#গল্প
#সপোনৰ সুখ
আইতা আহিছে ৷ মানে ৰুণজুনৰ আইতাক আহিছে ৷ গুৱাহাটীৰ সিহঁতৰ তিনিটা বেডৰুমৰ ফ্লেটটোলৈ কেইদিনমান থকাকৈ সিহঁতৰ শিৱসাগৰৰ গাওঁৰ ঘৰৰ পৰা আইতাক আহিছে ৷ ৰুণজুনৰ উথপথপ মন ৷ ক্লাছ ফৰ্ ত পঢ়া ৰুণজুনৰ স্কুল যাবলৈকো মন নোযোৱা হৈছে আইতাক থকাৰেপৰা ৷ অকল যেন তাই আইতাকৰ লগতে কথা পাতি থাকিব ! আইতাকৰ সাধু সাধু লগা কথাবোৰেই যেন শুনি থাকিব ! নহলে কথা পাতিবলৈ লগেই নাই দেখোন ? চাৰেতিনিবছৰীয়া ভায়েক গুদুৱে কথা পাতিবই নাজানে ৷ ঘৰত কেৱল এন্ জি অৰ পৰা অনা কামকৰা মানুহজনী আৰু সিহঁতক চোৱা-চিতা কৰা আয়াজনীৰ লগতহে থাকিব লাগে ৷ মাক দেউতাক দুয়োজন সিহঁত শুই উঠো নুঠো হওঁতেই অফিচ যাবই লাগে ৷ অফিচ কেতিয়াবা নাথাকিলেও ঘৰতো লেপ্ টপ্ ত অফিচৰ কামতে ব্যস্ত হৈ থাকিব লাগে ৷ ৰুণজুনৰ মাক দেউতাক দুয়োজনেই একেটা কোম্পানীতে চাকৰি কৰে ৷ মাল্টিনেশ্বনেল কোম্পানী ৷ দেউতাক এক্জিকিউটিভ ইঞ্জিনীয়াৰ আৰু মাক অফিচ এচিচটেণ্ট ৷ গতিকেই তেওঁলোকৰ কামৰ হেঁচাও বহুত ৷ ৰুণজুন আৰু গুদু সৰুৰেপৰা আয়াৰ হাততে ডাঙৰ হোৱা ৷ ৰুটিনৰ মাজত আবদ্ধ ৰুণজুনৰ দিনবোৰ ৷ ৰাতিপুৱা শুই উঠি দাঁত ব্ৰাছ কৰি আহে মানে টেবুলত ব্ৰেকফাষ্ট ৰেডি কৰি দিয়ে আয়াই ৷ চকু কাণ মুদি ব্ৰেড-বাটাৰ, গাখীৰ-কল যি পাৰে লেকেটিয়াই-পেকেটিয়াই মুখত ভৰাই চোবাই থাকে মানে স্কুলবাচ আহি পাবৰে হয় ৷ বলে নোৱাৰা স্কুলবেগটো পিঠিত হেকেৰা হেকেৰ কৈ লৈ গৈ কোনোমতে বাচত উঠি স্কুল পোৱাৰ পাছতটো ইটোৰ পাছত সিটো ক্লাছ কৰোঁতে কেতিয়া চুটিৰ সময় হয় কবই নোৱাৰে ৷ টিফিন টাইমতে যি লগৰ কেইজনীৰ লগত কথা পাতিবলৈ সময় পায় ৷ কথা পাতোতে পাতোতে কেতিয়াবা টিফিন খাবলৈও পাহৰি যায় তাই ৷ চুটিৰ পাছত আকৌ ঘৰলৈ গৈ ভাত কেইটা কোনোমতে খাই উঠোতেই টিউচন মাষ্টৰ আহি পায়েই যায়হি ৷ টিউচন চাৰ যোৱাৰ পাছত স্কুলত দিয়া হোমৱৰ্কবোৰ কৰোত কৰোতে গধুলী হয়গৈ ৷ মাক দেউতাক আহোঁতে আহোঁতে বহুত ৰাতি কৰে কেতিয়াবা ৷ টি ভিত কাৰ্টুন চাই থাকোতেই টোপনিয়ে হেচাঁ মাৰি ধৰে তাইক ৷ শনিবাৰ আৰু দেওবাৰে টিউচন নাহে যেনিবা ! কিন্তু হলে কি হব ? সেইদুদিন আৰ্টৰ স্কুল আৰু ডান্সৰ স্কুল যাব লাগে ৷ মাজতে চুইমিং ও শিকিছিল তাই ৷ সময় মিলাব নোৱাৰি যেনিবা সেইটো এৰি দিব লগা হল ৷
