www.hunguti.in

Breaking

www.hunguti.in

Ads

Friday, July 9, 2021

অন্য এক অথেল’ (১৩)

 (১৩)


#অন্য_এক_অথেল’


       গধূলি ভাত খাই পাকঘৰটো সামৰি কিছুসময় নিজৰ বাবে ৰাখে বিপাক্ষীয়ে৷ ফেচৱাচ কৰা, দাঁত ব্ৰাছ কৰা আৰু তাৰপাছত দিনত পিন্ধি থকা নাইটিটো সলাই পৰিষ্কাৰ এটা পিন্ধি লোৱা৷ নহ’লে ভাল টোপনি নহয় তাইৰ৷ 

         আজিও এইকেইটা কাম কৰি তাই শোৱা কোঠালৈ গ’ল৷ শশাংক আজি দিনটো ঘৰতে৷ মূৰৰ বিষ নাই যদিও ছুটি ল’লে৷ কোঠাৰ টি ভি টোত বাতৰিৰ চেনেল এটা লাগি আছে যদিও সি বাতৰি চোৱা নাই, বিচনাৰ শিতানৰ ফালে গাৰু এটাত আউজি তাৰ হাতত থকা তাইৰ মোবাইলটোহে পিটিকি আছে৷ দিনটো আজি সি সেইটোকেই কৰি আছে৷ 

         ড্ৰেচিং আইনাৰ সন্মুখত ৰৈ মুখত কিবা অকনমান সানি ল’লে৷ নহলে মুখখন কিবা টানি টানি ধৰে৷ তাৰপাছত চুলিকোচা আঁচুৰিহে তাই বিচনালৈ গ’ল৷ শশাংকই তাইৰ ফে’চবুকৰ মেচেঞ্জাৰটো খুলি মেচেজবোৰ চাই আছে৷ টিঙিচকৈ খং এটা উঠি আহিল তাইৰ৷


"কি চাইছা? সদায় সদায় যে মোৰ মেচেঞ্জাৰ, ৱাটচ্ আপ চেক্ কৰি থাকা, কেতিয়াবা কিবা পাইছা জানো?'


কণ্ঠত তাইৰ কিছু উষ্মা৷


"কবতো নোৱাৰি৷ এই ছোৱালী জাতিটোক বিশ্বাস কৰিব নোৱাৰি৷ দেৱতায়ো যাৰ মহিমা নুবুজিলে! আমিবোৰ কোন কূটা! আমাৰ লগৰ দিবাকৰ হাজৰিকালৈকে নোচোৱা কিয়? ঘৈণীয়েকে কেনেকৈ ঠগি থৈ গ’ল দেখিলা নহয়? বেচেৰাটোয়ে চকু কাণ দিয়া হ’লে আজি এনে গতি নহয়৷"


শশাংকৰ হজম কৰিব নোৱাৰা কথাকেইটা শুনি ফেঁটি সাপৰ দৰে ফেঁট তুলি উঠিল বিপাক্ষী৷


"দিবাকৰ হাজৰিকাৰ পত্নী আনলৈ গ’ল বুলিয়েই সকলো পত্নীয়েই অবিশ্বাসী হৈ গ’লনে? এয়া তোমাৰ ভুল ধাৰণা৷ যি অবিশ্বাসী তাক হাজাৰ চকুৰ আগত ৰাখিলেও সুযোগৰ সন্ধানত থাকিব৷ আৰু সিহঁতৰ সংসাৰখন আমি দূৰৈৰপৰাহে দেখিছোঁ,ভিতৰুৱা কথাবোৰ নাজানো৷ গতিকে আঁতৰৰপৰা আমি একো জাজমেন্ট দিয়া উচিতো নহয়৷"


"অহ্! তুমি তাৰমানে তাইৰ ফলীয়া হৈ কথা ক’লা৷ ক’বাই৷ একে পানীৰ মাছহে চাগৈ! মই ওলায় যোৱাৰ পাছত কাৰ লগত বা লেনদেন কৰি থাকা কোনে জানে!"


