www.hunguti.in

Breaking

www.hunguti.in

Ads

Friday, August 21, 2020

চুটিগল্প (কেটাৰেক্ট)

#গল্প

#কেটাৰেক্ট


              কণদাইটি আৰু খুইটি ডাঙৰটোৰ ঘৰলৈ আহিছে ৷ ডাঙৰ পুতেক মহানগৰীত থাকে ৷ দাইটি-খুইটি সৰুটোৰ লগত গাঁৱত থাকে ৷ মাজে মাজে ডাঙৰটো গৈ থাকে যদিও অলপদিনৰ পৰা বৰকৈ যাবলৈ সময় নোপোৱা হৈছে ৷ পুতেক-বোৱাৰীয়েক দুয়োটাৰে একেটা কোম্পানীতে চাকৰি ৷ মাজতে প্ৰমোচনো হ’ল ৷ সেয়ে কাম বেছি , পইচা বেছি কিন্তু সময় কম হ’ল ৷ 

             কণদাইটিৰ বন্ধুৱেকৰ পুতেকটো, মাণিক, সিও গুৱাহাটীতে থাকে ৷ এইবাৰ ঘৰলৈ আহোঁতে সি বোলে 'তাৱৈদেউ , যায় যদি বলক মোৰ গাড়ীতে পুতেকৰ ওচৰলৈ ৷ অকলেহে আহিছোঁ ৷ খালী গাড়ীখন যোৱাতকৈ ৷' কণদাইটিয়ে প্ৰস্তাৱটো বেয়া নাপালে ৷ ঘৰতো বিশেষ কাম নাই ৷ অকল খোৱা, শোৱাহে ৷ যাব পাৰিব ৷ খুইটীৰ লগত আলোচনা কৰি তেওঁ তাক হয়ভৰ দিলে ৷ 

        যাম বুলি ভবাৰে পৰা দাইটি-খুইটিৰ গাত গোঁসাই নাইকিয়া হ’ল ৷ কি কি লৈ যাব তালৈ? সি ভালপোৱা বস্তুবোৰ মনত পেলাই টোপোলা বন্ধাত লাগিল খুইটি ৷ গুৰ দিয়া তেলপিঠা, খৰিচাৰ  আচাৰ এবটল, নিমখত দি শুকুৱাই থোৱা শিলিখা , বাৰীৰ বাৰমহীয়া মধুৰিআম জোপাৰ দুটামান, ৰবাবটেঙা , কোমল চাউল দুটামান , ঘৰৰে জহা চাউল পাঁচকেজিমানৰে টোপোলাটো গধুৰেই হ’লগৈ ৷ কলৰ শুকান বাকলি দুটামানো ললে খুইটিয়ে ৷ সি আগতে খাৰ ভাত খাবলৈ বৰ ভাল পাইছিল দেহি ! দাইটিয়ে মাজতে ক’লেও বোলে 'হ’ব থ ৷ টোপোলা গধুৰ নকৰিবি৷' খুইটিয়ে 'আপুনি কান্ধত নিব নালাগে নহয় ৷ গাড়ীতহে যাব' বুলি দাং খাই আহিলত দাইটি যেনিবা মনে মনে থাকিল৷

              টালিয়ে টোপোলায়ে গধুৰ হৈ দাইটি খুইটি পুতেকৰ  ওচৰলৈ যাবলৈ সাজু হ’ল ৷ তাৰ ওচৰ  পায়গৈ মানে পুৰা এদিনেই লাগে হেনো ! মাণিকে বাৰু মাজে মাজে গাড়ীখন ৰখাইছেও তিনিঠাই মানত ৷ দাইটি-খুইটিয়ে হোটেলত খোৱাটো পচন্দ নকৰে ৷ ঘৰতেই ভাত দুটামান দুটামান খাই অহা ৷ সৰুজনী বোৱাৰীয়েকে ৰাস্তাত খাবলৈ বুলি দি পঠিওৱা চিৰা জলপানকেইটা গাড়ীৰ ভিতৰতে ভোক লগাত খাই ললে ৷ মাণিককো যাঁচিচিলে ৷ সি নাখালে ৷ হোটেলত ভাতহে খালে ৷ সি চাহ দুকাপে ৰসগোল্লা দুটাৰে সৈতে আনি গাড়ীৰ ভিতৰতে দি গ’লহি ৷ চাহকণো খাই লৈ তামোলৰ টোপোলাটো উলিয়াই এখন এখন দুয়োজনে পকতিয়াই থাকিল ৷ পেটটোও গহীন হ’ল ৷

