(১৭)
#অন্য_এক_অথেল’
কিছু সোনকালেই সাৰপাই উঠি বিপাক্ষীয়ে প্ৰথমে ঘৰটোকে সাৰি ল’লে৷ তাৰপাছত ফিকা চাহ একাপ খাই আগদিনা আনি থোৱা কিতাপ এখন মেলি ল’লে৷ হাতত থকা এঘন্টামান সময় তাই কিতাপখনৰ মাজতেই সোমাই থাকিল৷ শশাংক উঠা গম পাইহে তাই ব্ৰেকফাষ্ট ঠিক কৰিবলৈ উঠি গ’ল৷ হাত মুখ ধুই বাতৰি পঢ়ি থকা শশাংকক ফিকা চাহ একাপ দি তাই গাটো ধুই আহিলেগৈ৷ তাৰপাছত ৰুটিৰ বাবে আটা মঠিলে৷ লগত খাবলৈ আলুৰ তৰকাৰী এখনৰ সৈতে জ্বলা দি ধনীয়াৰ চাটনি কৰিলে৷ জাহাজী ক’ল দুটামানো আছে৷ তাকো উলিয়াই দিব৷ ৰুটিকেইখন সেকি সেকি হটকেচত ভৰাই যাওঁতে তাই ভাবি থাকিল, শশাংকক বেংকলৈ পঠিয়াই তাই পঢ়িব লাগিব৷ পৰীক্ষা দিবলৈ লৈছে যেতিয়া সম্পূৰ্ণ প্ৰস্তুতি কৰিহে দিবলৈ যাব৷ যেনে তেনে নিজৰ ভৰিত থিয় দিব পৰা চাকৰি এটা গোটাবই লাগিব৷
"কিহৰ কিতাপ এইখন?"
ব্ৰেকফাষ্ট কৰি বেংকলৈ যাবলৈ সাজু হোৱা শশাংকৰ চকু তাই আনি থোৱা কিতাপ এখনত পৰিল৷
"মোৰেই কিতাপ৷ পৰীক্ষা দুটামান দিম৷ চাকৰিৰ৷ কালি অনলাইন ফৰ্ম ফিল আপ কৰি দুখন কিতাপো লৈ আহিছোঁ৷"
"তই চাকৰি কৰিবলৈ ওলাই যাব নোৱাৰিবি বুলি মই আগতেই কৈছিলোঁ নে নাই? কাক সুধি কৰিছ এইবোৰ?"
আজিকালি অলপ খং উঠিলেই শশাংকৰ সম্বোধন :তুমি'ৰ পৰা 'তই' হৈ যায়৷
"নিজৰ বাবে কিবা এটা কৰিবলৈ লৈছোঁ৷ তাৰবাবে কাৰোৰে পৰা অনুমতি লোৱাৰ প্ৰয়োজনবোধ কৰা নাই৷"
বিপাক্ষীও নিৰ্ভীক আৰু নিৰ্বিকাৰ৷
"বেছি বাঢ়িছ’ তই৷ চাইহে আছোঁ তোক! কেনেকৈ পৰীক্ষা দিয়গৈ ময়ো চাম৷"
কথাৰ লগে লগে কিতাপখনো দূৰৈত চিটিকি পৰিলগৈ৷
"দিম মই পৰীক্ষা৷ চাকৰিও লম৷ নিজৰ পৰিচয় দিবলৈ বিপাক্ষী সন্দিকৈয়ে তেতিয়া তোমাৰ আশ্ৰয় নললেও হ’ব৷"
দৃঢ়তাৰে কথাকেইটা কৈ তাই পৰি থকা কিতাপখন বুটলি টেবুলত থলে৷ খঙত উন্মাদপ্ৰায় হৈ পৰা শশাংকই তাইক হঠাতে সোঁহাতৰ আঙুলিকেইটাৰে ডিঙিত খামুচি ধৰি পাচফালৰ বেৰখনত হেঁচা মাৰি ধৰিলে৷
"মাৰি পেলাম তোক৷ চিনি পোৱা নাই শশাংকক৷ চাকৰি কৰিব নোৱাৰ বুলিছোঁ নোৱাৰ৷ এয়ে মোৰ শেষ কথা৷"
সি কথাকেইটা কৈ থাকোঁতে বিপাক্ষীয়ে তাৰ হাতৰ মুঠিৰ পৰা ডিঙিতো মুকলি কৰিবলৈ চটফটাই থাকিল৷ এপাকত গাৰ সমস্ত শক্তিৰে তাই শশাংকক ঠেলা মাৰি আঁতৰাই দিলে৷ ঘন ঘনকৈ উশাহ লৈ তাই ডিঙিটোত ধৰি কাঁহিবলৈ ধৰিলে৷ মুখখন ৰঙা পৰি দুচকুৰে সৰসৰাই পানী ওলাল৷
"গম পালি নহয় মই কি কৰিব পাৰোঁ৷ উৰিবলৈ বিচাৰিলে পাখি মুচৰি পেলাম৷ মনত ৰাখিবি৷"
গাড়ীৰ চাবিটো হাতত লৈ যাবলৈ ওলায় শশাংকই তাইলৈ চাই আঙুলি টোৱাই কৈ উঠিল৷
"মোৰ গাত যদি আজিৰেপৰা হাত তোলা, কথা ভাল নহ’ব কিন্তু৷"
বিপাক্ষীয়েও আঙুলি টোৱাই প্ৰতুত্তৰ দিলে৷
"কি কলি? কি কথা ভাল নহ’ব? ধমকি দিবলৈ আহিছ মোক?"
