(১৪)
#অন্য_এক_অথেল’
ৰাতিপুৱা সাতমান বজাতহে বিপাক্ষীয়ে সাৰ পালে৷ গোটেই ৰাতিটো চকুৰ পতাই পতাই নালাগিল৷ ৰাতিপুৱাবৰ সময়তহে চাগৈ টোপনিতো আহিছিল৷ আলহী কোঠাৰ দুৱাৰখন খুলি তাই ওলাই গ’ল৷ টোপনিৰ ভাৱটো আছেই৷ লগতে চকুদুটাও পুৰি আছে৷ বেচিনৰ ওচৰলৈ গৈ চকুত পানী কেইচলুমান মাৰি দি পোৰণিতো শাম কটাবলৈ চালে তাই৷ তাৰপাছত ফিকাচাহ দুকাপ কৰি একাপ বাৰাণ্ডাত বাতৰি পঢ়ি থকা শশাংকৰ ওচৰৰ টেবুলখনত 'চাহ' বুলি নিৰ্বিকাৰভাৱে কৈ থৈ আহিলগৈ৷ আগদিনাৰ কথাটোৰ বাবে তাৰ কিজানি কিবা অনুশোচনা আহিছেই বুলি চাহ দিওঁতে তাক আঁৰচকুৰে মনো কৰিলে বিপাক্ষীয়ে৷ কিন্তু নাই! শৰীৰৰো ভাষা থাকে! শশাংকৰ শৰীৰৰো দাম্ভিক ভাষাই তাই জানিবলৈ বিচৰা কথাটো বুজাই দিলে৷ নিজৰ বাবে অলপ কাঢ়াকৈ লোৱা চাহকাপ খাই তাই টোপনিৰ ভাৱটো খেদিহে গা টো ধুই আহিলগৈ৷
গা ধুই আহি তাই আলুগুটি দুটা মিহিকৈ কাটি ভাজিলে৷ দুখনমান শুকানৰুটিৰ লগতে কনীৰ অমলেট এটা কৰি অফিচলৈ যাবলৈ সাজু হোৱা শশাংকক খাবলৈ মাতিলে৷ বিপাক্ষী যেন বৰ গুৰুতৰ অপৰাধৰ অপৰাধী আৰু সি যেন দয়া কৰি তাইক মাফ কৰিহে দিছে, এনে এটা ভাৱ ভংগীৰে সি খাবলৈ বহিল৷ খাই উঠি সেই একেই উদ্ধত ভংগীৰে গাড়ীৰ চাবিটো লৈ অফিচলৈ বুলি ওলাই গ’ল৷
সি যোৱাৰ পাছতে তাই নবৌয়েকৰ মোবাইলৰ নম্বৰটো ডায়েল কৰিলে৷
"হেল্ল বিপাক্ষী৷ ভালনে তোমিলোকৰ? আজি মায়ে ময়ে তোমাৰ কথা পাতিছিলহয়েই ফোন কৰিম বুলি৷"
"আছোঁ নবৌ৷ তোমালোকে খোৱা বোৱা কৰিলানে?"
কণ্ঠলৈ স্বাভাবিকতা আনিবলৈ চেষ্টা কৰিলে তাই৷
"এই অলপতে চাহ-ৰুটি খাই উঠি বাচন সামৰি আছিলোঁ৷ বাৰু তুমি মাৰ লগত কথা পাতাচোন৷ মই কলৰ পাৰতে বাচনবোৰ এৰি আহিছোঁ৷ ধুই লওঁগৈ৷ তোমাৰ লগত পাছত কথা পাতিম বাৰু৷"
মাকৰ হাতত ফোনটো দি দিয়ে বৌয়েকে৷
"মাজনী৷ খালিনে কিবা? এওঁ গ’লনে বেংকলৈ?"