           সাঁজ লাগিবৰ সময়তহে দাইটি-খুইটি পুতেকৰ ঘৰ পালেগৈ ৷ মাণিকে ফোন কৰি খবৰ দিয়েই থৈছিল ৷ বোৱাৰীয়েকে দুয়োকে ভৰি চুই সেৱা কৰি ভিতৰলৈ লৈ গ’ল ৷ তেওঁলোকলৈ কোঠা এটা ধুনীয়াকৈ সজাই ৰাখিছিলেই ৷ পুতেকে কামকৰা মানুহ এটাৰ হতুৱাই তেওঁলোকৰ বস্তুবোৰ কোঠালৈ পঠিয়াই দিয়ালে ৷ দুখন বিচনাৰে সৈতে তলত কাৰ্পেট পৰা সুন্দৰ কোঠাটো ৷ ডাঙৰ টি ভি এটাৰ লগতে  একাষে আলহী বহা কোঠাত থকাৰ দৰে চকিও সজাই থোৱা আছে ৷ টি ভিত হে দেখা পোৱাৰ দৰে কোঠা এটাত থাকিবলৈ পাই দাইটি-খুইটিয়ে বেয়া নাপালে ৷ কামকৰা মানুহে গা-ধোৱা ঘৰত যতনাই দিয়া কুহুমীয়া পানীৰে গাটো ধুই দিয়াৰ পাছতহে তেওঁলোকৰ অলপ ভাল লাগিল ৷ বিবিধ খোৱাবস্তুৰে চাহ কোঠাতে দি গ’লহি ৷ ভাতৰ লগতো বিবিধ আয়োজন ৷ পেটহে , কিমান ধৰিবনো ৷ তথাপি অলপমান খাই বিচনাত পৰোঁতেই গাড়ীত অহাৰ ভাগৰত কেতিয়া টোপনি গ’ল তেওঁলোকে ক’বই নোৱাৰিলে ৷

          ৰাতিপুৱা দাইটী-খুইটিয়ে অলপ দেৰিকৈহে সাৰ পালে ৷ ৰাতিপুৱা গাটো নিতিওৱাকৈ  চাহকণ  খাবলৈ বেয়া পায় তেওঁলোকে ৷ গা ধোৱা ঘৰত চুইচ টিপিলেই গৰম পানী পায়েই ৷ গা ধুই অহাৰ পাচত চাহ খাবলৈ বুলি বোৱাৰীয়েকে টেবুললৈকে মাতি নিলেহি ৷ বিধে বিধে বিস্কুট মিঠাই টেবুলত ৷ দাইটি-খুইটি খাৱৰীয়া মানুহ নহয় ৷ গতিকে দেখিয়েই সন্তোষ হ’ল ৷ দাইটি-খুইটিক মাত লগাই পুতেক-বোৱাৰীয়েক অফিচলৈ বুলি গ’লেই ৷ উপায়ো নাই সিহঁতৰ ৷ আলহী আহিছে বুলিতো আৰু কোম্পানীয়ে ৰেহাই নিদিয়ে !

