(১৮)
#অন্য_এক_অথেল’
দুদিনমান শশাংক যেন কিছু শান্ত হৈ আছে৷ সেইদিনাৰ ঘটনাটোৰ পাছৰে পৰা তাইৰ সৈতে বৰকৈ কথা কটাকটি হোৱা নাই৷ আচলতে তায়ো তাক সেই সুযোগ দিবলৈ বিচৰা নাই৷ কিমান যুঁজিব৷ এইকেইদিন তাই সি থকাৰ সময়ত কৰিবলগীয়া অন্য কামবোৰ কৰি থাকে৷ পৰীক্ষাৰ প্ৰস্তুতিহে শশাংক বেংকলৈ যোৱাৰ পাছত কৰে৷ দুদিনমান যুঁজ নকৰাকৈ যায় যদিও যাওকচোন!
দুপৰীয়া ভাত খাই শশাংক ওলায় যোৱাৰ পাছত পাকঘৰ সামৰি আজৰি হৈ তাই কিছুপৰ বিচনাত পৰিল৷ চিলমিলকৈ টোপনি এটাও আহিছিল হ’বপায়! ফোনটো বজাৰ শব্দতহে সাৰ পায় উঠিল৷ নম্বৰটো চিনাকি নহয় যদিও তাই ফোনটো ৰিচিভ কৰিলে৷
"হেল্ল"
"বিপাক্ষী৷ ৰশ্মিয়ে কৈছোঁ৷ ভালে আছ’?"
"অ তইহে৷ তোৰ এইটো নম্বৰ মোৰ ওচৰত নাছিল৷ তহঁতৰ ভালনে?"
"ভাল, ভাল৷ এইটো মোৰেই নম্বৰ৷ দুখন চিম লগোৱা আছে যে৷"
দুয়োজনীয়ে ভালেমান সময় কথা পাতিলে৷ কলেজীয়া দিনৰ স্মৃতি ৰোমন্থনো কৰিলে৷ ফোনটো থোৱাৰ সময়তহে ৰশ্মিয়ে ক’লে,
"অই শুন৷ বিপুলক লগ পাইছিলোঁ সেইদিনা৷ সি ইয়াৰে কোম্পানী এটাত জইন কৰিছে৷ তোলৈ ফোন কৰিব চাগে৷ মোৰপৰা ফোনৰ নম্বৰ লৈছে৷"
বিপুল সিহঁতৰ ক্লাছমেট আছিল৷ আৰম্ভণিতে বিপুল আৰু বিপাক্ষীৰ নামদুটাৰ মিল আছে বুলি লগৰবোৰে ধেমালিতে জোকাইছিলো৷ সেইবোৰ কথা অৱশ্যে শশাংকই নাজানিছিল৷ পিছে হায়াৰ চেকেণ্ডাৰীলৈকে সিহঁতৰ লগত পঢ়াৰ পাছত ডিগ্ৰী পঢ়িবলৈ বেলেগ কলেজলৈ গুচি যোৱাৰ পাছত তাৰ কথা তল পৰিছিল৷
ফোনটো থোৱাৰ পাছত বিপাক্ষীৰ মনটো কিছু উগুলথুগুল লাগিল৷ বিপুলে যদি তাইলৈ ফোন কৰে শশাংকই বা আকৌ কি মূৰ্তি ধৰে! এইদুদিন কিছু শান্তিত আছে৷ সি থকা অৱস্থাত ফোন নকৰাটোকেই কামনা কৰিলে তাই৷ নহ’লে আৰু এখন যুঁজ দিয়াৰ মানসিক প্ৰস্তুতি বৰ্তমান তাইৰ নাই৷
পিছে কথাবোৰ তাই ভবাৰ দৰে কেতিয়াও নহয়৷ তাই ভাত ৰান্ধিবলৈ বুলি পাকঘৰলৈ যাবলৈ লওঁতেই বিপুলৰ ফোন আহিল৷ সেই সময়ত শশাংকই তাইৰ ফোনটো টিপি টাপি, ৰশ্মিৰ নতুন নম্বৰটোৰ বিষয়ে অনুসন্ধান সমাপ্ত কৰি ফোনটো চাৰ্জত লগাবলৈ এৰি দিছিলহে৷
"হেল্ল"
বিপাক্ষীয়েই ধৰিলে ফোনটো৷
"বিপাক্ষী৷ কি খবৰ?"
ৰশ্মিয়ে কৈ থোৱাৰ বাবে তাই বিপুলৰ মাত বুলি ধৰিব পাৰিলে৷ হলেও কাণ উনাই ৰৈ থকা শশাংকৰ বাবেই অকনমাণ অভিনয় কৰিবলগা হ’ল৷
"কোনে কৈছা বাৰু? মই ধৰিব পৰা নাই৷"
"মই বিপুল৷ মনত পাৰিছানে বাৰু? হায়াৰ চেকেণ্ডাৰীত আছিলোঁ তোমালোকৰ লগত৷ ৰশ্মিৰ পৰা ললোঁ তোমাৰ নম্বৰ৷"
"অ’ তুমি৷ মনত কিয় নাথাকিব বাৰু! কোৱাচোন তোমাৰ খবৰ৷ ক’ত আছা এতিয়া?"