শশাংকয়ো সমান উষ্মাৰে কৈ উঠিল৷


"শশাংক অলপ মুখ চম্ভালি কথা ক’বা৷ মই তোমাৰ সহধৰ্মিনীহে৷ তোমাৰ আগ গুৰি নাইকিয়া কথাবোৰ প্ৰতিবাদ নকৰাকৈ শুনি থাকিবলৈ  মই তোমাৰ নিকিনা গোলাম নহয়৷"


"কি কলি? চাল্লা বৰমাত মাতিবলৈ আহিছ মোৰ আগত!" কথাৰ লগে লগে তাই তৰ্কিব পৰাৰ আগতেই গালত আহি পৰা প্ৰচণ্ড চৰটোত উচপ খাই উঠিল তাই৷ 


"পৰপুৰুষৰ লগত হলিগলি কৰিবলৈ এৰি দিব লাগে তাইক! চিনি পোৱা নাই মোক? শেষ কৰি দিম জনা নাই?"


ফোঁপাই ফোঁপাই কথাকেইটা কৈ থাকে শশাংকই৷ ক্ৰমে হিংস্ৰ হৈ উঠা শশাংকৰ চকুকেইটাও ৰঙা হৈ পৰিছে৷ কেতিয়াবা সঁচাকৈয়ে জন্তুৰ সৈতে মানুহৰ পাৰ্থক্য নোহোৱা হৈ পৰে! ফৰফৰাই থকা গালখনত হাত থৈ তাইৰ মনলৈ প্ৰথম সেইটো কথাই আহিল৷ শশাংকৰ হাতৰ মুঠিত বন্দী হৈ থকা চুলিকোছা জোৰকৈ আঁতৰাই তাই বিচনাৰ পৰা একেচাটে উঠি গ’ল৷ আলহী কোঠাত সোমাই  দুৱাৰখন বন্ধ কৰি মজিয়াত বহি পৰিল তাই৷ অবাধ্য চকুপানীবোৰৰ ওপৰতে খং উঠি গ’ল তাইৰ৷ সৰুৰেপৰা স্পষ্টবাদী বিপাক্ষীয়ে যিকোনো পৰিস্থিতিতে নিজৰ স্থিতি অটল ৰাখিব পৰাকৈয়ে নিজকে গঢ় দিছিল৷ কিন্তু শশাংকৰ সৈতে বিয়া হোৱাৰ পাছৰে পৰা তাইৰ অস্তিত্বই যেন নাইকিয়া হৈ গৈছে! নিজস্বতা হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে! মানুহ চিনাটো ইমান কঠিন নে? বিয়াৰ আগৰ শশাংকক দেখোন তাই ভালদৰে চিনি পোৱা বুলিয়েই ভাবিছিল৷ তাৰ পজেচিভ্ প্ৰকৃতিক তাই তেতিয়াই গুৰুত্ব সহকাৰে নোলোৱাটো তাইৰ ভুল আছিল নেকি? নে বিবাহৰ পিছত স্বামীলৈ পৰিৱৰ্তন হোৱাৰ পাছত আগৰ প্ৰেমিকজন ক’ৰবাত হেৰাই যায়! যিদৰে তাই বিচাৰি নোপোৱাকৈ পূৰ্বৰ শশাংক হেৰাল! এই মুহূৰ্তত নিজকে নিজেই কৰা প্ৰশ্নবোৰৰ উত্তৰ তাইৰ ওচৰত নাই৷ বৈ থকা চকুপানীবোৰক আজি তাই বাধা নিদিয়ে৷ যিমান ববলৈ আছে বৈ লওকচোন, কাইলৈৰ পৰা আৰু সিহঁতক তাই সেই সুযোগ নিদিয়ে৷


আগলৈ


2 comments:

  1. অবিশ্বাস বৰ ভয়ানক। সুন্দৰ

    ReplyDelete
  2. খুব ভাল লাগিছে দেই পঢ়ি...👍👍

    ReplyDelete