(২৪)
#অন্য_এক_অথেল’
প্ৰাঞ্জল আহিছে৷ চহৰৰ নামজ্বলা এডভোকেট সি ককায়েকৰ অভিন্ন বন্ধু৷ বিপাক্ষীৰ কথাবোৰ আইনী প্ৰক্ৰিয়াৰে কেনেকৈ আগবঢ়াই নিব পাৰি তাকেই আলোচনা কৰিবলৈয়ে তাক লগ কৰাৰ কথা আছিল৷ পিছে সি কৰ্টৰ পৰা উভতি যাওঁতে সোমাই যোৱাৰ কথা কোৱাত ভালেই পালে সিহঁতে৷
"যি দেখিছো, তোমালোকৰ ডিভোৰ্চ মিউচুৱেল কনচেন্টৰ ওপৰত নহ’ব৷ শশাংকৰ বিৰুদ্ধে ক্ৰুয়েলিটি গ্ৰাউণ্ডত ওপৰত কেচ ফাইল কৰিব লাগিব৷"
তাইৰ মুখত কথাবোৰ শুনি প্ৰাঞ্জলে কৈ উঠিল৷
সিহঁতে কথা পাতি থকাৰ মাজতে বৌয়েকে চাহ খাবলৈ ডাইনিং টেবুললৈ মাতি নিলেহি৷ দেউতাকে গাটো ভালপোৱাৰ বাবে বৌয়েকে ককায়েকক ঘৰলৈ নিবলৈ মাতি পঠিয়াইছিল৷ আগদিনা গৈ আজি ৰাতিপুৱাই ককায়েকে বৌয়েকক লৈ ঘৰ পাইছেহি৷ চাই খাই খায়েই আলোচনা চলি থাকিল৷ আলোচনা মানে আচলতে প্ৰাঞ্জলে আইনী কথাবোৰ সিহঁতক বুজাই থাকিল৷ কেচৰ ধাৰা অনুসৰি স্বামী স্ত্ৰীয়ে চেপাৰেটলি থকাৰো হেনো নিৰ্দিষ্ট সময়সীমা থাকে৷ তাৰোপৰি সাক্ষী, প্ৰমাণ এইবোৰো লাগিব৷ বিবাহৰ ম্যাদ তথা স্বামী বা স্ত্ৰীৰ আৰ্থিক দিশ, বয়স এইবোৰ চাই এলিমানি ধাৰ্য্য কৰা হ’ব৷ প্ৰাঞ্জলে তাইক সিহঁতৰ এড্ৰেছ প্ৰুফ, মেৰিজ চাৰ্টিফিকেট, পাচপৰ্ট চাইজৰ ফটোকে আদি কৰি শশাংকৰো কিবা কিবি নথি পত্ৰ যোগাৰ কৰি থোৱাৰ কথা কৈ গ’লগৈ৷
"আকৌ এবাৰ কথাবোৰ ভালকৈ ভাবি চাবিচোন৷ ইমান এটা ডাঙৰ সিদ্ধান্ত লবলৈ যোৱাৰ আগতে শশাংকৰ লগত বহি কথা পাতি চাবি নেকি?"