ভায়েক গুদুক এতিয়ালৈকে স্কুলত দিয়া নাই ৷ দিয়াৰ কথা মাক দেউতাকে গুণাগথা কৰি আছে ৷ কিন্তু সি লৰাটোৱে কথা নকয় ৷ তাৰ বয়সৰ লৰাই যিকেইটা কথা কয় , সি তাৰ চাৰিভাগৰ এভাগো নকয় ৷ কেৱল 'মা' , 'বা' , 'দে ', 'খাম' জাতীয় দুই এটা শব্দহে কয় ৷ দিনৰ দিনটো সি মোবাইলত কাৰ্টুন চাই থাকিব নহলে লেপ্ টপ্ ত গাণ চাই থাকিব ৷ তাকেই কৰিবলৈ নাপালে চিঞৰত গগণ ফালে সি ৷ গতিকেই তাৰ মুখ বন্ধ থাকক বুলিয়েই তেনেকৈয়ে বহুৱাই থৈ দিয়ে আয়াই ৷ সেয়ে গাওঁৰ ঘৰৰ পৰা দেউতাকে আইতাকক কেইদিনমান থাকিবলৈ লৈ অহাত বৰ স্ফূৰ্তি ৰুণজুনৰ ৷ এইকেইদিন স্কুল, টিউচন, হোমৱৰ্কৰ ভৰত আইতাকৰ লগত ভালকৈ কথা পাতিবলৈ সময়েই পোৱা নাই তাই ৷
আজি দেওবাৰ ৷ স্কুল নাই তাইৰ ৷ মাক দেউতাকো ঘৰতে আছে আজি ৷ হোমৱৰ্কৰ ঝামেলাও নাই , যোৱাকালিয়েই শেষ কৰি থৈছে ৷ ৰাতিপুৱা আৰ্টৰ স্কুল আৰু ডান্সৰ স্কুলৰ ক্লাছটো কৰি আহি দুপৰীয়াৰ ভাতকেইটা খায়েই ৰুণজুন দৌৰ মাৰি আইতাকৰ ওচৰ পালেগৈ ৷ দেউতাকে আনি দিয়া প্লাষ্টিকৰ পিৰা এখনত বহি আইতাকে খুন্দনাটোত তামোল খুন্দি আছে ৷ "আইতা , আইতা ৷ আজি ৰাতিলৈকে মই আপোনাৰ ওচৰত থাকিম দেই ৷ সাধু কব লাগিব কিন্তু ৷" এইবুলি তাই আইতাকৰ ওচৰতে লেপেটা কাঢ়ি বহি পৰিল ৷ "অলপ তেহেলৈ যা ৷ চোলাত চেকা লাগিব ৷" "একো নহয় ৷ লাগিলেও লাগক ৷ আইতা, মোক অকন খুন্দা তামোল দিয়কনা আপোনাৰ ভাগৰ ৷" আইতাকক আব্দাৰ ধৰিলে ৰুণজুনে ৷ তাইৰ মৰমতে পমি আইতাকে খুন্দনাটোত চুটি ৰছী এডালেৰে বান্ধি থোৱা বাহঁৰ সৰু, চেপেটা টুকুৰাটোৱে খুচৰি উলিয়াই তাইৰ হাতৰ তলুৱাত খুন্দা তামোল অকন দিলে ৷ "সাউৎকৈ খাই পেলা ৷ মাৰে দেখিলে বকিব ৷" পৰম তৃপ্তিৰে খুন্দা তামোলকন চেলেকি চেলেকি খায় থকা ৰুণজুনক আইতাকে আকৌ কলে , "আগতে তোৰ দৌতাৰেও এনেকৈয়ে খাইছিল খুন্দা তামোল ৷ ককাকে তামোল খুন্দি খালে লাগিবই তাক ৷" আইতাকৰ কথাত ৰস পালে ৰুণজুনে ৷ " কওকনা আইতা , পাপাই আৰু কি