         দুয়োটা ওলাই যোৱাৰ পাছত ঘৰখন চেঁচা চেঁচা লাগিল ৷ নাতিটো থকা হলেও ! পাহাৰীয়া ঠাই এখনত হোষ্টেলত থকা নাতিটো দাইটি-খুইটিয়ে নেদেখা বহুত দিনেই হ’ল ৷ কোনোবা এটাই আহি টি ভিটোকে লগাই দিলেহি ৷ মন নগলেও উৰাই ঘুৰাই একেবোৰ বাতৰিকে চাই চাই বহি থাকিল তেওঁলোক ৷ কামকৰা লৰাটোৱে ভাত খাবলৈ মতাত "সিহঁতে আহিলে একেলগে খাম"  বুলি কৈছিল খুইটিয়ে ৷ পিছে ল’ৰাটোৱে "চাৰ বাইদেৱে দুপৰীয়া ভাত খাবলৈ নাহে ৷ অফিচৰ কেন্টিনতে খায় ৷" বুলি কোৱাত যেনিবা  দাইটি-খুইটি খাবলৈ গ’ল ৷ মাছে-চাছে কেইবাখনো ৰান্ধিছে ৷ কিন্তু ল’ৰাছোৱালী হালেহে নেখায় বুলিলত বেয়া লাগিল খুইটিৰ ৷

            খাই বৈ ভাত ঘুমতি মাৰি উঠোতেই চাহ লৈ কামকৰা ল"ৰাটো হাজিৰ হ’লহি ৷ খুইটিয়ে বোলে, "তইনো কেনেকৈ জানিলি অ' আমি উঠিলোঁ বুলি ? ইমান হিচাপনে তোৰ ?" সি বোলে "বাইদেৱে ফোন কৰি খবৰ লৈ আছে আপোনালোকক ভালকৈ আলপৈচান ধৰিছোঁনে নাই ৷" হওক তেওঁ ৷ ইমান কামৰ মাজতো যে তাই খবৰটো ৰাখিছে ৷ খুইটিৰ মনটো ভাল লাগিল ৷

            সন্ধিয়া লাগি ভাগো ভাগো হওতেহে সিহঁত পালেহি ৷ বাৰাণ্ডাত বহি থকা দাইটি-খুইটিক মাতষাৰ লগাই সিহঁত ভিতৰলৈ গ’ল ৷ গধুলিৰ সাজৰ বাবে বোৱাৰীয়েকে ৰান্ধনীক দিহা দিলে ৷ পুতেকে কম্পিউটাৰটোৰ আগতে মূৰটো গুজি বহি থাকিল ৷ 

         পুতেকৰ লগত থকা দিনকেইটা এনেকৈয়ে গ’ল তেওঁলোকৰ ৷ খোৱা-বোৱা, আদৰ-আপদাল সকলো পালে তেওঁলোকে ৷ পুতেক-বোৱাৰীয়েক ব্যস্ত থাকিলেও তেওঁলোকৰ সা-সুবিধাৰ চকু ঠিকেই ৰাখিলে ৷ কাৰোবাৰ ঘৰলৈ বৰ আদৰৰ আলহী আহিলে যিমানখিনি সাদৰ কৰিব , সিমান আদৰেই পালে দাইটিহঁতে ৷ হলেও খুইটিয়ে বিচাৰিছিল, সময় নাই যদিও পুতেকে ভাতকেইটা খাই উঠি তামোল এখন খোৱাৰ পৰ মান হলেও তেওঁলোকৰ ওচৰত বহক , পুৰণি দুই এটা কথা উলিয়াই পাতক নাইবা আগতে যেনেকৈ 'মা, মোৰ পিঠিটো খজুৱাই দেচোন' বুলি কোৱাৰ দৰে হাতখনকে পিঠিত লগাই দিয়কচোন ৷ "গেচৰ টেবলেট আছেনে নাই" বুলি কামকৰা লৰাটোৰ হতুৱাই নুসুধাই নিজেই সোধাহলে তাৰ বহুত বেছি সময় খৰচ হলহেঁতেন নেকি বাৰু? মাক-বাপেকৰ লগত বহি ভাত এসাজো বাৰু তাৰ খাবলৈ মন নগ’লনে? তেওঁলোকৰ লগত খৰচ কৰা তাৰ এধানি এধানি সময়বোৰকে দাইটি-খুইটিয়ে অনন্ত কাললৈ স্মৃতিৰ সঁফুৰাত সাঁচি ৰাখিব পাৰিলেহেঁতেন ! পুতেকৰ ঘৰলৈ বুলি অহা দাইটিহঁতৰ আলহীৰ ঘৰত কটোৱাৰ দৰেহে লাগিল এইকেইদিন ৷ এইটো বৰবাপু আগৰ বৰবাপুটো নহয় ৷ সি যেন হেৰাল ক’ৰবাত ! 

