(১৫)
#অন্য_এক_অথেল’
চাৰে এঘাৰমান বজাত হাতত ষ্টিলৰ সৰু টিফিনটো লৈ মুখাৰ্জী কাকী আহি বিপাক্ষীৰ ওচৰ পালেহি৷ ৱালৰ সিপাৰৰ পৰা বিপাক্ষীক দুবাৰমান চিঞৰিছিলেও৷ তাই চাগৈ নিজৰ সমস্যাত মগন হৈ থকাৰ বাবেই কাকীৰ মাত নুশুনিলে৷
"বিপাক্ষী, মা৷ গা বেয়া নেকি তোমাৰ? মনটো একেবাৰে স্ফূৰ্তি নাইকিয়া দেখিছোঁ৷"
কাকীয়ে তাইৰ হাতৰ পৰা চাহকাপ লৈ সুধোঁ নুশুধোকৈ সুধি পেলালে৷ ছোৱালীজনীলৈ প্ৰথমৰপৰাই মৰম এটা সোমাইছিল তেওঁৰ৷ শশাংককো তেওঁলোক দুয়োজনে নিজৰ ল’ৰাৰ দৰেই বুলি ভাৱে৷
"কাকী, সম্পৰ্ক এটা বৰ্তি থাকিবলৈ কিহৰ প্ৰয়োজন বাৰু?
একো পাতনি নেমেলাকৈয়ে হঠাতে সুধি পেলালে বিপাক্ষীয়ে৷
"কিয়? কি হৈছে মা? শশাংকৰ লগত তোমাৰ কিবা তৰ্ক হৈছে?"
"কাকী, প্ৰতিদিনেই যদি মোক কোনোবাই বিচাৰৰ কাঠগড়াত ঠিয় কৰাই, মই কি কৰা উচিত? শশাংক সাংঘাতিক সন্দেহপ্ৰৱন হৈ পৰিছে৷ যি সন্দেহৰ কোনো ভেঁটিয়েই নাই৷ কল্পনাপ্ৰসূত কিছুমান কথাৰে সি মোৰ আত্মাক আঘাত কৰিছে৷ মই কি কৰা উচিত কাকী?"
বিপাক্ষীৰ কথাত চিন্তাত পৰিল কাকী৷ ছোৱালীজনীৰ কিবা এটা হৈছে বুলি তেওঁ ঠিকেই অনুমান কৰিছিল৷
"মা, মোক বুজাই কোৱাচোন কথাবোৰ৷ ভালদৰে জানিলেহে মই তোমাক কিবা এটা উপদেশ দিব পাৰিম৷"
বিপাক্ষীয়ে কাকীৰ আগত এফালৰ পৰা কথাবোৰ কৈ গ’ল৷ কথাবোৰ শুনি কাকী কিছুসময় মৌন হৈ থাকিল৷
"চোৱা মা৷ সম্পৰ্ক এটা বৰ্তি থাকিবলৈ পুৰুষ আৰু নাৰী দুয়োৰে মাজত বুজাপৰা থকাৰ ওপৰিও দুয়ো কিছু এৰাধৰাও কৰিব লাগিব৷ এজন আনজনৰ পৰিপূৰক হৈহে আগবাঢ়ি যাব লাগিব৷ তুমি এতিয়া শশাংকৰ ওপৰত নিৰ্ভৰশীল৷ প্ৰথমে নিজকে সৱল কৰা মা৷ আত্মনিৰ্ভৰশীল হ’লে নিজৰ ওপৰত এটা বিশ্বাস আহিব৷ শশাংকই ভুল কৰিছে৷ তাক নিজৰ ভুলটো চকুত আঙুলি দি শুধৰাবলৈ চেষ্টা কৰিব লাগিব৷ সৰুৰেপৰাই তাক মই পাই আহিছোঁ৷ সি মোৰ নিজৰ ল’ৰাৰ দৰে৷ তোমালোকৰ সংসাৰখন সুখৰ হোৱাটোৱেই সদায় কামনা কৰোঁ৷ ভগৱানে নকৰক, পৰিস্থিতি যদি কেনেবাকৈ বেয়ালৈ যায়, তাৰ প্ৰতিকাৰ কৰিব পৰাকৈ তুমি নিজকে সাহসী কৰি ৰাখা৷ মনত ৰাখিবা, জীৱনটো তোমাৰ নিজৰ৷ তুমি কি ভূগি আছা সেয়া মাথোঁ তুমিহে অনুভৱ কৰিব পাৰিবা৷ আনে কি ক’ব সেইটোত গুৰুত্ব দিয়াতকৈ তুমি কি বিচাৰা সেইটো ভাবি চাবা৷ মোৰ বাবে সম্পৰ্কতকৈ জীৱনটো ওপৰত৷"
কাকী যোৱাৰ পাছতো বিপাক্ষীৰ মনত তেওঁৰ কথাবোৰ পাকঘূৰণি খাই থাকিল৷ সঠিক কথাই কৈছে কাকীয়ে৷ নিজকে সৱল কৰাৰ প্ৰথম পদক্ষেপ যে তাই আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল হোৱা, এই কথাটো তাইৰো অজানা নহয়৷ তাইৰ যোগ্য দুটামান চাকৰিৰ পেপাৰ কাটিং কৰি ৰাখিছে৷ গডৰেজৰ এচুকত অনাদৃত হৈ পৰি থকা তাইৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ থকা ফাইলটো উলিয়াই আনি চাৰ্টিফিকেটবোৰ একাদিক্ৰমে সজাই থৈছে৷ কাইলৈ শশাংক বেংকলৈ যোৱাৰ পাছত তাই এইটো কামতে ওলাই যাব৷
দুপৰীয়া বিপাক্ষীয়ে কেৱল দালি এখনৰ সৈতে মিহলি পাচলিৰ ভাজি আৰু তিঁয়হৰ চালাদ এখনহে কৰিলে৷ কাকীয়ে দিয়া টিফিনতো খুলি চালে তাই৷ বিলাহীৰ টক্৷ হ’ব৷ আৰু কিবা জুটি বুধি লগাই সিজাই পকাই থাকিবলৈ মনটোয়েই ভাল নহয়৷ ফ্ৰিজত মাছ আছিল যদিও তাইৰ ৰান্ধিবলৈ মন নগ’ল৷
"ইমান শুদা ভাত যে আজি? মাছ শেষ হ’ল নেকি?"
দুপৰীয়া ভাতৰ পাতত বহি তাইলৈ চাই শশাংকই কৈ উঠিল৷
"মাছ আছিল৷ মোৰহে ৰান্ধিবলৈ মন নগ’ল৷"
নিৰ্লিপ্তভাৱে উত্তৰ দিলে বিপাক্ষীয়ে৷
"মন নগ’ল মানে? কি কৰিবলৈ মন যায়নো তোমাৰ? ঘৰত বহি বহি ভাতকেইটাহে ৰান্ধিব লাগে৷ তাকো পাল মাৰিবলৈ লৈছা৷"
"মানুহৰ মনৰ অৱস্থা সদায় একেদৰে নাথাকে শশাংক৷ যি পাৰিছোঁ ৰান্ধি আগত দিছোঁ৷ পাল মাৰিছোঁ বুলি যদি ভাবিছা ভাবিব পাৰা৷ তোমাৰ ভাৱ-চিন্তাকটো বাধা দিব নোৱাৰোঁ৷"
তাইৰ নিৰ্লিপ্ত সুৰত কোৱা কথাকেইটাত যেন কিবা এটা তীব্ৰতা আছিল৷ কৈ নিৰ্বিকাৰভাৱে তাই ভাত খাই থাকিল৷ আচৰিতভাৱে আজি শশাংকই একো প্ৰতুত্তৰ নিদিলে
আগলৈ
No comments:
Post a Comment