তাই সাৱধানেৰে কথা আগবঢ়াই নিলে৷
বিপুলে সকলো খবৰ ল’লে৷ গুৱাহাটীতে কোম্পানী এটাৰ এৰিয়া মেনেজাৰ হিচাপে অলপতে যোগদান কৰা বিপুলৰ বিয়াও ঠিক হৈ আছে৷ তাৰিখ লোৱা হ’লে খবৰ দিয়াৰ কথা কৈ বিয়ালৈ আগতিয়াকৈ নিমন্ত্ৰণো দিলে৷ প্ৰায় আধাঘণ্টামান কথা পাতিলে বিপুলে৷ ফোন থৈ তাই ভাতৰ কুকাৰটো পাতিবলৈ যো জা কৰোঁতেই শশাংক সোমাই আহিল৷
"ফোন কোনে কৰিছিল?"
"মোৰ লগৰ এজনে৷"
ভাতকেৰেলা আৰু আলু দুটামান কাটিবলৈ বুলি উলিয়াই ল’লে তাই৷
"লগৰ মানে? নাম নাই নেকি?"
পুনৰ যেন অস্থিৰ হ’বলৈ লৈছে সি৷
"বিপুল৷ আমাৰ লগত হায়াৰ চেকেণ্ডাৰীলৈ পঢ়িছিল৷"
"ফোনৰ নম্বৰ কেনেকৈ পালে?"
"ৰশ্মিৰ পৰা ল’লে৷ ৰশ্মিয়ে অথনি ফোন কৰিছিল বুলি কৈছিলোয়েই দেখোন৷"
"কিয় কৰিছিল ফোন?"
শশাংকৰ সন্দেহপ্ৰৱন মন সন্তুষ্ট কেতিয়াও নহয়৷
"কিয় কৰিছিল মানে? লগৰ বন্ধু বান্ধৱীয়ে ফোনত কথা পাতিবলৈ কিবা কাৰণ লাগে জানো? সেইদিনা তোমালৈয়ো দেখোন তোমাৰ স্কুলীয়া বান্ধৱী এজনীয়ে ফোন কৰিছিল৷ মই জানো তোমাক কিবা সুধিছিলোঁ? তথাপিও কওঁ শুনা, বিপুলৰ বিয়াৰ কথা চলি আছে৷ সেয়ে বন্ধু হিচাপে খবৰটো দিছে৷ তাৰিখ ঠিক হলেই নিমন্ত্ৰণো দিব৷"
তাইৰ কথাত সি সন্তুষ্ট হ’লনে নহ’ল নাজানিলে যদিও সি আৰু পুনৰাই একো নুসুধিলে৷
নিশাৰ সাজ দালি, ভাতকেৰেলা ভাজি আৰু কনীৰ অমলেটেৰে খাই তাই পাকঘৰ সামৰি পেলালে৷ তাৰপাছত কিছু ফ্ৰেছ হৈ শুবলৈ গ’ল৷ বিচনাত বহি পুনৰ তাইৰ মোবাইলটো চাই থকা দেখি তাইৰ টিঙিচকৈ খং এটা উঠি আহিল৷
"মোবাইলটো দিয়া৷ মোৰ কিবা এটা চাবলগীয়া আছে৷"
"কি চাবলৈ আছে? কাৰোবাৰ মেচেজ আহিবলগীয়া আছে নেকি?"
শশাংকই মোবাইল দিয়াৰ লক্ষণ তাই নেদেখিলে৷
"কেৱল মেচেজৰ বাবেই মোবাইলটো নহয়৷ সেইটো তুমিও জানা৷ মোৰ মোবাইলটো দিয়া৷ তুমি নিজৰটো চোৱা৷"
বিপাক্ষীয়ে হাত আগবঢ়াই দিলে৷
শশাংকই তাইলৈ থিৰ দৃষ্টিৰে চাই হঠাতে তাইৰ ফোনটো পকালৈ দলিমাৰি পঠালে৷ ঠংকৈ শব্দ কৰি উফৰি কৰবাত পৰিলগৈ ফোনটো৷
"কিয় ভাঙিলা মোৰ ফোন? কোৱা৷ এনেকুৱা কাম কিয় কিয় কৰিলা?"
খঙত, দুখত চিঞৰি উঠিল বিপাক্ষী৷ ডিচপ্লে ভঙা ফোনটোৰ সৈতে আঁতৰত পৰি থকা বেককভাৰ আৰু বেটেৰিটো তুলি আনিলেগৈ৷ ককায়েকে প্ৰথম দৰমহাৰ পইচাৰে উপহাৰ দিয়া ফোনটোৰ দুৰৱস্থা দেখি তাইৰ চকুলো ওলায় আহিল৷
সেইনিশা তাইৰ ভাল টোপনি নাহিল৷ জৈৱিক তাড়নাত কাষ চাপি অহা শশাংকক তাইক স্পৰ্শ কৰিবলৈ নিদিলে৷ কেৱল পত্নী হোৱাৰ সুবাদতেই তাইৰ ইচ্ছাৰ বিৰুদ্ধে শশাংকক প্ৰশ্ৰয় দিবলৈ কেতিয়াও ৰাজী নহয় তাই৷ তাইৰ বাধা পাই গাৰ জোৰেৰে কামনা চৰিতাৰ্থ কৰিবলৈ অহা শশাংকক ঠেলি আঁতৰাই তাই উঠি আনটো কোঠা পালেহি৷ অভব্য শব্দেৰে তাইক উদ্দেশ্যি গালিবৰ্ষন কৰি থকা শশাংক এসময়ত শুই পৰিল৷
আগলৈ
বহুত ভাল লাগিছে দেই বাট চালো ❤️
ReplyDeleteসমাজৰ এনে শশাঙ্কৰ বাবেই বহুতে জীয়াতু ভূগি থাকে অ'
ReplyDelete