(৮)
#অন্য_এক_অথেল’
"বিপাক্ষী, মা, শুনিছানে? মাত দিবাছোন এইফালে৷"
মুখাৰ্জী কাকীয়ে ৱালৰ সিপাৰৰ পৰা চিঞৰিছে৷ মধ্যমীয়া জোখৰ ভাঙোন মাছ দুটামান ফ্ৰাই কৰি নমাই থোৱাৰ পাছত তাইৰ তেতিয়ালৈ টেঙামৰা দি পাতলকৈ ৰন্ধা মচুৰদালিকন হটকেচত ভৰাই হৈছিলগৈ৷ তিয়ঁহ-বিলাহীৰ চালাদখনত আদাৰ টুকুৰাতো মিহিকৈ কাটি থকা বিপাক্ষীয়ে ভাজি এখন কৰিব নে নকৰে সেইটো ভাবি থাকোঁতেই মুখাৰ্জী কাকীৰ চিঞৰ শুনিলে৷ খৰধৰকৈ ওলাই গ’ল তাই৷ ইফালে শশাংক পায়হিহে লাগে৷
"কিহত ব্যস্ত এইকেইদিন৷ আমাৰ ফালে যে পাক মৰা নাই৷ কাকুমণিয়ে কৈ আছে ছোৱালীজনীৰ খবৰ নাইকিয়া হ’ল বুলি৷আজি তেলকাৱৈ ৰান্ধিছিলোঁ৷ এয়া তোমালোকলৈ৷"
কাকীয়ে কৈ কৈ সৰু টিফিন এটা আগবঢ়াই দিলে৷
"কাকী ইমানকৈ কিয় দি থাকিব লাগে৷"
তাই টিফিনটো লৈ মৃদু প্ৰতিবাদৰ সুৰত ক’লে৷
"আজিকালি শশাংক দুপৰীয়া ভাত খাবলৈ ঘৰলৈ আহে যে৷ সেয়ে এইখিনি সময়ত পাকঘৰত লাগিব লাগে৷ যাবলৈ সময়েই পোৱা নাই৷"
এইকেইদিন কাকীহঁতৰ ঘৰলৈ নোযোৱাৰ কৈফিয়ৎ তাই এনেদৰেই দিলে৷
"বাৰু যোৱা৷ তুমি ভাতত লাগাগৈ৷ সুদীপ্ত আহি পাইছে৷ আমিও খাই লওঁগৈ৷"
হ’ব৷ ভাজি-চাজি নকৰিলেও হ’ব এতিয়া৷ ৰাতিপুৱা ফুলৰ টাবকেইটাত লাগি থাকোঁতেই তাইৰ আজি বহুত সময় গ’ল৷ নহ’লে 'ভাজি এখনো কৰিবলৈ সময় নাপালা যে, কিহতনো ব্যস্ত আছিলা' বুলি সুধিবলৈ শশাংকই সুবিধাটো নাপায় এতিয়া৷ কাকীয়ে তৰকাৰী দিয়াৰ বাবেই আৰু একো নকৰিলে বুলি ক’বলৈ সুযোগ এটা পোৱা গ’ল৷
কাকীৰ টিফিনতো খুলি তেলকাৱৈৰ আঞ্জাকণ বহল মুখৰ বাতি এটাত উলিয়াই লৈ বস্তুবোৰ ডাইনিংত থওঁতেই শশাংকই গাড়ী গেৰিজত সোমোৱাহি গম পালে তাই৷ ভাতকেইটা বাঢ়িবলৈ কাঁহীদুখন ঠিক কৰিলে তাই৷
শশাংক আহি হাত মুখ নোধোৱাকৈয়ে তাইৰ ফোনটো অলপপৰ চাই ললে৷ তাৰ পাছতহে সি ভাতৰ টেবুলত বহিল৷
"কাকীহঁতৰ ঘৰলৈ গৈছিলানেকি আজি?"
