#গল্প
" অই , ৰাতিপুৱাই ৰাতিপুৱাই যে ফেট্ তুলি মুখৰ আগত ৰৈ আছ ? ভিতৰত থাকিব নোৱাৰ ? শুভ কাম এটাত ওলাইছিলো ৷ এইবোৰৰ পৰা উপায় নাইকিয়া হল আৰু ৷ " ৰাতিপুৱাই ৰহিলাখুৰীৰ কথাষাৰে সৰলাৰ অন্তৰত শেল মৰাদি মাৰিলে ৷ চোতালখন সাৰি সাৰি গেটৰ ওচৰ পাইছিলগৈহে মাত্ৰ ৷ কেনেকৈনো জানে ৰহিলাখুৰী সেইসময়তে কৰবালৈ ওলাব বুলি ! জনাহলে তাই কেতিয়াও নোলালহেঁতেন ৷ ৰহিলাখুৰীৰ মুখৰ ওপৰত কথা কবলৈ কাৰ সাধ্য আছে? সৰলাই পৰাপক্ষত তেওঁৰ মুখামুখি নহবলৈকে চায় ৷ বিয়া হোৱাৰ বাৰবছৰৰ পাছতো লৰা-ছোৱালী এটা নাইহোৱা বুলি ৰহিলাখুৰীয়ে তাইক কথাৰে থেকেচিয়েই থাকে ৷ বুকুফাটি যোৱা শব্দৰে তাইক থকাসৰকা কৰি তেওঁ যেন এক আসুৰিক আনন্দ পায় ! তেনে যেনেই লাগে সৰলাৰ ৷
তাইৰো মন যায় 'সোণ' বুলি কাৰোবাক মাতিবলৈ ৷ বুকুৰ সমস্ত মমতা ঢালি কাৰোবাক আকোঁৱালি লবলৈ ৷ কিন্তু মন গলেই জানো সকলো হয়? নিচুকনি গীত গাই শুৱাবলৈ , ওফোন্দ পাতিলে ঠেহ্ ভাঙিবলৈ বা সাধু কৈ কৈ ভাত কেইটা খুৱাই আচঁলেৰে মুখ মচি দিবলৈ কেচুঁৱা একন জানো তায়ো বিচৰা নাছিল ? গিৰিয়েকক এইবোৰ কথা কৈ কৈ হিয়া উজাৰি কান্দে তাই কেতিয়াবা ৷ শাহুৱেকে একো নকয় যদিও লোকৰ সৰু সৰু লৰা-ছোৱালী দেখিলে মুখখন মোলান পৰি যায় ৷ চকুৰ দুকোণত জমা হোৱা দুখ তাই নেদেখাকৈ মচি পেলাই যদিও তাই কিন্তু ঠিকেই ধৰিব পাৰে ৷ সকলো ঈশ্বৰৰ ইচ্ছা বুলিয়েই তেওঁ তাইক সান্ত্বনা দিবলৈ চেষ্টা কৰে ৷
সৰুতে তাই মাকৰ মেখেলা চাদৰ পিন্ধি মাক মাক খেলিবলৈ বৰ ভাল পাইছিল ৷ খেলৰ পুতলা আছিল তাইৰ বুকুৰ কেচুঁৱা ৷ কিন্তু বাস্তৱত যে তাইক মা বুলি মাতিবলৈ কোনো নাহিব সেই কথা তাই সপোনতো ভবা নাছিল ৷ জীৱন্ত পুতলা এটা বুকুত সাৱটি লোৱাৰ হাবিয়াস পূৰ নহব বুলি কল্পনাও কৰা নাছিল ৷ ডাক্তৰৰ মতেতো এটাৰো বিশেষ অসুবিধা নাই ৷ কিন্তু ভগৱানে নিদিলে মানুহে কিয়েইবা কৰিব পাৰে? এৰা, সকলো তেওঁৰেই লীলা ৷ কাকোৱেই তেওঁ পূৰ্ণতাৰে উপচাই এই পৃথিৱীলৈ নপঠাই ৷ সকলোৰে কোনোবা নহয় কোনোবাফালে অপূৰ্ণতা থাকিবই ৷ সকলো থাকিলে তেওঁকনো আৰু কি বিচাৰিব? সৃষ্টিয়ে তেতিয়া স্ৰষ্টাকেই পাহৰি নাযাবনে? সৰলাই নিজৰ কথাকেই ভাবে , ধনে-ধানে , গৰুৱে-ছাগলীয়ে নদনবদন ঘৰ তাইৰ ৷ স্বামী আৰু শাহুৰ অযুত মৰম তাইলৈ ৷ দুখ বুলি কবলৈ আৰু একো নাছিল তাইৰ ৷ সেইকাৰণে ভগবানে তাইক এইটো দুখ দিলে নেকি? কতদিন সপোনত দেখিছে তাই , এধানিমান কহুঁৱাকোমল হাতে খামুচি ধৰিছে তাইৰ দুহাত , আচঁলৰ তলত লুকাভাকু খেলিছে এখন গুলপীয়া মুখে , এক নিস্পাপ-নিৰ্মল হাঁহিৰ খলকনিয়ে দি গৈছে তাইক সৰগীয় সুখ ৷ সেই সপোন দেখাৰ দিনা একোতেই মন নবহে তাইৰ ৷ উকা উকা ভাৱ এটাই অহৰহ পীড়া দি থাকে তাইক ৷ সকলো থাকিও একো নাই নাই যেন ৷ তাতে কিছুমান মানুহৰ বক্ৰ কথা আৰু চাৱনিয়ে আৰু অলপ হতাশালৈ ঠেলি দিয়ে ৷ মানুহৰ আগত ওলাবলৈকে বাদ দিছে সৰলাই ৷ একেবোৰ কথাকে কিমাননো শুনি থাকিব? গাওঁৰ বিয়া সকামলৈকো পৰাপক্ষত নাযায় তাই ৷ শাহুৱেককে পঠিয়াই ৷ নগলে নোহোৱা দুই এখনলৈহে পাক এটা মাৰে ৷