সিহঁতৰ কথাবোৰ মনে মনি শুনি থকা মাকে এইবাৰ মাত মাতিলে৷ তাই জানিছে মাক সিহঁতৰ এই সিদ্ধান্তত সুখী হোৱা নাই৷ বৌয়েকে অৱশ্যে একো কোৱা নাই৷ হঠাতে ইমানবোৰ কাণ্ড হৈ যোৱাৰ বাবে তেওঁ অত্যন্ত আচৰিত হৈছেহি৷
"ভালদৰে ভাবি চিন্তিয়েই সিদ্ধান্ত লৈছোঁ মা৷"
একেবোৰ শাৰীৰিক-মানসিক উৎপীড়নৰ পুনৰাবৃত্তি কৰিবলৈ বিপাক্ষীৰ ইচ্ছা নাই৷ তাই আৰু শশাংকৰ ওচৰলৈ ঘুৰি নাযায়৷ মাকক এইবুলি কৈ তাই ভিতৰৰ কোঠালৈ গ’ল৷ প্লাগ পইন্টটোৰ পৰা চাৰ্জাৰ দাল খুলি মোবাইলটো হাতত লৈ আচৰিত হৈ গ’ল তাই৷ চাইলেণ্ট কৰি থোৱা মোবাইলটোত প্ৰায় ত্ৰিশটা মান মিচড্ কল৷ লগতে অসংখ্য মেচেজ৷ শশাংকৰ৷
"প্লিজ পিক আপ দ্য ফোন৷"
"প্লিজ বিপাক্ষী৷"
"ফোনটো ধৰা প্লিজ৷"
নাই, তাৰ ফোন তাই আৰু ৰিচিভ নকৰে৷ মেচেজৰো উত্তৰ নিদিয়ে৷ তাই এইবাৰ ফোনটো চুইচড্ অফ্ কৰি দিলে৷ সম্ভৱতঃ তাইক ৱাটচ্ আপ বা ফেচ’বুকত অনলাইন দেখি সি ফোন ভাল হোৱা বুলি গম পাব পায়৷ বিচনাত অলপপৰ দীঘল দিওঁ বুলি পৰি দিওঁতেই কেতিয়া টোপনি আহিল তাই গমেই নাপালে৷
সাৰ পাওঁতে সন্ধিয়া লাগিবৰে হ’ল৷ মাক চাগৈ গোঁসাইঘৰত সোমাবৰ হ’ল৷ লৰালৰিকৈ উঠি গ’ল তাই৷ হাত মুখকেইটা ধুই ললে অলপ ভাল লাগিব৷ বাথৰুমলৈ বুলি যাওঁতেই তাই শুনিলে, বৌয়েকে সৰু সৰুকৈ কোঠাৰ ভিতৰত সোমাই কাৰোবাৰ সৈতে ফোনত কথা পাতিছে৷ খন্তেকৰ বাবে বিপাক্ষীৰ মনটো সেমেকি গ’ল৷ তাই ঘৰলৈ ঘূৰি অহা, উকীলৰ লগত ডিভোৰ্চৰ কথা আলোচনা কৰা, এইবোৰ কথাই কিজানি বৌয়েকে কাৰোবাৰ লগত পাতিব পায়৷ পতাটোও আচলতে একো ডাঙৰ কথা নহয়৷ তাইৰ কথাবোৰ এতিয়ালৈকে ওচৰ চুবুৰীয়া বা মিতিৰ কুটুম্বৰ মানুহে গম পোৱা নাই বুলিহে! গম পালে আলোচনা নোহোৱাকৈ থাকিবনে! আৰু তায়ো জানো এইবোৰ কথাত বিচলিত হ’লে হ’ব? কিছুমান কথা আওকাণ কৰিবলৈ এতিয়াৰে পৰা অভ্যাস কৰিব লাগিব৷ সাধাৰণতে বৌয়েকে কোঠাৰ ভিতৰত সোমাই এনেকৈ গোপন কথা পতাদি কোনো কথাকেই আজিলৈকে পতা শুনা নাই৷ আনকি কেতিয়াবা কিবা কামত ব্যস্ত থাকিলে লাউড্স্পীকাৰত দি ফোনটো কাষত থৈয়ো পাতে৷ বৌয়েকৰ বাই ভনীও কেইবাজনী৷ গোটেইকেইজনীয়ে সেয়ে মাজে মাজে ফোন কৰিয়েই থাকে৷ পাতকচোন কি পাতে! তাই নিজৰ ছালখন গড়ৰ দৰে ডাঠ কৰিলেই হ’ল!
মুখ হাত ধুই পাছফালৰ বাৰাণ্ডাত বৰষুণ দিলে কাপোৰ মেলিবলৈ ব্যৱহাৰ কৰা ৰচিদালত থকা গামোচাখনেৰে তাই মুখখন মচি পেলালে৷ চাহ একাপ খালেহে ভাল লাগিব এতিয়া৷
"উঠিলা তুমি? সন্ধিয়া লাগিবৰে হ’ল৷ মই তোমাক জগামগৈ বুলি ভাবিছিলোহে৷"
বৌয়েকে তাইক পাচফালে দেখা পাই কৈ উঠিল৷ বিপাক্ষীয়ে একো নকৈ মাথোঁঁ সেমেকা হাঁহি এটাহে মাৰিলে৷
"চাহ একাপ খালে ভাল লাগিব ৰবা৷ মা গোঁসাইঘৰৰ পৰা ওলালেই চাহ কৰিম বুলি ৰৈ আছিলোঁ আচলতে৷"
"হ’ব বৌ৷ মাৰ সৈতে একেলগেই খাম দিয়া৷ ই কৰবালৈ গ’ল নেকি?"