কি কৰিছিল? শুনি ইমান ভাল লাগে সেইবোৰ কথা ৷" "কি কৰিব আৰু ? ৰাতিপুৱা উঠি হাত মুখ ধুই ফলিপুথি লৈছিল ৷ মই ভাত-শাক ৰান্ধি খাবলৈ দিওঁ ৷ আবেলি ইচ্ কুলৰপৰা আহি খাবলৈও টৌটোতে ঢাকোন দি মজিয়াতে থৈ দিওঁ ৷ গোটেইকেইটা আহি হাই-উৰুমি নোহোৱাকৈ বতাই-কুটাই খায় আৰু৷" "তাৰপাচত?" ৰুণজুনৰ তিৰবিৰাই থকা দুচকুত কৌতূহল ৷ " তাৰপাছত আৰু কি ! দৌতাৰহঁতে ৰবাবটেঙাৰ বল খেলিবলৈ পথাৰলৈ দৌৰ মাৰে ৷" "ৰবাব টেঙাৰ বল?" ৰুণজুন প্ৰশ্নবোধক চাৱনি ৷ "এএহ....কতনো সিহঁতি সচাঁ সচিঁ বল পাব ? তহঁতৰ নিচিনা নহয় নহয় ৷ তহঁতে লাগ বুলিলেই বস্তু পাৱ ৷ আমিবোৰে খেতি বাতি কৰি ৬টা লৰাছোৱালী পুহিছিলো ৷ বিলাসিতা কৰিবলৈ টকা-সিকা নাছিল নহয় ৷ সেইগতিকে ৰবাবটেঙাকে বল কৰি খেলিছিল বাপেৰহঁতে ৷ আৰু তেওজবেলিযে তোৰ জন্মদিন পাতিছিল বেলুন আৰিঁ , আমিবোৰে তেনেকে জন্মদিন পতা নাছিলো নহয় ৷" " তেনেহলে কেনেকৈ পাতিছিলনো আইতা? নে পতাই নাছিল?" আগ্ৰহেৰে সুধিলে ৰুণজুনে ৷ "জন্মদিন বুলি কবলে অকল জেঠাইৰ আৰু দৌতাৰৰহে মনত আছিলে ৷ বাকীকেইটাৰ দিন-বাৰ মনত নাই ৷ পেটমোচা বুলি দৌতাৰৰ জন্মদিনৰ দিনা মাহ-চাউল দুটামান গোসাঁইঘৰতে দি ওচৰৰ সৰু সৰু ল-ছালী মাতি খাবলৈ দিওঁ ৷ গাখীৰ পানী অকন কেতিয়াবা পালে পৰমান্ন অকনো দিওঁ ৷ সেয়াই আৰু ৷" "আইতা , পাপাহঁতৰ দিনবোৰ বহুত বেলেগ আছিল ন?" আইতাকৰ কথাত ৰুণজুনে ক'লে ৷ "অতোন ৷ বহুত বেলেগ আছিল ৷ মাৰহঁতে পিন্ধাৰ দৰে আগৰ বোৱাৰীবোৰে পটলুং পিন্ধা নাছিল নহয় ৷ মেখেলা-চাদৰ পিন্ধি ওৰন-বাৰনী লৈ থাকিব লাগিছিল ৷" "হা, হা, হা, সেইটোক পটলুং বুলি নকয় নহয় ৷ লেগিংচ্ হে ৷" ৰুণজুন যেন হাঁহি হাঁহি বাগৰিহে পৰিব ৷ "হব পায় ৷ মোৰ মুখত সেইবোৰ নুফুটে নহয় ৷ উপায়ো নাই ৷ দেশ চাই ভেশ ৷ যেতিয়া যত যেনেকুৱা আৰু৷" আইতাকে স্বগঃতোক্তি কৰিলে ৷ "সেইবোৰ দিনেই ভাল আছিল ন আইতা ৷ পাপাহঁতৰ খেলিবলৈ লগ আছিল ৷ ঘৰতো বৰ্তা আছিল,জেঠাইহঁত আৰু পেহীও আছিল ৷ মোৰহে কথা পাতিবলৈ লগ এটাও নাই ৷ গুদুয়ে দেখোন কথাই নকয় ৷ কিয় কথা নকয়নো সি আইতা?" "কৰপৰা কথা পাতিব সি হে ? তাৰ ভাষা