(১১)
#অন্য_এক_অথেল’
বৰ অসহায় অনুভৱ কৰিছে দিবাকৰে৷ বৰ কষ্ট পাইছে৷ এৰেঞ্জ মেৰিজ আছিল যদিও ভালপায় পেলাইছিল সি আকাংক্ষাক৷ নিজকে সুন্দৰ, পৰিপাটিকৈ ৰখা আকাংক্ষাৰ প্ৰয়োজনবোৰ পূৰাবলৈ হেমাহি কৰা নাছিল দেখোন! আৰু ভালপাওঁ বুলি নকলেও তায়ো তাক পচন্দ কৰা যেনেই লাগিছিল৷ পতি পত্নীৰ মাজত থাকিবলগীয়া শ্ৰদ্ধা, বিশ্বাস, বুজাপৰাৰ অভাৱ সিহঁতৰ সম্পৰ্কটোৰ মাজত নাছিল বুলিয়েই ভাৱ হৈছিল৷
তেন্তে? আচলতে এইখিনি একপক্ষীয়হে আছিল নেকি?
দুচকু চলচলীয়া হৈ পৰে তাৰ৷
এইকেইদিন ঘৰতে সোমাই আছে সি৷ মেনেজাৰলৈ গা বেয়া বুলি ছুটীৰ দৰ্খাস্ত এখন পঠাই থৈছে৷ ইতিমধ্যে চাগৈ লগৰবোৰে কথাবোৰ জানিছেই৷ কোনোবাই হাঁহিব পায়! কাৰোবাৰ কাৰোবাৰ চাগৈ তালৈ পুতৌ উপজিব! তাৰ পুৰুষত্বৰ ওপৰত সন্দেহ প্ৰকাশ কৰি কোনোবাই আড্ডাও ৰসাল কৰি তুলিব চাগৈ!
আকাংক্ষালৈ খং উঠে দিবাকৰৰ৷ বিশ্বাসৰ মূল্য তাই দিব নাজানিলে৷ মানুহে সুখ বিচৰাটো ডাঙৰ কথা নহয়৷ প্ৰেমিকৰ সাহাচাৰ্য্য কামনা কৰাটোও অস্বাভাৱিক নহয়৷ কিন্তু তাই এতিয়া যিটো সিদ্ধান্ত ল’লে সেইটো ছমাহৰ আগত লোৱাহ’লে! তাক, তাৰ ঘৰখনক তাইৰ জীৱনৰ লগত জড়িত কৰি লোৱাৰ পাছত এনে এটা সিদ্ধান্ত লোৱা উচিত আছিলনে তাইৰ? এইটো জানো মাৰাত্মক ভুল নহয়? সুখ বিচাৰি যোৱা আকাংক্ষাৰ জীৱনত বিবাহিত জীৱনৰ এই পাঁচটা মাহে তিলমানো প্ৰভাৱ নেপেলাবনে?
"আন্ধাৰে মুন্ধাৰে কিয় বহি আছ’?" মাকে আহি কোঠাৰ লাইটতো জ্বলাই দিয়ে৷
"মূৰটো বিষোৱা যেন লাগিছে মা৷" বুঢ়া আৰু মধ্যমা আঙুলিৰে কপালখন হেঁচা মাৰি ধৰি কৈ উঠে দিবাকৰে৷ এইকেইদিন মূৰৰ টিঙটিঙনী এটা অনৱৰত লাগিয়েই আছে৷
"কথাবোৰ বেছিকৈ চিন্তা কৰি নাথাকিবি৷ যি হ’বলগীয়া আছিল হৈ গ’ল৷ একেবোৰ কথা পাগুলি থকামানে নিজকে কষ্ট দিয়া৷ ভিক্স আছেনে আনি থোৱা? অকনমান সানি দিওঁ দে৷"
"নাই, চিন্তা কৰি থকা নাই মা৷ ভিক্স আছে৷ মই সানিম বাৰু৷"
চিন্তা নাইকৰা বুলি মাকক মিছাকৈয়ে কয় সি৷
"মানুহৰ জীৱনত নঘটিবলগীয়া কিবা এটা ঘটিল বুলিয়েই যে মানুহৰ পৰা পলাই থাকিব সেইটো নহয়৷ পৰিস্থিতি সদায়েই আমাৰ অনুকুল হোৱাতো জানো সম্ভৱ৷ প্ৰতিকুল পৰিস্থিতিকো কায়মনোবাক্যে স্বীকাৰ কৰিব লাগিব৷ আনে কৰা ভুলৰ বাবে জীৱনটোক ৰৈ যাবলৈ নিদিবি৷ জানো, মানুহে বিভিন্ন কথা ক’ব৷ মানুহৰ চিন্তাধাৰাক আমি নিয়ন্ত্ৰণো কৰিব নোৱাৰোঁ৷ কিন্তু নিজক, নিজৰ চিন্তাধাৰাক নিজেই নিয়ন্ত্ৰণ কৰিব লাগিব৷"
তাৰ চকীখনৰ পাছফালে ৰৈ মাকে তাৰ মূৰটো মোহাৰি মোহাৰি কৈ থাকিল৷ মানুহৰ মুখামুখি হ’বলৈ সংকোচ কৰা হৈছে দিবাকৰ৷ মাক হিচাপে এতিয়া তেখেতৰ দায়িত্ব অসীম৷ ভিতৰি মৰ্মাহত যদিও বাহিৰত তাৰ তিলমানো প্ৰকাশ নাই৷
"কাঢ়াকৈ ৰঙাচাহ একাপ খাই দিলে ভাল লাগিব৷ ৰহ্, মই আনোগৈ৷"
মাক ওলাই গ’ল কোঠাৰপৰা৷ মাক যোৱালৈ চাই সি ভাবিলে, সঁচাইতো! মাকে ঠিক কথাই কৈছে৷ জীৱনক স্তব্ধ হৈ যাবলৈ দিব নোৱাৰি৷ মানুহক ফেচ্ নকৰাকৈয়ো থাকিব নোৱাৰি৷ প্ৰথমে অসহজ লাগিলেও দুদিনমানৰ পাছত সহজ হৈ পৰিব সকলোবোৰ৷
"কাইলৈৰ পৰা বেংকলৈ যাম মা৷" ফিকা চাহ একাপ লৈ সোমাই অহা মাকক উদ্দেশ্যি কৈ উঠিল সি৷ তাৰ মনতো যেন এতিয়া কিছু মুকলি! তাৰ কথাত স্বতঃস্ফূৰ্ত হাঁহি এটা ওলাই আহিল মাকৰ৷ এৰা, এনেকৈয়ে সি এদিন সহজ হবগৈ৷ এদিন চাগৈ নতুনকৈ বিবাহ বান্ধোনতো বান্ধ খাবগৈ৷ কিন্তু নতুন মানুহ এগৰাকীক বিশ্বাসত লবলৈ তাৰ বাৰু কষ্ট হ’বনেকি?
আগলৈ
No comments:
Post a Comment