#চাহ ( খণ্ড-১৩ )
মাধৱনৰ লগত কথা পাতি কুন্দনৰ মনটো অলপ মুকলি লাগিল ৷ মনোৰোগ বিশেষজ্ঞ মাধৱন তাৰ বন্ধু বুলিহে ৷ নহলে জানো সি ইমানবোৰ কথা গম পালেহেঁতেননে? বেলেগ এজন ডাক্তৰক দেখুওৱা হ’লেও সি ইমানকৈ ফোন কৰি বা যিকোনো কথা সুধিবলৈ নিশ্চয়কৈ সংকোচ কৰিলেহেঁতেন ৷ ভগৱানক সেইবাবে সি ধন্যবাদ দিলে ৷ তাৰ দৃঢ় বিশ্বাস হ’ল যে মাধৱনে তাৰ আগৰ প্ৰিয়ংকাজনীক ঘুৰাই দিব ৷
সেইদিনা আবেলিলৈ সি ৰুণিমাৰ পৰা খবৰ পালে ৷ ৰশ্মিৰ খবৰ পোৱা গৈছে ৷ মাক দেউতাক গুৱাহাটীত থাকে যদিও তাই স্বামীৰ লগত মোম্বাইত থাকে ৷ ৰুণিমাই তাইৰ ফোনৰ নম্বৰটো কুন্দনলৈ পঠাই দিলে ৷ কুন্দনে ডাক্তৰৰ লগত কথা পাতিহে ৰশ্মিৰ লগত যোগাযোগ কৰিবনে নকৰে সেই সিদ্ধান্ত ল’ব বুলি ৰুণিমাক ক’লে ৷
দুদিনমানৰ পৰা প্ৰিয়ংকাক মাধৱনে প্ৰেচক্ৰাইব কৰা দৰৱ দিবলৈ আৰম্ভ কৰিছে কুন্দনে ৷ দৰৱ খাবলৈ প্ৰিয়ংকা মান্তি নোহোৱাত মাধৱনৰ পৰামৰ্শমতে গাখীৰ একাপতে মিহলাই দৰৱটো খুৱালে সি ৷ তাইৰ মতে তাইৰটো একো অসুখ হোৱা নাই ৷ দৰৱ কিয় খাব ? দৰৱ খাই তাইৰ সুন্দৰকৈ ৰাতিটো শুলে ৷
দুদিনমানৰ পাছত কুন্দনে এদিন পুনৰ ৰশ্মিৰ কথা উলিয়ালে ৷ ৰশ্মি বুলি কোনো আচলতে তাইৰ ওচৰলৈ অহাই নাছিল , আৰু তাই কাল্পনিক ৰশ্মিৰ লগতহে কথা পাতি আছিল সেইটোও ক’লে ৷ নাই, প্ৰিংয়কাই কোনোপধ্যেই বিশ্বাস নকৰিলে সেই কথা ৷ কুন্দনে তাইক বুজাবলৈ চেষ্টা কৰিলে ৷ নাই , তাই নুবুজে ৷ "তুমি কি মোক পাগল বুলি ভাবিছানেকি?" বুলি তাক উভতি ধৰিলে ৷ তাইৰ খং উঠা যেন দেখি সি মনে মনে থাকিল ৷ তাইৰ মতে ৰশ্মি আছে ৷ হয়তো কিবা এটা ভুল হ’বও পাৰে ঠিকনাটো লিখোঁতে ৷ সেইবুলি কি কুন্দনে তেনেকৈ ভাবিব লাগে নেকি ? কুন্দনে কিছু সময় মনে মনে থাকিল ৷ তাৰপাছত কাম কৰা মানুগৰাকীয়ে কোৱা কথাটো তাইৰ আগত ক’লে ৷ লগে লগে প্ৰিয়ংকাই কাম কৰা মানুহগৰাকীক মাতি আনি সুধিয়েই দিলে , "তুমিটো সেইদিনা মোৰ বান্ধৱীক চাহ দিছিলা ! দিয়া নাছিলা জানো? তেন্তে কিয় ক’লা তেনেকৈ?" প্ৰিয়ংকাৰ খং উঠা দেখি মানুহগৰাকীয়ে ভয়ো খালে ৷ তথাপি তেওঁ ক’লে যে "চাহাবে