www.hunguti.in

Breaking

www.hunguti.in

Ads

Tuesday, August 10, 2021

অন্য এক অথেল’ (৪১)

 (৪১)


#অন্য এক অথেল’


লান্সব্ৰেকত শশাংক আৰু দিবাকৰ জগনৰ হোটেলৰ কেবিন এটাত মুখামুখিকৈ বহিছে৷ সিহঁত দুয়োৰে সন্মুখত ভাতৰ থালি৷ অন্যদিনৰ দৰেই  দালি, শুকান ভাজি, আলু মটৰৰ তৰকাৰী আৰু পাপৰ৷ শশাংকই দুয়োটাৰে বাবে ফ্ৰাইমাছৰো অৰ্ডাৰ কৰিলে৷ শশাংকৰ লগতে দিবাকৰেও টিফিন ননা হ’ল আজিকালি৷ 


"কেঁচা জলকীয়া দিবিচোন৷"


মাছফ্ৰাই দি যোৱা ল’ৰাটোক শশাংকই জলকীয়া আনিবলৈ কৈ মাছৰ প্লেটএখন দিবাকৰৰ ফালে ঠেলি দিলে৷


"দুপৰীয়া কেতিয়াবা ভাতকেইটা ঘৰতে গৈ খাই আহিমগৈ বুলি ভাবো, কিন্তু বৰ লৰালৰি হয়হে৷ মায়ে টিফিন বান্ধি দিব খোজে, পিছে দিবলৈ মানা কৰোঁ৷ ইয়াতেই ভাল৷ যি হলেও গৰমে গৰমে ভাতকেইটা দিয়ে৷ আপুনিও মাজতে ভাত খাবলৈ ঘৰলৈ যোৱা কৰিছিল নহয়?"


দিবাকৰে মাছৰ কাঁইট গুচাই গুচাই সুধিলে শশাংকক৷


"একেই সমস্যা মোৰো৷ বৰ খৰখেদা হয় দুপৰীয়া ঘৰলৈ গ’লে৷ তাতে মিচেছও ঘৰত নাই এতিয়া৷"


শশাংকই লাহেকৈ ক’লে দিবাকৰক৷


"হয়৷"


দিবাকৰে শলাগিলে৷


"নাই মানে তেওঁ মোৰ ওচৰৰ পৰা গুচি গৈছে৷"


শশাংকৰ কথাত দিবাকৰৰ মুখলৈ নিবলৈ লোৱা হাতখন ভাতগৰাহৰ সৈতে কাঁহীলৈ নামি আহিল৷


"মানে?"


"অলপ মিচআণ্ডাৰষ্টেন্ডিং হৈছে আমাৰ মাজত৷ কিছুদিন হ’ল তেওঁ গুচি যোৱা৷"


কৈ কৈ শশাংকই ভাতকেইটা সানিপুতকি থাকিল৷


"আপুনি কোৱাৰ বাবেহে কৈছোঁ৷ বেয়া নাপাব৷ তেওঁৰ লগত আপুনি কথা পাতক৷ কথা পাতিলেহে ভুল বুজাবুজিবোৰ আঁতৰ হ’ব৷"


"নাই, নাই৷ বেয়া কিয় পাম৷ আপোনাক বন্ধুৰ দৰে ভাবোঁ৷ সেয়েহে কৈছোঁ৷ কথা পাতিবলৈ তেওঁ সুবিধাই দিয়া নাই মোক৷"


শশাংকৰ চিন্তা কণ্ঠত ফুটি উঠিল৷


"মইনো আপোনাক কি উপদেশ দিম৷ মোৰ কথাবোৰটো আপুনি জানেই৷ জীৱনত জনমে মৰণে একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে বিবাহ বান্ধোনত বান্ধ খোৱাৰ পাছত অকলশৰীয়া হৈ পৰিলে কেনে লাগে সেয়া ভূক্তভুগীয়েহে জানে৷ দিনটো ব্যস্ততাৰে যোৱাৰ পাছত নিশা অকলশৰীয়া হলেই অনেক ভাৱনাই মনটো জুমুৰি দি ধৰে৷ আপুনি জানেনে টোপনি  নহাৰ বাবে মই ঘৰৰ মানুহৰ অগোচৰে ডাক্তৰৰ পৰামৰ্শ লৈ টোপনিৰ ঔষধো খাবলগীয়া হৈছিল৷"

