(১৬)
#অন্য_এক_অথেল’
চাইবাৰ কেফে খনৰ পৰা ওলাই বিপাক্ষীয়ে এইবাৰ কিতাপৰ দোকান এখনত সোমাল৷ দুমাহমানৰ ভিতৰত অগাপিছাকৈ তাই অনলাইল ফৰ্ম পূৰাই অহা চাকৰিদুটাৰ বাবে লিখিত পৰীক্ষা পাতিব৷ তাৰবাবে প্ৰস্তুতি চলাবলৈ দৰকাৰী কিতাপ দুখন কিনিলে৷ তাৰপাছতহে তাই এখন অটোৰিক্সা ল’লে৷ তাইৰ লক্ষ্য এইবাৰ তাইৰেই শিক্ষাগুৰু এজনে অধক্ষ্য হিচাপে থাকি চলাই থকা কনিষ্ঠ মহাবিদ্যালয়খন৷ বায়দাতা সহিতে দৰ্খাস্ত এখন পেলাই থৈ যোৱা যাওঁক৷ কি হয় পাছত দেখা যাব৷
বহুতদিনৰ মূৰত মেধি চাৰক লগ পায় বৰ সুখী হ’ল বিপাক্ষী৷ মেধিচাৰক ভৰি চুই সেৱা কৰিলে৷ চাৰেও তাইৰ সকলো খবৰ ললে৷ চকিদাৰজনক মাতি চাহো আনিবলৈ দিলে৷ আহিবৰ সময়ত মেধিচাৰৰ হাতত দৰ্খাস্তখন দি কিবা খবৰ থাকিলে দিবলৈ কৈ আহিল৷
ঘৰ আহি পাওঁতে প্ৰায় বাৰটাই বাজিল৷ ওলাই যোৱাৰ আগতে সৰিয়হ আৰু বিলাহী দি মাছৰ তৰকাৰী আৰু দালি এখন ৰান্ধি হটকেচত থৈ গৈছিল৷ চাউল ধুই প্ৰেচাৰ কুকাৰত ভৰোৱাই আছিল৷ কুকাৰটো পাতি দি হটকেচৰ পৰা মাছৰ তৰকাৰী অলপ তিনিটুকুৰা মাছেৰে সৈতে কাকীহঁতৰ টিফিনটোত ভৰাই থলে৷ কুকাৰত হুইচেল মাৰিলেই গেছ বন্ধ কৰি সেয়া কাকীক দি আহিবগৈ৷
কেইবাদিনৰ মূৰত তাই যোৱা দেখি কাকুমণি বৰ আনন্দিত হ’ল৷ 'আমাক পাহৰি গৈছিলা ন'" বুলি তাইক জোকালেও৷ ভাত খোৱাৰ সময়ত চাহ নাখাওঁ বুলি কোৱাতো তাইক চাহ খাবলৈ জোৰ কৰিলে৷ কাকীয়েহে ক’লে, হ’ব, এতিয়া চাহ খাব নালাগে বাৰু৷ ভাতকেইটা খাবলৈ মন নাযাব৷ তাই ওলাই গৈ অনলাইন এপ্লিকেচন কৰা আৰু কলেজতো এপাক সোমাই অহাৰ কথা কাকীক থোঁৰতে কৈ থলে৷ আহিবৰ সময়ত কাকীয়ে সৰু বাতি এটাত তেঁতেলিৰ চাটনি অকনমানো দি পঠালে৷
ঘৰলৈ আহি বৰবেঙেনা এটা গোল গোলকৈ কাটি ফ্ৰাই কৰিলে৷ শশাংকই বেচনত লেটিয়াই ভাজিলে ভাল পায় বাবে তাই সদায় তেনেদৰেই ফ্ৰাই কৰে৷ আজি কিন্তু তাই নিজে ভালপোৱা ধৰণে বেচন নিদিয়াকৈয়ে ভাজি পেলালে৷ টেবুলত পানী দুনি ঠিক কৰি লওঁতেই শশাংকৰ গাড়ী আহি সোমোৱা গম পালে৷
ভাতৰ পাতত মাছ দেখি শশাংক সন্তুষ্ট হ’ল৷ ভাত খাবলৈ বহি সি সুধিলে,
"বেঙেনা বেচনত লেটিয়াই নাভাজিলা কিয়? নাছিল নেকি বেচন?"
"মই এনেদৰেই খাই ভালপাওঁ৷ এনেকৈয়ে খোৱাচোন আজি৷"
তাই কাঁহীৰ কিনাৰত আজি দুপিচ বেঙেনাফ্ৰাই ল’লে৷
শশাংকই তাইলৈ কেৰাহিকৈ চালে৷ বেঙেনাফ্ৰাই সি নললে৷
"তোমাৰ কথা কাণ্ডবোৰ আজিকালি কিছু বেলেগ দেখিছোঁ৷"
"কি বেলেগ দেখিছা? তুমি ভালপোৱাৰ দৰে বেঙেনা নভজাৰ বাবেই মই বেলেগ হৈ গলোঁ নে?"
তাইৰ কথাত থকা যুক্তি হয়তো তাৰ বোধগম্য হ’ল৷ ভাত খাই উঠিবৰ সময়তহে তাইৰ মনত পৰিল, কাকীয়ে দিয়া তেঁতেলিৰ চাটনিটো খোৱাই নহ’ল৷ তাই উঠি গৈ পাকঘৰৰ পৰা চাটনিৰ বাতিটো আনিলেগৈ৷
"তেঁতেলীৰ চাটনিৰ কথা পাহৰিলোঁয়েই৷ দিওঁনে?"
শশাংকৰ ভাত খাই প্ৰায় হৈছিলেই৷
"কাকীয়ে দিলে নেকি?"
"অ'৷ মই মাছৰ তৰকাৰী দিবলৈ যাওঁতে দি পঠাইছিলে৷"
"অহ্! তালৈ নোযোৱাকৈ তুমিটো থাকিব নোৱাৰা৷"
মুখত ব্যংগৰ হাঁহি এটা ফুটাই শশাংকই কৈ উঠিল৷
"হয়, নোৱাৰো৷ আৰু তুমিও মোৰ ব্যক্তি স্বাধীনতাত হস্তক্ষেপ নকৰিবা৷"
ভাত খোৱা বাচনবোৰ গোটাই থাকিয়েই তাই তাক দৃঢ় কণ্ঠে কৈ উঠিল৷
"মোৰ খাবি, মোৰ পিন্ধিবি আৰু মোৰ কথা নুশুনিবি! কথা ক’বলৈ আহে তাই৷"
খেদা মাৰি আহি তাইৰ ওচৰ পায়হি শশাংক৷
"কিয়? মোক চাকৰি কৰিবলৈ দেখোন তুমিয়েই বাৰণ কৰি থৈছিলা৷ মোৰতো অৰ্হতা নোহোৱা নাছিল৷ তেতিয়া তুমি মোক এইষাৰ কথা শুনোৱাব পাৰিলাহেঁতেন নে?"
শশাংকৰ ওচৰত এইটো প্ৰশ্নৰ উত্তৰ নাছিল৷ কোব খোৱা সাপৰ দৰে সি মাথোঁ তাইলৈ চাই ৰৈছিল৷
আগলৈ
No comments:
Post a Comment