ঠিকেই কৈছে ৷ সেইদিনা আপুনি কথা কৈ আছিল কিন্তু আপোনাৰ ওচৰত কোনো নাছিল ৷ আৰু আপুনি দুকাপ চাহ দিবলৈ কোৱাত মই ভয়তে চাহ দুকাপ দি লগে লগে আপোনাক নোকোৱাকৈয়ে বাহিৰলৈ গুচি গলোঁ ৷ চাহাব অহালৈকে গেটৰ ওচৰত ৰৈ থাকি মই আৰু ইয়াত কাম নকৰোঁ বুলি কৈছিলোঁ ৷ কিন্তু চাহাবৰ কথা পেলাব নোৱাৰি কামত আহি থাকিলোঁ ৷ মই মিছা কোৱা নাই মেডাম ৷ মিছা কৈ মোৰ কি লাভ ? কামটো এৰিবলৈয়ো মোৰ মন নাই ৷ আনতকৈ বেছিয়েই পইচা পাইছোঁ ইয়াত ৷" একেৰাহে কথা কেইটা কৈ মানুহগৰাকী ৰৈ গ’ল ৷ প্ৰিয়ংকাই অবাক দৃষ্টিৰে এবাৰ তাইলৈ আৰু এবাৰ কুন্দনলৈ চালে ৷ তাৰপাছত মুৰটোত হেঁচি ধৰি তাই চোফাখনত আউজি দিলে ৷ ঘৰলৈ যোৱাৰ সময় হোৱাত কামকৰা মানুহগৰাকী গ’লগৈ ৷
কিছুসময়ৰ পাছত প্ৰিয়ংকাই কৰুণ দৃষ্টিৰে কুন্দনলৈ চাই সুধিলে , "সঁচাকৈয়ে মই বাৰু পাগল হলোঁ নেকি?" তাইৰ দৃষ্টিয়ে কুন্দনৰ অন্তৰ ভেদ কৰি গ’ল ৷ তাইক সাৱটি লৈ সি কৈ উঠিল , "নহয় অ' ৷ তেনেকৈ নাভাবিবা ৷ আচলতে অকলে অকলে থাকি থাকি কিবা এটা ভ্ৰমৰ দৰে হৈছিল ৷ তুমি কথাটো বুজি পালা যদি চাবা সোনকালেই ভাল পাবা ৷ " কথাবোৰ কৈ কৈ কুন্দনে তাইৰ মুৰটো মোহাৰি থাকিল ৷
সেইদিনা ৰাতিৰ সাজ খোৱাৰ পাছত প্ৰিয়ংকাই টেবলেটটো খাবলৈ আপত্তি নকৰিলে ৷ কুন্দনৰ ভাল লাগিল ৷ তাইক শুবলৈ দি সি ওচৰতে বহি থাকিল ৷ তাইৰ টোপনি যোৱাৰ পাছত সি মাধৱনলৈ ফোন কৰি কথাখিনি জনালে ৷ মাধৱনে তাৰ কথাবোৰ মন দি শুনিলে ৷ সি মন্তব্য দিলে যে আৰোগ্যৰ পথত প্ৰিয়ংকাই প্ৰথমটো খোজ দিছে ৷ কাৰণ তাই যে বুজি পাইছে কিবা এটা হোৱা বুলি , এতিয়া তাইক চিকিৎসা কৰিবলৈ সহজ হ’ব তাৰ বাবে ৷ কিছুমান ৰোগীয়ে কেতিয়াও মানি ল’ব নোখোজে যে তেওঁৰ ভ্ৰম হৈছে বা তেওঁৰ অসুখ ৷ তেতিয়াই চিকিৎসাৰ ক্ষেত্ৰত কিছু জটিলতাই দেখা দিয়ে ৷ তেনেবোৰ লোকক আনকি টেবলেট এটা খুৱাবলৈও সমস্যা ৷ স্বজ্ঞানে তেওঁলোকে কেতিয়াও সহযোগ নকৰে ৷ পাছদিনা প্ৰিয়ংকাক তাৰ চেম্বাৰলৈ লৈ যাবলৈ কৈ মাধৱনে ফোনটো থলে ৷ কুন্দনে যেন আজি আশাৰ কিৰণ এটা দেখা পালে ৷
মনটো ভাল লাগি গ'ল দেই
ReplyDelete