"মা"
কিছুসময় নীৰৱ হৈ থাকিল তাই৷
"কি হ’ল মাজনী? সকলো ঠিকেই আছেনে? একো নোকোৱা হলি যে তই?"
তাইৰ নীৰৱতাত মাক ধৰফৰাই উঠিল৷
"সকলো ঠিকেই নাই মা৷"
"কিয়? কি হ’ল? গা বেয়া নেকি তোৰ? শশাংকৰ কিবা হৈছে নেকি?"
মাকৰ উদ্বিগ্ন কণ্ঠ৷
"শশাংক ঠিকেই আছে মা৷ মইহে ঠিক নাই৷"
তাই মাকৰ আগত শশাংকৰ সন্দেহ প্ৰৱণতাৰ কথা, তাৰ সলনি হৈ পৰা ৰেহ্ ৰূপৰ কথাৰ পৰা আগৰাতি সিহঁতৰ মাজত হোৱা সংঘাতলৈকে সকলোবোৰ কৈ গ’ল৷
"গিৰিয়েক ঘৈণীয়েকৰ মাজত কেতিয়াবা দুই এটা খুটখাট থাকিবই৷ নাৰী হৈ জন্ম ল’লে বহুত কথা সহিব পাৰিব লাগিব৷ ল’ৰাছোৱালী এটা হোৱাৰ পাছত সকলোবোৰ ঠিক হৈ যাব চাবিচোন৷"
এইবাৰ মাকেহে তাইক ওলোটাই বুজাবলৈ লাগিল৷
"আৰু শুনচোন, বৌয়েৰৰ আগত কলি নেকি কথাবোৰ?"
"নাইকোৱা৷"
বুজিলে তাই৷ তাইৰ সমস্যাতকৈ তাৰমানে বৌয়েকে কথাবোৰ জনাটোহে মাকৰ বাবে ডাঙৰ কথা৷
"ৰক্ষা৷ নকৈ ভালেই কৰিলি৷ কি বুলি ভাবিব নহ’লে৷ মই ইমান শলাগি থাকোঁ শশাংকক৷ গিৰিয়েক ঘৈণীয়েকৰ কাঁজিয়া এই লাগে এই ভাগে৷ আগতে ময়ো দেখোন দেউতাৰৰ লগত কেতিয়াবা কাঁজিয়া লাগো৷ হলেও ঘৰত কাকো ফুটকে নিদিওঁ৷"
এৰা! প্ৰকাৰন্তৰে মাকে তাইক কথাবোৰ সহি সামৰি মনে মনে থকাটোকেই বিচাৰিলে৷ পুৰুষপ্ৰধান সমাজ এখনত সৰুৰেপৰা ডাঙৰ হোৱা মাকৰ পৰা তাতকৈ আৰু বেছি আশাও কৰিব নোৱাৰি৷ অতদিনে কথাবোৰ তায়ো সহি সামৰিয়েই আছিল৷ পিছে কিমানখিনিলৈকে সহিব সামৰিব? বিবাহিত জীৱনত স্বামী-স্ত্ৰী দুয়োজনে কিছু এৰাধৰা কৰা আৰু নিজৰ স্বাভিমান বিসৰ্জন দিয়া দুয়োটা বেলেগ কথা৷ এৰাধৰা কৰি বিবাহিত জীৱনটো আগবঢ়াই নিব পাৰে, কিন্তু নিজৰ স্বাভিমানক বিসৰ্জন দি সম্পৰ্কটো বৰ্তাই ৰাখিব সকলোয়ে পাৰে জানো! অন্ততঃ তাই নোৱাৰে৷ দৰকাৰ হলে বিপাক্ষীয়ে সোঁতৰ বিপৰীতে যাবলগীয়া হ’লেও যাব৷ কাৰোবাৰ জীয়াৰী, পত্নী বা ভগ্নী হোৱাৰ ওপৰিও তাইৰ জানো এক নিজস্ব সত্বা নাই!
আগলৈ
No comments:
Post a Comment