শিকাৰ বয়সতে হাতত মবিল নে কি সেইডাল দি দিলে ৷ হৰেক ৰকমৰ ভাষা শুনি শুনি সি নজনাই হল কি ভাষাত কথা পাতিব ৷ শুনি শুনিহে শিকে লৰাই ৷ সেই পেনুকনাটোৱেনো কি জানে? ডাঙৰে জানিব লাগিব ৷" আইতাকৰ যেন অকনমাণ খং উঠিছে ৷ ৰুণজুনে অনুভৱ কৰিলে ৷ এইবাৰ ৰুণজুনে বৰদেউতাক আৰু খুৰাকহঁতৰ লৰাছোৱালীৰ কথা সুধিবলৈ ধৰিলে ৷ সাধু শুনাদি কথাবোৰ শুনি থাকোঁতে থাকোঁতে ভাত খোৱাৰ সময়েই হৈ গল ৷ আইতাকৰ ওচৰতে বহি ভাতকেইটা খায় উঠাৰ পাছত আয়াই তাইক শুবলৈ লৈ গল ৷ নহলে পাছদিনা স্কুল যাবলৈ সময়ত সাৰ নাপাবও পাৰে ৷
গভীৰ টোপনিত ৰুণজুনে সেইৰাতি এটা সপোন দেখিলে ৷ "দুই এগুণ দুই , দুই দুগুণ চাৰি, দুই তিনিগুণ ছয়, দুই চাৰিগুণ আঠ ........ চিঞৰি চিঞৰি পূৰণৰ নেওঁতা মুখস্থ কৰি আছে তাই ৷ মাকে তেনেতে তাইক ভাত খাবলৈ মাতিছে ৷ বুটাবছা ৰঙা বোৱা মেখেলা আৰু বগা ঘৰ ঘৰ পতা চাদৰখনেৰে মাজেদি সেওঁতা ফালি খোপা বান্ধি থকা মাকক ৰঙা ফোটটোৰে বৰ ধুনীয়া লাগিছে ৷ দেউতাকে ৰেডিঅটো বজাই দিছে ৷ গাণ শুনি শুনি ভাতকেইটা খায় কিতাপ ফলিকেইটা লৈ স্কুললৈ যাবলৈ সাজু হৈ আছে তাই ৷ লগৰ কেইজনীয়ে পদুলিৰ পৰা মাতোতে দৌৰ দিছে স্কুললৈ ৷ ভায়েকে ওচৰৰ ৰীণাপেহীৰ লৰাটোৰ লগত বালিৰ দমটোত কিবা সাজি সাজি খেলি আছে ৷ মুখত তাৰ আখৈ ফুটিছে ৷ স্কুলৰ টিউবৱেলটোৰ ওচৰত থকা মধুৰিজোপাৰ পৰা মধুৰি ছিঙি পানীখোৱা ছূটীত খাবলৈ থৈ দিব লাগিব বুলি বেগ দিছে গোটেইকেইজনীয়ে ৷ স্কুলৰ পৰা অহাৰ পাছতো তাইলৈ বাট চাই আছে কিছুমান সৰু সৰু সুখে ৷ যোৱাকালি মাকে বনাই দিয়া ফটাকানিৰ নতুন কইনাজনীৰ বিয়া পাতিবলগাও আছে ৷ নাৰিকলৰ কোৰোকাৰে ভাত চব্জি বনাই ঘৰ ঘৰ খেলিবলগাও আছে ৷ মাকৰ ভাগৰ মেখেলা চাদৰ পিন্ধি মাক হবলৈকো আছে ৷ আৰু দুদিনৰ পাছত তাইৰ জন্মদিনৰ মাহ-প্ৰসাদ আৰু পায়স খাবলৈও আছে ৷ ভাবিয়েই সুখ কোলাই-পাচিয়ে নধৰা হোৱাৰ দৰে লাগিছে ৰুণজুনৰ ৷ হয়, এয়াই ৰুণজুনৰ সুখ ৷ কল্পনাতীত সুখ ৷ বাস্তৱত কেতিয়াও নোপোৱা সুখ ৷ এয়া তাইৰ সপোনৰ সুখ ৷
স্বপ্না দত্ত ভৰালী ৷
বৰ ভাল লাগিল
ReplyDeleteঅশেষ ধন্যবাদ
Delete😊😊😊🙏🙏
Delete