          দুদিনমান থকাৰ পাচত  দাইটিহঁতৰ যাবলৈ ওলাল ৷ সিহঁতে থাকিবলৈ ধৰিছিল ৷ দাইটিহঁত নাথাকিল ৷ গাঁৱত ইঘৰ-সিঘৰ ঘুৰি ফুৰা মানুহ ৷ সোমাই থাকিবলৈ টান পায় ৷ পুতেকে ড্ৰাইভাৰটোকে দি তেওঁলোকক ঘৰত থবলৈ পঠিয়ালে ৷ আহিবৰ সময়ত গাড়ীত বোৱাৰীয়েকে ডাঙৰ টোপোলা এটাও ভৰাই দিলে ৷ ড্ৰাইভাৰক লাহে লাহে যাবলৈ বুলি কৈ পুতেকে তেওঁলোকক বিদায় দিলে ৷ খুইটিয়ে আঁচলৰ আগেৰে চকুদুটা মচি ললে ৷ 

            দিনটীয়া যাত্ৰাৰ অন্তত দাইটি-খুইটি পুনৰ ঘৰ পালেহি ৷ গাড়ী আহি চোতালত ৰোৱাহি দেখি এটি দুটিকৈ চুবুৰিৰ কেইবাজনো গোট খালেহি ৷ ইমান দূৰৈৰ পৰা আহিছে , খবৰ এটা ললেহি ৷ বোৱাৰীয়েকে বৰবাপুহঁতৰ তাৰপৰা দি পঠোৱা মিঠাইৰ সৈতে সকলোকে চাহ যাঁচিলে ৷ ড্ৰাইভাৰটোও চাহ জলপান খাই নৰ’ল ৷ আধাঘণ্টামানৰ দূৰত্বত তাৰ বন্ধুৱেক এজন থাকে হেনো ৷ ৰাতিটো তাত থাকি ৰাতিপুৱাই যাবগৈ ৷ 

           গধূলি সৰুবাপুৱে জুইকুৰা জ্বলাই দিলে ৷ দাইটি-খুইটিয়ে ভাত হোৱালৈকে হাত ভৰিকেইটা সেকি থাকিল ৷ কাষৰে ৰজনী দদায়েকো টৰ্চটো লৈ এপাক খবৰটো লওঁ বুলি আহিল ৷ জুইগুৰিত বহি বৰবাপুৰ খবৰ সুধিল তেওঁ ৷ "কেনেকুৱা পালি তাত থাকি" বুলি সোধা প্ৰশ্নৰ উত্তৰত খুইটিয়ে ক’লে, "বৰ ভাল পালোঁ অ' ৷ বৰ আদৰ সাদৰ কৰিছে তাত ৷ আলহী ৰখাদি ৰাখিলে এইকেইদিন ৷ সেইকাৰণে ভাবিলোঁ , তাৰ চকুত কেটাৰেক্ট পৰিছে নেকি ! মাক-বাপেকহালক  আলহী বুলি ভাবিলে যে !"

স্বপ্না দত্ত ভৰালী

৫/৭/২০২০

2 comments: