#গল্প
#স্মৃতিৰ সুবাস
সোণে প্লাষ্টিকৰ চকীখন লৈ বহল পিৰালিটোতে খেলি আছে ৷ এবাৰ বহিছে ৷ এবাৰ চকীখনত উঠি তাৰপৰা চোতালত পৰাকৈ বান্দৰজাপ একোটাহঁত দিছে ৷ এবাৰ পিচমুৱাকেও বহি চাইছে ৷ “নদবিদাখন কৰি নাথাক অ’ ৷” বাৰাণ্ডাত বহি খুন্দনাটোত তামোল খুন্দি খুন্দি সোণৰ আইতাকে সোণক উদ্দেশ্যি ক’লে ৷ আইতাকে তামোলো খুন্দি আছে, সেলেঙি বোৱাই বোৱাই এখন খায়ো আছে ৷ “আইতা , তাৰমানেনো কি?” ছয়বছৰীয়া সোণে প্লাষ্টিকৰ চকীখন এইবাৰ ওলোটাই লৈ খুৰা চাৰিটাৰ মাজত সোমাই ঘটালি ঘটালি সুধিলে ৷ কোঁৱাৰিয়েদি বৈ অহা সেলেঙিকণ লৈ থকা বৰমুহা চাদৰখনৰ আঁচলটোৰে ম’চি লৈ আইতাকে ক’লে ,৷ “তই কৰি থকা কামবোৰৰ কথাকে কৈছো একা ৷ যাচোন মায়েৰক পানী এটোপা দিবলৈ ক’গৈ ৷ ” সোণে চকীখন ঘটালি থাকোঁতেই সোণৰ মাকে ডাঠকৈ গাখীৰ দিয়া চাহ এবাতি মালপোৱা তিনিটাৰে সৈতে আনি আইতাকৰ আগত দিলেহিয়েই ৷ আইতাকে তিনিটা পিঠা নাখায় ৷ সোণৰ মাকে জানে৷ কিন্তু নিজৰ ভাগৰ এটা সোণক দিবই ৷ পানীৰ ঘটিটোও হাত দিলে পোৱাকৈ থৈ গ’ল ৷ চাহপানীকণ দেখি আইতাকৰ চকুদুটা উজলি উঠিল ৷ ভাতত ৰাপ নাই তেওঁৰ ৷ চাহকণ আৰু তামোলখনতহে ৰতি ৷
“বৌটি চাদৰখন সলাই পেলালে হ’বপায় !” চাহ দি যাওঁতে সোণৰ মাকে সুধি গ’ল ৷ গাটো ধোৱাৰ পাছতে সোণৰ মাকে তিন’পাল দিয়া বগা চাদৰ এখন গাত দি দিছিল ৷ পাচে মানুহজনী গৈ আখলঘৰ পালেগৈনে নাই জানো , আইতাকে ইফালে সেইখন থৈ বৰমুহা চাদৰখন লৈ পিৰালিত বহিলগৈয়ে ৷ “হেৰৌ সেইখনহঁতে গাটোত ফুটে অ’ ৷ মই এইখন লৈহে ভাল পাওঁ ৷” সোণৰ মাকে জানে ৷ তথাপিতো তেওঁ কোনোবাই কোনোবাই মান ধৰিবলৈ আহি দি যোৱা চাদৰবোৰ মাৰ কাঢ়ি কোমলাই থবলৈ চায় ৷ ভাল চাদৰ এখন লৈ নাথাকিলে , কোনোবা এজোৰা আহিলে বেয়া নেদেখিবনে? হ’লেও জোৰ নকৰে মানুহজনীয়ে ৷ সোণৰ আইতাকৰ মনটো বুজে ৷
ঘটিটোৰ পৰা পানী এচলু লৈ বহা জেগাৰ পৰাই দূৰৈত পৰাকৈ কুলকুলি কৰি পানীখিনি পেলাই লৈ চাদৰখনত মুখখন ম’চি ললে আইতাকে ৷ তামোল খোৱা মুখ ৷ কেতেপা-কেতেপ লাগি আছে ৷ সোণে নাকৰ শেঙুনে সৈতে একাকাৰ কৰি মালপোৱা এটা কামুৰি আছে ৷ গোটেই বছৰটোৱেই ল’ৰাকণৰ নাকৰ পানী নুগুচেই ৷ “হো , এইটো ল’ ৷” নিজৰ ভাগৰ মালপোৱা এটা দি সোণক ওচৰলৈ মাতি চাদৰৰ আগটোৰে নাকটো ম’চি দিলে আইতাকে ৷ ঘৰচিৰিকা চৰাইটোৰ দৰে দেও দি দি সোণে মালপোৱা খায় থাকিল ৷ পুনৰ খুন্দা তামোল এখন পকতিয়াই পকতিয়াই সোলা মুখৰ সোণৰ আইতাকজনীয়ে আৰু নতুন এখন খুন্দানাটোত খুন্দি থাকিল ৷