কাঁহীৰ কিনাৰত তেলকাৱৈৰ আঞ্জা দেখি শশাংকই কৈ উঠিল৷
"নাই৷ কাকীয়ে নিজেই দি গ’ল৷"
দালিৰ পৰা টেঙামৰা দুটা নিজৰ কাঁহীত লৈ তাই উত্তৰ দিলে৷
"কাকীহঁতৰ ল’ৰাটো যে, সুদীপ্ত, জহন্নামে গ’ল সি৷"
দুয়োটাই নিৰৱে ভাত খাই থকাৰ মাজতে হঠাতে কৈ উঠিল শশাংকই৷ মাছৰ কাঁইট বাচি থকা বিপাক্ষীৰ হাতখন ৰৈ গ’ল৷
"তেনেকৈ ক’লা যে? কি হ’লনো?"
"বোৱাৰী এজনীৰ লগত হলিগলি তাৰ৷ বদমাছ৷ এনেবোৰ ল’ৰাৰ বাবেই সমাজখন বেয়া হৈছে৷"
সুদীপ্তৰ বন্ধু এজনৰ ভনীয়েকৰ সৈতে মৰমৰ সম্পৰ্ক এটা গঢ় লৈ উঠিছে৷ বিয়াৰ দুমাহৰ পাছতে স্বামীহাৰা হোৱা ছোৱালীজনীৰ সৈতে হোৱা তাৰ সম্পৰ্কটোক সমাজৰ আগত বৈধ ৰূপ এটা দিবলৈ মাক দেউতাকৰ আগত নিজৰ ইচ্ছাও ব্যক্ত কৰিছে৷ নতুনকৈ কামত সোমাইছেহে মাথোঁ৷ অলপ থানথিত লাগি লওকচোন প্ৰথমে৷ তাৰপাছত তাইৰ লগতে বিয়াৰ কথা পাতিব কাকীহঁতে৷ এইবোৰ কথা তাই কাকীৰপৰাই গম পোৱা৷ এনেবোৰ কথাৰ পৰাই তেওঁলোকৰ প্ৰতি তাইৰ শ্ৰদ্ধা দুগুনে বাঢ়ি গৈছে৷
"সুদীপ্তহঁতৰ দৰেই ল’ৰাৰ প্ৰয়োজন আজিৰ সমাজত৷ স্বামীহাৰা ছোৱালী এজনীক আপোন কৰি লবলৈ বিচাৰিছে৷ কি বেয়া কথাটো হৈছে? তেওঁলোক আচলতে সঁচা অৰ্থত আধুনিক৷ বাহিৰত আধুনিক দেখুৱাই মনটোক কৌটিকলীয়া অযুক্তিকৰ পৰম্পৰাৰে ঘেৰি ৰখা কিছুমান মানুহৰ দৰে নহয়৷"
নকওঁ নকওঁ বুলি ভাবিলেও কিছুমান কথা বিপাক্ষীয়ে নোকোৱাকৈ থাকিব নোৱাৰে৷
"হুহ্, কাকীহঁতে তাৰমানে সমাজ সংস্কাৰত ধৰিছে!"
কণ্ঠত তাৰ ব্যংগৰ সুৰ৷
"সমাজত প্ৰতিষ্ঠিত সকলোবোৰ ৰীতিনীতি, মূল্যবোধ জানো মানুহৰ হিতৰ বাবে? পৰিৱৰ্তন আমাক লাগিবই৷ সুদীপ্তহঁতৰ দৰে ল’ৰাই যেনিবা কথাৰে সমাজ শুধৰাবলৈ যোৱা নাই, কৰ্মৰ যোগেদি দেখুৱাই দিছে৷"
শান্তভাৱেই কথাকেইটা ক’লে বিপাক্ষীয়ে৷
"তাৰ কথা কোৱাত তোমাৰ ইমান গাত ধৰিল যে!"
"হা হা হা, শশাংক৷ যুক্তিৰে মানুহক কাবু কৰিব নোৱাৰা মানুহহে আক্ৰমণাত্মক হয়৷ পাৰা যদি অকাট্য যুক্তিৰে মোৰ কথাবোৰ খণ্ডন কৰি দেখুওৱা৷ সেইটোকহে তোমাৰ সফলতা বুলিম৷"
"হুহ্!"
শশাংকই শেষৰ ভাতগৰাহত পানী ঢালি উঠি গ’ল৷
আগলৈ
খুব ভাল লাগিল
ReplyDelete