সিদিনা সিহঁতৰ চুবুৰিৰে মৌমনৰ বিয়া ৷ বিয়া মানে তোলনি বিয়া ৷ মাজে মাজে গৈ তাই এইকেইদিন মৌমনৰ খবৰ লৈ আছে ৷ দুই এটা কামত মাককো সহায় কৰিছেগৈ ৷ ঘৰতে ওলোৱা গৰুৰ গাখীৰ এপোৱামানকৈ নপগোৱাকৈ তাইলৈ ৰাতিপুৱা ৰাতিপুৱা পঠিয়াই দিছে ৷ বৰতীয়া ছোৱালী দেহি ! মৌমনৰ মাক আৰু তাই প্ৰায় একেসময়তে বিয়া হৈ অহা সেইখন গাওঁলৈ ৷ তাইৰো ছোৱালী এজনী থকাহলে এতিয়ামানে তোলনিয়েই হলগৈহেঁতেন চাগৈ ৷ ভাবিলে বুকুখন মোচৰ খাই আহে তাইৰ ৷ নিজৰ সন্তানৰ দৰেই মৰম কৰা মৌমনৰ বিয়ালৈ নগলেতো নহব ৷ মুগাৰ মেখেলা আৰু গাড়ীদিয়া চাদৰ এখন পিন্ধি বিয়ালৈ বুলি শাহুৱেকৰ লগত ওলাই গল তাই ৷ বিয়াঘৰৰ উদুলিমুদুলিৰ মাজত তাই নিজকে ৰহিলাখুৰীৰদৰে মানুহবিলাকৰ চকুৰ পৰা নিজকে লুকুৱাবলৈও চেষ্টা কৰি থাকিল ৷
কইনাক নোৱাই আনি ৰভাতলীত বহুৱাইছেহি ৷ দুগৰাকীমানে কইনা সজোৱা ছোৱালীজনীক যুতি যুতি বিয়ানাম গাই ধেমালি কৰিছে ৷ কোনোবা কোনোবাই আকৌ তাৰ মাজতে কনাই-কোলা লৈছে ৷ পিঠাগুৰিৰ ডলাখন লৈ দুগৰাকীমান সাজুৱেই হৈ আছে নহয় সানিবলৈ ৷ সৰলাও গৈ অলপ পিছৰ ফালে বহি ললেগৈ ৷ তাইৰ কাষতে ধুনীয়া মানুহএগৰাকী ফুট্ ফুটীয়া কেঁচুৱা এটা লৈ বহি আছে ৷ মাকৰ খাৰু এপাত টানি টানি আপোনমনে খেলি থকা ল'ৰাটো দেখিলেই একোলা লবলৈ মন যোৱা ৷ তাই একোলা লম বুলি ভাবোতেই জয়ানবৌয়ে আহি চাহত লাগি দিবলৈ বুলি মাতি নিলেহি ৷ চাহ বাকি থাকোঁতেই কথাটো ক'লে জয়ানবৌয়ে ৷ ধুনীয়া মানুহগৰাকী মৌমনৰ মামীয়েকৰ লগত আহিছে ৷ ভনীয়েক বোলে ৷ বিয়া হোৱাৰ পাঁচটা বছৰৰ পাচতো ল'ৰা-ছোৱালী নোহোৱাত অনাথ আশ্ৰমৰ পৰা কেঁচুৱাটো তুলি লৈছে হেনো ৷ কথাটো শুনি সৰলাৰ মনটো ভৰি আহিল ৷ হয়তো ! মাক হবলৈ হলে যে অকল নিজেই সন্তান জন্ম দিব লাগিব বুলিতো কথা নাই ৷ নিজৰ সন্তানক সকলোৱে মৰম কৰে, কিন্তু লোকৰ সন্তান এটাক নিজৰ বুলি বুকুত সাৱটি লব পৰাতো কম কথানে ? জন্মদাত্ৰীতকৈও পালিতা মাতৃ মহান ৷ নহলেনো কৃষ্ণৰ নামৰ লগত দৈৱকীতকৈ যশোদাৰ নামহে বেচি কিয় উচ্চাৰিত হয় ?তাইক মাতৃসুখ লাগে ৷ নহওক লাগিলে সি তাইৰ নিজৰ তেজ মঙহৰ ! সৰলাই মনতে এটা সিদ্ধান্ত ল'লে ৷ এই সিদ্ধান্ত তাইৰ মাতৃ হোৱাৰ সিদ্ধান্ত ৷ দৈৱকী হব নোৱাৰিলেও যশোদা হোৱাৰ সিদ্ধান্ত ৷
স্বপ্না দত্ত ভৰালী ৷
১৯/৮/২০১৯
Vaal lagil
ReplyDeleteধন্যবাদ😊😊
DeleteBor val lagil ba.
Deleteখুৱ সুন্দৰ
ReplyDelete