দুপৰীয়া হ’ল ৷ সোণৰ মাকে ঔটেঙা দিয়া মচুৰদাইলকণ মেথিগুটি দি তেল মাৰিলে ৷ কলপাতত নুৰিয়াই পাতত দিয়া মোৱা মাছকেইটা ক’ণজলকীয়া আৰু গৰম তেল এটোপা দি পিটিকা কৰিলে ৷ খৰিচাৰে দুটামান ভাজিলেও ৷ তাৰপাছত সোণ আৰু আইতাকক ভাত দি আজৰি হ’ল মানুহজনী ৷ সোণৰ দেউতাক স্কুলৰ পৰা আহিলে একেলগে খাম বুলি নিজৰ ভাগৰ ভাতকেইটা তেখেতৰ কাঁহীখনৰ ওচৰতে ঢাকোন মাৰি থলে ৷
সোণে ভাত খায় উঠি আকৌ খেলিবলৈ দৌৰ মাৰিলে ৷ যোৱাৰ আগতে সদায় মোচাৰ দৰে আইতাকৰ চাদৰৰ আঁচলতে মুখখন ম’চি গ’ল ৷ “হেৰৌ, সোনৌ ৷ কিমাননো ঢপলিয়াই নুফুৰ ?আ’হচোন ৷ সাধুকে ক’ম এটা ৷” সাধুৰ নাম শুনি সোণ আইতাকৰ বিচনাত জপিয়াই উঠেহি ৷ হনুমানে পাহাৰ দাঙি অনাৰ সাধুটো শেষ নহয়েই ৷ তাৰ আগতেই আইতাকৰ বুকুত সোণ শুই পৰে ৷ গাত ম’হ, মাখি পৰিব বুলি আইতাকে বৰমুহা চাদৰখনৰ আঁচলেৰে সোণক ঢাকি ৰাখে ৷
আবেলিলৈ সোণ সাৰ পায় ৷ পুনৰ আৰম্ভ হয় তাৰ নদবিদা ৷ গধুলি জোনাকী পৰুৱা কেইটা ওলোৱালৈকে ভিতৰলৈ যাবলৈ মনেই নকৰে সি ৷ সোণ নোযোৱালৈকে আইতাকো নাযায় ৷ তিনিআলিৰ দোকানখনৰ পৰা দোকান কৰি সোণৰ দেউতাক ঘৰ সোমাইহি ৷ দেউতাকৰ মোনাটোৰ এচ্ বিস্কুটকেইটাৰ লোভত সোণ অৱশেষত ভিতৰ পায়গৈ ৷ সোণৰ মাকৰ তেতিয়ালৈকে পাচলি কুটা হৈ যায় ৷ চাউলধোৱা খৰাহীটোত ধুই থোৱা চাউলকেইটা ধুনীয়াকৈ জৰজৰীয়া হৈ থাকে ৷ দেউতাকৰ লগত সকলোৱে একেলগে চাহকণ খাই লয় ৷ কিতাপখন মেলি সোণক আখৰ দুই এটা শিকাবলৈ মানুহজন যত্নপৰ হয় ৷ পঢ়িবলৈ টানপোৱা সোণ গৈ আইতাকৰ আঁচলৰ তলত লুকায়গৈ ৷
গধুলিলৈ আইতাকৰ গাটো জ্বৰ জ্বৰ লাগে ৷ জ্বৰীয়া দেহাৰে ভাতকেইটা মুখত তিতিকি তিতিকি পায় ৷ সোণৰ মাকে ভাত খঁচা পানীকণকে খাবলৈ কাকুতি কৰাদি কৰে ৷ মুৰটো অলপ দাঙি পানীকণ পি খাবলৈ চেষ্টা কৰোঁতে বৰমুহা চাদৰখন তিতি যায় ৷ চাদৰখন কাপোৰধোৱা চৰিয়াটোত পাচদিনা ধুবলৈ ওপৰত ঢেলা চাবোনটুকুৰা থৈ আহে মানুহজনীয়ে ৷