 

দিবাকৰেও কাৰো আগত প্ৰকাশ কৰিব নোৱাৰা কথাৰ টোপোলাটো আজি শশাংকৰ আগত মেলি দিলে৷ 


"সেয়েহে কৈছোঁ, ভুল বুজাবুজিবোৰ আঁতৰ কৰিবলৈ চাওকচোন৷ দুয়োজনৰ কবলগীয়াবোৰ ইজনে সিজনৰ আগত মুকলিকৈ কওক, শুনক৷ উপায় ওলাবই৷"


দিবাকৰৰ কথাবোৰ শশাংকই নীৰৱে শুনি থাকি হঠাতে কৈ পেলালে,


"হাজৰিকা, আপুনি আকৌ সংসাৰ পতাৰ কথা ভবা নাইনেকি?"


দিবাকৰে পানী গিলাচ খাই লৈ অলপ ৰ’ল৷ 


" ঘৰত বিয়াৰ বাবে প্ৰেচাৰাইজ কৰিয়েই আছে৷ কিন্তু মোক অলপ সময়ৰ প্ৰয়োজন৷ কৈছোঁ মই৷ কিছুমান কথা পাহৰিব লাগিব৷ কিছু নতুন কথা সামৰি ল’ব পাৰিব লাগিব৷ আৰু এইখিনি কৰিবলৈ যাওঁতে সময়ৰ প্ৰয়োজন হ’বই৷"


দুয়োটাৰে ভাত আধাখোৱা হ’ল৷ দুয়োটাৰে জীৱনৰ সামঞ্জস্যখিনিয়ে সিহঁতক যেন আজি আৰু ওচৰ চপাই নিলে৷

          অফিচৰ পৰা গৈ ঘৰ পোৱাৰ পাছতো শশাংকৰ দিবাকৰৰ কথাবোৰেই মনলৈ আহি থাকিল৷ দাইল দুমুঠিৰ সৈতে চাউল এমুঠি ধুই আলুগুটি এটা ফালি কুকাৰত ভৰাই গধূলিৰ সাজটো ঠিক কৰি কৰি সি ভাবি থাকিল,  হয়, দিবাকৰ এদিন সহজ হ’ব৷ কাৰোবাক বিয়া পাতিব৷ আৰু সুখীও হ’ব চাগৈ৷ কিন্তু সি নিজে বাৰু বিপাক্ষীৰ অবিহনে সুখী হ’ব পাৰিবনে? তাৰ জীৱনৰ সৈতে আন ছোৱালীৰ কথা দেখোন সি কল্পনাও কৰিব নোৱাৰে! বিপাক্ষীক সি কেতিয়াবা আনৰ হ’বলৈ এৰি দিব পাৰিবনে? নাই, কেতিয়াও নোৱাৰে৷ এনে হোৱাতকৈ তাৰ বাবে মৃত্যুয়েই শ্ৰেয়৷ সেয়া লাগিলে বিপাক্ষীৰেই হওক বা তাৰেই৷ কথাটো ভাবি তাৰ মূৰলৈ পুনৰ গৰম তেজ এসোঁতা বৈ অহাৰ দৰে লাগিল৷ কনী দুটা ভাঙি তাত কাটিবলৈ লোৱা পিয়াজটো কটাৰীখনেৰে সৈতে থৈ দি সি কিবা এটা ভাবি টেবুলৰপৰা আঁজোৰ মাৰি ফোনটো আনি বিপাক্ষীৰ নম্বৰটো ডায়েল কৰিলে৷ আৰু তাক আচৰিত কৰি দুবাৰমান ৰিং হোৱাৰ পাছতে সিফালৰ পৰা বিপাক্ষীৰ পৰিচিত মাতটো ভাঁহি আহিল৷


"কোৱা শশাংক৷"


 বিপাক্ষীয়ে ফোনটো ৰিচিভ কৰি তাৰ নামটো লোৱাৰ লগে লগেই আচৰিতভাৱে মনটো শান্ত হৈ পৰিল তাৰ৷ প্ৰচণ্ড ৰ’দৰপৰা গৈ যেন শীতল গছৰ ছাঁত জুৰণিহে ল’লে!


আগলৈ


No comments:

Post a Comment