মনত সন্তুষ্টি এটা লৈয়ে তেওঁ এইবাৰ বাজি থকা ফোনটো ৰিচিভ কৰিলে৷ ভেলেণ্টিনাই কৰিছে৷
"হয়, হয়৷ এনেই কৰিছিলোঁ৷ আজি বিশেষ কাম নাই বাবেই৷ ভাল নহয়?"
"আমাৰ এইজনীও নহয়! যাবলৈ ত’ত নাই৷ খঙেই উঠিছে মোৰ৷"
"বুটিকৰ অপেনিঙত মাতিছে নে? ইস্! মই যে যোৱাত নাই দেই৷ ইউ ন’ এবাউট মি না৷ হেভ টু বি ভেৰী বিজি৷ এনেবোৰ চিপ প্ৰগ্ৰামৰ বাবে ন’ টাইম এট্ অল৷"
টুকুৰা টুকুৰ কথাবোৰ কোঠাটোত উফৰি থাকিল৷ হাঁহিৰ ফোঁৱাৰাও উৰিল৷ এপলীৰ বান্ধৱী ত্যানিশাৰ মাকৰ ফাইনেন্সিয়েল কণ্ডিচনৰ পৰা লাইফ ষ্টাইলৰ কথাৰে জমি উঠিল গচিপ৷ ভেলেন্টিনাই আচলতে আনৰ ঘৰৰ ভিতৰচৰাৰ খবৰেৰে নিজকে জোখতকৈ বেছি আপডেটেড কৰি ৰাখে৷ তাইৰ সৈতে কথা পাতি নিজৰ ইগ’ চেটিচফাইড কৰাৰ আমেজেই সুকীয়া৷
"ইস্! তুমিচোন একো নাখালাই৷ পেষ্ট্ৰী এটুকুৰাকে লোৱা৷"
জুনুকাৰ সন্মুখত মীৰাই কফিৰ সৈতে দি যোৱা মিঠাইৰ প্লেটখন একেভাগেই থকা দেখি ফোনটো থৈ ময়ুৰী কাকতিয়ে কৃত্ৰিম ব্যস্ততাৰে কৈ উঠিল৷
"নাই বাইদেউ৷ আজি ভাত খোৱাও দেৰি৷ নাখাও দিয়ক৷ নহলে পাছত বদহজম হ’ব৷"
চালাক মানুহ ময়ুৰী কাকতি৷ তেওঁৰ চকুত চকু থৈ কথাষাৰ কোৱা জুনুকাৰ চকুৰ কৌতুকৰ দৃষ্টি তেওঁৰ চকুৰ পৰা সাৰি নগ’ল৷ তেওঁ পিছে জুনুকাৰ কলা পৰা মুখখন চাবলৈহে আশা কৰি আছিল৷ তাৰ বিপৰীতে তাইৰ চকুৰ কৌতুকৰ দৃষ্টি ময়ুৰী কাকতিয়ে হজম কৰিবলৈ যেন অলপ অসুবিধা পালে! আনদিনা তেওঁক দেখা পালেই তাইৰ চকুত ফুটি উঠা সম্ভ্ৰমৰ চাৱনি এইটো মুহূৰ্তত নাই৷ জুনুকাই তাৰমানে ময়ুৰী কাকতিৰ ভিতৰখন পঢ়ি পেলালে! নিজকে সদায় আনৰ পৰা পৃথক বুলি সাংঘাতিক উচ্চাত্মিকাবোধত ভূগা ময়ুৰী কাকতিক জুনুকাৰ এই দৃষ্টিয়ে আজি যেন ধৰাশায়ী কৰি গ’ল!
স্বপ্না দত্ত ভৰালী
No comments:
Post a Comment