সোণৰ দেউতাক মাকৰ শিতানত বহি থাকোঁতেই বাহিৰত কুকুৰাই ডাক দিয়েগৈ ৷ অলপ পাচতেই ঘৰখনত মানুহৰ খদমদম লাগে ৷ আইতাক যায়গৈ ৷ ওচৰৰ গাওঁখনলৈ বিয়া দিয়া সোণৰ পেহীয়েকজনী আহি হিয়াধাঁকুৰি কান্দেহি ৷ সোণে এইবোৰৰ একো আওঁভাওঁ নাপায় ৷ ৰ’ লাগি মানুহবোৰক চায় মাত্ৰ ৷
দহা-কাজবোৰ হৈ যোৱাৰ পাচত সোণৰ মাকৰ অকলশৰীয়া লাগে ৷ ইমানকেইদিন ঘৰখন মানুহেৰে গিজ্ গিজাই আছিল ৷ নাদৰ পাৰত কাপোৰকেইটা থুকুচি থাকোঁতে নাইবা আখলঘৰত জিকাৰ শিৰবোৰ কাটি থাকোঁতে চোতালত খেলি থকা সোণক চকু দি থাকিবলৈ কোনো নোহোৱা হ’ল ৷ দুপৰীয়া ভাতকেইটা সিজাবলৈ যোৱাৰ আগে আগে দুয়োজনীয়ে একেলগে ডাঠকৈ খোৱা গাখীৰৰ চাহকণ খাবলৈ লগ এটা নোহোৱা হ’ল ৷ ভাত মুহুদি কৰিবলৈ তামোলখন নিজে কাটি নললে খাবলৈ নোপোৱা হ’ল ৷
এনেকুৱা উৰুঙা দিন এটাতে সোণৰ দেউতাকে ভনীয়েকক মাতি পঠিয়ালে ৷ মাকৰ লাম-লাকটু থকা কাঠনি পেৰাটো তাইকেই লৈ যাবলৈ ক’লে ৷ বৰ হেঁপাহ আছিল দেহি তাইলৈ ! চকুৰপানী টুকি টুকি তাই মাকৰ ভাগৰ কাঠনি পেৰাটো খুলিলেহি ৷ বাখৰুৱা সোনৰ ফুলৰ গলপতাধাৰ নাইবা দুয়োটা মূৰত সোণ খটোৱা আৰু বাখৰ পতোৱা জাংফাই কেৰুযোৰ লবলৈ নন্দেকে বৰ জোৰ কৰিছিল ৷ সোণৰ মাকে নললে ৷ মুকলি ফুলৰ ফতিকেৰে সঁজা খোপাত মৰা ৰূপৰ ফুলপাহো নললে ৷ তাই জোৰকৈ বনকৰা কাকৈখনকে নবৌয়েকলৈ বুলি থৈ গ’ল ৷ মাকৰ বস্তুবোৰ অনাদৰ কৰিছে বুলি মনত অকন অসন্তোষ লৈয়েই ঘৰখনৰ উলিয়াই দিয়া ছোৱালীজনী গ’লগৈ ৷
জীৱনৰ দৈনন্দিন যাত্ৰা পুনৰ আৰম্ভ হল ৷ সোণৰ মাক , দেউতাক পুনৰ ব্যস্ত হৈ পৰিল ৷ অংগনবাদী স্কুলখনৰ পৰা আনি সোণক ওচৰৰ এল্ পি স্কুলখনত নাম লগাই দিলেহি ৷ ব্যস্ততাৰ মাজতো সোণৰ মাকৰ মাজে মাজে আইতাকলৈও মনত পৰি থাকিল ৷ বেছিকৈ মনত পৰিলে মানুহজনীয়ে বাতৰি কাগজখনেৰে নুৰিয়াই সযতনে থৈ দিয়া বৰমুহা চাদৰখন উলিয়াই চায় ৷ শুঙা এটা মাৰি পুনৰ কাগজখনেৰে নুৰিয়াই শোৱাকোঠাৰ টিঙৰ বাকচটোৰ ওপৰত থৈ দিয়ে ৷
২৬/ ৪/২০২০
Baidau kija mojja likha apuni..
ReplyDeleteধন্যবাদ
DeleteGood...Keep it up and be a good blogger👏👏
ReplyDeleteThanks a lot
Delete