ককায়েক এই সময়ত ঘৰত নাথাকে বুলি জানিও তাই সুধিলে৷
"ককায়েৰানো ক’ত এই সময়ত সোমাই থাকে৷ ওলাবহি চাগৈ অলপ পাছত৷"
দুইজনী পাকঘৰলৈ গ’ল৷ বৌয়েকে পকৌৰি দুটামান ভাজিবলৈ যো জা কৰিলে৷
"জানা বিপাক্ষী৷ আজি মোৰ মাজুজনী ভণ্টিয়ে ফোন কৰিছিল৷"
পিয়াজ কাটি থাকিয়েই ক’লে বৌয়েকে৷
"তাইৰ ভাল নহয় এতিয়া? ল’ৰাটো কিমান ডাঙৰ হ’ল?"
একো এটা নুসুধিলে বেয়া দেখি৷ সেয়ে সুধিলে তাই৷
"তাইৰ বৰ ভাল নহয় অ'! ল’ৰাটোৰ তিনিবছৰেই হৈ গ’ল৷"
"কিয়? কি হ’ল?"
বিপাক্ষী সঁচাকৈয়ে উৎসুক হৈ পৰিল৷
"তুমি চাগৈ গম নোপোৱা৷ তাইৰ মানুহটো দোৰ্ঘোৰ মদাহী৷ মদ খাই সদায় তাইৰ ওপৰত অত্যাচাৰ কৰে৷ সেইবোৰ দেখি দেখিয়েই ল’ৰাটো ডাঙৰ হৈছে৷ তাই আমাক মানুহটোৰ আপত্তি দিয়েই থাকে৷ আমিহে কওঁ, বোলো তই দেখোন নিজে পচন্দ কৰিয়েই গৈছিলি, এতিয়া ভূগি থাক৷"
"এনেকৈ কোৱা জানো ঠিক হৈছে বৌ?"
বিপাক্ষীৰ সঁচাকৈয়ে দুখ লাগিছে৷ তাই যেন বৌয়েকৰ ভনীয়েকৰ দুখবোৰ এতিয়া বেছিকৈ উপলব্ধি কৰিব পাৰিছে৷
"সেইটো সঁচায়ে এতিয়াহে অনুভৱ কৰিছোঁ৷ তাই বৰ অশান্তিত আছে৷ আমি বাই ভনী কেইজনীয়ে যদি তাইৰ পক্ষ নলও তেন্তে কেনেকৈ হ’ব? ককায়েৰাক লৈ আজি মোৰ গৰ্ব অনুভৱ হৈছে বিপাক্ষী৷ তেওঁ যে সমাজৰ পৰোৱা নকৰি নিজৰ ভনীয়েকৰ পক্ষ লৈছে, তাৰবাবে তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা বাঢ়িছে জানা! মই ভাবিছোঁ মাজুভনীৰ কথাবোৰ গুৰুত্ব সহকাৰে লৈ কিবা এটা কৰিম৷ মানুহটোক বুজাবলৈকে চাম৷ আৰু নুবুজিলে কিবা ব্যৱস্থা ল’বলৈয়ো পাছ হুহুঁকি নাযাওঁ৷"
বৌয়েকৰ কথাত তাইৰ মনটো চাঁতকৈ পৰিষ্কাৰ হৈ পৰিল৷ কি যে ভাবি আছিল তাই বৌয়েকৰ বিষয়ে! ভাবি তাইৰ নিজৰে বেয়া লাগিল৷ সঁচাকৈয়ে মনটো যে! মানুহৰ সকলোতকৈ ডাঙৰ শত্ৰু এটাই, নিজৰ মনটো!
ইতিমধ্যে মাক প্ৰাৰ্থনা কৰি গোঁসাইঘৰৰ পৰা ওলাল৷ ককায়েকো আহি ঘৰ সোমাল৷ সি মাছ অকনমানো লৈ আহিছে৷ পকৌৰি এটা কামুৰি তৃপ্তিৰে চাহত চুমুক দি বিপাক্ষীয়ে কৈ উঠিল,
"বৌ, আজি মাছৰ জোল মই ৰান্ধি খোৱাম দেই৷"
আগলৈ
খুব ভাল লাগিল
ReplyDelete