শশাংক পুনৰ খেদা মাৰি আহি তাইৰ ওচৰ পালেহি৷
"যা, কাক কৱ কগৈচোন মোৰ কথা৷ কোনে কি কৰে চাওঁ৷"
কণ্ঠত তাৰ তাইৰ অস্তিত্বৰ প্ৰতি যেন সীমাহীন অৱজ্ঞা৷
"কাৰোবাৰ আগত মই মোৰ দুখৰ দস্তাৱেজ মেলি সহানুভূতি লবলৈ যাম বুলি নাভাবিবা শশাংক৷ আকৌ যদি আজিৰ দৰে ঘটনাৰ পুনৰাবৃত্তি হয় মই ডমেষ্টিক ভায়লেন্সৰ গোচৰ দিবলৈ আৰক্ষীৰ কাষ চাপিম৷ তোমাক মই ধমকি দিয়া নাই৷ মাত্ৰ সাৱধান কৰিছোঁ৷ সেইটো কথা তুমিও মনত ৰাখিবা৷"
কথাকেইটা কৈ তাই কিতাপখন হাতত লৈ শোৱাকোঠালৈ সোমাই গ’ল৷
জোকৰ মুখত চূণ পৰাৰ দৰে হৈ শশাংকই গাড়ীৰ চাবিটো লৈ দপদপাই ওলায় গ’ল৷ বিপাক্ষী স্বভাৱিক হ’বলৈ কিছুসময় বিচনাখনতে বহি ৰ’ল৷ নাই, এয়া মাথোঁঁ তাইৰ যুঁজখনৰ আৰম্ভণিহে৷ আৰম্ভণিতেই হাৰ মানিব নোৱাৰে তাই৷ তাইৰ লক্ষ্যপ্ৰাপ্তি নোহোৱালৈকে যিমান যুঁজিব লাগে যুঁজিব৷
অকনমাণ সময়ৰ পাছত তাই উঠি আহি মুখত পানী কেইচলুমান মাৰি ল’লেহি৷ এতিয়াহে তাইৰ কিছু সজীৱ লাগিল৷ কিবা এটা খাই তাই এতিয়া পঢ়িব৷ বাধাবোৰক প্ৰত্যাহ্বান হিচাপে ল’ব পাৰিলে চিন্তা কিহৰ! হয়, শশাংকৰ সৈতে সংসাৰ পতাৰ আগতে তাই এক সুখী, নিৰুদ্বেগ বিবাহিত জীৱনৰ কল্পনাই কৰি আছিল৷ কিন্তু জীৱনটো সদায় মনে বিচৰা ধৰণৰ নহয়৷ সমস্যা থাকিবই৷ বিপাক্ষী সমস্যালৈ ভয় কৰা ছোৱালী কেতিয়াও নাছিল৷ সমস্যাৰ পৰা পলাই নগৈ সমাধানৰ পথ বিচৰাৰ চেষ্টাতহে তাই ব্ৰতী হয়৷ সমস্যা আৰু সংঘাতৰ মাজেৰেই ধৈৰ্য্য আৰু সাহসেৰে সফলতাৰ সোপান বগাই লক্ষ্যত উপনীত হ’ব পৰাতোতেই জানো জীৱনৰ প্ৰকৃত ৰস পোৱা নাযায়! নিজৰ ওপৰত থকা অটুট বিশ্বাসে তাইক এইখন যুঁজত নিশ্চয় জয়ী কৰিব৷ মনটোক শান্ত ৰাখিবলৈ চেষ্টা কৰি তাই পুনৰ কিতাপখন মেলি ল’লে৷
আগলৈ
No comments:
Post a Comment