(৪০)
#অন্য_এক_অথেল’
"তাৰপাছত?"
"তাৰপাছত টিপচীয়ে ঢোঁৰাকাউৰীক ক’লে 'সখি,তুমি যে সদায় মৰাশ খাই ফুৰা, সেইবাবে তোমাৰ ঠোঁটটোত বৰ বেয়া গোন্ধ| তুমি প্ৰথমতে তোমাৰ ঠোঁটটো সাগৰৰ পানীত ধুই পাছত মোক খাবা৷ তেতিয়া ঢোঁৰাকাউৰীয়ে ক’লে, বোলো সখি, মই তোমাৰ কথা ৰাখিম; মই এতিয়াই মোৰ ঠোঁটটো সাগৰৰ পানীত ধুই আহোঁগৈ৷ এইবুলি কৈ উৰি গৈ ঢোঁৰাকাউৰী সাগৰৰ কাষ পাই সাগৰক মাতিলেগৈ, 'সাগৰ ককাই, অ’ সাগৰ ককাই,
দে পানী, পখালো ঠোঁট!
ভোজন কৰোঁ টিপচী গোট|
সাগৰে উত্তৰ দিলে, 'কিহতকৈ দিম? যাদি কিবা এটা পাত্ৰ দিব পাৰা তেন্তে দিব পাৰো|' সাগৰৰ কথা শুনি কাউৰীয়ে টেকেলি এটা বিচাৰি কুমাৰৰ ঘৰলৈ গ’ল৷"
"কুমাৰ মানে কি আইতা?"
দ্বিতীয় শ্ৰেণীলৈ যোৱা ৰূপকে সাধু কৈ থকা জেতুকী আইতাকক সুধিলে৷
"মাটিৰ সজা সামগ্ৰীবোৰ দেখিছা নহয়৷ ভগৱানৰ আগত জ্বলোৱা মাটিৰ চাকি, দৈ অনা মাটিৰ টেকেলি বা মলা এইবোৰ সজা মানুহকে কুমাৰ বুলি কয়৷"
জেতুকী আইতাই ৰূপকক বুজাবলৈ চেষ্টা কৰিলে৷ আকাংক্ষাই সিহঁতলৈ চাই ভাবিলে, শিশুৰ মানসিক বিকাশৰ বাবে সাধুকথাৰ প্ৰয়োজন সঁচাকৈয়ে আছে৷ সৰুৰেপৰা সিহঁতক সাধু শুনোৱাৰ অভ্যাস কৰিলে বেলেগকৈ নীতিশিক্ষা দিয়াৰ প্ৰয়োজনেই নাই দেখোন! তাৰোপৰি সাধুৰ জৰিয়তে শব্দ ভাণ্ডাৰো বৃদ্ধি হয়৷ ভাষাজ্ঞান বা ধ্বনিৰ কথাটো ক’বই নালাগে৷ সঁচাকৈয়ে সিহঁতৰ মনোজগতত প্ৰবেশ কৰিবলৈ সাধুৱেই উত্তম পথ চাগৈ! অহাৰেপৰা মন কৰিছে আকাংক্ষাই, অৱন্তিকা বাইদেৱে আশ্ৰমখনত এক সুন্দৰ পৰিৱেশ দিবলৈ আপ্ৰাণ চেষ্টা কৰিছে৷ লৰাছোৱালীহঁতৰ মানৱীয় অনুভূতিসমূহৰ বিকাশ কৰিবলৈ, সিহঁতৰ মাজত আত্মবিশ্বাস বঢ়াবলৈ তেওঁ যিমানখিনি কৰিব পাৰে সিমানখিনি কৰিছে৷
"টিপচী উৰি গুচি যোৱাৰ পাছত মোৰ কাপোৰ কানি ক’লা হ’লত, ময়ো গুচি আহিলো আৰু৷
ঢেঁকীয়াই মেলিলে ঠোৰ,
মোৰ কথাৰ পৰিল ওৰ৷
তামোলে মেলিলে ডাবি,
কোন ক’লৈ যাবি৷
ক’লা মেকুৰীৰ বগা কাণ,
ডাকি বোলা ৰাম ৰাম৷"
জেতুকী আইতাৰ সাধু শেষ হ’ল৷
"সোনকালে সোনকালে আহিবাচোন আইতা৷ ইমান ভাল লাগে সাধু শুনি৷"
পাপীয়াই আব্দাৰ কৰিলে আইতাকক৷
"পাছৰবাৰ কি সাধু ক’বা আইতা?"
"পাছৰবাৰ পঞ্চতন্ত্ৰৰ সাধু কম দেই৷"
জাকিৰৰ প্ৰশ্নৰ উত্তৰত জেতুকী আইতাই ক’লে৷
"পঞ্চতন্ত্ৰৰ সাধুবোৰ কেনেকুৱানো?"
"সেইবোৰ সাধুত চৰাই চিৰিকটি, গছ-লতিকায়ো কথা কয়৷ বাৰু, তোমালোকে এতিয়া অকনমাণ খেলাগৈ৷ আইতাক চাহ খাবলৈ দিয়া৷"
জেতুকী আইতাৰ সৈ আকাংক্ষাই উত্তৰটো দি সিহঁতক খেলিবলৈ পঠালে৷
"আইজনী৷ তয়ো হ’বলা সাধু শুনি বৰ ভাল পাৱ! তোৰ ঘৰ কিমান দূৰৈত?"
চাই খাই থাকোঁতে জেতুকী আইতাই আকাংক্ষাক সুধিলে৷
"আইতা, ৰাতিপুৱাই বাচত গ’লে আবেলিহে গৈ পোৱা দূৰত্বত মোৰ ঘৰ৷"
"ইয়ালৈ কিয় আহিলি৷ মাৰ বাপেৰ নাই হ’বলা?"
আকাংক্ষাই বেৰত মূৰটো আওজাই দি আইতাক ক’লে,
"মা দেউতা আছে যদিও সৰুতে বহুত কিবাকিবি নাপালোঁ আইতা৷ সাধুয়েও শিশুক জ্ঞান দিব পাৰে বুলি আগতে জনা নাছিলোঁ৷ প্ৰাৰ্থনাই শিশুক উশৃংখল হোৱাৰ পৰা ৰক্ষা কৰি মনক শান্ত কৰিব পাৰে বুলি ধাৰণা কৰা নাছিলোঁ৷ বৰ ভাল পাওঁ সাধু শুনি৷ কি ঠিক, সৰুতে সাধু শুনাবলৈ আইতা থকাহেঁতেন কিজানি আজি ইয়ালৈ আহিবলগীয়া নহলহেঁতেনেই!"
আগলৈ
No comments:
Post a Comment