(১২)
#অন্য_এক_অথেল’
সেউজীয়াত মাজে মাজে সুমথিৰাবুলিয়া সৰু সৰু বুটাবছা বোৱা কাপোৰজোৰত দহি গুঠিবলৈ কেতিয়াবাতে দি থৈছিল বিপাক্ষেয়ে৷ লগতে ফলচ্ এটা লগাই মেখেলাখনো চিলাই দিবলৈ কৈছিল৷ আনিবলৈ যাওঁ যাওঁ বুলি ভালেমান দিনেই তাতেই থাকিল৷ তাত মানে সিহঁতৰ ঘৰৰপৰা চাৰিঘৰমান পাৰ হৈয়েই মানুহঘৰ৷ মানুহগৰাকীয়ে ঘৰতেই ফলচ্ চিলোৱা, দহি বটাৰ কাম কৰে৷ আজি মানুহগৰাকীয়ে ফোন কৰি মনত পেলাই দিয়াতহে তাইৰ খেয়াল হ’ল৷ গডৰেজৰ পৰা অলপ নতুন ধৰণৰ হৈ থকা অথচ দূৰলৈ ফুৰিবলৈ যাবলৈয়ো পুৰণা যেন হৈ পৰা আকাশ নীলা চুৰিদাৰ এযোৰ উলিয়াই ল’লে৷ চকুত পাতলকৈ কাজল অকনমাণো বুলাই ল’লে৷ আায়নাত চাই নিজকে অকনমাণ সজীৱ অনুভৱ কৰিলে৷ এতিয়া সাউতকৈ গৈ কাপোৰযোৰ লৈ আনিবগৈ পাৰিব৷ ভাত একৰমক হৈছেই আৰু৷
একমান বজাত গেটখন খোলাৰ শব্দত বিপাক্ষীয়ে খিৰিকীৰে জুমি চালেহি৷ কাপোৰযোৰ লৈ আহি তায়ো অলপতে সোমাইছেহিহে! আজি কিছু সোনকালেই শশাংক পালেহি৷ মূল দৰ্জাখন খুলি দিলেহি বিপাক্ষীয়ে৷
ভিতৰলৈ সোমাই আহিয়েই শশাংকৰ চকু চিধাই তাইৰ পোছাকত পৰিল৷
"ইমান সাজিকাচি আছা যে আজি? কথাটো কি?"
আনকালে ঘৰত নাইটি পিন্ধি থকা বিপাক্ষীয়ে আজি চুৰিদাৰ পিন্ধি আছে৷ পৰিপাটীকৈ চুলি আঁচুৰি চকুত কাজলো সানিছে৷ কথাটো কি? সি নো বাৰু নুসুধি পাৰেনে!
"কাপোৰ চিলাবলৈ দিছিলোঁ যে, তাকেই আনিবলৈ গৈছিলোঁ৷"
কৈ তাই তাৰ প্ৰতিক্ৰিয়া কি হ’য় চাবলৈ উৎকৰ্ণ হৈ ৰৈ থাকিল৷ তাইক আচৰিত কৰি সি আৰু একোৱেই নকলে৷
তাই পাকঘৰৰ ফালে গ’ল৷ অমলেট কৰিবলৈহে বাকী আছে৷ শশাংকই হাত মুখ ধুৱে মানে হৈ যাব৷
"ভাত নাবাঢ়িবা মোলৈ৷ খাবলৈ মন যোৱা নাই৷ মূৰটো বিষাইছে৷
শশাংক গৈ বিচনাত পৰি দিলেগৈ৷ মাজে মাজে তাৰ সাংঘাতিক মূৰৰ বিষ হয়৷ ডাক্তৰক নেদেখুৱাকৈয়ো থকা নাই৷ মাইগ্ৰেইন বুলিয়েই কৈছে ডাক্তৰে৷ মূৰৰ বিষ হ’লে সি দিনটো খোৱা বোৱা কৰিবলৈ মন নকৰে৷ বমিৰ ভাৱ আহি থাকিলে কাৰনো খাবলৈ মন যাব!
আদা দি লালচাহ একাপ লৈ তাই শশাংকৰ ওচৰলৈ গ’ল৷ চাহকাপ খালে অলপ ভাল লাগেই বা! পিছে নাই, সি চাহ খাবলৈ মন নকৰিলে৷ কুহুমীয়া পানী এগিলাছহে বিচাৰিলে৷ তাই পানী আনিবলৈ যোৱাৰ আগতে সি বিচৰাৰ দৰেই খিৰিকীৰ পৰ্দাবোৰ টানি ৰুমটো আন্ধাৰমুৱা কৰি থৈ গ’ল৷
শশাংকক কুহুমীয়া পানী এগিলাচ দি লৈ তায়ো লালচাহ একাপ বিস্কুট দুটাৰে খাই ল’লে৷ ৰাতিপুৱা ব্ৰেকফাষ্ট দেৰিকৈ কৰা, তাতে অকলে অকলে খাবলৈ ভালো নাপায়৷ মাজতে দুবাৰমান গৈ শশাংকক চায়ো আহিলগৈ৷ টোপনিত সি৷
কি কৰোঁ, কি নকৰোঁকৈ তাই আলনাখনকে পুনৰ জাপি পেলালে৷ মেগাজিনবোৰৰ ধূলি মোহাৰি আকৌ জাপিলে৷ পাকঘৰৰ বাচন থোৱা ৰেকখনৰ পৰা বাচনবোৰ নমাই মোহাৰি সামৰি আকৌ সজাই থলে৷
পাঁচমান বজাত শশাংক উঠিল৷ এতিয়া মূৰৰ বিষটো অলপ পাতল পাইছে হেনো৷ ভাত খাবলৈ ইচ্ছা নকৰি পাতলীয়া কিবা এটাহে খাবলৈ বিচাৰিলে সি৷ তাই ব্ৰেড দুপিচত বাটাৰ অকনমান সানি তাক লালচাহ একাপেৰে দিলেগৈ৷ ভোক অনুভৱ কৰাত তায়ো অসময় হলেও ভাত দুটামান খাই ল’লে৷ শশাংকক মাৰ দিয়া ভাত দুটামান গধূলিকৈ সিজাই দিয়াৰ কথা ভাবিলে৷
আগলৈ
No comments:
Post a Comment